এন্ধাৰ ধুনীয়া





"গভীৰতা হেনো দুখৰ হে থাকে। সুখৰ থাকে উচ্চতা!"
গৰ্ভত মোৰ, শিপাবোৰ লহপহাই বাঢ়ে!
মই এন্ধাৰেৰে সাঁতুৰি গৈ থাকো, শিপাৰপৰা শিপালৈ!

মোৰ বুলি ভাবিবলৈ এই অকন এন্ধাৰ মাথোঁ খিৰিকী খুলিলেই পোৱা,
মোৰ বুলি মূৰ তুলি চাবলৈ এই এখিৰিকী আকাশ মাথোঁ
বিচাৰিলেই পোৱা!

কিন্তু……… হেৰাই যায় সকলো!
পোহৰে চিৰাচিৰ কৰে এন্ধাৰৰ বুকু,
সভ্যতাৰ ওখ দালানে ঢাকে আকাশ!
আকাশ হেৰুৱাই
গছবোৰে কান্দে…
লগ হেৰুৱা জোনাকী এটি অকলে অকলে উৰি ফুৰে…
খিৰিকীখন জপাই থওঁ
বুকু বিন্ধি যোৱাকৈ জিলিবোৰে কান্দে,
কোনে জানে, মোৰ বুকুৱে কি হেৰুৱাই কান্দে!
কৰুণ… অথচ মধুৰ, যেন ভায়'লিনৰ সুৰ
যেন বাঁহীৰ সেই প্রাচীন সুৰ…
ৰৈ ৰৈ বুকুতে বাজে… বুকুতে বাজে!

ৰাতিৰ বুকুত বনৰীয়া ফুলবোৰে দলিচা পাৰে
চিনাকী সুবাসে আহি সোঁৱৰাই
এন্ধাৰত যাৰ অহা-যোৱা, সেয়া যেন মোৰেই ছাঁ
ৰাতিৰ সুবাস বুকুত সনা…
ৰাতি ৰাতি যেন গোন্ধোৱা!
এন্ধাৰে ক’লে
মোৰপৰা মোলৈ সেই সোণালী সাঁকো
অতীতে বন্ধোৱা!

যিদৰে সাগৰে নকয় সি গভীৰ কিমান
নৈয়ে নিদিয়ে বুকুত লৈ ফুৰা অৰণ্যৰ ভালপোৱাৰ উমান
শিলে নকয় নৈয়ে বোৱাই নিয়া বিষাদৰ ভৰ কিমান
পাহাৰে নকয় খহি খহি উদং হোৱা বুকুৰ ব্যথা কিমান
এন্ধাৰেও নকয়,
মাথোঁ শুনে
যিদৰে নৈয়ে খুন্দিয়াই যোৱা শিলৰ বুকুৱে সহে
যিদৰে ঢৌবোৰে সাগৰৰ বুকুত খেলে
যিদৰে পাহাৰে নীৰৱে উচুপে!

এন্ধাৰ সাগৰ…
এন্ধাৰ শিল…

এন্ধাৰে উমনি দিয়ে
সপোন আৰু সম্ভাৱনা
কণী ফুটি পোৱালি জগে… কণ কণ… পাখি গজে!
বতাহৰ নুপূৰ পিন্ধা ৰাতিয়ে আওঁৰাই এন্ধাৰৰ কবিতা… …গুণগুণ!
এন্ধাৰৰ সাউতাত তিতে বিষাদ
মনৰ খোজবোৰ উভতি দৌৰে
উকমুকাই উঠে কিছু বেজাৰ, হেৰুৱাৰ…
আৰু কিছু সোঁৱৰণ, ভালপোৱাৰ…

নাড়ী খামুচি সাঁতুৰি থকা এটি এটি উশাহ
এন্ধাৰত জীয়ন দিয়া জীৱন…
এন্ধাৰৰ বুকুতেই গজে সকলো বীজ
ফুলে সকলো ফুল
অন্ধ পোহৰে নেদেখে
সৃষ্টিৰ পহৰীয়া কোন!

এন্ধাৰৰ বাবেই জ্বলে জোন, জ্বলে জোনাকী
এন্ধাৰৰ বাবেই ফুলে তৰাফুল, গলে জোনাক
এন্ধাৰে কিন্তু কোনোদিন নক'লে
জোনে কাৰ কান্ধত মূৰ থৈ কান্দে
এন্ধাৰে মাথোঁ পোহৰকেই ধুনীয়া বুলি ক’লে!

(পাহাৰৰ বুকুতে আঁউজি থকা বেলিটোও সিদিনা হঠাতে নদীখনত ডুবি মৰিল! কঁপি থকা ৰাতিটো এন্ধাৰক সাৱটি বহি আছিল জোনাক প্লাৱিত বিশ্বাসৰ কোলাত, বেলিটো ঘূৰি অহাৰ কথা! নদীৰ ৰূপালী বুকুত ৰৈ কোনোৱে গুণগুণাইছিল নিচুকনি গীতৰ কলি। কোনে?
যি কথা কোনেও নাজানিলে। নদীয়েও! এতিয়া এন্ধাৰে একো নিবিচাৰে, একো নেহেৰুৱায়!)

এন্ধাৰত জীপাল হোৱা এই জীৱন
এন্ধাৰ মোৰ প্ৰশান্তিৰ উমাল আঁচল!
এন্ধাৰে মোক শুনে
বুজে…
মৰি মৰি এই জীৱন এন্ধাৰতে জী উঠে,
পুৱতিৰ ভোটাতৰা হৈ
সম্ভাৱনাৰ সূৰ্য হৈ!

জীৱনে ক’লে এন্ধাৰ ধুনীয়া
এন্ধাৰে ক’লে জীৱন ধুনীয়া!
আৰু জীৱনৰ হাতত ধৰি ফুলে ভৰা বাটেৰে মই গৈ থাকোঁ... গৈ থাকোঁ…
এন্ধাৰে পোহৰোৱা সেই বাট!

দোষৰপৰা দুখলৈ
সুখৰপৰা শোকলৈ
‘অস্থি’ৰপৰা স্থিতিলৈ
শূন্যৰপৰা সম্ভাৱনালৈ…
এন্ধাৰ সত্য
এন্ধাৰ শান্ত
এন্ধাৰ দৃষ্টি
এন্ধাৰ সৃষ্টি।

এন্ধাৰ ধুনীয়া… এন্ধাৰৰ দৰেই!



@২০১৯ (এন্ধাৰ ভালপোৱা পহু পোৱালিটোলৈ... যি এন্ধাৰক ধুনীয়া দেখে!)

Post a Comment

0 Comments