বছৰেই হ’ল নিজৰ সৈতে কথা নোহোৱা । সময় নোহোৱা নহয়, সময় আছে । সুবিধা হে দিয়া নাই নিজক । আজি ভাবিলো, পুৰণি ক্ষয় যোৱা হাৱাই চেণ্ডেল যোৰ ভৰিত সোমোৱাই লৈ খোজকঢ়া যাওক খন্তেক…
“Behind every secret are a million more secrets. And the truth might not
be true. But lies are always lies. The result of every secret is always a new
beginning.”_ Secret Fruit
একো কৰিবলৈ মন নোযোৱা
সময়ত প্রায়ে চিনেমা চাওঁ । সেয়া ‘ই-টিউব’ৰ কৃপাত সম্ভৱ হয় । “Secret
Fruit” এখন চাইনীজ্ ৰোমাণ্টিক চিনেমা । বলিউডৰ
পেনপেনীয়া ৰোমাণ্টিক চিনেমাৰ দৰে নহয় কাৰণে ভাল পালো চায় । এনিমেশ্ব্যন চিনেমাবোৰ
চোৱাৰ দৰে (এই বয়সতো) কুৰিয়ান, চাইনীজ্ চিনেমাও প্রায়ে চাওঁ । জাপানীজ্ ভাষাৰ
চিনেমা অৱশ্যে কেতিয়াবা হে চোৱা হয় । ধুনীয়া বস্তুবোৰতকৈ মৰমলগা বস্তুবোৰলৈ মোৰ
অলপ দুর্বলতা আছে, সেয়ে আৰু... । ভাষা বুজি নোপোৱা এই চিনেমাবোৰ চাওঁতে, যেতিয়া
চিনেমাখন ভাল লাগে, তেতিয়া অলপ দুখো লাগে- কাৰণ, ছাব-টাইটেল্ পঢ়ি থাকোতে
অভিনেতাসকলৰ মুখাবয়বৰ আচল অভিব্যক্তিখিনি ভালকৈ অনুভৱ কৰা নহয় । ডাবিং কৰাবোৰ মোৰ
আক’ চাই ভাল নালাগে, কাৰণ ডাবিঙত কেইটামান নির্দিষ্ট কণ্ঠই থাকে, প্রায়বোৰ
চিনেমাতে বেলেগ বেলেগ অভিনেতাৰ মুখত সেইকেইটা শুনি শুনি চিনাকী হৈ যায় । বুজি
নাপালেও অভিনয় কৰাসকলৰ ‘অৰিজিনেল’ মাতটো শুনিহে কিবা ভাল লাগে । মনলৈ আহে- সকলো
মানুহে যদি সকলোবোৰ ভাষা ক’ব পাৰিলেহেঁতেন ! আকৌ ভাবো- প্রতিটো ভাষাতে কথা কোৱাৰ এক
নির্দিষ্ট সুৰ আছে, সেয়েহে বুজি নাপালেও ভাল লাগে শুনি । আমাৰ খাৰ খোৱা অসমীয়াৰ
মুখত সলসলীয়া ইংৰাজী ফুটিলেও যিদৰে সিমান এটা শুৱলা নালাগে (মোৰ হে দেই), কুৰিয়ান
সকলে হিন্দী ক’লে বা নগাসকলে অসমীয়া ক’লেও তেনেকুৱা লাগিব (দুই-এটা কথা ক’লে,
ভঙা-ছিঙা কথাবোৰ শুনি ভালেই লাগে বাৰু !) ঠিকেই, ভিন্নতা আছে বাবেই বস্তুবোৰ
ধুনীয়া, ভাল লগা !
সেইদৰে গানবোৰো । বুজি নাপালেও সুৰবোৰ ভাল লাগে ।
অলপতে সুস্মিতাই শুনিবলৈ দিছিল-‘Matsuri’-
জাপানীজ্ গান, গায়ক- ‘Fujii
Kaze’; ‘Matsuri’ মানে ‘উৎসৱ’ । অৱশ্যে ইংৰাজী লিৰিক্স
আছে । সেয়া নোচোৱাকৈয়ো কিন্তু গানটোৰ ‘মিউজিক’ত নাচিবলৈ মন যোৱাকৈ
ভাল লগা । আৰু লিৰিক্স বুজি পোৱাৰ পিছত গানটো বেছিকৈ ভাল লাগি যায় । গায়কৰ লগে লগে গাই নাচিবলৈ মন যায়- “…now
let’s embrace it all and just dance… there’s no reason to suffer… … Matsuri…
Matsuri…”
তেনেকৈ BTS-ক শুনা হয়
মাজে মাজে । এই মিউজিক বেণ্ডটো ভাল লাগে কিবা এটা । তেওঁলোকে কেৱল নাগায়, সমানে সমানে নাচেও; নাচৰ
সৰু সৰু কিছুমান ষ্টেপ্ খুব ভাল লগা । বুজি নাপালেও গানৰ সুৰবিলাক ভাল লগা, প্রায়বোৰ গানৰ কথাবোৰ প্রেৰণাদায়ক
(সেয়ে চাগৈ টিনেজ্ প্রজন্মটোৰ প্রিয় তেওঁলোক) । তেওঁলোকে কষ্ট কৰে, মানুহক হঁহুৱায়, ইজনে সিজনৰ কেয়াৰ লয় । নাজানো কিয়, তেওঁলোকৰ ব্যৱহাৰ খুবেই
অমায়িক লাগে মোৰ, গর্ব-ভেম নথকা ধৰণৰ, ভাল লগাৰ সেয়াও এক কাৰণ হয়তো ।
কুৰিয়ান ড্রামা এখনৰ গান
এটা শুনি ভাল লাগে । BTS-ৰ ‘V’ৰ গান, ইংৰাজীতে গোৱা বাৰু । “Sweet night… How could I know one day I’d wake up
feeling more but I had already reached the shore… Guess we were ships in the
night…” কিবা বিষাদ সুৰ যেন লগা যদিও কিয়নো শুনি থাকি ভাল
লাগে নাজানো । গানৰ মাজৰ ‘হামিং’খিনি
বেছি ভাল লগা । শোৱাৰ সময়ত চাগৈ প্রতি নিশা ‘ৰিপিট’ মুডত কেইবাবাৰো
শুনা হয় । কেইবছৰৰ পৰা সেয়া চলি আহিছে হিচাপ নাই ! কেতিয়াবা কেনিবা গৈ থাকোতেও,
বাছত মানুহৰ হৈ হাল্লাৰপৰা আতৰি থাকিবলৈ শুনা হয় । উৎকট গৰমত শীতল পানী এগিলাচ
খোৱাৰ দৰে অনুভৱ সেয়া !
কিয় ভাল লাগে বাৰু ? ভাল
লগাৰ বিশেষ কাৰণ একোটা থাকিবই লাগে জানো ? ভাল লাগে কাৰণে ভাল লাগে আৰু ! একোটা
গানে কেতিয়াবা বহুত কিবাকিবি মনত পেলাই দিয়ে, কেতিয়াবা বহুত কিবাকিবি পাহৰাই ৰাখে,
বহুত কথাৰ পৰা আঁতৰাই ৰাখে, বহুত কথাত মনোযোগ বঢ়াই... সেয়ে চাগৈ কিছুমান গান বেছি
ভাল লাগে । “Behind every secret are a million more secrets.”
সিদিনা অট’ত আহি আছিলো ।
মানুহ কম, মোৰ সমুখৰ ছিটত মাত্র দুজন ল’ৰা, বিপৰীত ছিটত মই অকলে । গধূলিটো আৰম্ভ
হৈছে, বাটৰ লাইটবোৰ জ্বলি উঠিছে । পৰিৱেশ-পৰিস্থিতিৰ সৈতে কোনো সংগতি নথকাকৈ ক্লাছ
ছেভেনত আমাক অংক পঢ়োৱা ‘ভৱ’ ছাৰলৈ মনত পৰিল । ক্লাছত কৰিবলৈ দিয়া অংকবোৰ কৰি
দেখুওৱাৰ পিছত ছাৰে মোক ক্লাছৰ বাহিৰৰ অংক কিছুমান কৰিবলৈ দিয়ে, শিকাই দিছিল ।
সেয়া কেৱল মোৰ ক্ষেত্রতহে হৈছিল । শিকিছিলো, পাৰিছিলো । অংক ভাল লগা বিষয় হৈ
পৰিছিল । ছাৰ বা কেনে আছে এতিয়া ! অ’টত বহি থকা ল’ৰাকেইটাই মোৰ মুখলৈ ভেবা লাগি
চাই থকা দেখিহে সম্বিত ফিৰি আহিল । লাজতে মূখ ঘূৰাই বাহিৰলৈ চোৱাৰ চলেৰে চকু কেইটা
মচি ল’লো ! ধেইত ! ময়ো যে ! ৰূমলৈ খোজকাঢ়ি আহি থাকোতে মনলৈ আহিল, আচ্ছা... নিজে
পঢ়া কলেজখন পাৰ হৈ আহিলো । তাত কিবা অনুষ্ঠান হৈ আছিল, বিজুলী বাতিৰ পোহৰত জকমকাই
আছিল কলেজ চৌহদ । সেয়ে ছাৰৰ কথা মনলৈ আহিল আচলতে । স্কুল সলনি হৈছিল, ছাৰৰ ক্লাছ
কৰিবলৈ নোপোৱাৰ দিনৰেপৰা অংক বুজি নোপোৱা হ’লো ! কলেজত অংক ফ’র্থ ছাবজেক্ট হ’ল মোৰ
!
কিয় বাৰু মনত পৰে
কিছুমান মানুহলৈ ? কিয় পাহৰা নহয় কিছুমান কথা ? কিছুমান... । কিছুমান মানে কিমান
নো আচলতে ? “And the truth might not be true. But lies are always lies.”
পিছলৈ উভতি
চালে ভাব হয় ইমান দূৰ আহিলো ! অথচ সৌ সিদিনাৰ হে কথা যেন ! একেই তো আছো, ক’ত নো কি
সলনি হৈছে, সকলো দেখোন একেই আছে ! আচলতে একোৱেই একে নাই; সকলোবোৰ ক’ৰবাত নহয় ক’ৰবাত,
কিবা নহয় কিবা সলনি হৈছে ! বহু সময় পাৰ হৈ গ’ল ! পাৰ কৰি অহা সময়ত কিমান যে মানুহৰ
সৈতে মুখামুখি হ’লো, চিনাকী হ’লো, অচিনাকী হ’লো, পালো, হেৰুৱালো…! সোঁৱৰণি বোলা কথা
কিছুমানো দেখোন একেবাৰে মচ খাই গ’ল পুনৰ সোঁৱৰিব নোৱাৰাকৈ !
সিদিনা
ৰূমৰ ছাদৰ ওপৰত উঠি চৌপাশে জ্বলি থকা টুনি লাইটবোৰ চাই আছিলো । দিপাৱলী সমাগত । ওখ
ওখ ঘৰবোৰৰপৰা যেন তললৈ বৈ আহিছে তৰাৰ লানি একোটা…! ভাব হ’ল ধিমিক ধামাক কৰি থকা লাইটবোৰতকৈ
স্থিৰ হৈ থকাখিনি বেছি ভাল লাগে ! তেন্তে জোনাকী বোৰনো কিয় ইমান ভাল লাগে ? আকৌ, ৰং
বিৰঙী বোৰতকৈ নীলা বা বগা টুনি লাইটবোৰ বেছি ভাল লাগে । হালধীয়াতকৈ নীলা, নীলাতকৈ বগা
লাইটবোৰ বেছি ভাল লগা । (হালধীয়া বোৰে কিবা এটা মনত পেলাই দিয়ে ! বগাবোৰেও !) ...‘ৰঙা-নীলা-সেউজীয়া-হালধীয়া’
সান-মিহলি ৰঙৰ টুনি লাইটবোৰ খুব ভাল নালাগিলেও কিন্তু সেই একে কেইটা ৰঙকে যদি কেনভাছত
‘এবছট্রেক্ট পেইণ্টিং’ হিচাপে তুলি ধৰা হয়, সেয়া কিন্তু মোৰ খুব ভাল লগা ! কিয়বা ?
ভিন্নৰঙী টুনি লাইটবোৰ চাই এপাকত আকাশলৈ মূৰ তুলি চাই দেখিলো- অনেক তৰা, স্থিৰ ! একেথৰে
কিছু ক্ষণ চাই থাকিলে লাগে যেন তিৰবিৰাই উঠিছে । আমি দেখি থকা তৰাবোৰ হেনো মৃত… কোনোবাই
কয়, সেইবোৰ হেনো জীৱিত…! আচৰিত লাগে… যদি মৃত, দুখৰ কথা… অথচ ভাল লাগে দেখি, চায়… কিয়
? উত্তৰ একোটা জৰুৰী নহয় । থাককচোন… নজনাকৈয়ে… ভাল লগাৰ কাৰণ… “The result of
every secret is always a new beginning.”
বুজি নাপালেও, ভাল লগাৰ
কাৰণ নাজানিলেও বহুত কিবাকিবি ভাল লাগে দেখোন ! যিদৰে ভাল লাগে বুজি নোপোৱা কিছুমান
গানৰ সুৰবোৰ- যিবোৰে কেতিয়াবা কন্দুৱাই, কেতিয়াবা হঁহুৱাই-নচুৱাই, টোপনিক মাতি
আনিব পাৰে, ওৰে ৰাতি টোপনিক খেদাই বহুৱাই ৰাখিবও পাৰে... ! সোঁৱৰণি... জীৱন...
সপোন... সকলো স্পর্শ কৰি আহিব পাৰি এপলক সুৰৰ বোকোচাত উঠি ! ইমানখিনি যদি কৰিবই
পাৰে, তেনেহ’লে কেনেকৈনো ক’ব পাৰি বুজি নোপোৱা বুলি !
কেতিয়াবা বুজি পালেও ভাল নালাগে । কেতিয়াবা বুজি নাপালেও
ভাল লাগে । কেতিয়াবা ঘৰৰপৰা অহাৰ
সময়ত দুৱাৰ মুখত ৰৈ থকা মুখ কেইখনলৈ উভতি চাওঁ, বুজি নাপাওঁ কিয় মনলৈ আহে-
কেতিয়াবা যদি মোক এনেদৰেই পদূলিলৈ আগবঢ়াই দি কয় ‘আৰু আহিব নালাগে’ বুলি ! বাছত বহি
তেতিয়া কোনোবা এটা গান শুনিবলৈ ইয়েৰফোনডাল কাণত লগাই লওঁ । মনলৈ অহা, বুজি নোপোৱা
কথাবোৰ আতৰি যায়... “...Chehre
badalte jayenge… Chalti jayegi… Ye duniya rukti hai kahan kisi ke bhi liye…” …এম টি ভি ৰ গানৰ ভিডিঅ’বোৰ যেতিয়াও চাওঁ সদায়ে ভাবো- ৰকম ৰকমৰ
বাদ্যযন্ত্র বজোৱা মানুহকেইজনে হে গানটো সকলোতকৈ বেছি উপভোগ কৰে ! মৃদু লয়ত হালি-জালি
থকা সেই মানুহখিনিক চাই ভাল লাগি যায় !
কেতিয়াবা ভাব হয়
সুৰ-সংগীতৰ সৈতে জড়িত মানুহবোৰ চাগৈ বেছি সুখী ! কেতিয়াবা ভাবোঁ প্রথমে সুৰবোৰ হে
ভাল লাগে, তাৰ পিছত হে গানৰ বাকীখিনি । চাইনীজ্ চেনেল এটা ফ’ল’ কৰো- “TaiGekTou” নামৰ । কিছুমান সুৰ ইমান ভাল লগা ! কোনোবাটো সুখী
সুখী ভাবৰ, কোনোবাটো বিষাদ সনা… ভাল লাগে নুবুজাকৈয়ে ! “Broken Hopes and Dreams” টো প্রায়ে শুনো, দুখৰ যদিও । কাহিনী এটাও আছে সুৰটোৰ সৈতে ।
…আটাইকেইটা ঋতুৰ ভিতৰত ‘Autumn’ মোৰ কিয়
আৰু কেতিয়া ভাল লগা হ’ল নাজানো । Autumn… Fall… Farewell… তথাপিও ভাল লাগে সৰাপাত... “…My forever is falling down…
I had already reached the shore…”
আজি হেনো মোৰ দিন ! নিজে
কেতিয়াও বিশেষ বুলি নভবা এটা দিন । লাহে লাহে বিশেষ লগা হৈছে দেখোন... অনুভৱ হয়,
ইয়াৰ পিছত বা এই দিন দেখা হয় নে নহয় ! সেয়ে যেন গাম... “Matsuri… Matsuri…”
“Just wanna feel
nothing but love
Definitely have no
favoritism at all
I’m ready for
anything
I’m gonna embrace it
all for now
So, what a heck do
you want
Who the hell do you
wanna beat
I know it’s hard to
realize
That we already got
everything we need
Flower festival,
summer festival
You can pick
whatever you want
And have ’em bloom
in your heart
Autumn festival,
winter vacation
Now, break open your
closed heart
Break open, break
open
Let’s go
Matsuri, Matsuri
Each day is beloved
Festival, festival
Every little thing’s
gonna be a big hit
You’re not better or
worse than anything
There’s no such
thing as winning or losing
No, hell no!
I really couldn’t
care less
Let me do whatever
you want me to do
I don’t give a
flying monkey
Let me do whatever
the heck you want me to do
Because I cried so
hard
Because you laughed
out loud
Summer heat burned
our bodies out
Fierce winter froze
us to death
If I could keep
myself calm no matter what
Could I have gone
straight there
Aight, it’s never
too late to start over
Aight aight aight
aight
Flower festival,
summer festival
Those who are being
born, those who are dying
It all happens at
the same time
Autumn festival,
winter vacation
Now let’s embrace it
all and just dance
Matsuri, Matsuri
Each day is a
beloved
Matsuri, Matsuri
Very grateful for
all that’s happening in my life
There are no reasons
to suffer
No need to be
disappointed
No, hell no
No, hell no !
I really could’t
care less
Let me do whatever you
want me to do
I don’t give a
flying flamingo
Anyway it’s all
worth celebrating”
এৰা… প্রতিটো দিনেই যেন উৎসৱ ! সময় ৰৈ
নাযায়, গৈ থকাই যাৰ নিয়ম । হয়তো এই এটা দিন আকৌ লগ পাম, অলপ আজিৰ দৰেই… অথবা আজিৰপৰা
অলপ বেলেগকৈ…
“Like an echo in the
forest
The day will come
back around
As if nothing
happened
Yeah, life goes on
Like an arrow in the
blue sky
Another day flying
by
On my pillow, on my
table
Yeah, life goes on
Like this again…” _(‘Life
goes on’ by BTS)
“People say the world has changed, but thankfully between you and me nothing has changed…” “শুভ জন্মদিন”… Saranghae Tulika 😊
কাঞ্চন
২৯/১০/২০২২
0 Comments