ফুটফুটীয়া ফ্রকটো
এহাতে জোকাৰি জোকাৰি আনখন হাতেৰে দেউতাকৰ তৰ্জনী আঙুলিত ধৰি অঞ্জলি মামাকৰ ঘৰৰপৰা
গৈ আছে নিজৰ ঘৰলৈ বুলি । উলাহতে তাই জপিয়াইছে, কিবাকিবি গুণগুণাইছে । দেউতাকৰ মুখলৈ চাই
তাই ধৰিব পৰা নাই তেওঁনো কি চিন্তাত বিভোৰ হৈ আছে । পথাৰৰ মাজৰে অহা এই
পথচোৱা তাইৰ খুউব ভাল লাগে । পথাৰখন কেতিয়াবা শুকান, কেতিয়াবা বোকাময়, কেতিয়াবা সেউজীয়া আৰু কেতিয়াবা
সোনালী । কিমান যে ৰূপ
পথাৰখনৰ । তাইৰ দুচকুয়ে যিমানলৈ পাৰে সিমানলৈ চাই পঠিয়ালে কি
আছে পথাৰৰ সিপাৰে । পথাৰখনৰ দেখোন শেষেই নাই ! তাই ভাবে সুধিব নেকি
দেউতাকক এবাৰ ? পথাৰখন দেখোন সিটো মূৰত আকাশখনৰ লগতে লাগি আছে ! আৰু তাই দেখি থকা
বিলখন কেতিয়াওঁ নোশোকাই কিয়নো ? ইম্মান পানী ক’ৰপৰা আহে বাৰু ? কি ভাবি জানো তাই
একো নোসোধে দেউতাকক ।
সপ্তাহৰ প্রতিটো
শনিবাৰৰ আবেলি তাই এইদৰে দেউতাকৰ আঙুলিত ধৰি ঘৰলৈ আহে। তাই মোমোয়েকৰ ঘৰত থাকি পঢ়ে । মোমায়েকৰ ঘৰৰপৰা তাইৰ
ঘৰলৈ বেছি দূৰ বাট নহয় । মাজত এখন ডাঙৰ পথাৰ আৰু এখন বিল । বিলৰ সাঁকোডাল পাৰ
হৈ পথাৰে পথাৰে পোনাই গ’লে আধা ঘণ্টাৰ বাট।দেউতাকে পথাৰেদি নিনিয়ে তাইক । অকোৱা পকোৱা
ৰাস্তাটোৱেদিয়েই সদায় যায় ।এঘণ্টামান লাগে তেতিয়া ।
তাই আহিছে বুলি মাকে
আজি কিবাকিবি ৰান্ধিছে পাকঘৰত । অঞ্জলিয়ে লুকাই চুৰকৈ মন কৰি আছে মাকেনো আজি ৰাতিৰ
সাঁজৰ বাবে কি ৰান্ধিছে । দেউতাকে ভনীয়েকক কোলাত লৈ জুইকোৰাৰ কাষতে বহি আছে । তাইয়ো ফোঁক চোঙাটোৰে
জুইকোৰা ফুকি ফুকি আইতাকৰ কাষতে জুই পোৱাই বহি আছে । আইতাকে দেউতাকক কিবাকিবি কৈ আছে । সেইবোৰ তাইৰ কানত
সোমোৱা নাই । ভনীয়েক দেউতাকৰ কোলাতেই টোপনি গ’ল । তাই আঁঠুমূৰত
থুতৰিটো গুজি জুইকোৰাকে ৰ’ লাগি চাই আছে । অঙঠাবোৰ ইমান
ধুনীয়াকৈ ৰঙা হৈ পৰিছে । তাই মনে মনে ঠিক
কৰি থলে কালিলৈ আইতাকৰ দৰে তায়ো শুই উঠিয়েই অঙঠাৰে দাঁত মাজিব । কথাবোৰ মনতে পাগুলি
থাকি অঞ্জলিয়ে খুউব স্ফূৰ্তি পালে ।
:অই সোনটি, জুইত
আলুকেইটামান আছে । লুটিয়াই দেচোন । মাকৰ কথাত অঞ্জলিৰ ভাৱনাত যটি পৰিল ।
:ইচ্ জুইৰ কাষত বহি
নতুন আলু পুৰি খাই কিম্মান যে মজা লাগে ! অ’ আইতা, ভাত খাই উঠি তেজীমলাৰ সাধু কবি
দেই । টেটুন তামুলীৰ সাধুটো দদৌ আহিলে ক’ব । তোক মই পকা চুলি কাঢ়ি দিম নহয় কালিলৈ ।
অঞ্জলিয়ে আইতাকক শিশুসুলভ সৰলতাৰে
ফুচুলাবলৈ লাগিল সাধু শুনাৰ আশাত ।
অঞ্জলিৰ দদৌয়েকে
বুঢ়ীদিহিঙৰ মাজত থকা চাপৰিত মাটি মোকলাই পাচলিৰ খেতি কৰিছে । এতিয়া চাগে বিধে বিধে
পাচলি হৈছে দদৌৰ বাৰীত । অঞ্জলিয়ে মনৰ ভিতৰতে হিচাপবোৰ আকৌ এবাৰ জুকিয়াই চালে । কালিলৈ
যদি আইতাক দদৌৰ ওচৰলৈ যায় তায়ো যাওঁ বুলি কব । মাকে মানা নকৰিব নিশ্চয় । বৰপাইক
ক’লে সৰুবাকো যাবলৈ দিব । কথাবোৰ ভাবি ভাবি উলাহতে তাই বনফৰিঙৰ দৰে জপিয়াবলৈ লাগিল
।
:অই এইজনী কিনো
জপিয়াই আছ ? ভাত দিছো, খাই ল হি আহ । মাকে মৰম মিহলি ধমকি এটাৰে তাইক ভাতৰ পাতত
বহিবলৈ ক’লে । তৃপ্তিৰে মাকৰ হাতৰ ভাতকেইটা খাই তাই আইতাকৰ মুখেৰে সাধু শুনি শুনি
কেতিয়া টোপনিৰ কোলাত ধলি পৰিল গমেই নাপালে।
:অই সোনটি, উঠ উঠ । ব’ল
আজি এপাক তোৰ দদৌৰ ওচৰৰপৰা আঁহোগৈ ।
আইতাকৰ কথাষাৰ
টোপনিৰ ভাওঁ জুৰি বিচনাত পৰি থকা অঞ্জলিক জগাবলৈ যেন এপালি মহৌষধ ! তাই একে জাপে
বিচনাৰপৰা নামি আহিল ।
:কেতিয়া যাবিনো আইতা
? মই সৰুবাক লগ ধৰি আহোগৈ দেই । আৰু একো কথা নুশুনি তাই পিচফালৰ দুৱাৰেদি ওলাই গৈ
বৰমাকৰ কাষ পালেগৈ । বৰমাকে পুৱাতেই তাইক দেখি আচৰিত হ’ল ।
:ঔ আই ! কেতিয়া
আহিলি তই ?
:ইহ তুমি হ’বলা গমেই
নোপোৱা ? মই কালিয়েই আহিলো ।
:অ’ হয় নেকি । ভালে
আছনে তই ? হুঁ ল, পিঠা খা । বৰমাকে তাইৰফালে তিলৰ পিঠা দুখন আগবঢ়াই দিলে ।
:মই ভালে আছো বৰমা ।
পিঠা খাই খাই তাইৰ দুচকুয়ে সৰু বায়েকক বিচাৰিলে । নাইচোন কেনিও ।
:অ’ বৰমা, সৰুবা
ক’তনো ? বৰপাই ক’ত আছে ?
:ভঁৰালৰ কাষত আছে
নেকি, চাগৈ চোন যা ।
অঞ্জলি ভঁৰালৰ কাষ
পালেগৈ । দেখিলে বৰপায়েকে মাটিতে লেপেটা কাঢ়ি বহি লৈ সৰুবায়েকৰ কানৰ মাকৰলি চাফা
কৰি আছে । ওখ ভঁৰালটোৰ সন্মুখত এখন জাল পাতি থৈছে তেওঁ । অঞ্জলিয়ে জানে জালখনত
এতিয়া ভঁৰালৰ ধান খাবলৈ অহা ঘৰচিৰিকাবোৰ লাগি ধৰিব আৰু অকনমানি চৰাইবোৰ ধৰি ধৰি
বৰপায়েকে তেলত ভাজি বৰ তৃপ্তিৰে খাব ! বৰপায়েকৰ এই কামটো তাই অকনো ভাল নাপায় ।
সৰুবায়েকৰ কান চাফা
কৰা হৈছিল । তাই ঠিয় হৈ দেখিলে কিবা ভাৱত বিভোৰ হৈ অঞ্জলি জানো কেতিয়াৰপৰা ৰৈ
আছেহি !
:অই, কেতিয়া আহিলি
তই ? মনে মনে আহি ৰৈ আছহি যে ?
:মই কালিয়েই আহিলো ।
আজি চাপৰিলৈ যাবি মোৰ লগত ? আইতা যাব । অঞ্জলিৰ লগতে সৰু বায়েক কল্যাণীয়েও গহীন হৈ
বহি থকা দেউতাকৰ মুখলৈ ভয়ে ভয়ে চালে ।
:যা যা । গৈ আহ । ঘূৰি
আহিবি, থাকি নাহিবি কিন্তু ।
বৰপায়েকে ইমান
সোনকালে সন্মতি দিব বুলি অঞ্জলিয়ে ভবাই নাছিল । তাই ভাবিলে ইয়াৰপৰা এতিয়া সোনকালে
আতৰি যোৱাই ঠিক হ’ব । কোন সময়ত বৰপায়েকৰ মন ঘূৰি নালাগে যাবলৈ থ বুলি কয় ঠিক নাই ।
দুয়ো বায়েক ভনীয়েকে চকুৰ থাৰতে কথা পাতি তাৰপৰা আতৰ হ’ল ।
পুৱা যিমানেই
সোনকালে ওলাই যাব পাৰিব সিমানেই বেছি সময় চাপৰিত থাকিব পাৰিব । গতিকে দুয়োজনী খৰধৰকৈ
গা পা ধুই কিবা অলপ খাই আইতাকৰ সৈতে যাবলৈ ওলাল ।
চাপৰিলৈ বেছি দূৰ
নহয় । গাঁৱৰ কেঁচা আলিবাটৰ দুই কিল’মিটাৰমান গৈ আৰম্ভ হয় পকী ৰাস্তা । পকী
ৰাস্তাৰে আৰু দুই কিল’মিটাৰমান যাব লাগে । পকীৰাস্তাৰপৰা নামি দি সৰু সৰু জোপোহা
গছবোৰ পাৰ হৈ কেইগজমান গলেই বুঢ়ীদিহিংখন দেখা পায় ।
এইকন ৰাস্তা
খোজকাঢ়িয়েই অহা যোৱা কৰে অঞ্জলিহঁতে । অভ্যাস হৈ গৈছে । খুব সোনকালেই দুয়োজনী
আইতাকৰ সৈতে নৈৰ কিনাৰ পালেহি । নৈখন এতিয়া পানীৰে উপচি থকা নাই । মূল সুতিটোহে বৈ
আছে, বাকীখিনি বালি । দুয়োজনীয়ে চেণ্ডেল খুলি লৈ বালিৰ ওপৰেদি নৈৰ কাষলৈ দৌৰিবলৈ
লাগিল । আইতাকে মানা কৰিলে যদিও এজনীৰো কানত কোনো কথা নুসোমাল । পানীৰ কাষ পাই
দুয়োজনীয়ে সুৰ ধৰি চিঞৰিবলৈ লাগিল ।
:দ................দৌ.........
আমি আহিছো । নাৱখন লৈ আহ ।
দুবাৰ তিনিবাৰ
চিঞৰাৰ পিচত দদৌয়েকে মূৰত গামোচাখন মেৰিয়াই নাৱখন লৈ আহে ।
:অই সোনটি, তই কেতিয়া
আহিলি ঔ ? এইকেইদিনতে বৰ এজনী হলি দেখোন । বঠা বাই বাই দদৌয়েকে অঞ্জলিক সুধিলে ।
:কালিয়েই আহিলো দদৌ ।
সৰিয়হবোৰ ফুলিছেনে ? নতুন আলুবোৰ খান্দিলিয়েই নেকি ? মটৰবোৰ চিঙিব পৰা হৈছেনে ? এহাতেৰে
নৈৰ পানীবোৰ চুই চুই অঞ্জলিয়ে দদৌয়েকক সুধি গৈ থাকিল কথাবোৰ ।
:আলু খানিলো অলপ । জুইত
পুৰি খাব পাৰিবি।সৰিয়হবোৰ ফুলিবলৈ লৈছে । মটৰ চিঙিবি আজি দুইজনীয়ে আইতাৰৰ লগত ।
নৈৰ পাৰত নামিয়েই
তাই বিশেষ এজোপা বগৰীৰ ওচৰলৈ দৌৰি গ’ল বগৰী আছেনে চাবলৈ । সেইজোপা তাই তাইৰ বগৰী
গছ বুলি কয় । খাবলৈ বৰ সোৱাদ ।
এইবাৰ তাই দদৌয়েকে
সাজি লোৱা সৰু দুই কোঠালিৰ ঘৰটোত সোমালগৈ । ইকৰাবোৰ কাটি ৰ’দত শুকুৱাই সেইবোৰেৰে
বেৰবোৰ গাঠিছে দদৌয়েকে । ওপৰৰ চালখন উলুখেৰেৰে ডাঠকৈ চাইছে ।
:অই তহঁত দুইজনী
এতিয়াই বাৰীলৈ লৰ নামাৰিবি । আগতে কিবা অলপ খাই ল হি আহ ।
তাহাঁত দুজনীৰ
উৎপাতবোৰ দেখি আইতাকে দবিয়ালে । নৈৰপৰা পানী এবাল্টি আনি আইতাকে মাটিৰ কলহটোত
বাকিচে । ঠাণ্ডা হৈ থাকে, পিছত সেইপানীকে খোৱা হয় । কেতিয়াবা নৈৰ পানী গৰম কৰি
খাবলৈ দিয়ে আইতাকে ।
দদৌয়েকে কোৰখন লৈ
আলু খেতিদৰাৰ ফালে গ’ল । সৰুবায়েকে চাউল ধুই জুইত ভাতৰ চৰু পাতিছে । তাই আইতাকৰ
সৈতে লাইশাক কাটিবলৈ লাগিল । মাছমৰীয়াৰপৰা সৰু মাছ লৈ থৈছে দদৌয়েকে । লাইশাকখিনি
কেৰাহীখনত দি নিমখ অলপ চটিয়াই দিলে আইতাকে । ভাপতে অলপ সিজাৰ পিছত পানী দিলে । উতলিবলৈ
লোৱাত সৰু মাছবোৰ ধুই তাতে দি দিলে । লগত আদা এডোখৰো খুন্দি দিলে । জুইত দুটামান
নতুন আলু সুমুৱাই দিলে অঞ্জলিয়ে খাই ভাল পাই বুলিয়েই । দুটা ডাঙৰ গৰৈ মাছ চেনা
কাটি, নিমখ অলপ চটিয়াই দীঘলে দীঘলে খৰিকাত হিঙি জুইত পুৰিবলৈ লাগিল ।
:এতিয়া ভাত খাই
তঁহতি মটৰ চিঙিব লাগিব দেই । দদৌয়েৰক মাতি দে ভাত খাবলৈ । আইতাকে কল্যাণীক ক’লে ।
কথা পাতি পাতি
আটাইকেইতাই ভাত খালে । কাঁহী বাতিবোৰ ধুই দুয়োজনী আইতাকৰ সৈতে মটৰ চিঙিবলৈ ওলাল ।
:অ’ দদৌ, বাৰীখন
দেখিবলৈ ইম্মান ধুনীয়া হৈছে !
:মই কষ্ট কৰি কাম
কৰিছো বাবেহে ধুনীয়া হৈছে । তয়ো ভালকে পঢ়া-শুনা কৰিবি । তেতিয়াহে তোৰ জীৱনটো
ধুনীয়া হ’ব । বুজিলি মোৰ আইজনী ?
:বুজিলো দদৌ । মই
ভালকেইতো পঢ়ো । তই জাননে নাই মই শ্রেণীৰ পৰীক্ষাবোৰত সদায় প্রথম হওঁ?
:বৰ ভাল কথা । সদায়েই
প্রথম হৈ থাকিব পৰাকে পঢ়িবি । এতিয়া যা,আইতাৰক অকনমান সহায় কৰি দেগৈ ।
অঞ্জলি গৈ মটৰ দৰাত
সোমালগৈ । আইতাক আৰু সৰু বায়েকৰ খৰাহিকেইটা ভর্তি হ’বই এতিয়া । তাইয়ো এটা খৰাহি লৈ
মটৰ চিঙাত লাগিল ।
:অ’ আইতা, জলকীয়াও
চিঙিব লাগিব নেকি ? কল্যাণীয়ে সুধিলে আইতাকক ।
:লাগিবতো । ধনীয়া, লাই,
মূলা এইবোৰো উঘালিব লাগিব । দদৌয়েৰে চাগে জিলিমিলি বুটলিছে ।
হাওলি হাওলি দূৰৈত
কিবা বুটলি থকা মানুহজনলৈ চাই আইতাকে ক’লে ।
:অই এইজনী, তই মটৰ
চিঙিচনে খাইছ ?
কল্যাণীয়ে অঞ্জলিক
মটৰ খাই থকা দেখি সুধিলে ।
:ইহ ! কৈছে শুনা । তহঁতিহে
কথা পাতি আছ । মই কিমান চিঙিলো চা । এচিৰা মটৰ খালেনো কি হ’ব ? অঞ্জলিয়ে ভর্তি হওঁ
হওঁ কে থকা খৰাহিটো দেখুৱাই ক’লে ।
:তহঁত দুজনীয়ে চুপতি
মাৰি থাকিব নালাগে এতিয়া । মটৰ চিঙা বহুত হ’ল । জলকীয়া চিঙিবি ব’ল । আইতাকে ক’লে ।
মটৰবাৰীৰপৰা ওলাই
তাঁহাতি এইবাৰ জলকীয়া দৰাত সোমালগৈ । দদৌয়েকে লাইশাক, মূলা, গাজৰ উঘালিলে । ফুলকবি,
বন্ধাকবি অলপো কাটিলে । মুঠতে বাৰীত সৰেক ৰকমৰ পাচলিৰ খেতি কৰিছে দদৌয়েকে । আটাইকেইতাই
মিলিজুলি পাচলিবোৰ নৈৰ পানীত ধুলেগৈ । এইবাৰ আইতাক কিবা ৰান্ধিবলৈ গ’ল । তাঁহাত
দুজনীয়ে দদৌয়েকৰ লগত লাই, মূলা, ধনীয়া, জিলিমিলিবোৰ মুঠি মুঠিকৈ বান্ধিবলৈ লাগিল ।
দদৌয়েকে এইবোৰ নগৰৰ মঙ্গলবৰীয়া বজাৰলৈ নি বিক্রী কৰিব ।
:তহঁতি আজি বগৰী
নাখাৱ নেকি ? দুইজনীয়ে তেতিয়ালৈকে বগৰীৰ নাম নোলোৱা দেখি দদৌয়েকে ক’লে ।
:খাম খাম । কিয়
নাখাম ? ব’ল দদৌ, এইবাৰ বগৰী পাৰোগৈ । অঞ্জলিয়ে যেন ৰৈ হে আছিল সেই কথাষাৰ শুনিবলৈ
।
:ৰ ৰ,খৰাহী এটা লৈ
লওঁ । কল্যাণীয়ে ভিতৰৰপৰা খৰাহী এটা লৈ আহিল । লগত দাউকি এদালো ললে দীঘল চায় ।
দুইজনীয়ে হেপাহ
পলুৱাই বগৰী পাৰিলে । বগৰীৰ লগতে কাঁইটৰ আঁচোৰো ভালকৈ খালে । উভতি আহোঁতে কচুঠুৰি,
তিকনি বৰুৱা, তৰা গাজ বুটলিলে । জোপোহানিবোৰত শৰালি হাঁহে কনী পাৰি থৈছে নেকি তাকো
বিচাৰি চালে । মুঠতে চাপৰিলৈ আহিলে কিমান যে কৰিবলগীয়া কাম থাকে ! বগৰী পাৰি আহি
অঞ্জলি সৰুবায়েকৰ লগত নৈৰ পাৰলৈ দৌৰ দিলে ।
:অই তহঁতি দ পানীলৈ
নাযাবি ।
তাহাঁতি যে
সাঁতুৰিবলৈ গৈছে গম পাই আইতাকে দুয়োজনীকে সাৱধান কৰি দিলে ।
ক’ত আৰু আইতাকৰ কথা
শুনিবলৈ সময় ! দুয়োজনীয়ে ওখ গৰাত বহি দিলে, বালিৰ ওপৰেদি চুচৰি আহি একেচাততে তল
পালেহি । কল্যাণীয়ে ভালকৈয়ে সাঁতুৰিব পাৰে । অঞ্জলিয়ে মামাকৰ ঘৰৰ পিছফালে থকা
পুখুৰীটোতে অলপ অলপ সাঁতুৰিব শিকিছে । শিকা আৰু কি, কেতিয়াবা ডাঙৰ মামাকে জাল মাৰি
মাছ ধৰিলে পাছে পাছে খালৈটো লৈ ঘূৰি ফুৰে । নিজেও কেতিয়াবা জাকৈখন লৈ মাহীয়েকৰ লগত
মাছ ধৰে । মাছ ধৰাৰ অচিলাতে সাঁতোৰা হয় অলপ । নতুবা বাৰিষা দিনত পথাৰৰপৰা আহি গাৰ
বোকা আঁতৰাবলৈ পুখুৰীতে জপঙকৈ জাপ মাৰি দিয়েহি । সেইখিনিকে সম্বল কৰি এতিয়া তাই
সাঁতুৰিবলৈ নামিছে বুঢ়ীদিহিঙৰ বুকুত ।
দুয়োজনীয়ে হেপাহ
পলুৱাই গা ধুলে, সাঁতুৰিলে । তাঁহাতৰ নিষ্পাপ খিলখিল হাঁহিত নৈখনেও যেন কিছু সময়
খিলখিল হাঁহিৰে ধেমালি কৰিলে । আবেলিৰ বেলিটোয়ে খৰধৰ লগাইছে ৰান্ধনি বেলিৰ নাম
ল’বলৈ । দুয়োজনীয়ে এইবাৰ বালিত শামুক বগাই যোৱা চিন বিচাৰিবলৈ লাগিল । চিনে চিনে
আগবাঢ়ি গৈ থাকিলেই শামুক পোৱা যায় । কিন্তু আজিলৈকে দদৌয়ে কোৱাৰ দৰে শামুকৰ পেটত
মুক্তা হ’লে এটাও পোৱা নাই তাহাঁতি !
:অই তহঁতি পানীৰপৰা
উঠি আহনে ? জল দেৱতাই পানীৰ তললৈ তানি লৈ গ’লে গম পাবি হক ৰহ ! উঠি আহ ভালে ভালে ।
গধূলি হ’ব এতিয়া । কিবা অলপ নাকে মুখে গুজি ঘৰলৈ যাব লাগে বুলি খেয়াল আছেনে নাই
তহঁতৰ ? দদৌয়েকে পাৰৰপৰা চিঞৰিলে ।
দুয়োজনীয়ে খৰধৰকৈ
আহি লগত অনা কাপোৰ সলাই লৈ আইতাকে যতনাই দিয়া ধোঁৱা ওলাই থকা গৰম ভাত এমুঠি এমুঠি
খায় ঘৰলৈ যাবলৈ সাজু হ’ল । দিনত গোটাই লোৱা বগৰী, কচুঠুৰিৰে তিনিটা বেগ বিধে বিধে
শাক পাতেৰে ভর্তি হ’ল । বেগৰে সৈতে দদৌয়েকে তাহাঁতক নাৱেৰে ইপাৰত থৈ উভটি চাপৰিলৈ
গ’ল । মঙ্গলবৰীয়া বজাৰৰ পিছতহে তেওঁ ঘৰলৈ যাব । আইতাকে দুটা বেগ দুয়োজনীকে পিঠিত
কেচুৱা ল’ৰা বোকোচাত লোৱাৰ দৰে বান্ধি দিলে । চাপৰিলৈ আহোতে উলাহত বালিত দৌৰি দৌৰি
আহিছিল । এতিয়া উভতিবৰ পৰত বালিৰ ওপৰত ভাগৰত গধুৰ দুভৰি যেন আগেই নাবাঢ়ে ! এখোজ
আগলৈ গ’লে দুখোজ পিছলৈ অহা যেন লাগিবলৈ ধৰিল তাহাঁতৰ । পকী ৰাস্তাত উঠিয়েই আইতাকৰ
কথামতে বেগাই খোজ দিলে দুয়োজনীয়ে । সোনকালে ঘৰ পাবগৈ লাগে।ৰাস্তাৰে অহা যোৱা কৰি
থকা গাড়ীৰ পোহৰতে আগবাঢ়ি গৈ থাকিল তাঁহাত ।
অঞ্জলিহঁত ঘৰ পায়
মানে মাকে পাকঘৰত চৰু পাতিলেই । কাৰেন্ট নাই।চাকিৰ ঢিমিক ঢামাক পোহৰত মাকে জুপি
জুপি কিবা কাটি আছে ।
:অ’ তহঁত পালিহি । ভৰি
হাত ধুই জুইৰ কিনাৰতে বহি ল অলপ । মোৰ ভাত হ’বই আৰু এতিয়া । খায় বৈ সোনকালে শুই
থাকিবি । কালিলৈ স্কুল পোৱাকে যাব লাগিব নহয় পুৱাতে । মাকে অঞ্জলিক উদ্দেশ্যি কৈ
উঠিল ।
মাকে কোৱাৰ দৰেই
অঞ্জলিয়ে ভাত খায় উঠি সোনকালে আইতাকৰ সৈতে শুবলৈ গ’ল । পিচে বিচনাত উঠিল যদিও
অঞ্জলিৰ চকুলৈ দেখোন টোপনিয়েই নহা হ’ল । ভাগৰি থকা আইতাক বিচনাত পৰিয়েই টোপনি গ’ল ।
তাইৰ দুচকুত বাৰে বাৰে ভাঁহি উঠিছে দদৌয়েকৰ গুৰুহা ফটা ভৰি কেইটা, ৰ’দে পূৰা মুখৰ
তামবৰণীয়া ৰঙটো; নাঙলৰ মুঠি, কোৰৰ
মুঠি ধৰি ধৰি কঠিন হৈ পৰা হাতৰ তলুৱা দুখন, যি দুখন হাতে তাইক মৰেমেৰে গালত মোহাৰি
দিওঁতে তাই অনুভৱ কৰিছিল খহটা খহটা স্পর্শ । অঞ্জলিৰ অকনমানি মনটো ফেকুৰি উঠে, কিয়
বাৰু দদৌয়ে ইমান কষ্ট কৰে ? তাইৰ দেউতাকেও ইমান কষ্ট কৰে । অৰুনাচল বুলি কোৱা
পাহাৰীয়া ঠাই এদোখৰত কাম কৰিবলৈ দেউতাক গুচি গৈছিল মাজতে । মাকে তেতিয়া ৰাতি
অঞ্জলিৰ পেচাব লাগিলে বিচনাৰ তলত থৈ দিয়া চৰিয়াটোত কৰিবলৈ কৈছিল । মাকে বাৰু ৰাতি
বাহিৰলৈ ওলাবলৈ কিয় ভয় কৰিছিল ?দেউতাক এতিয়া ঘৰতে থাকি কামলৈ অহা যোৱা কৰে । কেতিয়াবা
ৰাতি যায়, কেতিয়াবা পুৱা অঞ্জলি শুই নৌওঠুতেই যায়, কেতিয়াবা দুপৰীয়া গৈ ৰাতি উভতি
আহে । ইমান কষ্ট কৰে দেউতাকে । মাকৰো কষ্ট জানো কম ! খেতিৰ দিনত ৰুৱা তোলা কৰা, গৰু
ম’হ কেইটাৰ বাবে ঘাঁহ কটা, হাঁহকেইটাক দানা দিয়া, শুই উঠিয়েই বাহি চোতাল সৰা, পাকঘৰ
চম্ভালা, ধান মৰা, আলহী সুশ্রুষা কৰা, বিহুৰ দিনত ঢেকীত পিঠা খুন্দা, জলপান খুন্দা,
তাতশাঁলৰ গামোচাত ফুল তোলা...। মাকৰ কাম যে শেষেই নহয় । তথাপিও অঞ্জলিক খুউব মৰম
কৰা আইতাকে কেতিয়াবা মাকক জানো কিয় কেট্ কেটাই থাকে । তেতিয়াই আইতাকজনীক বৰ বেয়া
বেয়া যেন লাগে অঞ্জলিৰ । বাহি চোতাল সাৰি গা নুধুৱাকে আইতাকে কাকো ঘৰৰ ভিতৰত সোমাব
নিদিয়ে । কেতিয়াবাহে বাহনিডাল হাতত লোৱা অঞ্জলিৰ ক্ষেত্রটো সেই নিয়মৰ হীন দেৰি নহয় । অঞ্জলিৰ একমাত্র পেহীয়েক জনীয়ে মাকক সহায়
কৰি দিয়ে ঘৰৰ কামৰ লেঠা মৰাত । কাম নকৰাৰ ভিতৰত ডেকা দদায়েক দুজনেহে ক’ত কি কৰি
ফুৰে অঞ্জলিয়ে নাজানে । ডাঙৰ দদায়েকে খেতি খোলাতে হাত দিয়ে সময়ত । সৰুজনৰহে কাম
কাজত অলপো মন নাই । ঘৰতেই নাথাকে বেছিভাগ সময় ।
অলেখ কথাই ভিৰ
কৰিলেহি অঞ্জলিৰ কনমানি মনটোত । নিজকে প্রশ্ন সুধি সুধি নিজেই উত্তৰ উলিয়ালে । কিছুমান
কথা বুজিলে, কিছুমান নুবুজাকে ৰৈ গ’ল । হঠাতে তাইৰ মনটোয়ে ঠিক কৰি ল’লে কালিলৈৰ
পৰা তাই খুউব মন পুতি পঢ়িব । দদৌয়ে কৈছে নহয় তাইক, ভালকে পঢ়িলেহে তাইৰ জীৱনটো
ধুনীয়া হ’ব । তাই পঢ়িব । ভালকে পঢ়িব । বিহুত নতুন কাপোৰ লাগিবই বুলি এইবাৰ তাই
দেউতাকৰ ওচৰত আব্দাৰ নধৰে । ঘৰলৈ মনত পেলাই তাই আৰু মনে মনে উচুপি নাথাকে । তাইৰ
নিজৰ জীৱনটো ধুনীয়াকে গঢ়িব । দেউতাক, মাক, দদৌয়েক, আইতাক আটাইৰে জীৱনবোৰ তাই
ধুনীয়া কৰি দিব । মাক দেউতাকে তেতিয়া ইমান কষ্ট নকৰিলেও হ’ব । দদৌয়েও চাপৰিত খেতি
কৰি চাইকেল ঠেলি ঠেলি মঙ্গলবৰীয়া বজাৰত পাচলি বিক্রী নকৰিলেও হ’ব । অজানিতে
অঞ্জলিৰ দুচকুৰে দুটোপাল চকুপানী ওলাই গাৰুটোতে পৰিল । তাইৰ কনমানি মনটোয়ে বুজি
নাপালে সেইয়া সুখৰ নে দুখৰ চকুপানী।বিচনাতে উঠি বহি তাই আইতাকৰ মুখলৈ চালে । বেৰৰ
ফাঁকেৰে সৰকি অহা জোনৰ পোহৰত দেখিলে আইতাক প্রশান্তিৰে শুই আছে । এপাকত তাইৰ মন
গ’ল উঠি গৈ মাক দেউতাকৰ মুখকেইখনো এবাৰ চাই আহিবলৈ । আকৌ ভাবিলে, নাই মাক দেউতাকক
আমনি নকৰে তাই । শুৱক তেওঁলোক । কুচি মুচি অঞ্জলি আইতাকৰ বুকুতে মুখ গুজি শুই পৰিল
। কালিলৈ যে পুৱা সোনকালে উঠি স্কুল পোৱাকে দেউতাকৰ হাতত ধৰি মামাকৰ ঘৰলৈ যাব
লাগিব ।
( ই-আলোচনী "নীলা চৰাই"ত প্রকাশিত )
0 Comments