সুখী মই, দুখী মই আৰু মোৰ কথাবোৰ... (১)


যাবলৈকে আহে সকলোঃ 

নিজকে নিজে মূর্খ সাজোঁ, বুর্বক বনাও, কাঠগৰাত থিয় কৰাও, চাবুকেৰে আঘাট কৰোঁ... ! সংযমী, যোগী নে যোগিনী? নে পাগলী? নাজানো একোকে! পলকতে লাগে সকলো মিছা, সকলো নাটক... মুখা আৰু অভিনয়! ভাগৰ লাগে। নিজকে বিচাৰি ভ্রমি ফুৰো...! ইমান শূন্য হোৱাৰ পিছতো পুনৰাই কিয় শূন্য হ’বলৈ বাকী ৰৈ যায়? কি ৰৈ যায় বুকুত? শিল হোৱাৰ আখৰা কৰি কৰি কিয় বৰফৰ টুকুৰা হৈ ৰয় বুকু? 

তেওঁ কনমানি কোঠাটোতে ঘূৰি ফুৰে, শেষ নোহোৱা ঘূৰণীয়া বাট টোৰে... বাট হেৰুওৱা অকলশৰীয়া পৰুৱা এটাৰ দৰে। মানুহৰ অৰণ্যত হেৰাই যোৱা মানুহৰ গুণগুণ কথাৰে উপচি থাকে শূন্য কোঠাটো! তেওঁ ভাবে, চিগাৰেটৰ ধোঁৱাৰ দৰেই যদি গুচি গ’লহেঁতেন ৰৈ যোৱা মানুহৰ গোন্ধবোৰ... খিৰিকীৰে! ......নাকেৰে গোন্ধবোৰ বুকুলৈ উজাই লৈ তেওঁ লুণীয়া হেঁপাহত উপঙি থাকে নিচা লগা মানুহৰ দৰে... ওৰেটো ৰাতি...!”......... আৰু এনেকৈয়ে ৰাতিবোৰ মোৰ প্রিয়ৰপৰা প্রিয় হৈ উঠে! 

বহুতকে নহয়... মাথোঁ তেওঁক...................... তেওঁৰ ওঁঠৰ তাচ্ছিল্যৰ বেঁকা হাঁহিটোক আওকাণ কৰিও মই কৈছিলো মোৰ নদীৰ কথা! তেওঁ আছিল মৌন। মোৰ অভিমানবোৰ ওফন্দি পৰিছিল! মই নাজানিছিলো, বুকুৰ আপোন বহু নদীৰ কলৰৱত সাৰ পাই উঠা তেওঁৰ পুৱাবোৰৰ কথা, মুখৰিত সন্ধিয়াবোৰৰ কথা, শান্তিময় কোলাত শুই পৰা ৰাতিবোৰৰ কথা...! বুজি উঠাৰ শেষত, মৌনতা এতিয়া ভাল লগা খবৰবোৰৰ দৰে! 

 

মই মোক দুখী কৰোঃ 

বৰ বেছি নাটক কৰি থকা স্বভাৱ ভাল নালাগে, কথাবোৰ সঁচা আৰু চিধা হ’ব লাগে! কিন্তু এতিয়াৰ সময়ত কথাবোৰ এনেকুৱা হয়, ভাল নালাগিলেও কাৰোবাক ভাল দেখিছে, ধুনীয়া নহ’লেও কাৰোবাক ভাল লগাবলৈকে “ইমান ধুনীয়া” লাগিছে বুলি কৈ দিয়া হয়; কাৰোবাৰ কিবা কাম পচন্দ হোৱা নাই, কিন্তু তেওঁ বেয়া পাব বুলিয়েই সঁচা কথা টো কোৱা নহয়! সঁচা কথাটো যদি কৈ দিয়া হয়, কোৱা জনো বেয়া হৈ যায়! মুখাৰ আঁৰত থাকিয়েই চাগে মানুহে তৃপ্তি আৰু সকাহ পায়! ... পিছে এইটোও ঠিক; বহুতৰে প্রিয়ভাজন হ’বলৈ, পদোন্নতিৰ জখলাৰে শীর্ষলৈ বগাবলৈ, ভাল মানুহৰ খিতাপ পাবলৈ আজিৰ সময়ত সততা আৰু সত্যতকৈ তোষামোদ হে বেছি জৰুৰী! আৰু “চার্ভাইভেল অৱ ফিটেছ” সূত্রৰ হাতত ধৰি মানুহে বহু সময়ত সঁচাতকৈ সন্মানক গুৰুত্ব দিব লগা হয়! উপায়ো যে নাই!! 

কেতিয়াবা এনেকুৱা হয়, কোৱা কথা আৰু কামৰ মাজত মিল নেদেখি নেদেখি লাগে সব মিছাই কিজানি, আদৰ-আন্তৰিকতাখিনিও কেৱল মুখৰ কথা হে যেন অনুভৱ হয়! হঠাতে সঁচা যেন অনুভৱ এটা আহিলেও পিছ পাকতে কথা কিছুমানৰ বাবেই “সঁচা জানো” বুলি প্রশ্নবোধক এদাল আপোনা-আপুনি আহি যায়! মই বৰ "কঞ্চিচটেন্সি" বিচৰা মানুহ! আজিটোক যিদৰে পালো, কালিলৈকো তেনেদৰেই বিচাৰো... সদায়ে বিচাৰো একেদৰেই...! কিন্তু সেইটো এটা অসম্ভৱ কথা! আৰু সম্ভৱ নোহোৱা কথা কিছুমান আশা কৰাৰ বাবেই মই সময়ে সময়ে নিজকে দুখী কৰোঁ! 

কেতিয়াবা আমি নিজকে কাৰোবাৰ বিশেষ বুলি নিজে নিজে মানি লওঁ। তেওঁৰ দৃষ্টিৰে কথাবোৰ আমি এবাৰো নাচাওঁ বাবেই পিছত আমি দুখী হওঁ! সেয়া তেওঁৰ নহয়, নিশ্চয়কৈ আমাৰ নিজৰ দোষ। মানে কথাটো এনেকুৱা__ ধৰি লওক কোনোবাই আপোনাৰ সদায়ে খবৰ এটা লয়, আপোনাৰ সুখ-দুখ সকলোতে সমভাগী হয়, আপুনি বিচাৰিলেই তেওঁক পায়, তেওঁৰ প্রতিটো খবৰ দিয়ে আপোনাক। কেতিয়াবা এনে ব্যৱহাৰত অলপ ইফাল-সিফাল হ’লেই আপুনি দুখী হৈ পৰে, অভিমান কৰে! এইখিনিতে আপুনি হয়তো কথাটো ভাবি চোৱা নাই যে তেওঁ আন বহুতকে একেদৰেই ব্যৱহাৰ কৰে। কাৰণ তেওঁ সেই বহুজনকো সম দৃষ্টিৰেই চায়, আপোনাক চোৱাৰ দৰে! আৰু তেওঁৰো যিহেতু নিজা জীৱন এটা আছে গতিকে কেতিয়াবা তেওঁক আপুনি সদায়ৰ দৰে নোপোৱাটো সাধাৰণ কথা! (বহু দিনৰ আগতে মোক কোনোবাই কৈছিল_ ভালপোৱাবোৰ বিলাই দিব লাগে। বিলালে নকমে, বাঢ়ি হে যায়। তেতিয়া মই মুখ খন এপাচি মান কৰি ভাবিছিলো মনে মনে_ যি মোৰ খুবেই প্রিয়, তেওঁ যদি মোৰ দৰেই আন দহ গৰাকীকো একেদৰেই মৰমেৰে কথা কয়, মোৰ জানো ঈর্ষা নালাগিব? লাগিবই! পিছৰ কোনো সময়ত মই বুজি পালো যে মই তেওঁৰ বাবে বিশেষ কোনোবা এজন নাছিলো। বহুজন তেওঁৰ বাবে যি, ময়ো তাৰ মাজৰে এজন আছিলো মাত্র।) আমি নিজেই নিজক দুখী কৰোঁ কেতিয়াবা, নহয়নে? নিজৰ ভুল ধাৰণা কিছুমানৰ বাবে? পোৱাখিনিক লৈ সন্তুষ্ট হ’ব লাগে। আশা নকৰিলে ভাল, কৰিলেও নিজৰ সীমাত থাকি হে কৰা উচিত! আৰু নিজৰ সীমা নিজে বিচাৰ-বিবেচনাৰে বিচাৰি ল’ব পাৰিব লাগে। (মোৰ দৰে মানুহৰ অলপ কষ্ট হয় সেয়া বিচাৰি উলিয়াওতে। কাৰণ আমি যুক্তিতকৈ আৱেগক প্রাধান্য দিওঁ! এনে আৱেগ সর্বস্বতাই আমাক দুখী কৰে, যি পিছলৈ আমাৰ ক্ষতিও কৰে। গতিকে কিছুমান ক্ষেত্রত যুক্তিৰ হাতত ধৰিহে আগলৈ যোৱা উচিত।) আৰু মই মোক মাজে মাজে দুখী কৰাৰ অন্য এটা কাৰণ, কিছুমান কথা মই ওলোটাকৈ ভাবোঁ__ এনেয়ে থকা সময়ত তো আপোনাক যিয়ে সিয়ে মনত পেলাব পাৰে! ব্যস্ত থকা সময়তো যি পাকতে আপোনাক মনত পেলাই, তেন্তে আপুনি এচিকুট হ’লেও বিশেষ তেওঁৰ বাবে! হয় জানো? :)

 

আচল কথাবোৰঃ 

মোৰ বহুত কথাই এনেকুৱা, স্ব-বিৰোধী। বয়সৰ জোখাৰে মোৰ কিছুমান চিন্তাও পৰিপক্ক নহয়! “পৰিপক্ক” শব্দটো সঠিক হৈছে নে নাই নাজানো। কেতিয়াবা কোনো বিপয্যয়ৰ সময়তো মই ভাগি নপৰাকে ঠিয় হৈ থাকিব পাৰো, কেতিয়াবা আকৌ সৰু কথা একোটাতে কান্দি পেলাও অভিমান অথবা খঙতে! যদিহে আপুনি মোক পঢ়ে, তেন্তে নিজৰ যুক্তিৰে কথাবোৰ লুটিয়াই-বগৰাই চাব। যিটোকে আপুনি শুদ্ধ বুলি ভাবে সেইটো হে কৰিব বা মানিব। মাজে মাজে ইতিবাচক কথা কিছুমান কওঁ মানেই এনেকুৱা নহয় যে মই নিজৰ জীৱনতো সেয়া বর্তাই ৰাখিছো... বা সকলো পৰিস্থিতিকে মই ইতিবাচক দৃষ্টিৰেই চাইছো! ওহোঁ, বহু সময়ত মই আচলতে নেতিবাচক ভাৱেহে কথাবোৰ ভাবিছো। (কেতিয়াবা এনেকুৱাও হয় যে কাৰোবাক মাৰি পেলাবকে মন যায় বা খুউব বেয়াকৈ কিবা কৈ দিব মন যায়! ... এই কাৰণে নহয় যে সিহঁত বেয়া মানুহ... ভালেই... ভাল মানুহ! কিন্তু এইটো তো নহয় যে ভাল মানুহে কৰা সব কাম ভালেই হ’ব! ...মোৰো যে কাৰোবাক মাৰি পেলাবৰ মন যায়, মই জানো ভাল মানুহ? মোৰো মনত অসুৰ সদৃশ হিংস্র কিবা এটা মনে মনে লুকাই থকা নাই নে? হয়তোবা মই খুবেই নিৰাশাবাদী; আৰু মোৰ দৈনন্দিন জীৱনৰ ৰুটিনখনৰ লগতে চৌপাশৰ পৰিৱেশেও তাত অৰিহনা যোগাইছে।) আৰু মই নো কিয় ইমান নিৰাশাবাদী বুলি তাৰ গুৰিটো বিচাৰিব যাওঁতেহে কথাবোৰ ওলোটাই ভাবি চাওঁ... ইতিবাচক দৃষ্টিৰে! গতিকে ‘মই’ কোন সেই কথাটোতকৈ মই ‘কি’ কৈছো সেইটোতহে মন দিয়াটো ভাল। কাৰণ মোৰ ভুল-দোষবোৰ জুকিয়াই চাই হে কথাবোৰ কৈছো আৰু জীৱনৰ অভিজ্ঞতাই কেতিয়াও মিছা কথা নকয়! গতিকে মোক জানিবলৈ বিচৰাতকৈ মই কি কৈছো সেইটো জানি-বুজি ল’লেহে নিজৰ কিঞ্চিৎ হ’লেও লাভ হ’ব। মই বৰ এটা ভাল মানুহ নহয়, বা আপুনি মোক ভাল পাবও নালাগে! অনেকৰ দৰে মোৰ হৃদয়ৰ বন্ধ দুৱাৰৰ সিটো পাৰেও হয়তো আছে অপ্রকাশিত অনেক স্বপ্ন, প্রেম অথবা গভীৰ বিষাদৰ কোনো গাঁথা... যাক হয়তো আপুনি স্বীকাৰ কৰি ল’ব নোৱাৰিবও পাৰে! গতিকে মই কোন বা মই কিমান সফল ব্যক্তি সেয়া গুলি মাৰক... কিন্তু মোৰ উপলব্ধিখিনি যদি এবাৰ অনুভৱ কৰি চায়, কিজানিবা আপুনি সকাহ অকন পায়েই, কেতিয়াবা কিজানি কামত আহেই! 

ধৰি ললোঁ মই কিবা এটা পৰীক্ষা কৰি আছো লেব’ৰেটৰীত। কিন্তু পাবলগীয়া ফলাফল পোৱা নাই, বাৰে বাৰে মোৰ চেষ্টা নিষ্ফল হৈছে। আৰু ১০ বাৰ চেষ্টা কৰাৰ পিছত মই হাৰ মানি কামটো কৰিবলৈ বাদ দিলো! কিন্তু এই দহবাৰ মই নতুন নতুন উপায়েৰে চেষ্টা কৰিছিলো। ১১ বাৰত কিজানি মই কাংক্ষিত ফলাফল পাই গলো হয়, কিন্তু মই চেষ্টাই নকৰিলো। এতিয়া মোৰ পিছত যদি কোনোবাই কামটো কৰিবলৈ লয়, তেওঁ হয়তো প্রথম বাৰ সফল নহ’বও পাৰে কিন্তু দুই তিনিবাৰত যে হ’ব সেইটো অসম্ভৱ নহয়! কাৰণ মোৰ সেই দহ টা উপায়ৰ লগত তেওঁ নিজৰো হিচাপ-নিকাচ যোগ দি একেবাৰতেই সেয়া প্রয়োগ কৰিব পাৰিব। 

 

আৰু মই মোক সুখী কৰি ৰাখোঃ 

শূন্য মানেই শেষ নহয়। শূন্য হ’লেহে আচলতে পুনৰবাৰ নতুনকৈ নিজক সম্পূর্ণ কৰিব পাৰি! খালী পাত্র এটাক নতুনকৈ পূর্ণ কৰি লোৱাৰ দৰে! জীৱনবোৰো ক’ৰবাত একেই। কোনোবা আহে, শূন্য কৰি লৈ যায় সকলো! আমি ভাবোঁ, শূন্য যেতিয়া শেষ সকলো! ওহোঁ নহয়, গুচি যোৱাজনে আমালৈ পূর্ণ হোৱাৰ বাট টোহে মুকলি কৰি থৈ যায়। এনেকৈয়ে বহুজন আহে... গুচি যায়! আমি যেতিয়ালৈকে নিজে নিজক সম্পূর্ণ কৰিবলৈ নিশিকো, তেতিয়ালৈকে ভাবি থাকো... শূন্য মানেই শেষ! যোৱাজনক যাবলৈ দিব লাগে! সদায়ৰ বাবে ৰৈ যাবলে’ কোনো নাহে! সকলো ক্ষন্তেকৰ লগৰীয়া! সবেই নিজৰ নিজৰ বাটে সময়ত আগুৱাই যায়! সেয়া সময়ৰ দাবী। ৰৈ যাব লগা জন সময়ত ৰৈ যাব... একে বাটৰ লগৰীয়া হৈ! ...এনেকৈয়ে সময়ে সময়ে আমি শূন্য হওঁ, সময়ে সময়ে পূর্ণ হওঁ...! মৰম-ভালপোৱাবোৰ বৰ বেছিকৈ হ’লেও বেয়া! লাগিলে সেয়া বন্ধু-বান্ধৱ বা আন কোনোবাই হওক; আশা বাঢ়ে, অধিকাৰবোধ বাঢ়ে, অভিমান বাঢ়ে... আৰু সময়ে যেতিয়া সকলোকে নিজৰ নিজৰ বাটেৰে দূৰলৈ লৈ যায়... দুখবোৰো সমানে বাঢ়ে! গতিকে বস্তুবোৰ অলপ অলপ হ’লেই ভাল! অসন্তোষ নাথাকে, আক্ষেপো নাথাকে! “যি আহিছে আদৰি লোৱা, যি গৈছে যাবলৈ দিয়া” ... তেনেকৈয়ে সহজ কথাবোৰ! সময়ৰ সোঁতত এৰা ধৰা কৰি সাঁতুৰি গৈ নাথাকিলে ডুবি মৰাৰ ভয়! মাত্র “নিজক” একেবাৰে হেৰুৱাই নেপেলালেই হ’ল! 

যদিও আমি কওঁ দূৰৈত থাকিলে কি হ’ল, বুকুৰ মাজতে আছে! ওহোঁ, ভালপোৱা মানুহবোৰক মাজে মাজে সেয়া সোঁৱৰাই নাথাকিলে পাহৰণি হ’বলৈ বেছি সময় নালাগে! মাজে মাজে ভাৱ এটা আহে মনলৈ, “সময় নাই” বুলি ক’ব পৰাকৈ যিমান বেছি মানুহক সময় দিব পাৰি (নিজৰ কর্মক দিবলগা সময়খিনি দিয়াৰ পিছত) সিমানেই ভাল নেকি! মানে, কেৱল এগৰাকী বিশেষ বন্ধু, এগৰাকী বিশেষ ব্যক্তিকে ভাল নাপাই বহুতকে মানুহ হিচাপে ভাল পালে কেনে হয়? মোৰো কেতিয়াবা খুবেই মন যায় বহুতকে সময় দি দি কাৰোবাক মাত এষাৰ দিবলৈও “সময় নাই” বুলি ক’বলৈ!! মোৰ দেখোন সদায়েই অফুৰন্ত সময়.................... :) মই বাৰু অকলশৰীয়া নেকি? নহ’বও পাৰে :) ! কিন্তু এইটোও ঠিক আপুনি মোৰ বাবে বিশেষৰ বিশেষ নহয়, যদিহে আপোনাক মই মোৰ সময় দিয়া নাই! :) :) 

.........পিছে জীৱন ইমান হিচাপ-নিকাচত নচলে; ইম’শ্বনলেচ্ হৈ থাকিবও যে নোৱাৰো... সেয়ে চাগে মাজে মাজে দুখী হওঁ, মাজে মাজে সুখী হওঁ... এনেকৈয়ে! জীৱনো এনেকৈয়ে তো সহজ! “আখেঁ তেৰা হো য়া মেৰা... আঁসো না হো!” ..........এৰা! দুচকু যাৰেই নহওক কিয়, দুখৰ চকুপানী কাৰোৰে চকুত নহওক! ...........Love grows; and yes, we grow along with it!


@এপ্ৰিল ২০১৭

 

 

Post a Comment

0 Comments