জুক’ ভেলী



“The mountains are calling, and I must go.__ John Muir

হেঁপাহ আছিল লিলি ফুলবোৰ চোৱাৰ । সেই হেঁপাহ মনত লৈয়েই জুন মাহৰ দ্বিতীয় সপ্তাহ, ১০ তাৰিখটো ঠিক কৰা হৈছিল । পিছে টকা-পইচাৰ অংক নিমিলাৰ বাবে সেয়া পিছৰটো সপ্তাহলৈ ঠেলি দিয়া হ’ল । কোনো কথা নাই, লিলি ফুলবোৰ জুলাই মাহৰ প্রথম সপ্তাহলৈকে থাকে !

১৭ জুন ২০২২ । মুখ ফুটাই নক’লেও সকলোৰে মনত চিন্তা- সেইকেইটা দিনত বৰষুণ নেৰানেপেৰা, সকলোফালে বানপানী, লেণ্ড শ্লাইডো হৈছে, ট্রেইনো বাতিল কৰা হৈছে... আমাৰ বা কি হয় ! মনৰ চিন্তা মনতে লৈ আমি দূৰত থকা কেইটা আবেলি ৪ বাজি ৩০ মিনিটত অফিচৰপৰা ওলাই আহিলো । বাকী আটাইয়ে ‘হেপ্পি জার্নি’ বুলি বিদায় দিলে ! বাকীকেইটা অফিচৰ ওচৰতে থকাৰ বাবে বিশেষ লৰালৰি নাই ।

বাণীপুৰ ৰে’ল ষ্টেচন, ডিব্রুগড় । ট্রেইন- কামৰূপ এক্সপ্রেছ, প্লেটফর্মত ৰৈ আছে । ষ্টেচন এৰাৰ সময় ৬ বাজি ৪০ মিনিট । আমি যাবলগীয়া মানুহ ৭ টা । চাৰিওফালৰপৰা আহি আটাইকেইটা ষ্টেচনত লগ হ’লোঁ । বৰষুণ এৰাৰ নাম লোৱা নাই । ৬ বাজি ৩০ মিনিট । টিকটৰ মতে নিজৰ চিট নম্বৰ বিচাৰি লৈ আটাইকেইটা বহিলোঁ । সৌৰভে ফ্লাক্সৰপৰা ফিকা চাহ উলিয়াই দিলে, আটাইয়ে খালোঁ । ছটিশে চেলফি ল’লে, কৰুনাই ষ্টেটাছ লগালে ‘ৱে তু জুক’ ভেলী’ বুলি ! মই ডেইৰী মিল্ক এটা উলিয়াই ভগাই খালোঁ । All happy faces !

সিমানতে ৰে’লৱে পুলিচ দুজনমান আহিল । সুধিলে- কাঁহা যা ৰহে হৌ আপলোগ ?

কোনে কোনে জানো ক’লে- ডিমাপুৰ ।

: ট্রেইন ডিমাপুৰ নহী জায়েগী ! জল্দিসে কাউণ্টাৰ মে পুছকে আও ।

সিফালে ট্রেইন এই চলেই ! আটাইকেইটা খৰধৰকৈ নামি আহিলোঁ । কাউণ্টাৰত ইহঁতকেইটাই সুধিলত ক’লে যে ট্রেইন ডিমাপুৰ হৈ নাযায় আজি, তিনিচুকীয়ালৈ গৈ পুনৰ ডিব্রুগড় আহি, লক্ষীমপুৰ হৈ হাওৰালৈ যাব ।

আমাৰ অৱস্থাটো তেতিয়া “ইয়াতকৈ বেদনা লাগে নে ঐ জানমনি”ৰ দৰে ! ডিমাপুৰলৈ যোৱাৰ বিকল্প ব্যৱস্থাৰ (বাছ/ফ্লাইট) কথা ভবা হৈছিল যদিও পৰিস্থিতি চাই সেয়া বাতিল কৰা হ’ল । অলপ সময় ষ্টেচনতে ইফাল-সিফাল কৰি থাকিলোঁ আটাইয়ে । ট্রেইন গুচি গ’ল । গ্রুপৰ সকলোতকৈ পোৱালি সদস্য ‘ভিন্সি’ক দেউতাকে লৈ গ’লহি । বাকী, আমি কেইটাই বাণীপুৰতে ক’ফি একাপকৈ খাই ঘৰৰ মানুহ ঘৰলৈ বুলি উভতি আহিলোঁ । কৰুনাই ৰে’লৱে ট্রেকত খোজকাঢ়ি ছাতি ঘূৰাই ঘূৰাই ‘মুন্নাভাই এম বি বি এছ’ৰ ডায়েল’গ গালে- “য়ে চফৰ তৌ চুৰু হোতে হি খতম হো গয়া !” আমাৰো অৱস্থাটো সেয়াই আছিল আৰু ! সকলোতকৈ দুখী মানুহটো আছিল- কংকন । টিকট কৰা, আই এল পি বনোৱা, লৈ যাবলৈ খোৱা বস্তু যোগাৰ কৰা, হোটেল ঠিক কৰা, গাইড ঠিক কৰা… সকলোবোৰ সিয়েই কৰিছিল । ...আৰু ফুৰিবলৈ যাম বুলি সকলোতকৈ বেছি বজাৰ কৰা মানুহটো আছিল সৌৰভ । ...বেজাৰত সকলোৱে কৰুনাৰ ৰূমত গৈ কুকুৰা মাংস ৰান্ধি, খাই-বৈ ফূর্তি কৰিলে ৰাতিটো । মই অকলশৰীয়া বান্দৰ হৈ ৰূমত আহি শুই থাকিলোঁ ।

___ ০ ___

অত’দিনৰ প্লেন-প্রগে’ম বৰবাদ । কিন্তু যোৱাত তো যামেই । এইবাৰ কোনো প্লেনিং নকৰা, কাকো একো নজনোৱাটো ঠিক কৰা হ’ল । বেছিকৈ গাই-বাই ফুৰিলে মূৰকত কামটো হৈ নুঠে ! যেতিয়াই বতৰ ঠিক হ’ব আটাইকেইটা পটকৈ ওলাম আৰু গুচি যাম । তেতিয়ালৈকে মোৰ পেকিং কৰা বেগ খোলা হোৱা নাই !

৮ জুলাই । তিনিটা মানুহ কমিল । চাৰিটা ওলালো যাবলৈ । একেই ট্রেইন, একেই সময় । শ্লিপাৰ ক্লাছত টিকট নথকাৰ বাবে এইবাৰ এ চি থ্রি টায়াৰৰ টিকট কৰা হ’ল । চুপচাপ ওলাই গৈ ট্রেইনত বহিলোঁ । কৰুনাই ক’লে এইবাৰ ঘূৰি আহিহে ষ্টেটাছ দিব । এইবাৰ যেনিবা ট্রেইন চলিল । আটাইকেইটাই নিজৰ নিজৰ ঘৰত খবৰ দি আৰম্ভ কৰিলোঁ যাত্রা- ডিমাপুৰলৈ । যেতিয়াও পাহাৰে মাতে, ভৰিৰ বিষটোৱে মোক সুধে ‘পাৰিবি জানো?’ মনটোৱে টপৰাই কয় ‘পাৰিব পাৰিব’ ! ...আৰু গুচি যাওঁ, ভৰিৰ আহুকলীয়া বিষটো কিন্তু পাহাৰ বগাই ফুৰোঁতে নুঠে ।

এইবাৰ বিশেষ কথা-বতৰা নাই । আগৰবাৰৰ দৰে স্ফূর্তি নাই । ইটো-সিটো কিবাকিবি দুই-এটা পাতি গৈছোঁ । চাহ খালোঁ । তিনিচুকীয়াত পৰিয়াল এটা উঠিল, লগত মৰমলগা কণমানি দুজনী । ছোৱালী দুজনীৰ লগত অসুবিধা হয় বুলি তিনিচুকীয়াত উঠা পৰিয়ালটোৱে মোৰ ওপৰৰ বাথৰ চিটটো কল্যানৰ লগত সলনি কৰি ল’লে । ৯ মান বজাত ভাত খালোঁ চাৰিওটাই । তেওঁলোকেও ঘৰৰপৰা লৈ অহা কিবাকিবি খালে । খাই-বৈ সকলো শুবলৈ বুলি ল’লে । টোপনি আহোঁ আহোঁ কৰিছিল হে, ভূমিকম্পত কঁপা দি মোৰ চিটটোৰ কপনি উঠিল ! হে ভগৱান, ওপৰৰ বাথত বান্দৰৰ দৰে থপিওৱা থপি লাগিছে দুই মুনিহ-তিৰী । কাজিয়াখন কিহৰপৰা লাগিল গম নাপালো । তলৰ চিটত শুই থকা কৰুনাই মজা লৈছে যুদ্ধৰ । মোক ক’লে, বা মই বিয়া নাপাতো বুজিছে । হাঃ হাঃ ... ! হাঁহিও উঠিছে; খঙো উঠিছে টোপনি ভঙাৰ বাবে । মানুহজনে যিমান পাৰে চেঁপা মাতেৰে বেংগলীতে কৈছে- মানুহ আছে দেখা নাই, কিয় অভদ্রৰ দৰে আচৰণ কৰিছ’ ! হয়ো হয়, যি হ’লেও তিৰীটোৱে সেয়া বুজিব লাগে । বেচেৰাৰ ঘৰত চাগৈ কি অৱস্থা হয় ঐ ! সিফালে মানুহগৰাকীয়ে কান্দি কান্দিয়েই পাৰে মানে কিবা ব’ডি-স্প্রে এটা মাৰি শুবলৈ ল’লে আৰু গোন্ধত মোৰ মূৰৰ বিষ উঠিল ।

১:৩০ মান বজাত কল্যানৰ মোবাইলত এলার্ম বাজিল । কৰুনাই সবকে জগাই দিলে । ৰাতি ২ বজাত ডিমাপুৰ ষ্টেচন পালোঁ । ৰাতি পাহাৰীয়া ৰাস্তাত গাড়ীত যোৱাটো ঠিক নহ’ব বুলি পোহৰ হোৱালৈ বাট চাই ষ্টেচনতে থকা জিৰণি ৰূম এটাত সোমালোঁ । এ চি আছে, প্রতি ঘণ্টাত গাইপতি ১০ টকা দিব লাগে । তাতে কিছুমান মানুহ শুয়ো থাকে, পকাতে কাপোৰ-কানি কিবা এটা পাৰি লৈ । ফার্ষ্ট ফ্ল’ৰত ড’ৰমেটৰী ৰুমো আছে, থাকিব পাৰি । অলপ অলপ পোহৰ হোৱাত, পুৱা ৪ বজাত আমি টেক্সী এখন ঠিক কৰিলোঁ ক’হিমা যাবলৈ । ভাড়া গাইপতি ৩৫০ টকা । ৰাস্তা মাজে মাজে বেয়া । লেণ্ড শ্লাইড হৈছিল ঠায়ে ঠায়ে । ফ’ৰলেন ৰাস্তাৰ কাম চলি আছে । যি হ’লেও পাহাৰৰ একা-বেঁকা ৰাস্তা, দূৰৈৰ সেউজীয়া পাহাৰ, পাহাৰৰ ওপৰত জিলিকি থকা ঘৰবোৰ, ওপঙি থকা ডাৱৰবোৰ... মোৰ বাবে সদায় ভাল লগা... ধুনীয়া ।

কোৱামতে, শুনামতে ক’হিমাত ৰাতিপুৱা ৭ বজাৰ আগত হোটেল নোখোলে । আমি সোনকালে গৈ পালোঁ, প্রায় ৬ মান বজাত । ইচ্ছা কৰিলে এই একেদিনাই জুক’লৈ ট্রেকিং কৰিব পাৰি । আমি যিহেতু খনমা গাঁওলৈ যাম গতিকে ‘পাইন হোটেল’ত থকাৰ কথা । পিছে হোটেলত তলা ওলমি আছে তেতিয়াও, ফোনো ৰিচিভ কৰা নাই । কংকন আৰু কৰুনাই অন্য হোটেল বিচাৰি গ’ল । কল্যান আৰু মই ওচৰতে ইফাল-সিফাল অলপ খোজকাঢ়ি চাহ খালোঁ । লায়েকৰ হোটেল বিচাৰি নাপালে তাহাঁতি । অলপ সময়ৰ পিছত যেনিবা পাইন হোটেল খোল খালে । ‘অকিং’ হস্পিটেলৰ সমুখতে হোটেলখন । প্রায় ৬:৪৫ মান বজাত তাতে দুটা ৰূম লোৱা হ’ল সেইদিনাৰ বাবে । ডাব’ল ৰূম- ১৮০০ টকা, ছিংগল ৰূম- ১৫০০ টকা ।

আটাইকেইটা ফ্রেচ্ হৈ ওলাই আহিলোঁ । চাহ-ৰুটি খাই ওচৰতে থকা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সৈন্যৰ বিৰুদ্ধে যুঁজি শ্বহীদ হোৱা সৈনিকসকলৰ স্মৃতিত সজোৱা, গেৰীচন পাহাৰৰ গৰাত থকা ‘ক’হিমা ৱাৰ চিমেটেৰী’ চাবলৈ গ’লোঁ । খুউব পৰিপাটীকৈ ৰাখিছে । নীৰৱতাই বিৰাজ কৰি থাকে । ফুল গছবোৰ ধুনীয়াকৈ কৰা হৈছে । এন্ট্রি ফিজ্ বুলি একো কথা নাই । মাত্র ৱালবোৰৰ ওপৰত উঠা মানা কৰা আছে । বাকী যিয়েই নহওক, এনেকুৱা ঠাইবোৰলৈ গ’লে কাৰ কি অনুভৱ হয় নাজানো; কিন্তু মই ভাবো... সঁচাকৈ আমি কিমান শান্তিত আছো, ইচ্ছামতে ইফালে-সিফালে ঘূৰিছো-ফুৰিছো, অলপতে হাজাৰটা আপত্তি কৰিছো... সেই যুদ্ধৰ দিনবোৰ কেনে আছিল আমি ভাবিবও নোৱাৰো... ঠিক, চিমেটেৰীত লিখি থোৱা এই কথাটো আমি সদায়ে মনত ৰখা উচিত, কোৱা উচিত- When you go home, tell them of us and say, for your tomorrow, we gave our today.”



      

 ৱাৰ চিমেটেৰী @ক'হিমা


আমি ‘খনমা গাঁও’লৈ যোৱাৰ কথা । গাইডজন আহি পোৱাত পলম কৰাৰ বাবে সময় কটাবলৈকে ওচৰতে থকা ‘ক’হিমা আও বেপ্টিছ চার্চ’টোত গৈ অলপ সময় বহিলোঁ । ক’হিমাৰ আও নগা সকলৰ বাবে এইটোৱেই মূখ্য চার্চ । ধর্ম বিষয়ক কথাবোৰৰ প্রতি মোৰ কোনোদিনে আগ্রহ নাই, বিৰোধ-অভিযোগ কথাবোৰো আজিকালি অনর্থক যেন লাগে । কিন্তু বৌদ্ধ আৰু খ্রীষ্টান ধর্মৰ শৃংখলা আৰু নীৰৱতাই মোক সদায় আকর্ষিত কৰে । নাগালেণ্ডৰ ৰাজধানী চহৰ ক’হিমাৰ প্রায় ৮০ শতাংশ মানুহেই খ্রীষ্টানধর্মী । দেওবাৰ দিনটোত সকলো চার্চলৈ যায় । পাহাৰীয়া ঠাইখনত ‘Kewhi’ ফুল ফুলিছিল বাবে তাৰ স্থানীয় আংগামী লোকসকলে ইয়াক Kewhi-ra’ বুলিছিল । বৃটিছসকলে শব্দটো উচ্চাৰণ কৰিব নোৱাৰি হেনো “ক’হিমা” নামটো দিয়ে ।

আচৰিত লাগে ভাবি পৃথিৱীখনত কিমান কাহিনী যে লুকাই আছে ! সকলো ঠাইৰে সৰু-বৰ প্রতিটো বস্তুৰে নিজা নিজা একোটা কাহিনী থাকে ! প্রতিটো বস্তুৰে নিজা নিজা এক ইতিহাস থাকে ! এইবোৰ কথা ভাবিলে নিজৰ কিছুমান কথালৈ, নিজৰ ধূলিকণাসম অস্তিত্বলৈ, আমাৰ দৰে সাধাৰণ মানুহৰ চিন্তাধাৰা-ওজৰ-আপত্তিবোৰলৈ মোৰ পুতৌ জন্মে ! কি কৰিছো আমি !

ইফালে-সিফালে খোজকাঢ়ি ফুৰোঁতে মহিলা ট্রেফিক পুলিচ কেইগৰাকী দেখি কিবা এটা খুউব ভাল লাগিল মোৰ ! স্বাস্থ্যৱান । স্মার্ট । বগা চার্ট, নীলা পেন্ট, নীলা টুপী, হাতত বগা গ্ল’ভচ্ । দেখিয়েই ভাল লাগি যায় । একে সময়তে আমাৰ খাকী পোচাকৰ দুজনমান পেটুৱা পেটুৱা ট্রেফিক পুলিচ বিষয়ালৈ (দুজনমান হে দেই, দায়-দোষ নধৰে যেন 😃) মনত পৰি মনটো বেয়া লাগিল নে হাঁহি উঠিছিল ক’ব নোৱাৰিছোঁ !


যি কি নহওক, ১০:৩০ বজাত গাইড জনে টেক্সী এখন লৈ আমাক লগ ধৰিলেহি । খনমা গাঁওলৈ প্রায় এক ঘণ্টাৰ বাট । এণ্ট্রি ফিজ্ গাইপতি ৫০ টকা । যদি গাইড ঠিক কৰা নাথাকে তেন্তে ৫০০ টকাৰ গাইড চার্জ লয় । ‘খনমা গাঁও’খন এছিয়াৰ ভিতৰতে প্রথম ‘সেউজীয়া গাঁও’ হিচাপে স্বীকৃত যি সম্ভৱতঃ নাগালেণ্ডৰ সকলোতকৈ পুৰণি গাঁও । ই ক’হিমাৰপৰা ২০ কিল’মিটাৰ দক্ষিণত, ইণ্ডো-ম্যানমাৰ সীমাত অৱস্থিত । ইয়াৰ লোকসকল ঘাইকৈ আংগামী জনগোষ্ঠীৰ  গাঁওখনৰ নাম কোনোবা গছৰ নামৰপৰা অহা । গাঁওখনৰ নিজা এক ইতিহাস আছে । পূর্বতে ইয়াৰ লোকসকল প্রধানকৈ চিকাৰীজীৱী আছিল । চিকাৰেই আছিল তেওঁলোকৰ প্রধান জীৱিকা । অন্য কিছু লোকে চিকাৰক তেওঁলোকৰ সংস্কৃতিৰে এক পৱিত্র প্রথা হিচাপে মানি চলিছিল । কোৱা হয় যে ১৯৯০ ৰ সময়ছোৱাতে চিকাৰ কৰা প্রতিযোগিতাৰ খাতিৰতে এটা মাত্র সপ্তাহতে প্রায় ৩০০ Blyth’s tragopan চৰাই মাৰি পেলোৱা হৈছিল যি প্রকৃতিৰ প্রতি ভাবুকিস্বৰূপ বুলি কিছু লোকে তেতিয়াই উপলব্ধি কৰিছিল । লুপ্তপ্রায় এই Blyth’s tragopan নাগালেণ্ডৰ ৰাজ্যিক পক্ষী । পিছলৈ বন্যপ্রাণী সংৰক্ষণৰ বাবে কৰা কোনো কোনো প্রকৃতিপ্রেমীৰ চেষ্টাত ইয়াৰ চিকাৰীজীৱী লোকসকলে সেয়া এৰি এতিয়া পাহাৰৰ এঢলীয়া সমতল ঠাইত খেতি-বাতি কৰে । 

 




গাঁওখনত পকীঘৰৰ লগতে টিপিকেল নগা ঘৰ কিছুমান এতিয়াও আছে । এটা চার্চ আছে । প্রতিটো ঘৰৰ সমুখতে আন একো নাথাকিলেও ফুলৰ গছ থাকেই থাকে, যিটো খুউব ধুনীয়া কথা এটা । পাহাৰৰ বুকুত নিজে নিজে অনেক বনৰীয়া ফুল ফুলেই । লগতে টাবটো ফুলগছ লগাই ৰাখিছে তেওঁলোকে । গাঁওখন চাফ-চিকুন কৰি ৰখা, ফুলগছ ৰোৱা ইত্যাদি কামবোৰ হেনো খনমা ষ্টুডেণ্ট ইউনিয়নে কৰে । সেয়া সঁছাকৈ শলাগিবলগীয়া ।

     
                                                           খনমা চার্চ  

    

খনমা গাঁৱৰ পথাৰ


এতিয়াও গাঁৱৰ বহুকেইজন চিকাৰীৰ (তেতিয়াৰ) ঘৰত তেওঁলোকে চিকাৰ কৰা জীৱ-জন্তুৰ মূৰ, শিং, ছাল ইত্যাদি সংৰক্ষণ কৰি ৰাখিছে । যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা বিভিন্ন অস্ত্র কিছুমানো আছে । হাতীৰ ছালেৰে বনোৱা ঢালখন আমাৰ ল’ৰাকেইটাই কোনোমতেহে দাঙিব পাৰিছিল ! তেওঁলোকে সেইখন প্রতিৰক্ষা হিচাপে ব্যৱহাৰ কৰি যুদ্ধও কৰিছিল । ঘৰৰ সমুখত প্রায় ২০ কেজি ওজনৰ বন্দুক এটা এতিয়াও চিকাৰীৰ সম্ভ্রম হিচাপে বেৰত ওলোমাই থোৱা আছে ।


খনমাৰ এটি কণমানি ধুনীয়া ঘৰ 

(গৰাকীক নোকোৱাকৈয়ে আমি ফটো উঠালোঁ । গাইডজনেহে নিজৰ ভাষাত কিবা এটা চিঞৰি কৈছিল ।)


ইতিহাসৰ অনেক কথা সিঁচৰিত হৈ আছে গাঁওখনত, যিবোৰ মুখে মুখে প্রচলিত হৈ আহিছে । ব্রিটিছৰ বিৰুদ্ধে নগাসকলৰ দীঘলীয়া যুদ্ধ হৈছিল । সকলো নগাই হেনো সেই যুদ্ধ কৰা নাছিল । এই আংগামীসকলেহে কৰিছিল । ফ’র্ট কিছুমানো আছে ব্রিটিছৰ দিনৰে । গাঁওখনৰ মাজত থকা ওখ ফ’র্টটোৰ ওপৰত উঠি হেনো যুদ্ধৰ সময়ত দূৰৈত থকাসকলৰ লগত চিঞৰি বার্তা বিনিময় কৰিছিল । ভিতৰত শিশু-মহিলা, যুদ্ধৰ সঁজুলি ইত্যাদিবোৰ ৰাখিছিল । ফ’র্টবোৰৰ এতিয়া মেৰামতি কৰা হৈছে যদিও আগতে কিন্তু সকলোবোৰ শিল জাপি জাপি হে বনোৱা হৈছিল, চিমেণ্ট ব্যৱহাৰ কৰা হোৱা নাছিল । দূৰৈৰ ওখ পাহাৰৰ টিং এটালৈ আঙুলিয়াই গাইড জনে কৈছিল যে ব্রিটিছে আক্রমণ কৰাৰ সময়ত গাঁৱত মানুহৰ সংখ্যা কম আছিল । মানুহবোৰ গৈ তাত আছিল । সেই ঠাইতে বাঁহ কিছুমান গোটাই সেইবোৰ জ্বলাই দিছিল, বাঁহ ফুটাৰ ডাঙৰ ডাঙৰ শব্দবোৰ শুনি শত্রুসৈন্যই সেয়া বাৰুদৰ শব্দ বুলি ভাবি হেনো পিছুৱাই গৈছিল । শত্রুসৈন্যৰ সৈতে যুদ্ধ কৰি বোলে যিজনে মূৰটো হেনো কাটি লৈ আনিছিল, গাঁৱত তেনেজন বীৰৰ অন্য এক সন্মান আছিল । 


গাঁওখনত থকা অন্য এক ঘৰ হ’ল মৰং । ক’ব পাৰি এক ৰকমৰ স্কুল, য’ত শিশুসকলক নীতিশিক্ষা দিয়া হয় । আগফালে আমাৰ জুহালৰ দৰে এক মুকলি ঠাই আছে । চাৰিওফালে কাঠৰ পীৰাৰ দৰে কৰি বনোৱা আছে । মাজত জুই ধৰা হয় আৰু চাৰিওফালে জ্যেষ্ঠসকলে বহি (সৰু ল’ৰা-ছোৱালীবোৰকহে, ডাঙৰখিনি নহয়) তেওঁলোকৰ মুখে মুখে চলি অহা বিভিন্ন কাহিনী, চিকাৰৰ কথা, প্রথা, যুদ্ধৰ কথা ইত্যাদিৰ ভাগ-বতৰা কৰে আৰু শিশু বিলাকক শিকায় নিজৰ কৃষ্টি-সংস্কৃতিৰ কথা, আচাৰ-ব্যৱহাৰৰ কথা... পাঠ দিয়ে নীতিশিক্ষাৰ । কাঠৰ পীৰাৰ দৰে বেঞ্চৰ মাজৰ ঠাইখিনিত কিন্তু জ্যেষ্ঠসকল হে বহে । কোনোবা সৰু বহি থাকিলেও জ্যেষ্ঠ কোনোবাজন আহিলে সেই ঠাই এৰি দি চুকত বহেগৈ । ভিতৰত এজোপা গছৰপৰাই বনোৱা কাঠৰ বিছনা আছে । তাতে ১০-১৫ টা শিশু একেলগে শুব পাৰে । আটাইকে পুৱা সোনকালে উঠিবলৈ কোৱা হয়, যিয়ে আগতে উঠিব সিয়ে বিছনা চাদৰ জোকাৰি বাকীবোৰকো উঠাই দিয়ে । আচলতে সৰুতেই শিশুসকলক সেইবোৰ শিক্ষা দিয়া হয় যিবোৰ কিতাপত লিখা নাথাকে ! আহাৰ খাবৰ বাবে সৰু সুৰা নাও এখনৰ সমান কাঠেৰে বনোৱা পাত্র আছে, সেই অনুপাতে একে আকাৰৰ চামুচো আছে । ‘মৰঙ’ৰ চোৱা-চিতা কৰা মানুহজন ভিতৰৰ কোঠাত থাকে ।





মৰং 

ইয়াৰোপৰি গাঁওৰ মাজতে এডোখৰ মুকলি ঘূৰণীয়া ঠাই আছে য’ত সকলোৱে বহি মেল মিটিং, আলোচনা কৰে । এতিয়া পিছে তাত বিশেষ সময়ত সকলো মিলি গান-বাজানা, খেল-ধেমালি কৰি স্ফূর্তিও কৰে । আৰু একৰকমৰ ঘৰ আছে যাক ফেহ্যু (শব্দটো শুদ্ধ হোৱা নাই) বোলা হয় । ইয়াক আক’ সকলোৱে বনাব নোৱাৰে । যিজনৰ অলপ সামাজিক স্থান ওপৰত আৰু যি গাঁওখনৰ বাবে টকা-পইচা ইত্যাদি দি মানুহখিনিৰ বাবে কাম কৰে তেওঁহে সেয়া বনাব পাৰে । আৰু তেনেজনে গোটেই গাওঁখনকে ভোজ-ভাত খোৱাবও লাগে । তেনেকুৱা একোটা খানাৰ পর্ব হেনো সপ্তাহ-দহ দিনলৈকে চলে ।

                           


গাঁওখনলৈ সোমোৱা প্রথম গেটখনতেই আছে সাধুকথাৰ দৰে অনেক কথা । গাইড জনে কোৱা মতে কোনো শত্রুৱে যদি আক্রমণ কৰে, তেতিয়ালৈকে সেয়া বিজয় বুলি ঘোষণা নহয় যেতিয়ালৈকে সেই গেটখন শত্রুৱে দখল কৰিব নোৱাৰে । গেটখন দখল কৰা মানে গোটেই গাঁওখন সেইজনৰ দখললৈ অহা । মুঠতে সাতখন তেনেকুৱা গেট আছে । আগৰ দিনত এই মূল গেটখনেৰে তিৰোতা মানুহ পাৰ হৈ যাবলৈ হ’লে মূৰত যদি কাপোৰ লোৱা থাকে তেন্তে খুলি ল’ব লাগে আৰু কিবা খাই থাকিলে গেটেৰে সোমাব নোৱাৰিছিল । আগৰ সময়ত পাহোৱাল টাইপৰ যুঁজাৰু এজনে পুৱা গেটখন খুলি দিয়ে, তাৰ মানে তো হ’ল বাহিৰলৈ যাব পৰাকৈ সকলো নিৰাপদ, গতিকে খেতিবাতি কৰিবলৈ মানুহবিলাক ওলাব পাৰে । গধূলি একেজনেই চিঞৰি জনাই দিয়ে যে গেট বন্ধ কৰিবৰ হ’ল । তেতিয়া সকলো সোমাই আহে । এবাৰ গেট বন্ধ কৰাৰ পিছত না কোনোবা সোমাব পাৰে না ওলাব পাৰে । নিজৰ পৰিয়ালৰে কোনোবা হ’লেও গে'ট বন্ধ কৰাৰ পিছত ভিতৰত সোমাব নোৱাৰে, লাগিলে খানা-পীনা বাহিৰলৈকে পঠাই দিয়ে; কিন্তু পুৱা গেট খোলাৰ পিছত হে সোমাব পাৰে ।


                                                   খনমাৰ প্রথমখন গে'ট

 

গাঁওৰ মানুহখিনিৰ মাজত বয়স অনুপাতে কামৰ ভাগ কৰা আছে । ষ্টুডেণ্টবিলাকে গাঁওখনৰ পৰিষ্কাৰ-পৰিচ্ছনতাত চকু ৰাখে, সপ্তাহত এদিনকৈ গাঁওখন চাফা কৰে, ফুলগছ বিলাক ৰুৱে; যুৱকসকলে ৰাস্তাত শিল পৰা ধৰণৰ অলপ গধুৰ কামবিলাক কৰে... ইত্যাদি । কোনোবাই যদি ভাবে যে সেয়া ঠাইখনৰ মানুহখিনিৰ বাবে উপার্জনৰ মাধ্যম, সেয়েহে কৰে । ওঁহো, কেৱল সেইটোৱেই কাৰণ হ’ব নোৱাৰে ।

               

                            গাইড আৰু খনমাৰ এজন শিক্ষকৰ সৈতে

 

এখন সৰু গাঁও অথচ অনেক কাহিনীৰে ভৰপূৰ । কিছুমান মনত থাকিল, কিছুমান পাহৰিলোঁ । সাধু কথাৰ দৰে সঁচা কাহিনীবোৰৰ জানো শেষ থাকে...! আৰু, এক-দুই ঘণ্টাত কিমান কাহিনীয়েই বা শুনিব পাৰি ! ভাবি থাকিলো যে আমি প্রথমতে আনৰখিনি ভাল দেখি তাক ল’বলৈ গৈ নিজৰখিনি এলাগী কৰি থওঁ, নিজৰখিনিক লৈ লাজ কৰোঁ । কিন্তু এওঁলোকে নিজৰখিনিক যতনেৰে ৰাখিছে, সকলোৱে মিলি; মূৰ তুলি গর্বেৰে কয় “এইয়াই আমি” বুলি । নিজৰ শিপা পাহৰি নাযায় তেওঁলোকে । সৰুকালতেই সেই শিক্ষা উঠি অহা শিশুহঁতকো সেয়ে দিছে ।

চিৰি বগাই, তল-ওপৰ খোজকাঢ়ি, ঘূৰণীয়াকৈ এপাক ঘূৰি গাঁও ফুৰা সামৰিলোঁ । ঘৰুৱা আহাৰ খাবৰ বাবে গাইডজনে আগতে খবৰ দি থোৱা, তেখেতৰ চিনাকী Asime Sakhire-ৰ ঘৰলৈ লৈ গ’ল । তেতিয়ালৈ পেটৰ কেঁচু-কুমটিকেইটাই মাত মাতিবলৈ লৈছিল আৰু । যেনে তেনে আৰু অলপ ওপৰলৈ পাহাৰ বগাই তাইৰ ঘৰ পালোগৈ । তৃপ্তিৰে দুপৰীয়াৰ আহাৰ খোৱা হ’ল, দাম ২৫০ টকা । নগা-জলকীয়া দিয়া ট্রেদিছ’নেল শুকান মাছৰ চাটনি বনাইছিল তাই । ভাত-দাইল-চালাড-পাপৰ-পিটিকা-কণী তৰকাৰী যি যিমান দিছিল ভোকত আটাইখিনি খাই শেষ কৰিলো আমি চাৰিওটাই । শেষত, কমপ্লিমেণ্ট হিচাপে, তাইৰ মাকে বনৰীয়া আপেলৰ ৰসেৰে ঘৰতে তৈয়াৰ কৰা পানীয় খাবলৈ দিলে আমাক । গোন্ধটো খুউব ধুনীয়া… মিঠা ফুর্ফুৰীয়া আছিল… । গোন্ধই যদি ইমান ধুনীয়া, খাবলৈ কেনে আছিল সেয়া নক’লেও হ’ব । তাইৰ ঘৰত ‘হোম-ষ্টে’ৰ ব্যৱস্থাও আছে । ৰূমকেইটা খুউব পৰিষ্কাৰ আৰু ধুনীয়া । কোনোবাই ইচ্ছা কৰিলে গৈ থাকিব পাৰে, যিহেতু থকাৰ অন্য ব্যৱস্থা তাত নাই । সকলোৱে পাহাৰৰ ওপৰৰপৰা বৈ অহা পানী ডাঙৰ ডাঙৰ পকী টেংকীত জমা কৰি ৰাখে । তেওঁলোকৰ পানীৰ যোগান তেনেকৈয়ে হয় ।

খনমাৰপৰা ২ বজাত উভতি আহি প্রায় ৩ বজাত ক’হিমা পালোঁহি । গাড়ীখন ২০০০ টকাত ঠিক কৰা হৈছিল, অহা-যোৱা আৰু এক ঘণ্টা ৰৈ থকাৰ সময় মিলায় । পিছে আমি প্রায় দুই ঘণ্টা মান থাকিলোঁ বাবে আৰু দুটকামান দিব লগা হ’ল । গাইডে ল’লে ১৫০০ টকা । হোটেললৈ আহি গা-পা ধুই ইহঁতকেইটা পুনৰ কেনিবা ওলাই গ’ল । ৰাতিৰ বাবে খোৱাৰ ব্যৱস্থাও কৰিলে । মই ৰূমতে জিৰণি ল’লো । গধূলি চাহ খাই অলপ কথাৰ মহলা মাৰিলো আটাইকেইটাই । ৰাতিৰ সাজত ভাত-দাইল-আলু ভাজি খাই সোনকালে শুই থাকিলোঁ । পিছদিনা হে আচল যাত্রা আছে যিহেতু ।

কোনোবাই ঘৰত কাঁহীৰ আগত মাকে যতনাই দিয়া আলু ভাজিকণ যদি কেতিয়াবা একাষৰীয়া কৰি থৈছে নাখাওঁ বুলি, তেন্তে ক’হিমাৰ হোটেলত আলু ভাজিৰে ভাত এসাজ খাই চাব পাৰে । দাম শুনি আমাৰ দৰে ভতুৱা মানুহৰ যে ঘৰৰ ভাতৰ কাঁহীখনলৈ মনত পৰি চকুপানী ওলাব, সেয়া ঠিক । ৰাতিৰ সাজত যে ল’ৰাকেইটাৰ পেটকেইটা অলপ খালী হৈ থাকিল সেয়া সঁচা । কংকনে কম্প্র’মাইজ কৰি সকলোতকৈ কম খালে । বেচেৰাকেইটা ☺ ! আমি চাৰিটাই খোৱা দাইল-ভাত-আলু ভাজিৰ দাম ১০০০ টকা আছিল ।

_____০_____

ৰাতিপুৱা সকলোৱে গা-পা ধুই ৬:৩০ বজালৈকে সাজু হ’লোঁ । ঘৰ আহি নোপোৱালৈকে আৰু যে গা ধোৱা নহ’ব ! হোটেলতে চাহ আৰু লুচি-ভাজি খালোঁ । ৭:৩০ মান বজাত আমাৰ গাইড ‘জেমছ্’ আহি পালেহি । সৰু ল’ৰা । বয়স ২৬ বছৰ । ফুটবল খেলে । প্রথমে জেমছৰ ককায়েক হে আমাৰ হ’বলগীয়া গাইড আছিল । পিছে তেওঁ ভেলীৰপৰা সেইদিনা উভতি আহিব নোৱাৰাৰ বাবে জেমছ্ আমাৰ গাইড হৈ ওলাল । আমাৰ প্রথমৰ বাতিল হোৱা যাত্রাৰ গাইড পিছে জেমছেই আছিল ।

ক’হিমাৰপৰা আমি ৭ বাজি ৪০ মিনিটত ওলালোঁ । তাৰপৰা আমাক মেইন ট্রেকিং পইন্টলৈকে (Vishema) গাড়ীয়ে থৈ আহিব, এক ঘণ্টামানৰ ৰাস্তা । চুম’খনৰ ভাড়া ৩০০০ টকা । ৬ জন মানুহ আৰামত যাব পাৰি । যিটো ৰাস্তাৰে আমি গ’লো, মনলৈ আহে আমাৰ ইয়াত হোৱাহেঁতেন চাগে’ কিমান চিঞৰ-বাখৰ কৰিলে হয় ইমান লাগিব সিমান লাগিব বুলি ! যি নহওক, গৈ গৈ আমি ‘জুক’ এন্ট্রি পইণ্ট-ৰেষ্ট্ হাউচ’ পালোঁ । তাতে কাগজ-পত্র দেখুৱাব লাগে । অলপ সময় লয় । গাইপতি এন্ট্রি ফিজ্ ১০০ টকা, গাড়ীৰ এণ্ট্রি ফিজ্ ১০০ টকা । প্লাষ্টিক লৈ গ’লে ৫০০ টকা চিকিউৰিটি হিচাপে দি যাব লাগে । যদি সেয়া আহোঁতে উভতাই আনি তাত জমা দিয়ে তেন্তে সেই টকাটোও ঘূৰাই দিয়ে । এইয়া কিয় কৰা হৈছে নিশ্চয় সকলোৱে বুজি পোৱা কথা । আনকি থিয় পাহাৰখিনিৰ জংঘলৰ মাজতো গছত বান্ধি থোৱা দাষ্টবিন আছে । তথাপিও কিন্তু দুখ লগা কথাটো হ’ল ভেলীলৈ যোৱা ৰাস্তা আৰু ভেলীৰ অ’ত-ত’ত পানীৰ বটল, প্লাষ্টিক বেগ আদি পৰি থকা দেখিবলৈ পোৱাটো ! পৰিষ্কাৰ-পৰিচ্ছনতাৰ কামবোৰ ইয়াতো ষ্টুডেণ্ট ইউনিয়নেই কৰে ।

ৰেষ্ট্ হাউচৰপৰা আৰু অলপ দূৰ গৈ আমাক গাড়ীৰপৰা নামিবলৈ কোৱা হ’ল । আগলৈ আৰু অলপ যাব পাৰি যদিও ৰাস্তা বহুত বেয়া বাবে গাড়ী আৰু নাযায় । …আৰু ট্রেকিং মেন্যুৰ সেই থিয় পাহাৰৰ ষ্টার্টাৰখিনি বগায়েই আমাৰ অৱস্থা কাহিল যেন অনুভৱ হ’ল । হাঃ হাঃ …

Vishema লৈ অহাৰ বাটতে Zakhama পোৱা যায় । সেই বাটেদিও ট্রেকিঙত যায় বহুতে । কিন্তু সেইফালে পাহাৰ বেছি থিয়, কষ্ট বেছি আৰু জংঘলৰ বাদে বেলেগ প্রাকৃতিক দৃশ্য দেখা পোৱা নাযায় । আমাৰ গাইডে সেয়ে Vishema-ৰ ফালে যোৱাটো ভাল হ’ব বুলি ক’লে । দুয়োটা ৰাস্তা শেষত গৈ একে ঠাইতে মিলিছেগৈ । অৱশ্যে ট্রেকিঙৰ মজা ল’ব বিচৰাসকলে Vishema-ৰ ফালে গৈ Zakhama-ৰ ফালে উভতি আহিব পাৰে ।

থিয় পাহাৰকণ পাৰ হৈ অলপ বহিলো আটায়ে । তাতে থকা মানুহ এজনে আমাৰ হাতত লাখুটি একোডালকৈ দিলে । জেমছৰ ফোনটো গাড়ীতে গুচি গ’ল । সেইটো যাতে আমাৰ পিছত আহি থকা কোনোবাৰ হাতত দি পঠায়, সেয়া কথা পাতি ঠিক কৰিলে । অলপ সময় থিয় কিন্তু সমান ৰাস্তাৰে খোজ কাঢ়ি ‘Way to the Dzukou valley’ লিখা থকা চাইনব’র্ডখন পালো যেনিবা । তাতে ফটো উঠি আমি পাহাৰ বগোৱা আৰম্ভ কৰিলোঁ । য’ৰপৰা আচল ট্রেকিং আৰম্ভ হ’ল । পুৱা প্রায় ৯:৩০ মান বাজিছিল তেতিয়া ।

প্রায় এক ঘণ্টা থিয় পাহাৰ বগাব লাগিব । মাজতে ৰৈ জিৰণি ল’বপৰা ঠাই এডোখৰ আছে, তাতে ৰ’লোঁ । গৈ থাকোঁতে কোনো ডোখৰত মোক পিছফালৰপৰা থেলি দিব লগা হ’ল আৰু কোনো ডোখৰত আগফালৰপৰা হাতত ধৰি টানি দিবলগীয়া হ’ল । চাপৰ মানুহৰ ভৰি মেলি দিয়া বেঙাটোও চুটি হয় যে ! হাঃ হাঃ । বেছিখিনিত কল্যাণে মোক হাতত ধৰি ওপৰলৈ টানিলে । গৈ থাকোঁতে উভতি অহা বহুজনকে লগ পালোঁ । সকলোৱে সাহস দিলে- আচলখিনি পাৰ হৈ আহিলেই, বাকীখিনি কষ্ট নাই, পাৰিব, গৈ থাকক ।

“Fear not to weary- you never can tire,

For the sunshine gives you its fire,

And your feet will follow the breeze with ease,

Higher and ever higher.”_ Ruby Archer

 

গোটেই বাটচোৱাতে বহুতকে লগ পোৱা হ’ল । সকলোৱে মাত লগাই গ’ল । প্রায়খিনিয়েই অসমৰ মানুহ- যোৰহাট, গোলাঘাট, নগাওঁ, মৰাণ, তিনিচুকীয়া ইত্যাদিৰ । কোনোবা কেইজনমান মনিপুৰৰ । এজনী ছোৱালী বাংলাদেশৰ আছিল, অকলে আহিছিল, কোনোবা এটা গ্রুপৰ লগত লগ হৈ ল’লে পিছত । আমাৰ আগে-পিছে গৈ থকা গ্রুপটো আছিল ডিফুৰ । তেওঁলোকে লগত স্পীকাৰ লৈ আহিছিল, ৰাস্তাটো গান বজায় গৈ থকাৰ বাবে আমাৰো বাটচোৱা খোজ কাঢ়িবলৈ ভাললগা হৈ পৰিল । কোনোবা পাকত বতাহত উৰি আহিল চিনাকী এক সুগন্ধি, খনমাত অশ্বিমেৰ ঘৰত খোৱা বনৰীয়া আপেলৰ ৰসৰ সুগন্ধিৰ দৰে…


সেই এক ঘণ্টাৰ থিয় পাহাৰ বগোৱাৰ পিছত ৰাস্তা প্রায় সমতল । সৰু সৰু বাঁহ গছৰ মাজে মাজে পাহাৰীয়া লুংলুঙীয়া বাট । মানুহ গৈ গৈ সেই বাট আপুনি বনি গৈছে । সমতল ৰাস্তাৰে অলপ দূৰ গৈ ভিউ পইন্ট এটা পায়, তাতো অলপ জিৰণি লোৱা হ’ল, ফটো উঠা হ’ল । ইমানখিনি অহাৰ পিছত আৰু থিয় পাহাৰ বগোৱাৰ কষ্টখিনি মনত নাথাকে । চাৰিওফালে এবাৰ চকু ফুৰাই দিলে অনুভৱ হয় যেন আকৌ আহিম এই বাটেৰে ! প্রকৃতি সঁচাকৈ কিমান যে ধুনীয়া ! চাৰিওফালে সেউজীয়া... মাজে মাজে উৰি ফুৰা বগা ডাৱৰবোৰ... হঠাতে কেতিয়াবা কজলা ডাৱৰ... কোনোবা অচিনা চৰাইৰ মাত... ঠাণ্ডা মৃদু বতাহ... দূৰৈত বৈ থকা পানীৰ মাত... এনেকুৱা পৰিৱেশত মনলৈ নাহে যে ‘বেয়া’ বুলি কিবা এটা শব্দৰ অস্তিত্ব আছে পৃথিৱীত ! 


 গৈ গৈ অৱশেষত দূৰৈৰ পৰা বেছ্ কেম্পটো দেখা পালোঁ । জেমছে ক’লে আৰু এক ঘণ্টাৰ বাট মাত্র । বাটতে দুই এটোপাল বৰষুণ পৰিছিল এক মিনিটমানৰ কাৰণে । আমাৰ সৌভাগ্য বুলিব লাগিব যে আমি বৰষুণ নাপালো । গতিকে বিশেষ কষ্ট নহ’ল । আগৰ দিনকেইটাত বৰষুণ হৈছিল বাবে ৰাস্তাৰ দুই এঠাইত মাত্র সামান্য বোকা আছিল, বাঁহ গছবোৰে আৱৰি থকাৰ বাবে সেই ঠাইত আচলতে ভালকৈ ৰ’দ নপৰে । দুই-তিনি ঠাইত ওপৰৰ পৰা বাগৰি অহা ঝর্ণাৰ পানী ৰাস্তাৰ মাজেৰে পাৰ হৈ যোৱা পালোঁ । বাকীখিনি আমাৰ গাঁৱৰ ৰাস্তাৰ দৰে, শুকান, সহজে খোজকাঢ়ি যাব পাৰিলোঁ ।

প্রায় ৩:৩০ ঘণ্টা খোজকঢ়াৰ পিছত আমি বেছ্ কেম্প গৈ পালোঁ । গোটেই বাটচোৱাত আমি চাৰি-পাঁচবাৰমান ৰৈছো ৩-৫ মিনিট মানকৈ । অৱশেষত ৱেলকাম গেটখনেৰে সোমাই গ’লো কেম্পলৈ । তাতে ৰঙিয়াল পৰিৱেশ । অহা সকলে থকাৰ ব্যৱস্থা কৰিছে, যাবলৈ ওলোৱা সকল যাবলৈ ওলাইছে, ফটো উঠাই ফটো উঠিছে, গান বজোৱাই গান বজাইছে... । জেমছে কোৱামতে আমি ড’ৰমেটৰীত নিজৰ ঠাই ঠিক কৰি ল’লোঁ । গাত ল’বলৈ ব্লেংকেট আৰু তলত পাৰিবলৈ থকা মেট্রেছ জাতীয় পাটিও লোৱা হ’ল । টেণ্ট্ নাছিল তেতিয়ালৈ, ইতিমধ্যে লৈ ল’লে । ফার্ষ্ট কাম্ ফার্ষ্ট । বাকী, নিজে লৈ অহা সকলে নিজৰ টেণ্ট সাজু কৰিলে । ডিফুৰ গ্রুপটো আমাতকৈ আগতেই গৈ পালে । আমি পাওঁতে প্রায় দুপৰীয়া ১ বাজিল, গতিকে তেতিয়ালৈ লান্স বাকী নাছিল, খাবলৈ হ’লে আগতেই বুকিং কৰিব লাগে । আমি চাহৰ লগত মেগীকে খাম বুলি ঠিক কৰিলো । লগত লৈ যোৱা কিবাকিবিবোৰ আছিলেই । মুখ হাত ধুই (গা ধোৱাৰ কথাই নাহে), অলপ সময় কঁকাল পোনাই বাহিৰলৈ ওলাই আহিলোঁ, ফটো উঠিলোঁ, মানুহবোৰ চালোঁ... । জেমছে মেগী আৰু চাহ আনি দিলে । তাকে খাই কৰুনা শুলে । আমি তিনিটা বাহিৰতে বহিলোঁ, ভেলীৰ সৌন্দর্য্য উপভোগ কৰা হওক বুলি । ডালিমীজনীয়ে বাৰু চাগৈ কোন পাহাৰত লুকুৱাই ৰাখিছিল আমাৰ জয়মতীৰ মানুহটোক !



                                                          ভেলীৰ বেছ্ কেম্প আৰু ক’টেজ


সেয়া অন্য এখন পৃথিৱী যেন ! মোবাইলত ছিগনেল নাই । বাহিৰৰ পৃথিৱীৰ সৈতে যোগাযোগ বিচ্ছিন্ন । ভাগৰৰ কথা মনলৈয়ে নাহে । সকলো নিজৰ নিজৰ ভাগে ব্যস্ত । মুকলি ঠাইখিনিত টেন্টবোৰ আছে । কোনোবা কোনোবা আগবাঢ়ি আহি চিনাকী হৈছে । ডিব্রুগড়ৰ BCPL-ৰ চাৰিজন মান আছিল, গুৱাহাটীৰ ডাউন টাউনৰ চাৰিজন মান আছিল । কথা পতা মানুহে বহু নতুন বন্ধু গোটাব পাৰিব । পিছে মোৰ দৰে মানুহে সেইটো কামত বিশেষ আগবাঢ়িব নোৱাৰে । কংকণহঁতে কথা পতাত লাগিল, মই মনে মনে বহি সমুখৰ ভেলীলৈ চাই থাকিলোঁ মাত্র ! কিছুমান হেলিপেডখনলৈ গৈছে, কিছুমান ভেলীটোত ঘূৰি ফুৰিছে… আমি বহি থকাৰপৰা পৰুৱাটোৰ সমান দেখা গৈছে মানুহবোৰ ।

হেলিপেড

 

কোনোবা এটা গ্রুপ আছিল, ডাঙৰ, মানে ভালেমান সদস্য আছিল । স্পীকাৰটোত ফোল ভলিউম দি গান বজায় আছে আৰু এপাকত ‘ব্রায়ন আডমছ্’ৰ মাত ভাঁহি আহিল- “Here I am… It’s a new day… It’s a new world…” …কাৰ কি অনুভৱ হৈছে নাজানো, কোন কি দুনীয়াত ঘূৰি ফুৰিছে নোৱাৰোমোৰ চকুৰ আগত ভাঁহিছে ‘Spirit’ চিনেমাৰ কণমানি ঘোঁৰাটো ! ভাৱ হৈছে এপাল ঘোঁৰা যেন দৌৰি ফুৰিছে সমুখৰ ভেলীটোত… আকাশত যেন উৰি আছে ঈগল চৰাইটো …! এইবোৰ ক্ষণ এনেকৈয়ে আহে… ক’ব নোৱাৰাকৈ… এনেবোৰ সময়ৰ বাবে প্লেন-প্র’গেম বনাব নোৱাৰি আগতীয়াকৈ । শব্দেৰে বর্ণাবও নোৱাৰি তাক… কেৱল অনুভৱ হে কৰিব পাৰি ! 

“If I could have wept in that hour,

Those tears had been heaven to me.


Well- well; the sad minutes are moving,

Though loaded with trouble and pain;

And some time the loved and the loving

Shall meet on the mountain again!”_ Emily Bronte

 

যি নহওক, কৰুনা উঠি আহিল । তাৰ ভাল, য’তে পৰে ত’তে টোপনি মাৰি ল’ব পাৰে । এইবাৰ তাৰ ফটোশ্ব্যুট কৰা হ’ল 😃 । আটাইকেইটাই চাহ খালোঁ । তেতিয়াও ভালেমান সময় বাকী এন্ধাৰ হ’বলৈ । গতিকে আমি সমুখতে থকা হেলিপেড্ খনৰপৰা আহোঁগৈ বুলি ওলালো । প্রায় ১৫ মিনিট মান লাগিল তাত পাবলৈ । অলপ সময় কটায় বেছ্ কেম্পলৈ উভতি আহিলোঁ । ৬ মান বজাত আন্ধাৰ হ’ল । কাৰেণ্ট যিহেতু নাই, আমাৰ ওচৰতে থকা গ্রুপৰ কোনোবা এজনে টুনি লাইট এখিনি জ্বলাই বেৰত ওলোমাই দিলে । ৰূমটো পোহৰ হৈ থাকিল । প্রায় ৮ মান বজাত জেমছে ভাত হ’ল বুলি মাতিলেহি আমাক । আমি ৰাতিৰ খানা খালোঁ- দাইল-ভাত-আলুভাজি-অমলেট, ২৫০ টকা প্রতি প্লেটত ।

দামটোত আপত্তি কৰিবলগীয়া একো নাই । ক’হিমাৰপৰা গেছৰ চিলিণ্ডাৰ একোটা ভেলীলৈকে কঢ়িয়াই নিয়াটো মুখৰ কথা নহয় । জেমছে কোৱামতে পিঠিতে বান্ধি নিয়ে হেনো চিলিণ্ডাৰ একোটা ! মেগী-আলু-দাইল-ভাত-চাহ, সেয়াই পোৱা যায় তাত । আমাৰ ইয়াৰ দহটকাৰ মেগীটো তাত ৭০-৮০ টকা । যদি কোনোবাই নিজে মাংস ইত্যাদি লৈ যায়, তেওঁলোকে ৰান্ধি দিয়ে বা বাচন-বর্তন ভাড়াত লৈ নিজেও ৰান্ধি খাব পাৰি । একোডাল খৰিৰ দাম পিছে দহ টকা । কিছুমান লোকে নিজে সৰু সৰু সঁজুলি লৈ গৈ ৰান্ধি খোৱাও দেখা পালোঁ । উভতি আহোঁতে লগ পোৱা কিছুমানেও খোৱা বস্তু, পানীৰ বটল ইত্যাদি যথেষ্ট লৈ গৈছে নিজেই । কঢ়িয়াব পাৰিলে বস্তু লৈ যাব পাৰি নিজেই ।

বেছ্ কেম্পত দুটা ড’ৰমেটৰী আছে । এটাৰ ফ্ল’ৰখন কাঠৰ । বাটত কোনো কোনোৱে কৈ পঠাইছিল যে পকা ড’ৰমেটৰীটোহে ল’ব, ইটোত নিগনি দৌৰি ফুৰে । ড’ৰমেটৰীৰ গাতে লাগি অন্য এটা ৰূমত গাইড আৰু ভেলীত থকা অন্য মানুহকেইজন থাকে । সৰু ষ্ট’ৰ এখন, য’ত মেগী ইত্যাদি থাকে । মূল পাকঘৰ এটা । টয়লেট পাঁচটামান আছে, গতিকে অসুবিধা নাই । ডাঙৰ পকী টেংকীৰ দৰে এটাত পানী জমা কৰা থাকে- মুখ-হাত ধোৱা, বাচন-বর্তন আদি ধোৱা ইত্যাদি তাতে কৰা হয় । পানী অৱশ্যে যথেষ্ট ঠাণ্ডা । খাবলৈ গৰম পানী কৰি দিয়ে তেওঁলোকে । অলপ একাষৰীয়াকৈ কোনোবাই থাকিব বিচাৰিলে দুটা ক’টেজো আছে, কেম্পৰপৰা অলপমান আঁতৰত, দেখি থাকি । তাত থকা কেইজনে কোৱামতে এটাত ৩ জনমানকৈ থাকিব পাৰি । পানী জমা কৰা থাকে টেংকত । ক’টেজকেইটা কিন্তু আগতীয়াকৈ বুকিং কৰিলেহে পায় । দিনে ১৫০০ টকা । ড’ৰমেটৰীত আমাৰ প্রতিজনৰ বাবে ব্লেংকেট-ফ্ল’ৰমেটৰ দাম আছিল ১০০ টকা । টেণ্টৰ দামো সম্ভৱ ১৫০০ টকা আছিল, ৩-৪ জন থাকিব পাৰি ।

ভাত খাই জেমছক গুডনাইট কৈ আমি শুবলৈ ল’লোঁ । বহুত বেছি ঠাণ্ডা নহয় যদিও অলপ ঠাণ্ডা । যিহেতু পিছদিনা আমাৰ ভেলী ফুৰিব আছে, লগতে উভতি যাবও আছে গতিকে জিৰণি লোৱাটো দৰকাৰ । ইটো ড’ৰমেটৰী হাউছফোল, জোৰদাৰ গতিত অণ্টাক্ষৰী চলিছে । আমি থকাটো এফালে খালী । টোপনি যোৱাত কেৱল কৰুনাহে গৈছে, বাকী আমিকেইটাই বাগৰিহে আছো মাত্র । বাহিৰত গানা-বাজানা চলি আছে । এপাকত ছোৱালী দুজনীমান আহি বিহু লাগে বুলি চিঞৰিলেহি । বিহু গালে, নাছিলে, বিদুৰভাই বিদুৰভাই বুলি অলপ সময় চিঞৰিলে... । আমাৰ কাষৰ গ্রুপটোৰ খোৱা হোৱাই নাই তেতিয়ালৈ । তেওঁলোকে বেলেগকৈ ৰান্ধিব দিছিল । এপাকত কৰুনা উঠি বাহিৰলৈ আহিল । অলপ পিছত আমাকো সি মাতি লৈ আহিল- আহক আহক, এনেই বাগৰি থাকি লাভ নাই; বাহিৰত জোনাক, চাওকহি । সি মূৰে-গায়ে ব্লেংকেট এখন মেৰিয়াই বাহিৰৰ কাঠৰ বেঞ্চতে বহিল । কল্যাণ টোপনিত । কংকণ উঠি বাহিৰলৈ আহিল । অলপ পিছত ময়ো উঠি আহিলো, টোপনি যাব নোৱাৰি যিহেতু । সঁচা কথা ক’বলৈ গ’লে ভাগৰ তেনেকৈ অনুভৱ হোৱা নাছিল ।

বাহিৰত পৰিৱেশেই সুকীয়া ! আকাশ ফৰকাল, ৰূপালী জোনাক, চিকমিকাই থকা তৰা, দূৰৈত এফালে বিজুলীয়াই আছে আকাশত... বগা ধোঁৱাৰ দৰে দেখা ডাৱৰবোৰ ওপঙি আছে... পাহাৰৰ মাজত, প্রকৃতিৰ কোলাত এখিনি অ’ৰ ত’ৰপৰা লগ হৈ একেলগে থকা অচিনাকী মানুহ... কথাৰ ভুণভুণনি ! ...পুনৰ মনলৈ আহে, পৃথিৱীত বেয়া বুলি যেন একো নাই ! সেই সময়, সেই আকাশ নিজৰ অনুভৱৰ বাদে কোনো কেমেৰাতে ধৰি ৰাখিব নোৱাৰি ! কংকনে কল্যানক টোপনিৰপৰা উঠাই লৈ আহিল সময়কন সিও চাওক বুলি । বেচেৰা পোৱালি, টোপনি গৈছিল ভাগৰত । তাৰ মোবাইল কেমেৰাটো আমাৰবোৰতকৈ ভাল বাবে তাতে দুখনমান ফটো উঠোৱা হ’ল ।


ৰাতিৰ আকাশ... 

প্রায় ১০:৩০ মানত আমি পুনৰ শুবলৈ আহিলোঁ । কাষৰ গ্রুপটোৰ মিউজিক স্পীকাৰত মৃদুস্বৰত গান বাজি আছে । এপাকত জুবিন দাৰ ‘মনযায়’ বাজিল । বেচেৰা কোনোবা এজনৰ চাগৈ ট্রেজেদি 😃 ! দুজনমান শুলে, দুজনমানে কথা পাতি থাকিল... গান বাজি থাকিল ।(ধুনীয়া ধুনীয়া গান বাজি আছিল । তেওঁলোকলৈ ধন্যবাদ ।) দুজনমানৰ নাকৰ মিউজিকো গানৰ লগে লগে বিভিন্ন স্বৰত বাজিল । তাকে লৈ লগৰকেইজনে ধেমেলীয়া কথাৰে ৰগৰ কৰিলে ! তেওঁলোকৰ কথা শুনি সিটোফালৰ ছোৱালীকেইজনীয়ে শব্দ কৰিয়েই হাঁহি উঠিল, ময়ো এইফালে মুখ টিপি হাঁহিলো । তেতিয়া ৰাতি ১২ বাজিছে । বহুতৰে দুচকুত আচলতে টোপনি নাই ! টোপনি নগ’লেও চলি যায় ।

মই ভাবি থাকিলোঁ- নিজৰ বুলি ভবা মানুহ কিছুমান তেতিয়া থকাহেঁতেন, একুৰা জুই ধৰি চাৰিওফালে বহি লৈ গীটাৰ, ক’ফি, গান, সাধুকথাৰ মজলিছ্ হ’লে কেনে মজাৰ আছিল... ! চিনাকী মুখ কিছুমান মনলৈ অহা-যোৱা কৰি থাকিল ।

লগতে আৰু এটা কথা মনলৈ আহিল যে আমি অসমৰ মানুহেই তাত বেছি । লেতেৰা কৰা স্বভাৱ যিহেতু আমাৰ, আমিয়েই বাৰু অ’ত ত’ত পলিথিন/পেকেটবোৰ পেলাইছো নেকি ? কোনোবাই বিড়ি খাই দলিয়াই দিয়া জুইশলাৰ কাঠিৰপৰাই কেইবছৰমান আগতে ভেলীৰ অৰণ্যত জুই লাগিছিল । কেইবাদিনো সময় লাগিছিল সেই জুই নুমুৱাবলৈ । ওখ ওখ জ্বলি যোৱা গছবোৰৰ আধা এতিয়াও সেই ঘটনাৰ সাক্ষী হৈ তাত থিয় হৈ আছে । সৰু সৰু বার্তা লিখা ফলক কিছুমান তেনে গছ কিছুমানত লগোৱা আছে । মন নধৰে যে সেই বার্তাবোৰ কোনোবাই চিৰিয়াছলি লয় । কিছুৱে হয়তো লয়, বহুতে কিন্তু নলয় । আমি প্রায় কওঁ অমুক জাতিয়ে তমুক খায়, তমুকে অমুক খায়... ছিঃ ছিঃ কৰোঁ । কিন্তু তেনেলোকৰ ভালখিনি দেখিও নকওঁ বা নিজে আদৰি ল’ব পৰাখিনিও নলওঁ ।

পুৱা ৬ বজাত সাৰ পালোঁ । ভাবিলো আমিহে আগতে উঠিছোঁ নেকি । নহয়, সিফালে সকলো উঠি  বাহিৰ-ভিতৰ কৰি আছে । কিছুমানে দুই নম্বৰৰ বাবে লাইন পাতি আছে হাতত পানীৰ গেলান লৈ । (অফ্ দ্য ৰেকর্ড কওঁ- কোনোবা এজনীয়ে পুৱা ‘এৰি অহাখিনি’ আক’ আমাৰ কংকনে একে হেনো ৰং-ৰূপলৈকে নিৰীক্ষণ কৰি আহিল ! 😀) আমাৰ কাষত শুই থকা দুজনমানক কোনোবা এজনে জগালেহি ‘সোনকালে ওলাই যাব লাগিব ঐ উঠ’ বুলি ।

আমি মুখ-হাত ধুই চাহ খালোঁ । ইহঁতে লগত লৈ যোৱা ব্রেড খালে । প্রায় ৬:৩০ মানত আমি জেমছৰ লগত ভেলী ফুৰিবলৈ ওলালোঁ । গোটেই ভেলীটো আচলতে সৰু সৰু চাপৰ বাঁহ গছবোৰে ভৰি আছে । মাজে মাজে বগা, হালধীয়া, ৰঙা ফুল কিছুমান ফুলি আছে । লিলি ফুলবোৰ আমি যোৱালৈকে ফুলি শেষেই হ’ল । গছৰ সৈতে গুটিবোৰ হে মাত্র দেখিলোঁ । কোনোবা কবিয়ে কোৱাৰ দৰে- “I could not find what I set out to. But the quest enabled me to see the world”. লিলি নেদেখিলেও বহুত কিবাকিবি দেখিলোঁ । ভেলীৰ মাজেৰে সৰু নদী এখন বৈ গৈছে । পানী যথেষ্ট ঠাণ্ডা । ৰ’দ দি আছিল বাবেই হয়তো চুব নোৱাৰা ঠাণ্ডা হোৱা নাছিল । আগতে তাত কাঠৰ দলং এখন আছিল । এতিয়া নাই বাবে আমি পানী গছকিয়ে পাৰ হ’লোঁ । ঠাণ্ডাৰ দিনত হেনো নদীৰ পানীবোৰ বৰফ হৈ থাকে । নদীখন পাৰ হৈ বগা ক্রচ্ টো পোৱা যায় । সেইটো এক ৰকমৰ ‘ফাইনেল দেষ্টিনেছন’ৰ দৰে চিম্বল এটা । তাৰ আগলৈও ইচ্ছা কৰিলে যাব পাৰি । অন্য কিবা অর্থ আছিল যদিও সোধা নহ’ল । নদীখন পোৱাৰ আগতে ‘mysterious cave’ টো আছে । তাতো আগতে কেম্প কৰি মানুহ থাকিছিল হেনো । কিন্তু এতিয়া নিদিয়ে । নিদিয়াৰ কাৰণ, তাত থাকিবলৈ যোৱা মানুহবোৰ নিজেই দায়ী আৰু, বুজাই বুজে !

 

লিলিক নেদেখিলো...


                                            শীতৰ দিনত ইয়াৰ পানীবোৰ হেনো বৰফ হৈ পৰে...

আমাৰ সঁচাকৈ সৌভাগ্য যে বতৰ ফৰকাল আছিল । নীলা আকাশৰ তলত সেউজীয়াৰ মাজে মাজে আমি মুকলিকৈ একো অসুবিধা নোপোৱাকৈ ঘূৰিবলৈ পালোঁ । বৰষুণ দিলে সেয়া সম্ভৱ নহ’লহেঁতেন । উভতি আহোঁতে জেমছে আমাক অন্য এটা বাটেৰে আনিলে । সেইখিনি বাট আহি বেচ মজা লাগিল আমাৰ, গুহাৰ শিল বগাই জংঘলৰ মাজেৰে । শেষত আহি বাটটো আমি যোৱা আগৰ বাটটোৰ লগতে মিলিছেহি, হেলিপেডৰ ওচৰত । কেনেকৈ সময় পাৰ হ’ল ধৰিবই নোৱাৰিলোঁ । গোটেই দিনটো খোজকাঢ়ি ঘূৰি ফুৰিব পাৰি ভেলীৰ প্রাকৃতিক সৌন্দর্য্য চায় ! আমনি নালাগিব । নিজেও ইফালে-সিফালে, আনে নোযোৱা নতুন ঠাই বিচাৰি চাব পাৰি । 




আমাৰ যিহেতু উভতি আহিব লগা আছে গতিকে অলপ জিৰণি ল’ব লাগিব বুলি কেম্পলৈ আহিলোঁ । ১০:৩০ মানত আহি পালোঁ । প্রায়খিনি মানুহ ওভতিছিল তেতিয়া । ভিৰ নাছিল বাবে পাকঘৰতে জুইৰ কাষত থকা পীৰাত বহি আমি ১০০ টকীয়া ফ্রাইড্ ৰাইছ খালোঁ আছাৰৰ লগত । ইতিমধ্যে বাকী থকা যাবলগীয়াসকল পেকিং কৰি যাবলৈ সাজু হৈছিল । খাই উঠি আমি অলপ জিৰণি ল’লোঁ । উঠি, মুখ-হাত ধুই আমিও সাজু হ’লোঁ ওভতনি যাত্রাৰ বাবে । জেমছে “ফ্রাইডে আৰু স্ন’ক” (তাত থকা কুকুৰ দুটা) এপাক ফুৰাই আনিলে । সিহঁত চাগৈ তাৰ মৰমৰ । তাহাঁতৰপৰা বিদায় ল’লে সেইদিনালৈ বুলি, পুনৰ আহিবই যিহেতু ! তেতিয়ালৈ কেম্পটো প্রায় খালী হ’ল । সোমবাৰ বাবে মানুহৰ ভিৰ নাই । শেষবাৰলৈ সকলোৱে একেলগে ফটো উঠি, দুপৰীয়া ১২ বজাত আমি আহিবলৈ ল’লোঁ ।


                                                                 জ্যেমছৰ সৈতে আমি

কোৱা হয় ওভতনি ৰাস্তা সদায় চমু হয় । থাকিবলৈ মন থাকিলেও ওভতিবই যে লাগিব । এইপাৰে ৰৈ আছে অন্য এখন যান্ত্রিক-ব্যস্ত পৃথিৱী ! য’ত বান্দৰ-নাচ নাচিবলৈ আমি বাধ্য ! এইবাৰ বৰ বিশেষ ৰোৱা নহ’ল । ভিউ পইন্টটোত আহি অলপ বহা হ’ল । তাতে মোবাইলৰ নেটৱর্ক পোৱা যায় । সকলোৱে ঘৰলৈ ফোন কৰি খবৰ দিলোঁ । আগৰ দিনা ষ্টার্টাৰৰ পাহাৰখিনি বগাই যি ঠাইত আমি ৰৈছিলোঁ, তাত পাওঁতে প্রায় ৩ বাজিল । থিয় পাহাৰখিনি নামোঁতে মোৰ বাবে অলপ বেছি সময় খৰচ হ’ল । ভৰিৰ বুঢ়া আঙুলিৰ নখ কেইটা সামান্য দীঘল আছিল, গতিকে তললৈ নামোঁতে, চাপ পৰি বিষ এটা উঠিছিল । লাহে লাহে যেনে তেনে সেইখিনি পাৰ হৈ বাকী থকা সমতল ৰাস্তা খিনি জোতা খুলি খালী ভৰিয়েই আহিলোঁ মই । কল্যাণৰো ভৰি কঁপিছিল অকন । আগদিনা আমাক থ’বলৈ অহা চুম’খনেই ঠিক কৰি থৈছিল জেমছে, আহি ৰৈ আছিল আমালৈ । জেমছক ক’লো যে আগদিনাৰ ষ্টার্টাৰৰ পাহাৰখিনি আৰু নামিব নোৱাৰিম, গাড়ীখন যেন ইয়ালৈকে মাতি দিয়ে । নিজৰ ভাষাতে জেমছে চিঞৰি চিঞৰি এইপাৰৰ পৰা ড্রাইভাৰজনক কিবা বুজালে । তেওঁ গাড়ী লৈ আহিল । গাড়ী আনিবলৈ ৰাস্তাটো সঁচাকৈয়ে বেয়া ! গাড়ীৰ ভাড়া ৩০০০ টকাই ল’লে ।

ৰেষ্ট্ হাউচত ৰৈ প্লাষ্টিকৰ পেকেটখিনি জমা দিয়াত আমি ৫০০ টকাটো ওভতাই পালোঁ । ৰাস্তাত যথেষ্ট ট্রেফিক জ্যেম হয় যদিও আমি অলপমান হে পালোঁ । বহু ঠাই মই ফুৰা নাই । কিন্তু যিখিনি ঘূৰিছো-ফুৰিছো, সকলোতে দেখিছো যে গাড়ীচালকে কোনো কাকো অনাহকত অভাৰটেক্ নকৰে, হর্ণ নবজায়, ট্রেফিকৰ নিয়মবিলাক মানি চলে । পাহাৰৰ সেই একা-বেঁকা ৰাস্তাতো নিজৰ নিজৰ গতিত শাৰী-পাতি সকলো গৈ থাকে, হর্ণ নবজোৱাকৈয়ে । আমাৰ ইয়াত সেয়া কল্পনাৰো অগোচৰ । কিয় যে আমাৰ মানুহবোৰ এনেকুৱা ! আমাৰ মানুহবোৰৰ কিয় ইমান খৰধৰত থাকে, হুলস্থূল কৰি ভাল পায় ?!

গাড়ীৰ লগতে জেমছো আহিল আমাক থ’বলৈ ক’হিমালৈকে । ডিমাপুৰলৈকে টেক্সী এখন ঠিক কৰি দিলে । ভাড়া সেই একেই, গাইপতি ৩৫০ টকা । জেমছ আৰু ড্রাইভাৰ, দুয়োৰে ঘৰ ভিচ্ছেমাত । একেলগে যাবগৈ পাৰিব । কংকনে দুদিনৰ গাইডৰ মাননি ৩০০০ টকা জেমছৰ হাতত তুলি দিলে । আটাইকেইটাই হেণ্ডচেক্ কৰি, কেতিয়াবা পুনৰ কিজানি লগ পাম বুলি জেমছৰপৰা বিদায় ল’লোঁ ।

ক’হিমাৰপৰা ৬ বজাত আমি ডিমাপুৰলৈ বুলি ওলালোঁ । অলপ ট্রেফিক জ্যেম পালোঁ এইবাৰ । ডাঙৰ ডাঙৰ ট্রাকবিলাক বস্তু বোজাই কৰি নাগালেণ্ড হৈ মণিপুৰলৈ যায় । তেনেকুৱা এখন ৰাস্তাত ফচি থকাৰ বাবেই অলপ সময় ৰ’ব লগা হ’ল । তাতে ৰাস্তা বনোৱাৰ কামো চলি আছিল । ডিমাপুৰ ষ্টেচন পাওঁতে ৰাতি ৮ বাজিল । টেক্সীৰপৰা নামি ৰাস্তাৰ কাষৰ হোটেল এখনতে আটায়ে ভাত খালোঁ । ট্রেইন এইবাৰ ৰাজধানী এক্সপ্রেছ । কামৰূপ এক্সপ্রেছত টিকটেই নাছিল । ট্রেইনৰ সময় আছিল ৰাতি ১২:১৮, এক ঘণ্টা পলম হ’ব বুলি গম পালোঁ । গতিকে যাওঁতে যিটো ৰূমত আমি ৰাতি বহি আছিলো তাতে পুনৰ সোমালোঁ । প্লাষ্টিকৰ মেট্ দুখন কিনি তলতে পাৰি লোৱা হ’ল । তাতে কঁকাল পোনালো আটায়ে । কৰুনা সেই একেই, নাক বজাই শুলে । ঘৰলৈ ফোন কৰি উঠি আমি তিনিটাই এইবাৰ ফটোবোৰ চোৱাত লাগিলো মোবাইলত । পিছত কল্যানো শুলে খন্তেক ।

এক বজাত ট্রেইন ষ্টেচনত ৰ’লহি । আমি উভতি বাট ল’লোঁ ডালিমীৰ দেশৰপৰা ! এক ঘণ্টা পলম হ’লেও পুৱা একে সময়তে ট্রেইন বাণীপুৰ ষ্টেচন পালেহি, ৫:৪৫ বজাত । তাৰপৰা অট’ৰে আমি ঘৰাঘৰি হ’লোঁ । ৯ বজাত সেই একেঘেমীয়া দিউটিলৈ বুলি ওলাই গ’লোঁ । যি হ’লেও, প্রথমবাৰ বাতিল হোৱা যাত্রাৰ দুখৰ বিপৰীতে এইবাৰ মনত সফল সামৰণি পৰা যাত্রাৰ সুখ !

এটা কথা পিছে সঁছা- যিমান মেগাপিক্সেল কেমেৰাৰে ফটো উঠা নহওক কিয়, যিমানেই ভিডিঅ’ বনাই বাৰে বাৰে চাই থকা নহওক কিয় এৰি অহা ঠাই; নিজৰ চকুৰে দেখি অহাৰ সমান কেতিয়াও হ’ব নোৱাৰে... মনত যি ৰৈ যায়... অনুভৱত যি থাকি যায়... মনে মনে ভাবিলো- বৰফ চাবলৈ আহিব পাৰি নেকি আকৌ এবাৰ !

“Mountains, according to the angle of view, the season, the time of day, the beholder’s frame of mind, or any one thing, can effectively change their appearance. Thus, it is essential to recognize that we can never know more than one side, one small aspect of a mountain.”_ Haruki Murakami

পাৰিলে, সময়ে সুবিধা দিলে এবাৰ জুক’ ভেলী ফুৰি আহক । প্রকৃতিৰ কোলাত কটাই আহক এপলক সময় । প্রকৃতিয়ে মানুহক কেতিয়াও নিৰাশ কৰা নাই ।

বহুজন গৈছে- কোনোবাই ব্ল’গ ব’নাবলৈ, কোনোবাই ট্রেকিঙৰ মজা ল’বলৈ, কোনোবাই ব্যস্ত জীৱনৰ একেঘেয়ামীৰপৰা আঁতৰত আপোনজনৰ সৈতে বা বন্ধু-বান্ধৱৰ সৈতে অকন মুকলি বতাহ খাবলৈ, কোনোবাই সেই ঠাইৰ ইতিহাস জানিবলৈ... বাহিৰৰ সকল আহিছে নর্থ ইষ্ট চাবলৈ । সকলোৰে উদ্দেশ্য বেলেগ । কোনোবাই যদি ভাবে যে খাই-বৈ কেৱল স্ফূর্তি কৰিবলৈ আহিছে ছোৱালী-তোৱালী লৈ, সেয়া শুদ্ধ বুলি অন্ততঃ মোৰ মনে নকয়, তেনেকৈ চিন্তা কৰা অনুচিত । তেনেকৈ ভাবিবলৈ আচলতে সুৰুঙাও দিব নালাগে, বিশেষকৈ আমাৰ ইয়াৰপৰা যোৱা মানুহখিনিয়ে । নিজে দেখাখিনি যদি কওঁ- খাইছে-স্ফূর্তি কৰিছে, অসভ্যালি কিন্তু কোনেও কৰা নাই । বাকী... নিজৰ নিজৰ মানসিকতাৰ ওপৰত নির্ভৰ কৰে !

আৰু এটা সঁচা কথা হ’ল- প্রকৃতিৰ এই সৌন্দর্য্য উপভোগ কৰিবলৈ যোৱা বাটটো অলপ হ’লেও কষ্টকৰ, সেয়ে ই এতিয়াও ধুনীয়া হৈ আছে । যিদিনাই সেয়া সহজ হৈ উঠিব, মানুহৰ সোঁত ব’বলৈ ল’ব, সেইদিনাই সেই সৌন্দর্যও কলুষিত হ’ব । সেয়া নহওক কেতিয়াও...



                     

______০______

(N.B. Thnx to @Kongkon Mahanta for arranging and managing everything related to the trip. Thnx to @Kalyan Konwar for providing his mobile phone for our photography 😃. Thnx to @Karuna Gogoi for accompanying us with entertaining conversations. And many thnx to our guides James and Mr. Khonoma guide, and dear Asime.)


ডিব্রুগড়/তিনিচুকীয়াৰপৰা যদি কোনোবাই জুক’ ভেলীলৈ যাব বিচাৰে-

১) কামৰূপ এক্সপ্রেছত শ্লিপাৰ ক্লাচৰ টিকট ল’লেই হ’ল, যিহেতু ট্রেকিং কৰিবলৈকে যাবই, ইমান আৰাম নো কিয় লাগে ! অহা-যোৱাৰ টিকট (২২০+২২০=৪৪০) টকা এপ্র'ক্স ।

২) ডিমাপুৰৰপৰা ক’হিমালৈ গাড়ীৰ ভাড়া ৩৫০ টকা । এখন টেক্সীত চাৰিজন যাব পাৰি । গতিকে হয় চাৰিজন, নতুবা ৭-৮ জনীয়া গ্রুপ হ’লে ভাল । (অহা-যোৱা= ৩৫০+৩৫০= ৫০০ টকা) গ্রুপটো ডাঙৰ হ’লে স্ফূর্তি কৰিবলৈও ভাল । বেছি মানুহ হ’লেও আক’ কিছুমান কথাত মেনেজ কৰিবলৈ অসুবিধা ।

৩) ক’হিমাত নাথাকিও একেদিনাই ট্রেকিঙত যাব পাৰি । বা আগবাঢ়ি গৈ ভিচ্ছেমাৰ হ’মষ্টেত থাকিব পাৰি । ক’হিমাৰপৰা ট্রেকিং পইণ্টলৈ ৩০০০ টকা । চুম’ৰ বাদে বেলেগ গাড়ী নাযাব এচোৱা ৰাস্তা । ৮ জন হ’লে ৩৭৫ টকাকৈ পৰিল । (অহা-যোৱা= ৩৭৫+৩৭৫=৭৫০ টকা)

৪) গাইডৰ মাননি দিনে ১৫০০ টকা । দুদিন তো লাগিবই, গতিকে ৩০০০ টকা । ৮ জন হ’লে ৩৭৫ টকাকৈ পৰিল ।(বেগ লৈ যাবলৈও মানুহ পোৱা যায় । বেগটোৱে প্রতি ১০০০ টকা লয় । ট্রেকিঙত যাব যিহেতু নিজৰ বেগটো নিজে কঢ়িয়াব নোৱাৰিলে কিডাল হ’ব !)

৫) যিমান পাৰি কাপোৰ-কানি কমকৈ নিব । ড্রাই ফ্রুইট, চ’কলেট জাতীয় খোৱা বস্তু লৈ গ’লে ভাল । টেণ্টতেই যদি থকাৰ ইচ্ছা, নিজে লৈ যোৱা ভাল । তাত থকাকেইটা নাপাবগৈও পাৰে । আৰু বহুতৰ লগত থাকিম বুলি যদি ভাবে, ড’ৰমেটৰী বেষ্ট অপচন্ । বতৰৰ ভৰসা নাই, ৰেইনকোটটো সেয়ে দৰকাৰী ।

৬) ILP অনলাইন কৰি ল’ব পাৰি । ৫০ টকা লয় ।

দেখিছেই, টাইট বাজেট আৰু সময়ৰ নাটনি যদি, একেবাৰে কম বাজেটতে আপুনি কেৱল জুক’ ভেলী চাই আহিবগৈ পাৰে । পিছে-

৭) নাগালেণ্ড যাবই যিহেতু জুক’ ভেলীৰ বাদেও যি পাৰি আন ঠাইবোৰো চাই আহিব লাগে । পুনৰ বা কেতিয়া যোৱা হয় ! ভাগ্যত যাবলৈ মিলে বা নিমিলে । সময়-বাজেট আছে যদি আৰু দুটকামান খৰচ কৰি ভেলীত দুদিন থাকক, ক’হিমাত এদিন থাকক । ভিচ্ছেমা, যখমা দুয়োটা ট্রেকিং ট্রেইল এক্সপ্ল’ৰ কৰি আহক । 

ভেলীৰপৰা আহি ক’হিমাত থকাটো বেছি ভাল । বিচাৰিলে তেতিয়া বজাৰ-সমাৰ কৰিব পাৰি । আমাৰ সেইটো কৰা নহ’ল ।

 

___০___





Post a Comment

0 Comments