দোপ্ দোপ্ দোপ্... কিহৰ শব্দ? জোনাকীয়ে কাণ থিয় কৰি বহি ৰ’ল বিচনাতে। আজিও আহিল নেকি? বিচনাখন কেৰমেৰাই উঠিল।কাষতে ইখন বিচনাত শুই থকা সৰুপোনাই বাগৰ সলালে। খুব সাৱধানে জোনাকী বিচনাত উঠিল। তথাপিও বিচনাখন যেন কিবা অচিন বিষত কেঁকাই উঠিল। সৰুপোনাই টোপনিতে আকৌ এবাৰ বাগৰ সলালে। জোনাকীৰ নিজকে দোষী দোষী ভাৱ হ’ল! লৰচৰ নকৰি তাই য’তে আছিল ত’তে বহি ৰ’ল। পদূলি মূখত কুকুৰ দুটামানে ৰাউচি জুৰিছে। নঙলাকেইদাল জোৰেৰে টান মাৰি খোলাৰ শব্দ হ’ল। দোপ্ দোপ্... শব্দবোৰ বাঢ়ি গৈ আছে, লগে লগে জোনাকীৰ বুকুৰ ধপধপনিবোৰো বাঢ়ি গৈ আছে। আন্ধাৰতে আহি শব্দবোৰ যেন জোনাকীৰ বাৰাণ্ডাতে আহি থমকি ৰ’ল। তাই বিচনাৰপৰা নামি আহি কমকৈ জ্বলাই থোৱা লেম্পটো একেবাৰে ফুঁ মাৰি নুমুৱাই দিলে। ঘোপ মৰা আন্ধাৰ, একো নমনি। তথাপিও জোনাকীৰ ভাৱ হ’ল বেৰৰ জলঙাৰে কেইবাজোৰা চকুৱে যেন তাইৰ ঘৰৰ ভিতৰলৈকে ট ট কে চাই আছে! নিশা কেই বাজিল বাৰু? জোনাকীয়ে নিজকে নিজে সোধিলে। থমকি ৰোৱা শব্দবোৰ আকৌ লৰচৰ কৰি উঠিল! গিৰিপ গাৰাপ খোজৰ শব্দ... মাজে মাজে ফুচফুচনি... আটাইবোৰে মিলি ঘৰটো মেৰিয়াই ধৰি গিলিহে থ’ব খুজিছে যেন! জোনাকীয়ে কেইবাবাৰো সেপ গিলিলে। কিছু সময় তেনেকৈয়ে বহি থাকিল তাই। লাহে লাহে আন্ধাৰবোৰ কিছু পাতলিল। আন্ধাৰতে সৰুপোনাৰ বিচনাখনলে’ জুপি জুপি চালে। আছে, শুই আছে সি। ঠাণ্ডাতে ছাগে দন্তীয় দ টো হৈ পৰিছে সি। পুহ মাহ। ফটা কেথা কাপোৰকেইখনে পুহমহীয়া জাৰক ফেপেৰি পাতি ধৰিব নোৱাৰে। অকণমান সুৰুঙা পালেই ফিৰফিৰীয়া বতাহ এজাক সোমাই আহে ফটা কেথা কাপোৰৰ আবোৰত সোমাই থকা দেহাটোলৈ। জুইশালতো জুইকুৰা ধৰি বেছি সময় বহি থাকিব নোৱাৰি। ধোঁৱাবোৰে মাতি আনে অনাহুত অতিথি! তাই লাহেকৈ উঠি নিজে লৈ থকা কাপোৰখন আনি সৰুপোনাৰ গাত দি দিলে। সি কাপোৰখন মূৰৰ ওপৰলৈকে টানি লৈ কুঁচি-মুচি পুনৰ শুই পৰিল। গধুৰ বুকুখন লৈও মিচিকিয়া হাঁহি এটা বাগৰি গ’ল জোনাকীৰ শুকান ওঁঠৰ ফাঁকেৰে।
তাই কাণ পাতি ৰ’ল
হঠাতে কাৰোবাৰ প্রচণ্ড গোৰত দুৱাৰখন খোল খাই যাব নেকি? সোমাই আহিব নেকি মুখত ক’লা
কাপোৰ বন্ধা এসোপা মানুহ? চোঁচৰাই উলিয়াই নিব নেকি তাহাঁত মাক পুতেক দুয়োটাকে?
চোতালত আন্ধাৰতে ঠিয় কৰাই দুয়োটাৰে বুকুত ঢালি দিব নেকি গুৰুম গুৰুম শব্দেৰে
ধাতব শেল দুপাটমান? তাৰপিছত? ছিটিকি পৰিব ৰঙা, ৰঙা আৰু ৰঙা... তেজ? নে
ফাঁকুৰ ৰং??
তাইৰ বুকুখন খালী
খালী লাগিল হঠাতে। আঁঠু দুটাৰ মাজতে থুতৰিটো গুজি বহি পৰিল মাটিতে। সেইদিনাও
এনেকুৱাই আছিল। আন্ধাৰবোৰো একেই আছিল। পদূলিত কুকুৰৰ ভুকভুকনিবোৰো একেই আছিল।
দোপদোপাই বাঢ়ি আহিছিল গিৰিপ গাৰাপ খোজৰ শব্দবোৰ। কাৰোবাৰ ভৰিৰ গোৰত দুফাল হৈ
পৰিছিল দুৱাৰখন। জ্বলি থকা লেম্পটো ওফৰি পৰিছিল। কেইবাখনো মুখে একেলগে চিঞৰি
উঠিছিল__ কাঁহা চোপা কে ৰাখা হে? বাহাৰ নিকালৌ।
ঘৰখনত চাৰিটি
প্রাণী। কোনে কাক লুকুৱাই থ’ব! তাতে দীন-হীন মানুহ, লুকুৱাই থ’ব পৰাকৈ সোণ-ৰূপৰ
খনিওতো নাই! কোন টলকত মুখত ক’লা কাপোৰ মৰা মানুহখিনিয়ে তাইৰ গিৰিয়েকটোক আৰু ডাঙৰ
পুতেক ভাইকনকো চোঁচৰাই বাহিৰলৈ লৈ গ’ল তাই গমেই নাপালে। হায়ৈ বিয়ৈ কৈ চোতালৰফালে
ল’ৰি আহিল তাই। পিছে পিছে সৰুপোনাও। তেতিয়ালৈ তাত ভাইকনো নাছিল, তাইৰ গিৰিয়েকো
নাছিল। গিৰিপ গাৰাপ খোজেৰে গুচি গৈছিল ক’লা কাপোৰ বন্ধা মানুহমখা দুয়োটাকে লগত
লৈ। দুদিন পিছত ঘূৰি আহিছিল কথা ক’ব নোৱাৰা, লৰচৰ কৰিব নোৱাৰা দুটা মানুহৰ শৰীৰ!
তেজ নাইকিয়া নিস্তেজ শৰীৰকেইটাৰ অ’ত ত’ত জিলিকি আছিল কলা কলা অসংখ্য দাগ।
মুষলধাৰে বৰষুণ পৰিছিল। ধুই নিব পৰা নাছিল দাগবোৰ। জোনাকী পিৰালিতে বহি ৰৈছিল বোবা
হৈ। গাঁৱৰ মানুহবোৰে লৈ গৈছিল চাঙীত তুলি দুয়োটাকে।
তাই আজিও ভাবি
নাপায় তাইৰ কি দোষৰ বাবে ঘৰৰ দুটাকৈ মানুহ হেৰুৱাব লগা হ’ল। গাঁৱৰ মানুহবোৰে কয়
তাই দোষ কৰিছিল অচিনাকী ডেকা দুটামানক এৰাতি তাইৰ জুপুৰীত থাকিবলৈ দি, ভোকৰ ভাত
মুঠি দি। তাই কেনেকৈ বুজাই এতিয়া, সিহঁতকেইটাই আহি যে তাইক আই বুলি মাতিছিল!
দুদিন লঘোণত থকা ল’ৰাকেইটাক ভোকৰ ভাত মুঠি দিয়াটোত এনে কি দোষ লাগিল যে তাই শিৰৰ
সেন্দুৰকণ মচিব লগা হ’ল? পেটৰ পোৱালি হেৰুৱাব লগা হ’ল? নঙলামুখত থিয় হৈ বাট চায়
ৰয় আজিও তাই, কিজানিবা দেখা পাই তাইক আই বুলি কোৱা সেই মুখকেইখন! তাইৰ সোধিবৰ
মন__ কচোন বোপাহঁত কিয় তহঁতি মোৰ ঘৰখন চেদেলি-ভেদেলি কৰি পেলালি? কি দোষ কৰিছিলোঁ
মই? এতিয়া তহঁতি নাহ কিয় মোৰ জুপুৰীলৈ? মোক ঘুৰাই দে মোৰ মানু্হটো। সৰুপোনাক ঘুৰাই দে তাৰ ককায়েকটোক।
সৰুপোনাই আকৌ এবাৰ
বাগৰ সলালে। জোনাকীয়ে তাৰ মুখলৈকে চাই ৰ’ল ভালেপৰ। তাইৰ বুকুত নতুন ভয় এটাই বাঁহ
বান্ধিছে আজিকালি। সৰুপোনা এই দুবছৰতে যেন বহুত ডাঙৰ হৈ গ’ল। লগৰকেইটামানৰ লগত
নঙলামুখতে বহি ফুচফুচীয়া মেল মৰা হৈছে ঘনাই গধূলি গধূলি। সৰুপোনাৰ দুচকুত তাই
বহুদিন দেখিছে দপ্ কৈ জ্বলি উঠা জুই একোঁৰা। সেইকোঁৰা জুয়ে মনত পেলাই দিয়ে তাইক
দাউদাউকৈ জ্বলি থকা জুইৰ মাজত শুই থকাতেই নাইকিয়া হৈ যোৱা দুটা আপোন মানুহলৈ!
নালাগে, সৰুপোনা হেৰাব নালাগে এনেকৈ। ৰাতিখন দুৱাৰ খুলি সৰুপোনা যাব নালাগে
বাহিৰলৈ। কোনোবা সোমাই আহিবও নালাগে আন্ধাৰতে দুৱাৰ ভাঙি। সৰুপোনাৰ বিছনাৰ কাষতে জোনাকী বহি ৰ’ল দুৱাৰখনলৈ চায়। ৰাতিপুৱাবলৈ আৰু বেছিপৰ
নাই।
( ই-আলোচনী "স্পন্দন শব্দৰপৰা হৃদয়লৈ"ত প্রকাশিত)
0 Comments