জীৱনঃ মোৰ উপলব্ধিত (২)



মিহি সৰু সূতাত বেছিকৈ জঁট লগাৰ দৰে সৰু সৰু কথাবোৰতে মোৰো চিন্তাবোৰত বৰকৈ জঁট লগা হৈছে। জুপুকা লাগি খিৰিকীৰে বাহিৰলৈ চাই থাকোতে দেখিলো গছৰ পাত এখিলা বতাহতে সৰিল। চকুৰ পলক নেপেলোৱাকৈ মই চাই থাকিলো; জানো, পাতখিলা আহি মাটিতেই পৰিব! ঠিক মাটিত পৰিবলৈ এক ফুট মান বাকী থকাতেই জোৰেৰে বলা বতাহ এচাতিয়ে পাতখিলা কেনিবা উৰুৱাই লৈ গ’ল। মই নাজানিলো_ পাতখিলা গৈ ক’ত পৰিল! মাটিত নে কোনোবা ঘৰৰ চালত, আন কোনো গছৰ ডাঙৰ এখিলা পাতত নে নর্দমাৰ পানীত? অথচ মই কিয় নিশ্চিত আছিলো যে পাতখিলা আহি মাটিতেই পৰিব?! মাটিত পৰিলত হয়তো কোনোবাই জাৱৰৰ স’তে সাৰি নিলে, পানীত পৰি হয়তো ক’ৰবালৈ উটি গ’ল, ঘৰৰ চালত হয়তো কোনো জীৱই আহি তাতে ঘৰ সাজি লেটা হৈ সোমাল... পখিলা হ’ল, গছৰ পাতত পৰিলত হয়তো বতাহে আহি পুনৰ কেনিবা উৰুৱাই নিলে! য’তেই নপৰক শেষত সি গৈ মাটিতেই মিলিল, সেইটো নিশ্চিত! বতাহে লৈ যোৱা পাতখিলাৰ দৰেই মনৰ খোজবোৰে মোকো লৈ ফুৰিল… যেনি তেনি! ক’ত ৰ’বগৈ নাজানো! 


সোঁৱৰণীৰ কেঁকুৰিবোৰঃ 

শীতৰ দিনবোৰত ৰ’দটো পিঠিতে লৈ বহি থকাৰ আমেজ, দুপৰীয়া ৰিণি ৰিণি শুনা পাৰচৰাইৰ ৰুণ… কপৌৰ “লাক্ পাকুৰ, লাক্ পাকুৰ”... কিবা যেন উৰুঙা উৰুঙা ভাব এটাই আমনি কৰে!... আৰু এনেকুৱা সময়তে সুবিধা বুজি এৰি অহাখিনিয়ে বোকোচাত উঠি বহে! সেই যে_সৰুতে জুহালত বহি বহি ককা-আইতাৰ মুখেৰে শুনা সাধুবোৰ__ তেজীমলা, তেজা-তুলা, টেটোন তামুলী, মহাভাৰত-ৰামায়ণৰ কাহিনীবোৰ…। মনত নাই সাধুবোৰ! সেইবুলি একেবাৰে পাহৰিও যোৱা নাই। চেগা-চোৰোকাকৈ অ’ত ত’ত অলপ অলপ মনত আছে। এৰি অহা সময়ৰ ইও এক মধুৰ সোঁৱৰণ! সেই সোঁৱৰণীয়ে জানো দুখী কৰে কেতিয়াবা? আৰু এক সেই সোঁৱৰণ.. যি পাহৰণি হয়ো নহয় পাহৰণি! দুখী কৰেনে সেই সোঁৱৰণে?

হাঁহি এটা আহি ওঁঠতে থিতাপি লয়! সোঁৱৰণ মানেই জানো কেৱল এটা বিন্দুৰ দুখী ছায়া-ছৱি? সোঁৱৰণ মানেই জানো কেৱল নোপোৱাৰ হা-হুমুনিয়াহ? সোঁৱৰণীয়ে আমাক সমৃদ্ধ কৰে। ইয়াক ব’ব নোৱাৰা বোজা কৰি লোৱাটো, বগাব নোৱাৰা ওখ পাহাৰ কৰি লোৱাটো আমাৰ অজ্ঞানতা! সোঁৱৰণীৰ জোৰ হ’ব লাগে আগুৱাই নিবলৈ, পিছলৈ টানিবলৈ নহয়। ই হ’ব লাগে সাহস, নিৰাশা নহয়! ই হ‘ব লাগে সম্ভাৱনা, সন্তাপ নহয়। এৰি অহাখিনিতে আমি কিয় ওলমি থাকোঁ? আচলতে ক’ৰবাত নহয় ক’ৰবাত আমি নিজকে দোষী বুলি ভাবোঁ! একেটা বস্তুক দুবাৰ হুবহু একেদৰেই কেতিয়াও পাব নোৱাৰি। আমি সদায় নিজক ফাঁকি দিওঁ, নিজক ঠগো। নিজক ক্ষমা কৰি নিদিওঁ বাবেই পাহৰিবলৈ কষ্ট হয়। নিজক ক্ষমা কৰিব পৰাটো কঠিন কাম, সেয়া কৰিব পাৰিলেই বহুত কথা সহজ হৈ পৰে _ let it be... Let it go...! ওঁঠত থিতাপি লোৱা হাঁহিটো হুমুনিয়াহ এটা হৈ সৰি পৰে। গধুৰ বোজা এটা পিঠিৰপৰা নমাই থৈ আৰাম পোৱাৰ দৰে সকাহৰ হাঁহি এটা ফুটি উঠে... নতুনকৈ! 


কথাৰ বিন্দুবোৰঃ 

এটা বিন্দুৰপৰা অইন এটা বিন্দু! বিন্দুবোৰ লগ হৈ হৈয়েই প্রতিটো কথাৰ জন্ম। অথবা একোটা কথা_ সিঁচৰিত হৈ পৰা অলেখ বিন্দু। কিন্তু কথাবোৰ কেতিয়াবা এনেকুৱা হয়__ একেটা কেন্দ্রৰপৰাই, পৰিসীমা একেই ৰাখি বৃত্ত এটাৰ ওপৰে ওপৰে যদি পুনৰবাৰ বৃত্ত এটা আঁকো তাক একেটাই বৃত্ত বুলি ধৰিম নে পুৰণি বৃত্তৰ ওপৰত খাজে খাজে বহুৱাই দিয়া নতুন বৃত্ত এটা বুলি ধৰিম? যদি নতুন (কিয় নতুন?) বুলি ধৰোঁ; একে স্থানতে, একে বিন্দুক কেন্দ্র কৰি, একেই পৰিসীমাত পুৰণিটোক পুনৰাই কেনেকৈ আঁকিম? যদি প্রথমৰ বৃত্তটো বুলি ধৰো, তেন্তে সি আৰম্ভণিটোৰ দৰেই হৈ থাকিব জানো! … ওহোঁ! একোটা বিন্দুক কেন্দ্র কৰি একেটা বৃত্তকেই আমি বাৰে বাৰে আঁকিব নোৱাৰো। কথাবোৰ ভাবি থাকোতেই ঘৰ চিৰিকা দুটামানে চোতালত থকা অকণমান পানীত গা ধুই থকা দেখিলো। বেচ কায়দাৰে গোটেই গাটো জোকাৰি পানীবোৰ গাৰপৰা আঁতৰাই দিছে... আৰু পানীবোৰ চিটিকি পৰিছে, ৰ’দৰ পোহৰত পানীৰ কণিকাবোৰ মুকুতা হৈ উজ্বলিছে! হঠাতে বুদ্ধ জ্ঞান প্রাপ্তি হোৱাৰ দৰে মনটো উৎফুল্লিত হৈ উঠিল। হৈ যোৱা, এৰি অহা কিছুমান কথা আচলতে এনেদৰেই জোকাৰি পেলাই দিব লাগে। বৈ ফুৰাটো একেবাৰেই অর্থহীন কথা এটা! আচলতে কথাবোৰ এনেকুৱাই! জীৱনটোও! অলেখ বিন্দু… কথাৰ বিন্দুবোৰ লগ হৈ হৈ জীৱনৰ দীঘল সূতাদাল… তাৰেই আমি মালা গুঠো… হাঁহি-চকুলোৰ, পোৱা-নোপোৱাৰ! এটা বিন্দুৰ স’তে ঠেকা খাই কথাবোৰে আন এটা বিন্দুলৈ গতি কৰে, তাৰপৰা অইন এটা বিন্দু...। আমি কৰা প্রতিটো কামৰে, প্রতিটো প্রতিক্রিয়াৰেই উৎস এই একো একোটা বিন্দু! প’ল’ খেলৰ গুটিকেইটাৰ দৰে! 

 

দৈনন্দিনঃ

কিছুমান কথা মই প্রায়েই শুনা পাওঁ! মন কৰি থাকো কাৰণে শুনা পাওঁ নে শুনা পাওঁ কাৰণে কথাবোৰত মন দিওঁ সেইটো ভালকৈ ক’ব নোৱাৰিম। কথাবোৰ মই য’তে ত’তে শুনো... মোৰ কর্ম স্থানতো...! নামৰ পিছৰ খিনিক লৈ কোনো কোনো লোক বেচ্ উৎসাহিত হয়, যদিহে সেয়া নিজৰ নামৰ পিছৰ খিনিৰ সৈতে মিলি যায়! কোনোৱে সুধি পেলাই “অমুক” আপোনাৰ কোনোবা হয় নেকি বুলি! এইবোৰ আচলতে স্বাভাৱিক কথা! বিদেশত যিদৰে নিজৰ ঠাইৰ মানুহ পালে আমাৰ আনন্দ লাগে! (নামৰ পিছত লাগি থকা খিনিলৈ তেতিয়া অৱশ্যেই আমি বিশেষ গুৰুত্ব নিদিওঁ! “অসমীয়া কথা” মুখত শুনিলেই যথেষ্ট।) ...এইবোৰ আচলতে আমাৰ সহজাত স্বভাৱ, নহয়জানো! সকলোৱে নিজৰ দৰে মানুহ বিচাৰে। গতিকেই কিছুমান কথা আমাৰ মুখৰ পৰা স্বতঃস্ফূর্ত ভাৱেই বাহিৰ হয়! স্বাভাৱিক কথা এটা! 

সকলোৱে কয়, কিতাপৰ শিক্ষাই মানুহক শিক্ষিত কৰে, সহনশীল কৰে, কথা-বতৰা মার্জিত কৰে! সঁচাকৈ নে? সিদিনাখন মাত্র শুনিলো সোনোৱালৰ পুতেকে আই আই টি ত চিট পালে! “অশিক্ষিত” মানুহ এজনে ক’লে__ ল’ৰাটো বৰ চোকা, সেয়ে পাইছে ঔ! ভাল ভাল! বাপেক নাইকিয়া ল’ৰাটো মা’কৰ সাৰথি হ’ব! (ময়ো জনামতে ষ্টেণ্ড কৰা ল’ৰা!) কিছু সময় পিছত “শিক্ষিত মানুহ” এজনে ক’লে__ অমুকৰ পুতেকে আই আই টি ত চিট পালে বোলে ঔ! সোনোৱাল যে, সেয়ে পালে আক’! ........ এই কথাবোৰো স্বাভাৱিক নে? আমি সঁচাকৈ ইমান শিক্ষিত!? 

হ’ব পাৰে কোনোবা সোনোৱালৰ পুতেকে পালে কেতিয়াবা! সেই বুলি সবকে আমি সেই দৃষ্টিৰেই চাম নে? ময়ো মানো, কিছুমান নিয়ম থকাটো অনুচিত। কোনো কালতে যিবোৰ উদ্দেশ্য আগত ৰাখি নিয়ম কিছুমান ঠিক কৰা হৈছিল, সেইবোৰ এতিয়া অর্থহীন, সেইবোৰ সলনি কৰিবৰ হ’ল। একেদৰেই আমিও আমাৰ চিন্তাবোৰ সলনি কৰিব পাৰিব নালাগিব জানো? "সম"ৰ অৰ্থটো কি আচলতে?

আকৌ কেতিয়াবা দেখি থকা কথাবোৰেই ভাবিবলৈ বাধ্য কৰে; যদি ৩০ বছৰীয়া “ডাঙৰ মানুহ” এজনে ৬০ বছৰীয়া “সৰু মানুহ” এজনক “আপুনি” বুলি যদি সম্বোধন কৰে (য’ত পাৰি, যিহেতু সৰু মানুহজনে ডাঙৰ মানুহজনক তেওঁৰ প্রাপ্য সন্মান দিয়াত কেতিয়াও পিছ হুহকা নাই!) তেওঁৰ ডাঙৰ মানুহৰ আসনখন সৰু হৈ যাব নেকি? 

(অৱশ্যে সকলোৱে যিদৰে আই আই টি ত চিট পোৱা চোকা ল’ৰাটোক “সোনোৱাল”ৰ পুতেকৰ দৃষ্টিৰে নাচায়, একেদৰে সকলো ডাঙৰ মানুহেই যে সৰু মানুহক “মানুহ” জ্ঞান নকৰে তেনে নহয়। সকলো কেতিয়াও একে “মানুহ” নহয়!)

কিয় নাজানো, মোৰ কিন্তু কিছুমান কথা মনলৈ নাহে! মোৰ শৈশৱ-কৈশোৰৰ সময় চোৱাতেই ভাল-বেয়া বহুত কিছু কথা নিজে দেখিছো। তাৰে এচোৱা সময় মই বেচ্ ভাল পৰিবেশতেই আছিলো যেন বোধ হয়। য’ত কিছুমান কথাৰ চর্চা সমূলি নাছিল! হয়তো সেয়ে কিছুমান কথা মই নাজানিছিলো, ভাবিবও নোৱাৰিছিলো! বহুত কথা নগৰত কলেজ পঢ়িবলৈ আহিহে জানিছিলো, বুজিছিলো! এতিয়া উপলব্ধি হয়, ভাল বুর্বকেই আছিলো ময়ো! অকলে অকলে প্রায়েই ভাবো কথাবোৰ, কথা পাতো নিজৰ সৈতে_ মইনো আচলতে কি মানুহ? ভাল? নে বেয়া? 

আমি মানুহ! গতিকে মানুহৰ সহজাত প্রবৃত্তি কিছুমান এৰো বুলিও এৰিব নোৱাৰো! খং, ঈর্ষা , দ্বেষ আদিবোৰে আমাৰ অনিষ্ট কৰে বুলি জানিও তাক নিজৰ পৰা নিলগাই থ’ব নোৱাৰো! শিক্ষাই সেয়া নাইকিয়া কৰে বুলি কয়! হ’ব পাৰে! কিন্তু শিক্ষিত লোকেও সেইবোৰ প্রকাশ কৰে! হয়তোবা ভদ্র ভাষাৰে! কেতিয়াবা ভাবো “মানুহ জীৱশ্রেষ্ঠ” বোলা চার্টিফিকেট খন মানুহে নিজেই নিজক দি লোৱা! অইন কোনো জীৱই যদি দিলেহেঁতেন!! 

আচলতে শিক্ষিত-অশিক্ষিত, সৰু-ডাঙৰ এইবোৰ কথা আমাৰ কর্ম আৰু চিন্তা-ধাৰাতেই প্রতিফলিত হয়! এই কথাবোৰ লেখি ময়ো নিজকে বৰ গুণী-জ্ঞানী, মহা পণ্ডিত বুলি জাহিৰ কৰিব বিচৰা নাই। কথাবোৰ মই এনেকৈ ভাবো, ভাবি থাকো। কাৰণ মই এইবোৰৰ মুখামুখি প্রায়েই হৈ থাকো! কথাবোৰ বাৰু ভুলকৈ ভাবিছো নেকি? 


উপলব্ধিবোৰঃ

নিজকে ভাল বুলি প্রমাণ কৰিবলৈ গৈ আন কাৰোবাক বেয়া বুলি প্রমাণ কৰিব বিচৰা ‘মই’ জানো সঁচাকৈ ভাল? মোক কোনেও চিনি নাপায়, বুজি নাপায় বুলি কৈছো ঠিকেই, মই জানো মোক সঁচাকৈয়ে কেতিয়াবা চিনিবলৈ চেষ্টা কৰিছো? আৰু যদি চিনি পাইছোও, স্বীকাৰ কৰি ল’ব পাৰিছো নে নিজক? যদি ভুলবোৰ দেখিছো, শুধৰাবলৈ যত্ন কৰিছো নে? মোৰ নিজৰেই ভালেমান বেয়া অভ্যাস আছে, যিবোৰ মই এৰো বুলিও এৰিব পৰা নাই! চেষ্টা যে নাই কৰা তেনে নহয়, কৰোঁ! কিন্তু পুনৰ কিছুমান পৰিস্থিতিত নকৰো বুলিও একে ধৰণেৰেই প্রতিক্রিয়া কৰি পাওঁ। সেয়া পৰিস্থিতিৰ দোষ নিশ্চয় নহয়, দোষ মোৰ; মই হে মোক সম্বৰণ কৰি ৰাখিব নোৱাৰো! কাৰণ মই এতিয়াও মোৰ মনটোক নিজৰ আয়ত্তত ৰাখিবলৈ সক্ষম হোৱা নাই! 

মাজে মাজে ভাবো_মই আচলতে খুউব দুর্বল মনৰ মানুহ নেকি? নে মই খুউব বেছি স্বার্থপৰ মানুহ? কেতিয়াবা “ইউ-টিউব”তেই হওক বা আন ক’ৰবাত যেতিয়া ভিডিঅ’ কিছুমান বা চিনেমা চাওঁ, সৰু সৰু কথা কিছুমানতে চকুপানী একেবাৰে দুগালেদি বৈ যায়! কেতিয়াবা ৰাতি যেতিয়া অকলে ভাত কেইটা খাওঁ, লগত যদি মাছ-মঙহ কিবা এটা থাকে; হঠাতে কি নো শোক এটাই খোন্দা মাৰি ধৰে… ঘৰৰ মানুহ কেইটা… আৰু কোনোবা কোনোবা মানুহৰ মুখ কেইখন মনলে’ ভাঁহি আহে… “সিহঁতি বা কি খাইছে” ভাৱ এটা মনলৈ আহিবলৈ পায় কি নাপায়… ভাতকেইটাত চকুপানী, নাকৰ পানী পৰি গোটেইখন খাব নোৱাৰা হয়! 

…………. কেতিয়াবা আক’ এনেকুৱাও হৈছে_ মা’ই ফোন কৰি কৈছে “অমুকা ঢুকাল নহয়, এপাক আহি যাবি; লঘোণে থাকিব নালাগে দে, এইকেইদিন নিৰামিষকে খাবি।” ওহোঁ, মোৰ দুখ-শোক জাতীয় একো অনুভূতি নাজাগে দেখোন! এপাক যোৱাটো দূৰৰ কথা, মাছে-মঙহে ভাত কেইটা খাওঁতেও মোৰ মনলৈ একো দুখ অথবা দোষ ভাৱ নাহে! কোনো সময়ত এনেকুৱাও হৈছে_ কিবা কাৰণত হস্পিটেলত থাকিব লগা হৈছে, আৰু সন্মুখেৰে লিফ্টত অলপ আগতে লৈ অহা কোনোবা একোজন জীয়া মানুহ “শ”একোটা হৈ উভতি গৈছে! পিছে পিছে কান্দি কান্দি কোনো আত্মীয়! চকুৰ আগত হয়তো দিনৰ পিছত দিন সেই ঘটনা দেখিয়েই আছোঁ! ওহোঁ, তেতিয়াও মোৰ দেখোন একো অনুভৱেই নহয়! সাধাৰণ কথা এটা যেন_ মৰিলে, মৰিবই আৰু! কিয় এনেকুৱা হয়? একেটাই মন মোৰ! একেখনেই অন্তৰ! পাৰি যাওঁ নেকি মই “মন” বোলাটোক নিজৰ মতে চলাবলৈ? 


নিজৰ সৈতেঃ  

 কেতিয়াবা ভাবো, আজি যে মই এই ঠাইত আছো; এইয়া মোৰ ঠাই নাছিল! যদিও মোৰ সপোন বুলি একো নাছিল, তথাপিও এই ঠাই মোৰ নাছিল! কিছুমান মানুহৰ এটা মাত্র মিছা কথাৰ কাৰণে, কিছুমান মানুহৰ বিশ্বাসহীনতাৰ কাৰণে মোৰ জীৱনৰ ৰাস্তাটোৱেই সলনি হৈ থাকিল, সেয়াও মই একো গম নোপোৱাকে! কিন্তু কথা হ’ল, এতিয়া জানো মই সেই সময়কেই দোষাৰোপ কৰি থাকিলে হ’ব? অৱশ্যে এইটো ঠিক সময়ত যদি মই সঁচা কথাটো গম পালোহেঁতেন তেন্তে হয়তো মই যুঁজিব পাৰিলো হয় সময়ৰ স’তে আৰু মই জিকিলোহেঁতেন! পলমকৈ হ’লেও মই জানিছিলো! মই যদি ভাবোঁৱেই এই ঠাই মোৰ নাছিল, তেন্তে মই মোৰ ঠাই পাবলৈ চেষ্টা কৰিব লাগিছিল, নকৰিলো! কিয়? জেদ, অভিমান, খং...! 

.....এই “হেঁতেন”বোৰ এতিয়া একেবাৰেই অর্থহীন!......দোষ মোৰেই নহয়জানো? তাৰপৰা মোৰ কি লাভ হ’ল? লাভ এটাই__এতিয়া, এই সময়ত ৰৈ, সেই সময়লৈ উভতি চাই মই কাৰোবাক ক’ব পাৰো যে_ সঁচা কথাবোৰ কোৱা উচিত, যি জানিব লাগে তেওঁ জনা উচিত। কাৰণ কথাৰ পৰাই কথাবোৰৰ আৰম্ভ হয়। কথাবোৰৰ ওপৰত ভেঁজা দিয়েই আমি আমাৰ কৰণীয় কিছুমান কাম ঠিক কৰো। আৰু তাৰ ভেঁটিটো যেতিয়া মিছা হয়... আৰু সেই মিছাটোৱেই যেতিয়া এদিন সন্মুখত আহি ঠিয় দিয়ে তেতিয়া গঢ়ি উঠা সকলো হুৰমূৰকৈ ভাঙি যায়! সকলো! কোনোৱে পুনৰ উঠি গঢ়িব পাৰে, কোনোৱে নোৱাৰি ৰৈ দিয়ে! কোনোৱে আকৌ গঢ়াৰ সলনি নিজকে ভাঙিবলৈ লাগে!

ক্ষমা কৰি দিব পাৰো, পাহৰিব নোৱাৰো! মই সহজে মানুহক বিশ্বাস কৰো; সেইবোৰ মানুহক, যাক মই ভাল পাওঁ (সেয়া মোৰ মা-দেউতা, ঘৰৰ মানুহ বা আন কোনোবাও হ’ব পাৰে!) সেয়ে তেওঁলোকে মোক সঁচা কথা কোৱাটো বিচাৰো! কিছুমান মিছা কথা মই হজম কৰিব নোৱাৰো! যেতিয়া মই গম পাই যাওঁ যে মিছা কথা এটাকে সঁচা বুলি বিশ্বাস কৰি ললোঁ, তেতিয়া মোৰ ভীষণ খং উঠে… নিজৰ ওপৰত! আৰু মোৰ এই পোহ মনাব নোৱাৰা খংটো উঠাৰ পিছত কৰি পেলোৱা কাম একোটাৰ বাবে পিছত যেতিয়া অনুতপ্ত হওঁ, তেতিয়া খুউব কষ্টেৰে নিজক ক্ষমা কৰি দিবলৈ চেষ্টা কৰো! আৰম্ভণিতে নোৱাৰিছিলো, এতিয়া প্রায় পৰা হৈ উঠিছো! আৰু বহু সময়ত এতিয়া সেয়ে মই শান্ত হৈ থাকিব পাৰো! 

... "বুদ্ধ" হ'ব নোৱাৰো! চেষ্টাও কৰা নাই। এতিয়া মই মোক মোৰ দৰেই গ্রহণ কৰি লোৱাৰ বাবেই মোৰ আজিৰ এই ঠাইক লৈ অসন্তোষ্টি বুলি একো নাই! ...পৰাখিনি কৰিছো, নোৱাৰাখিনি নাই! সকলোবোৰ সাময়িক... পোৱা-হেৰুওৱা, বিশ্বাস-ভালপোৱা... জীৱন... সকলো! ঋতুৰ দৰে.............. ! কোনো কাৰোৰে নহয়, নিজৰ বাদে! গতিকে আক্ষেপ-অভিযোগ বুলিও একো নাই। অৱশ্যেই আক্ষেপ থাকিব, অভিযোগো থাকিব... নিজৰ ওপৰত, যদিহে কৰিব পৰাখিনি কৰিবলৈ চেষ্টাও নকৰো! নিজৰ সামর্থ আৰু সীমাবদ্ধতাক স্বীকাৰ কৰি ল’ব পৰাটোও মনৰ শান্তি! যিটো মই পাৰিছো বুলি ভাবো!

আনে যেতিয়া এনেকুৱা ধৰণৰ কথাবোৰ কয়, অনুধাৱন কৰি মানি ল’বলৈ সহজ নিশ্চয় নহয়। কোনো খোৱা বস্তুৰ সোৱাদ আনে যিমানেই ভাল বুলি বখানি নাথাওক কিয়; নিজে খাই নাপালে, নোখোৱালৈকে সেয়া অনুভৱ কৰিব নোৱাৰি। সেয়ে কিছুমান কথা আন কোনোবাই বুজাই দিয়াতকৈ নিজে নিজে বুজিলে ভাল! মাত্র বুজি পাওঁতে সময়তকৈ পলম হ’ব নালাগে!


আৰম্ভণিবোৰঃ 

আকাশ আৰু ৰাতি

শিপা আৰু মাটি

মোৰ পৃথিৱী।

গতিত য'তি,

স্থিতিৰ শেষ…ছাই আৰু অস্থি! 

সকলোবোৰ শেষ হয় এদিন… গুচি যায় সকলো। দুনাই একোৱেই ঘূৰি নাহে! কিবা যদি আহে সেয়া কেৱল ঘড়ীৰ ‘সময়’, কেলেণ্ডাৰৰ ‘তাৰিখ’… সদায়েই অহা দিন আৰু ৰাতিবোৰৰ দৰে! ঘূৰি আহিলেও দিনবোৰ একে হৈ নাহে, ৰাতিবোৰ একে হৈ নাথাকে! সেই কথাটোকে আমি মানি ল’বলৈ অস্বীকাৰ কৰোঁ! কেতিয়াবা আমি নিজেও নিজৰ ওচৰত সৎ হৈ নাথাকো; নিজকেই ফাঁকি দিওঁ, ঠগো! কিয়? কেৱল নিজক লুকুৱাবলৈ নে? আচলতে আমি সত্যৰ মুখামুখি হ’বলৈ সাহস নকৰো! ইল্যুশ্বনত জীয়াই থাকো! ভ্রম! আত্ম প্রতাৰণা! মুখা আৰু অভিনয়ৰ মাজত আমি পুতৌ লগাকৈ কেতিয়াবা সোমাই থাকো নিজেও নজনাকৈ! ইমান জৰুৰী নে অভিনয় ?!

কথাবোৰ ক’বলৈ সহজ, কামবোৰ কৰিবলৈ টান। কিন্তু চেষ্টা তো কৰিব পাৰি। সবেই কয়, মানুহ সৰু সৰু কথাতে সুখী হ’ব লাগে। হয়, ঠিক কথা। সৰু সৰু কথাতে সুখী হোৱা মানুহেই তো সৰু সৰু কথাতে দুখীও হয়। জীৱনে কেৱল সুখকেই তো লৈ নাহে! দুখো আহে লগতে। মানুহে কিন্তু সুখী মানুহৰ আশে-পাশে থাকিহে ভাল পায়। সদায়েই জানো সুখী হৈ থাকিব পাৰি? দুখীও তো হৈ থকা নাযায় অনবৰতে! চাবলৈ গ’লে ময়ো সৰু মানুহ। সৰু সৰু কথাৰে সৰু মোৰ দুনীয়া। সৰু কথা এটাতে সুখী হোৱাৰ দৰে সৰু কথাতেই চকুপানীও ওলাই! এই কথাবোৰো নিজক সুখী কৰি ৰাখিবলৈকে লিখো। কাৰোবাক উপদেশ দিবলৈ নহয় বা ভাল লেখা বুলি ৱাহ ৱাহ ল’বলৈও নহয়; তেনে কথাবোৰ কেৱল গুণ-জ্ঞানী, বিয়াগোম পণ্ডিত যেন ব্যক্তিয়ে ক’লেহে ভাল দেখি। তেনে কোনো উচ্ছাকাংক্ষা নাই। জীৱনে দিয়া দিনকেইটা মাথোঁ সুখে সন্তুষ্টিৰে আপোন মানুহৰ স’তে ভগাই ল’ব বিচাৰো। আচলতে নিজৰপৰা পলাই নুফুৰি সুখ-দুখ, ভাল লগা-বেয়া লগা বোৰ স্বীকাৰ কৰি ল’ব পৰাটোও এক ৰকমৰ সুখেই! ভাল লগাখিনি পাবলৈ চেষ্টা নিশ্চয় কৰিম যদিহে সেইখিনিৰ বাবে মই লায়েকৰ মানুহ হয়। জোন-বেলি বিচাৰি, তাকে নাপায় দুখ কৰি থাকি তো লাভ নাই! পুনৰ কওঁ_নিজৰ সামর্থ আৰু সীমাবদ্ধতাক স্বীকাৰ কৰি ল’ব পৰাটোও মনৰ শান্তি। 


শেষ নোহোৱা শেষবোৰঃ 

মাজে মাজে কলীয়া কৃষ্ণ আৰু বুদ্ধক একেলগে বহুৱাই লৈ মই ৰ' লাগি চাওঁ বহু পৰলৈকে! কোনোবা এপাকত বাগৰি বাগৰি হাঁহো! দুয়োজনে মোক দুফালে সমানে টানে! কিছু বেলাৰ পিছত বুদ্ধৰ আগত মূৰ দোঁৱাই সেমেকা দুচকুৰে কওঁ "জীৱন মোৰ প্ৰিয়"! কৃষ্ণই মিচিকিয়াই! উমহীন পৃথিৱীত ৰাতিৰ আকাশে দিয়া উত্তাপত এন্ধাৰক উমনি দিওঁ জীৱনৰ হেঁপাহত। এন্ধাৰৰ সিটো পাৰত দেখ নেদেখ পোহৰৰ দুৱাৰ এখন খোল খায়! চকামকাকৈ দেখো_ সিপাৰৰ অৰণ্যত এজোপা ওখ গছ…তাৰো ওপৰত ডাৱৰৰ ছাঁ! 

 

জীৱনৰপৰা কি বিচাৰো সেয়া আজিও নুবুজিলো! কথাবোৰো অসংলগ্ন… বিশৃংখল! সেয়ে হয়তো কোনো আভিযোগো নাই জীৱনৰ প্রতি! বিচৰাৰ ভিতৰত ইয়াকে বিচাৰো_ মোৰ বাবে যেন কোনো দুখী নহয়। যিমানলৈ পাৰো আপোন মানুহখিনিক যেন তেওঁলোকে বিচৰাখিনি দিব পাৰো। কিন্তু এইটোও ঠিক; সেইখিনি কৰিবলৈ যাওঁতে মই মোৰ স’তে সিমানখিনিলৈহে আপোচ কৰিম, যিমানলৈকে মোৰ আত্মাই নাকান্দে! কাৰণ মই নিজকো ভালপাওঁ! …আৰু বাকী ৰৈ যোৱা জীৱনটো যদি মানুহৰ ভালৰ বাবে কিবা কামত আহে সেয়া কৰিবলৈ কুণ্ঠাবোধ নকৰো।

জীৱনলৈ এতিয়া প্ৰেম আছে, মোহ নাই! গ্ৰহণ-বৰ্জনৰ শেষত যি ৰৈ গৈছে সেয়াই সত্য! নিজৰপৰা নিজক নিলগাই থোৱাৰ দৰে উভতিও আহিব পাৰো নিজলৈ! আশ্বৰ্য আৰু সম্ভাৱনাৰ শেষ নথকা পৃথিৱীত নিজৰ ছাইৰ পৰা পুনৰবাৰ জী উঠো... জীৱনলৈ! “There is an infinite number of universes. Somewhere in the vastness of infinite infinities there is an infinite number of you. You are immortal.” এৰা, শেষ বুলি আচলতে একোৱেই নাই! ক’ৰবাত মই শেষ মানে আন ক’ৰবাত মোৰ আৰম্ভণি! 


উপলব্ধিৰ শেষতঃ

জীৱনক ভাল পাবলৈ জীৱন এটা জীয়াবলৈ পোৱাটোৱেই জানো যথেষ্ট নহয়! জীয়াবলৈ পোৱা জীৱনটোক ধুনীয়া কৰি ৰখাটো আমাৰ নিজৰ নিজৰ ওপৰত নির্ভৰশীল। খুউব বেছি জটিল কামো নহয়, জীৱনক ভাল পোৱাটো! সহজ আৰু সৰু সৰু কথাবোৰতে হাঁহিবোৰ বিচাৰিব জানিলে জীৱনটোও সহজ! আবেলিৰ হেৰাই যাব খোজা সুমথিৰা বেলিটো মোৰ প্রিয়, এই কাৰণে নহয় যে ৰাতি হ’লেই মই মোৰ প্রিয় জোনাকৰ স’তে ওমলিবলৈ পাম; মোৰ প্রিয় এন্ধাৰৰ স’তে কথা পাতিবলৈ পাম! হেৰাই যোৱা বেলিটো মানেই ৰাতি! সেয়েহে ই মোৰ প্রিয়! ৰাতিৰ বুকুত সোমাই থাকে প্রতিশ্রুতি আৰু সম্ভাৱনাৰ পুৱা এটা… য’ত আশাৰ বাটেৰে আহিবলৈ ৰৈ থাকে আৰম্ভণি একোটা… নতুন দিনৰ…! 

“দিনৰ বেলিটো মোৰ জীৱন, আবেলিৰ হেঙুলীয়া বেলিৰ স’তে ৰাতিৰ জোনটো মোৰ ভালপোৱা!” … কেতিয়াবা পাতিম জোন-বেলিৰ কথাবোৰ! 

 

Post a Comment

0 Comments