মই গাহৰি কিয় নাখাওঁ আৰু কিয় খাম!

 

মই দ্বিতীয় নে তৃতীয় শ্রেণীত পঢ়ি থাকোঁতে দেউতাই এবাৰ ভটভটীত তুলি মোক নগৰলৈ লৈ গৈছিল। সেইদিনা ডাক্টৰে মোৰ পোকে খোৱা দাঁত এটা উঘালি দি নকন্দাৰ বাবে ভাল ছোৱালী বুলি কৈছিল। উভতি আহোঁতে দেউতাই খাহী মাংস ল'বলৈ বুলি মাংসৰ বজাৰত সোমাইছিল। মই কিছুপৰ অবাক হৈ কেউফালে চাইছিলোঁ! দুটামান ছাল চেলোৱা ছাগলী লোৰ হাকোটা একোদালত ওলমি আছিল! বান্ধি থোৱা এজাকমান সৰু ডাঙৰ ছাগলীয়ে চিঞৰি আছিল! কেইটামানক গজিন্দ্ৰ মানুহ একোজনে টানি টানি এফালেদি লৈ গৈছিল আৰু…মোৰ কিবা এটা হৈছিল! কি নাজানো! উঘালি পেলোৱা দাঁতৰ বিষটো যেন লাহে লাহে বাঢ়ি আহিছিল! মাজে মাজে আমাৰ গাঁৱৰপৰা ছাগলী নিবলৈ অহা মানুহকেইজনৰ মুখকেইখন মনত পৰি কিবা এটা ভয় লাগি গৈছিল! তেতিয়াহে বুজিছিলোঁ আচলতে পেহী-খুড়ীহঁতে যতন কৰি ডাঙৰ কৰা ছাগলী কেইটা কিয় সেই মানুহকেইজনক বিক্রী কৰি দিছিল! 

আমি সৰু হৈ থাকোতে বৰদেউতাই যেতিয়াই ঘৰলৈ গাহৰিৰ মাংস আনে, গোটেই পা-পোৱালি কেইটাকে জুইত পোৰা গাহৰিৰ মাংস খাবলৈ মাতে। আমিও জুইৰ কাষতে বহি তৃপ্তিৰে পোৰা গাহৰি মাংসৰ সোৱাদ লওঁ। (বৰদেউতাৰ পৰিয়াল বেলেগে আছিল। বাকী ককা-আইতা, দদাইদেউ -খুড়ী, পেহী, মা-দেউতাৰ স'তে আমি একেলগে আছিলো। আমাৰ ঘৰৰ চৌকাত গাহৰিৰ মাংস ৰন্ধা নিষেধ আছিল।) এদিন বৰদেউতাৰ ঘৰতে গাহৰি এটা আনি বান্ধি থৈছিল। পিছদিনা কেইবাজনো মানুহ আহিছিল তাক বধিবলৈ! আমি পোৱালিকেইটাই বেচ্ স্ফূর্তিত সেই কাৰ্য চাবলৈ ৰৈ আছিলো! এপাকত কোনোবা এজনে মষ্ট এদাল টাঙোন লৈ গাহৰিটোক মৰিয়াইছিল! বান্ধি থোৱা গাহৰিটো বিকট চিঞৰ মাৰি ইফালে সিফালে দৌৰি ফুৰিছিল! কিমানটা প্ৰহাৰৰ পিছত সি নিশ্চুপ হৈ পৰিছিল মোৰ মনত নাই! সেই দিনাও মোৰ কিবা এটা হৈছিল! নাজানো কি! 

এতিয়া গাহৰিৰ মঙহ নোখোৱাৰ বাবে কিছুমানে মোৰ উপাধিটোলৈ অবিশ্বাসেৰে আঙুলি টোৱায়! মোৰ খোৱাখিনি জানো উপাধিটোৱে ঠিক কৰি দিব লাগে? খাহী মাংস ঘিণ কৰি নোখোৱা বুলি কৈ কিছুমানে মোক "বেছি কৰে" বুলি কয়! মই মনে মনে থাকো। ঘৃণাই নহয় সেইখিনি মোৰ মনটোৱে, অন্তৰৰপৰা অহা ইচ্ছাই ঠিক কৰিছে! মানুহে আকালত, দুৰ্ভিক্ষত ভোক নিবাৰণৰ বাবে কেতিয়াবা উচিষ্টও ভক্ষণ কৰে! তেনে পৰিস্হিতিত যদি একমাত্ৰ উপলব্ধ খাদ্য গাহৰিৰ মাংসই হয়, কিজানিবা ময়ো খাবলৈ বাধ্য হৈ পৰিম! সেইটো মোৰ উপাধিটোৱে ঠিক কৰিব নে পেটৰ ভোকে কৰিব? মই তো ভাবোঁ; মানুহৰ খাদ্যভ্যাস ঠাই বিশেষে পৰিবেশ, পৰিস্থিতি আৰু পৰ্যাপ্ত উপলব্ধিতাই (availability) নিৰ্ধাৰণ কৰে। মনটোৱে যেতিয়া সেইখিনি গ্ৰহণ কৰি লয়, তৃপ্তিৰে তাক খাবও পাৰে। খোৱা নোখোৱাটো প্ৰতিজন ব্যক্তিৰে নিজা ইচ্ছা। কিছুমান নিয়মৰ দোহাই দি হয়তো কোনো কোনোৱে সংযমী হয় কিছু কিছু ক্ষেত্ৰত। সংযমী হ’বলৈ শিকোৱা সেইবোৰ নিয়মক যিদৰে বেবা বুলি নাভাবো, একেদৰে কাৰো কোনো অপকাৰ নকৰা তেনেবোৰ নিয়ম ভংগকাৰীকো বেয়া বোলা নাযায়। 

ধৰা হওক এবাৰ এতিয়া নতুনকৈ খাই চালোঁ গাহৰিৰ মঙহ। জিভা খনে বেচ সোৱাদ পালে! এতিয়া লুভীয়া মনে যদি নিজক সম্বৰণ কৰিব নোৱাৰে মইতো খামেই! পালেই খাম! নহয়জানো? সেই হিচাপে চাবলৈ গ’লে হাঁহ-কুকুৰা, মাছ-পুঠিও একেই জীৱ! এইবোৰ আক’ বেচ তৃপ্তিৰেই খাওঁ, টকালি পাৰি! জীয়ন দি থোৱা কাৱৈ মাছেই হওক বা গৰৈ-মাগুৰ মাছেই হওক, সিহঁতকো তো মৰিয়াই মৰিয়াই মাৰোঁ! তেতিয়া নো মোৰ দুখ টো ক’লৈ উধাও হয়? 

এতিয়া মই ক’ব পাৰো যাৰ যি মন যায় খাব পাৰে। তাতে কাৰ কি আহে যায়! হজম কৰিব পাৰিছে, খাইছে! আকৌ কোনোবাই কাছ, পাৰ, গুঁই, হৰিণ ইত্যাদিৰ মাংস খালে আপত্তি কৰিম কিয় খাব লাগে বুলি! কোনোবাই আক’ আমৰলি পৰুৱা, লেটা পলু খোৱা মানুহক ছিঃ ছিঃ কৰি কৈ উঠে “সেই পোকবোৰো খাই নে”!! পিছে ‘মৌ’ কণ তো প্রায় সকলোৱে খায়! 

হাঁহ-কুকুৰা বা খাহী-গাহৰিয়েই হওক, আমি খাওঁ কাৰণ এইবোৰ সহজে উপলব্ধ আৰু খোৱাৰ অভ্যাস সৰুৰেপৰা। আকৌ কাছ বা হৰিণৰ মাংস খাওঁ (কোনো কোনোৱে) কাৰণ ইহঁত দুর্লভ আৰু খোৱা মানুহে খুবেই সোৱাদ বুলি কয়! গোটেইবোৰ অজুহাত কেৱল আমাৰ নিজৰ নিজৰ সুবিধার্থে নিজৰ স্বার্থ পূৰণ কৰিবৰ নিমিত্তে নহয় জানো? গাহৰি টো বা ছাগলী টো মৰাৰ ধৰণ দেখি মই খাব নোৱাৰা হ’লোঁ কিন্তু হাঁহ-কুকুৰাটো আক’ নিজেই বজাৰৰপৰা আনি খাব পাৰোঁ! মোৰ অজুহাত_ইহঁত সৰু জীৱ, গতিকে ডিঙি কটাৰ পিছত ধৰফৰাই থকা কুকুৰাটো দেখি মোৰ দুখ নালাগিল! জীয়া মাছ এখিনিৰ ওপৰত নিমখ এসোপা চটিয়াই দিলো সিহঁত মৰক বুলি; চটফটাই থকা মাছবোৰ দেখি মোৰ দুখ নালাগিল কাৰণ সিহঁতে চিঞৰা নাছিল! দুখ-শোক টো পিছৰ কথা! আচল কথাটো হ’ল মোৰ লুভীয়া মন, জিভাৰ সোৱাদ! মনৰ লোভ সামৰিব নোৱাৰো, জিভাৰ সোৱাদ পাহৰিব নোৱাৰো! 

মাংসভোজী জীৱই ঘাঁহ কোনোদিন নাখায়। একেদৰেই তৃণভোজী জীৱইও অন্য জীৱৰ মাংস নাখায়। আৰু আমি? যদি পৰিৱেশতন্ত্রৰ সন্তুলনৰ কথা ভাবোঁ, মানুহে মাছ-মাংস নাখালেও প্রকৃতিয়ে খাদ্য শৃংখলৰ সেই সন্তুলন নিজেই বর্তাই ৰাখিব। সমস্যাটো এই মানুহ নামৰ সর্বভোজী জীৱবিধক লৈহে! চাহিদা থাকিলে উৎপাদন তো কৰিবই লাগিব। লাভ য’ত বেছি, কষ্ট য’ত কম তাতেই তো মন থাকিব! নহ’লেনো বছেৰেকত এটা মাত্র খেতি কৰিয়েই পথাৰবোৰ বাকীচোৱা সময় উদং হৈ পৰি থাকেনে! 

কথা সেইটোৱেই, পৰিৱেশ আৰু উপলব্ধিতা! সৰুৰেপৰা মই যি পৰিৱেশত যিবোৰ বস্তু খাম, সেয়াই মোৰ অভ্যাস হৈ পৰিব। এই পৰিৱেশটোৱেই কিজানি সাঙুৰি লয় জাতি-ধর্ম কথাবোৰ! নিয়ম-নীতি থকাটো ভাল, যি আমাক সংযমী হ’বলৈ শিকায়, যি নিয়মে উশৃংখলতাক দমন কৰিব পাৰে। কিন্তু নিয়মৰ দোহাই দি হকে বিহকে নিজৰ নিজৰ মতে নিয়মৰ সংশোধন(!) কৰি থকাটোও সদায়ে গ্রহনীয় নহয়। একেদৰেই নিয়মৰ গণ্ডীত কোনোবাই যদি সোমাইছে, জানি-শুনিয়েই সোমাইছে; তেন্তে সেয়া মানি ল’ব পাৰিব লাগিব, যদি নোৱাৰে তেন্তে সেইখিনিৰপৰা আঁতৰি থাকিলেই হ’ল। 

ধৰি ল’লোঁ মই চাকৰি এটা পালোঁ, অফিচ গৈ পোৱাৰ সময় পুৱা ৮ বজা। সিফালে মই ৭ বজালৈকে বিচনা এৰিবই নোৱাৰো, গতিকে সদায়ে সময়তকৈ এক/দেৰ ঘণ্টা দেৰিকৈ পাওঁ। বিগ-বচ্ নাৰাজ, গতিকে হয় মই ককর্থনা শুনিব লাগে নহয় দৰমহাৰ এটা অংশ কাটি থৈ দিয়ে। এতিয়া মই অভিযোগ দিয়াটো জানো সঁচাকৈয়ে যুক্তিসংগত? মোক আগতেই চাকৰিৰ নিয়ম নীতিবোৰ জনোৱা হৈছিল আৰু সেয়া যে মানি চলিবই লাগিব তাকো জনোৱা হৈছিল! এতিয়া বিগ-বচক বেয়া বুলিলে জানো হ’ব! হয় মই নিয়মবোৰ মানি চলিব লাগিব নতুবা অন্য এটা চাকৰি বিচাৰিব লাগিব য’ত ১০ -১১ বজাত গ’লেও কোনো আপত্তি নাই। আৰু এটা কথা হ’ব পাৰে_ বচে যদি মোক ভাল পায় বা বচ্ নিজেই অফিচলৈ বহু পলমকৈ আহে তেতিয়া মোৰ দোষ হয়তো মার্জনাও হৈ যাব পাৰে বা নিয়মৰ ইফাল-সিফাল কৰি ল’ব পাৰে নিজৰ সুবিধামতে! নতুবা বচে নিজে সকলো নিয়ম মানি চ’লে আৰু মোৰ স’তে ব্যক্তিগত শত্রুতাও আছে, গতিকে এই দুয়ো ক্ষেত্রতে শাস্তি নোপোৱাকৈ মই সাৰি নোযোৱাটো ধুৰূপ! 

কথাবোৰেই হওক বা সমস্যাবোৰ, সম্পর্কই হওক বা আন কিবা আমি সদায় নেতিবাচক দিশটোৰ প্রতিহে প্রথম মন দিওঁ! গতিকেই মতৰ অমিলো হয়। মতৰ অমিল হ’লেই কথাবোৰো জটিল হৈ পৰে। যুক্তিৰে কথাবোৰ ফঁহিয়াই চাবলৈও আচলতে আমি ভয় কৰো কিজানিবা আমি ভুল প্রমাণিত হৈ যাওঁ! পৰাজিত হোৱাৰ ভীতিয়ে আমাক নিজৰ মতকেই খামুচি থকাত বাধ্য কৰে! কাৰণ আমি নিজৰ ভুলটো স্বীকাৰ কৰি ল’বলৈ টান পাওঁ। এতিয়া এই নেতিবাচক কথাবোৰ ইতিবাচক দৃষ্টিৰে চাবলৈ হ’লে আমি ইতিবাচক কিবা এটা সন্মুখত পাবও লাগিল! ভাবিবলৈ বাধ্য হোৱাকে কিবা দেখিবও লাগিল! কিন্তু এই ‘আৰম্ভণি’টো কোনে কৰিব? ‘মোৰ’ পৰাই কৰিব নালাগিব জানো? আনলৈ আঙুলিটো তোলাৰ আগতে মই নিজৰ ফালে টোৱাব লাগিব! তাৰ পিছত বাকীবোৰ। কিন্তু ইমানো সহজ জানো!? 

মোৰ কথাকেই কওঁ_ যদিও চাকৰি অস্থায়ী তথাপিও সময়ত গৈ পাবলৈ বা সময়তে আহিবলৈ চেষ্টা কৰোঁ। চুটিৰ ক্ষেত্রত ফাঁকি-ফুকা নিদিবলৈ চেষ্টা কৰোঁ। কাম কৰিছেনে নাই চাবলৈ কোনো নাথাকিলেও নিজৰ কামখিনি নিয়াৰিকৈ কৰিবলৈ চাওঁ। কিন্তু ইয়াৰপৰা মোৰ কি লাভ হৈছে বা হ’ব? মাহৰ শেষত তো আটাইয়ে পাবলগীয়া দৰমহা টো গোটে গোটে পাইছে। ইয়াৰ স’তে কোনোবাই কাম কৰিছে নকৰিছে, পলমকৈ আহিছে, সোনকালে গুচি গৈছে… এইবোৰৰ কোনো সম্পর্কই নাই! কেতিয়াবা খঙতে ময়ো সোনকালে গুচি অহাৰ সুবিধাকণ আদায় কৰিছো বা ফাঁকি দিছো! হ’ব লাগিছিল কি আৰু হৈছে কি!! মোৰ পিছফালে মানুহৰ শাৰীটো দীঘল হোৱাৰ বিপৰীতে ময়ো আঁতৰি গৈ আনটো শাৰীত হে থিয় দিলোঁ! কিন্তু পাৰে মানে চেষ্টা কৰো নিজৰ ঠাইতে থিয় হৈ থাকিবলৈ। হয়তো কোনো কোনোৱে কয়_”ইমান আৰু কৰি দেখুৱাই হৈছে কি!” হয়, হোৱাৰ ভিতৰত একো হোৱা নাই, এচিকুট মানো কোনোফালে মোৰ উন্নতি হোৱা নাই। কিন্তু দিনটোৰ শেষত মনটো শান্ত হৈ থাকে যে “মই অন্ততঃ নিজক ফাঁকি দিয়া নাই।” 

ভালেদিন ফে’চবুকত নথকাত কথা কিছুমানৰ আও ভাও নাপাওঁ আজিকালি। সিদিনা পুৰণি বন্ধু এজনে ফোন কৰি কথাৰ মাজতে ক’লে_ 

“তুমি তো গাহৰি খোৱা?” 

“নাখাও” 

“কিয়? তুমি তো ‘অমুক’ গতিকে গাহৰি খাব লাগে!” 

“মন নাযায় হে, মই ‘অমুক’ হ’লেও গাহৰি নাখাও।“ 

“অঅঅঅঅ… আচ্ছা তুমি মানে ‘তমুক’! সেয়ে নোখোৱা!” 

হাৰেএএএএএ………………………. হাঁহিও উঠে, খঙো উঠে। আমাৰ চিন্তাধাৰাবোৰ কোনো কালে সলনি নহ’ব আৰু! 

বন্ধুক ক’বলৈ মন আছিল, নক’লো। হয় হে মই জন্মৰ আগৰেপৰাই ‘তমুক’। মই তেনেকুৱা ঘৰ এখনতে ডাঙৰ দীঘল হ’লোঁ। পিতায়ে (মা’ৰ দেউতা) গাঁৱখনত শহুৰ দেউতাকৰ স’তে মিলি প্রথম স্কুল ঘৰ, গাঁৱৰ মানুহৰ স’তে মিলি নামঘৰ সজোৱাইছিল। গায়ন-বায়ন, খোল-তাল, দিহানাম-বৰগীত, ভাগৱত পাঠ, নাম-প্রসংগ সকলোতে পিতাৰ নামটো আগত। তেওঁ নো ক’ত শিকি আহিছিল নাজানো, কিন্তু তেওঁ যে বাকীবোৰক শিকাইছিল সেয়া জানো। পিতাৰ ল’ৰা-ছোৱালী কেইটায়ো সেই আদর্শকেই লৈছিল। সময়ে সময়ে হাৰমনিয়াম-তবলা, গীটাৰ লৈ বেচ কিছুদিন আখৰা চলে। মইনা মেল, মহিলা সমিতি, যুৱক সংঘ… ক’ত যে কি! ঘৰখন হৈ পৰিছিল ৰাইজৰ ঘৰ। দুৱাৰৰ সন্মুখত ঠিয় হৈ থকাজনক কেতিয়াও সোধা হোৱা নাছিল তুমি ‘অমুক’ নে ‘তমুক’, তুমি ‘অমুক’টো খোৱা নে নোখোৱা? সময়বোৰ খুবেই ধুনীয়া আছিল…………………। এদিন ৰাইজৰ কাম কৰিবৰ নিমিত্তেই এঠাইত নতুনকৈ প্রতিষ্ঠান এটা হ’ল যাৰ গুড়ি ধৰোঁতা কেইজন আছিল খ্রীষ্টান ধর্মী লোক। আন আন কিবা কাম কৰাৰ উপৰিও তেওঁলোকে গাঁৱৰ দুখীয়া শিপিনী সকলক সূতাৰ যোগান ধৰিছিল। বিনিময়ত শিপিনী সকলে বোৱা কাপোৰৰ আধা নিজে থৈ (বিক্রী কৰিছিল) বাকী আধা তেওঁলোকক দিব লাগিছিল। পিতাই যিহেতু ৰাইজৰ ‘মানুহ’ আছিল, ল’ৰা-ছোৱালী কেইটাও সেই গততেই উঠিছিল! গতিকে সেই অনুষ্ঠানতো যুক্ত হৈ পৰিছিল। তাৰ পৰিণাম………………. অমুকে গৰু খায়, খ্রীষ্টান ধর্ম ল’লে; গতিকে সমাজৰপৰা বহিষ্কাৰ কৰিব লাগে নতুবা উদ্ধাৰ হ’ব লাগে!! আহাহাহা… কি মধুৰ পৰিণাম নহয়নে? যিজন মানুহে নিজৰ সন্তানৰ দৰে গাঁৱখনৰ ভালৰ বাবে অনুষ্ঠান এটাক তুলি-তালি ডাঙৰ-দীঘল কৰিলে সেইজনকে আক’ বহিষ্কৃত কৰা হওক বুলি আটায়ে হয়ভৰ দিলে! এচিকুট মানো আত্মসন্মান থকা কোনো মানুহেই ‘উদ্ধাৰ’ হ’বলৈ নাযায়। পিতায়ো নগ’ল। বিপৰীতে আঁতৰি আহিল। পিতাৰ লগে লগে অইন কোনো কোনোও আঁতৰি আহিল, হয়তো পিতাক তেওঁলোকে অন্তৰৰপৰা মানিছিল! সেইখিনি মানুহেৰেই আকৌ মানি অহা আগৰ নিয়মবোৰকে লৈ নতুন নামেৰে নতুন সমাজ এখন হ’ল। এতিয়া সেই সমাজত থকা পিতাৰ ঘৰত সকাম-নিকাম হ’লে ডাঙৰ জী-জোঁৱায়েকে (মোৰ ‘মা-দেউতা’) গৈ একো খাব নোৱাৰে, খালে উদ্ধাৰ হ’ব লাগিব! এতিয়া জীয়েকে বাপেকক জানো এৰিব পাৰে! সিফালে দেউতাৰ ভায়েক-ককায়েক থাকিল এফালে! এতিয়া পৰিয়ালৰ কোনোবা (দেউতাৰ ফালৰ) ঢুকালে দুখন সমাজত দুখন দহা-কাজ বেলেগে বেলেগে হয়! ……………… এইয়াই নে সমাজ? নিয়ম? এইবোৰকেই আমি মানি চলিব লাগেনে? কিয়?? আকৌ হেনো কোনো বিশিষ্ট ব্যক্তিৰ পদধূলা মূৰত লৈ, পদযুগল তিয়াই যোৱা জল সেৱন কৰি শৰণ ল’ব লাগে! কোন সেইজন? ধৰিব লাগে কোনবোৰ নিয়ম, এৰিব লাগে কোনবোৰ? আমি কি কৰি আছো? 

কেতিয়াবা ভাবোঁ এইযে বিয়া সবাহত বিধে বিধে খাদ্যৰ সমাহাৰে ভৰি থাকে! ঠিক আছে বাৰু, নতুনকৈ সংসাৰ আৰম্ভ কৰিবলৈ লৈছে গতিকে মনৰ আনন্দত পৰিয়াল-পৰিজনক সাধ্যানুসাৰে খোৱাইছে, আশীর্বাদ লৈছে! কিন্তু মৰি যোৱাজনৰ বাবেও আক’ মাছে-মঙহে মানুহ মাতি কিয় খোৱাব লাগে? আপোন মানুহ এজন মৰি থাকিল, সেয়াটো বেচ্ বেজাৰ লাগিবৰ কথা! পৰা জনে বাৰু পাৰিলে, নোৱাৰা জনেও ধাৰ-ধুৰ কৰি হ’লেও খোৱাবই লাগিব! নিয়ম যিহেতু__আজি মাহ-প্রসাদ, কালিলৈ জলপান, পৰহিলৈ মাছ-ভাত!! আমি মানুহ নামৰ জীৱবিধ কিমান যে লুভীয়া নহয়নে! কেৱল খোৱাৰ যোগাৰত মন! 

আৰম্ভণিতে নিয়ম-কানুন সব ঠিকেই থাকে। কিছুমান তথাকথিত মানুহৰ পাল্লাত পৰিহে নিয়মৰ সংশোধনী (!) হৈ হৈ আচল নিয়ম-উদ্দেশ্য ক’ৰবাতে ৰৈ গৈছে। আমাৰ কামৰ ভাষাত ক’বলৈ গ’লে “মিউটেচন” হৈ হৈ কিছুমান নতুন জাতৰ বিকৃত নিয়মৰ/ ব্যাধিৰ সৃষ্টি হৈছে যাৰ নিৰাময়ৰ বাবে বর্তমান ঔষধ পাবলৈ নাই! 

“সৌমিত্র যোগী”ৰ “মধুশালা”ত পঢ়িছিলো যে_ “সমাজ মানুহৰ দ্বাৰা গঠিত, আমি কিন্তু সমাজক হে বেয়া বুলি কওঁ/ (ক’ব লাগে), মানুহক নহয়! কিয়?” উত্তৰটো লেখকে দিয়া নাই। মোৰ বোধেৰে তো আমি মানুহ বেয়া! আমাৰ চিন্তাবোৰ বেয়া। আমাৰ নিজক সংশোধন কৰিব নিবিচৰাৰ, কেৱল আনকেই দোষ দি থকাৰ, নিজে কৰিব নোৱাৰাখিনি আনে কৰা দেখিলে হিংসা কৰা স্বভাৱবোৰ বেয়া। প্রথমে নিজক ঠিক কৰিব লাগিব। সকলোবোৰ প্রথম “মোৰ”পৰা আৰম্ভ কৰিব পাৰিব লাগিব। তাৰপিছত আহিল সমাজ। 

এহহহহহ….. বহুত কথা হে! গাহৰি বোলোতেই ইমানবোৰ কথা মনলৈ আহিল। ইমান কথা ক’বলৈ মই কোনো গুণী-জ্ঞানী ব্যক্তি বিশেষো নহয়! নিজে দেখি থকা, নিজৰ জীৱনত ঘটা কথাবোৰকে ক’লোঁ মাথোন। দায়-দোষ মৰিষণ কৰিব আৰু! “অপৰাধ বিনাশন………”… কৃষ্ণ!! 

(বিঃ দ্রঃ সেই সৰুতেই গাহৰিৰ মাংস খাইছিলো যদিও তাৰ সোৱাদ এতিয়া মনত নাই। সেইটোও এটা কাৰণ কিজানি যে লুভনীয় ভাৱে সন্মুখত কোনোবাই আনি দিলেও খাবলে মন নাযায়, যিটো লোভ ‘চিকেন তন্দুৰী’জাতীয় খাদ্যবোৰ দেখিলে লাগে! কোনোবাই চিলদ্ বিয়েৰৰ স’তে মোক গাহৰিৰ মাংস ৰান্ধি খুওৱাৰ কথা আছিল! মোৰেই দুর্ভাগ্য, সেই সৌভাগ্য মোৰ কপালতেই নাছিল! এতিয়া কেনেবাকৈ সাতে সোঁতৰই মিলি যদি সেয়া খোৱাৰ সৌভাগ্য হয়, খায় যদি সোৱাদ পাহৰিব নোৱাৰা হওঁ; তেতিয়া আকৌ খাম, খায়েই থাকিম… যেতিয়ালৈকে খাবলৈ মন নোযোৱা হৈ নাযায়! নহ’লে নাখাওঁ! মানে মই ‘অমুক’ হ’লেও নাখাব পাৰো বা ‘তমুক’ হ’লেও খাব পাৰো! কপালেহে জানে এতিয়া।)


@ মে' ২০১৯ (ফে'চবুকৰপৰা :) )

 

Post a Comment

0 Comments