মাকৰ বুকুৰ উম পালে যেনেকৈ কুকুৰ, মেকুৰী পোৱালিবোৰে কুচি-মুচি বুকুতে মুখখন গুজি যিমান পাৰে সিমান চাপি কুচি মাকৰ কাষলৈ যায় তেনেকৈয়ে পংখীয়েও ঋতৰ বুকুত মুখখন গুজি দিলে। ঋতে আলফুলে তাইৰ চুলিৰ মাজেৰে হাত বুলাই থাকিল। সি জানে এতিয়া তাইক কিবা সুধিলেও একো উত্তৰ পোৱা নাযাব। কিবা যদি সোধে মুখখন আৰু অলপ তাৰ বুকুতে লুকুৱাই লৈ এখন হাতেৰে তাক মেৰিয়াই ধৰি অকণমান লৰচৰ কৰি তেনেকেই পৰি থাকিব। আৰু সি তাইৰ উশাহ গণিব! পাগলী বুলি যদি সি তাইৰ নাকটো ধৰি জোকাৰি দিয়ে তাই দুষ্ট সৰু ছোৱালী এজনীৰ দৰে খিলখিলাই হাঁহি আকৌ মুখ লুকুৱাব। হাঁহি থাকোতেই কেতিয়াবা দুটোপাল পানীও চকুৰপৰা টুপুক কে সৰি পৰে। তাইৰ কাণ্ড -কাৰখানাবোৰ দেখি তাৰো হাঁহি উঠে। পাগলী বুলি কৈ সিও তাইক আকোৱালি লয়। বুজি নাপায় সি, তাইনো কি বিচাৰি ফুৰে তাৰ উদং বুকুখনত! হাঁহি থাকোতেই তাই কিয় কান্দি পেলায়! দুঃখ তো দিয়া নাই সি তাইক আজিলৈকে। সুখৰ ভৰ ইমানেই বেছি হৈছে নে যে তাই কান্দিবলৈ নাপায় হাঁহিৰ মাজতেই দুটোপাল পানী পেলাই লৈছে যেন নাকান্দিলে হাঁহিবোৰত কাৰোবাৰ নজৰ লাগিব! সি তাইক বুজিও যেন ক’ৰবাত অকণমান আজিও বুজি পোৱা নাই। তাৰ বুকুত মুখ গুজি তাই যেন সি বুজি নোপোৱাখিনিকে লুকুৱাই থয়। নে তাই বুজাব খোজে? তাইৰ আব্দাৰবোৰো বৰ আচৰিত পায় সি। কেতিয়াবা ক’ব গান এটা গোৱানা। কেতিয়াবা মাজৰাতি ক’ব সুহুৰি বজোৱাচোন। টোপনি নাহিলে ক’ব “ব’লানা বেলকনিত বহিম, জোনটো ইম্মান ডাঙৰকে ওলাইছে আজি” দুহাতেৰে গোল আকৃতিৰ অবয়ব এটা তাৰ চকুৰ আগত যেন তাই আঁকিহে দিব, এনেকুৱা ভাৱত দুচকু বহল কৰি কথাকেইটা ক’ব। বৰষুণ দিলে টানি লৈ যাব তিতিবলৈ। পিছ পাকতে ক’ব “ইচ্ ইচ্ তোমাৰ পানী লাগিব নহয়, ব’লা ব’লা ভিতৰলৈ ব’লা।” টাৱেলেৰে নিজেই তাৰ তিতা চুলি মচি দিব। কেতিয়াবা গধূলি খোজ কাঢ়িবলৈ লগ ধৰে তাক, জোনাকী ধৰিব হেনো। আন্ধাৰত জিলিকি থকা জোনাকীবোৰ দেখিলেই তাইৰ দুচকুতো দুজনী জোনাকী দেখা পায় সি। গধূলিৰ জোনাকী ওলোৱা সময়খিনিত চিঁ চিঁ চিঁ চিঁ কৈ মিহি শব্দ কিছুমানো হৈ থাকে। সি নাজানে সেইয়া জোনাকীবোৰৰে মাত নে আন কিহবাৰ। তাইৰ কথা হ’ল সেই শব্দখিনিৰ সৈতে জোনাকীবোৰ তাইৰ শোৱনি কোঠাত থোৱাৰ মন! সেইখিনিও হেনো তাইৰ ভাললগা গানবোৰৰ দৰে। যেতিয়া আন্ধাৰ হ’ব, পৃথিৱী যেতিয়া শুব সেইখিনি শুনি শুনি তাই তাৰ কোলাত টোপনি যাব। তাইৰ কথা শুনি সি মাথোঁ বেঙাৰ দৰে হাঁহে। সি হঁহা দেখিলেই তাই কৈ উঠে “কি যে পাগলী এজনীক চপাই ল’লা তুমি।” সিও কয় তেতিয়া “পগলা হ’বলৈ মোৰো বেছি দিন নাই আৰু।” তাৰ পিছত দুয়োটাই সমানে হাঁহে।
কথাবোৰ ভাবি থাকোতে হাঁহি উঠিল ঋতৰ। দেখিলে পংখী টোপনি গ’ল। ওঁঠত হাঁহি এটাই তেতিয়াও হাঁহিয়েই আছে! লাহেকৈ কপালতে চুমা এটা খায় তাইক শোৱাই দিলে। হঠাতে তাৰ অনুভৱ হ’ল তাইৰ উশাহ লওঁতে যেন অলপ কষ্ট হৈছে, যেন মাজতে ক্ষন্তেকৰ কাৰণে ৰৈ গৈছে উশাহটো!
নদীখন পাৰ হ’লেই
পাতলীয়া হাবিখন। বাহৰ সাঁকোডালৰ ওপৰেৰে অনায়াসে পাৰ হৈ হাবিখনলৈ যাব পাৰি। পংখী
যায়। প্রায় সদায়েই যায়। সাঁকো বগাই হাবি পাৰ হৈ গুচি যায় তাই। হাবিখন পাৰ
হ’লেই দলিচাৰ দৰে সেউজীয়া ঘাঁহনি এডৰা। ঘাঁহবোৰত থোপাথোপে ৰং বিৰঙৰ ফুল ফুলি
থাকে। তাতেই বহি থাকে সি। ওখ গছবোৰত নীলা নীলা চৰাইবোৰ উৰি ফুৰে এজোপাৰপৰা আন
এজোপালৈ। গছবোৰত নীলা-বগা ফুল ফুলে। পাত নথকা গছবোৰ বতাহত হালে জালে। তাই গৈ তাৰ
কোলাতে মূৰটো থৈ শোৱে। তাইৰ চুলিত আঙুলি বুলাই থাকি সি কৈ যায় পৰীৰ দেশৰ সাধু,
ৰাজকুমাৰীৰ সাধু। কেতিয়াবা আনন্দত তাই খিলখিলাই হাঁহে, কেতিয়াবা ডেউকা ভঙা পৰী
কেইজনীৰ দুখত, দস্যুৱে ধৰি লৈ যোৱা ৰাজকুমাৰী জনীৰ দুখত ফেকুৰী ফেকুৰী কান্দে। সি
তাইৰ চকুপানীবোৰ আলফুলে মচি দিয়ে। তেনেকৈয়ে আন্ধাৰ হয়। জোনাকীবোৰ তাহাঁতৰ কাষ
চাপি আহে। সি জোনাকীবোৰ ধৰি তাইৰ দীঘল চুলিকোচাত মেলি দিয়ে। তায়ো জোনাকী এজনী হৈ
দৌৰি ধাপলি উমলি ফুৰে। তাইৰ পিছে পিছে জোনাকীবোৰ, জোনাকীবোৰৰ পিছে পিছে সি, তাৰ
পিছে পিছে চৰাইবোৰ, চৰাইবোৰৰ পিছে পিছে দুটামান বগা বগা শহা পহু... দীঘলীয়া সমদল
হৈ আটাইয়ে দৌৰে, হাঁহে, কথা পাতে। চৰাইজাকে উৰি গৈ গছৰ ডালবোৰ লৰাই দিয়ে। ফুলবোৰ আটাইৰে মূৰে গায়ে পৰে। চাৰিওফালে খিলখিল হাঁহিৰে উপচি পৰে। দৌৰি দৌৰি
ভাগৰ লাগিলে নদীখনৰ পাৰতে বহি দিয়ে তাই। পংখীক বহা দেখিলেই নদীৰ সোণালী মাছবোৰে
খলকনি তুলি ইফালে সিফালে জপিয়াই ফুৰে। পহু কেইটাও পানীত
নামি মাছবোৰৰ স’তে খেলিবলৈ আৰম্ভ কৰে। পংখীয়ে বেছি সময় ধৈর্য্য ধৰি থাকিব
নোৱাৰে। তায়ো নামি যায় পানীলৈ। তাকো মাতে হাত বাউল দি। পানী ছটিয়াই ইটোৱে
সিটোক। এপাকত ডুব মাৰি সি বহু সময় পানীৰ তলতে সোমাই থাকে। তাই চিঞৰ বাখৰ লগায়।
সি হাঁহি হাঁহি ওলায় আহি তাইক জোকাই। তায়ো অভিমানত পানীত ডুব মাৰে। তাই নোৱাৰে বেছি সময় উশাহ বন্ধ কৰি থাকিব।
: পখী! হেই পখী!
ঋতে পংখীৰ গাত ধৰি
জোকাৰি দিলে। সাৰ পাই পংখীয়ে কান্দিবলৈ ধৰিলে।
ঋতে একো ধৰিব পৰা
নাই! কি হৈছে তাইৰ! কিয় মাজে মাজে তাই এনেকুৱাখন কৰে! শুই থাকোতে তাইৰ উশাহ
বন্ধ হৈ যায় কেতিয়াবা! ফোপাই থাকে! খুব ভয় খাই ঋতে। তাইক কোনোপধ্যেই হেৰুৱাব নোখোজে
সি। তাইক উচুপি থকা দেখি ঋতৰ নিজৰো চকুপানীবোৰ ধৰি ৰাখিবলৈ কষ্ট হৈছে। নিজক সম্বৰণ কৰি সি পংখীক সাৱটি ল’লে। তাই তাৰ বুকুত সোমাই উচুপি উচুপিয়েই
টোপনি গ’ল। ঋতে জানে অইন দিনাৰ দৰে পুৱা টোপনিৰপৰা উঠি স্বাভাৱিকভাৱেই ঘৰৰ
কাম-বন কৰিব তাই। ঋতে ভাৱি উৱাদিহ নাপায় তাইৰ হয় কি মাজে মাজে! সি ভাৱি
চাইছে তাইক মানসিক ৰোগৰ চিকিৎসক এজনৰ ওচৰলৈ লৈ যোৱাৰ কথা। কিন্তু তাইক কথাষাৰ
ক’বলৈ সি সাহস কৰিব পৰা নাই। তাই বা কি
ভাৱিব!
: বিচনাতে পৰি কি
নো ভাৱি আছা? উঠা আক’। চাহ বাকিছো মই।
ঋতক বিছনাতে পৰি
থকা দেখি পংখীয়ে মৃদু খঙেৰে কথাষাৰ ক’লে।
: ৰাণী চাহেবা
উঠিছো ৰ’বা। তোমাৰ কথা নাভাৱি নো কাৰ কথা ভাৱিম বুলি ভাৱিছা?
ঋতে তাইক জোকাবলৈকে
ক’লে।
: ভাৱিছা যদি
ভাৱিছা আৰু। মইতো নাজানো তুমি মোৰেই কথা ভাৱিছা নে আন কাৰোবাৰ কথা ভাৱিছা। মই
তোমাৰ দৰে ইমানকৈ ভাৱি নাথাকো দেই।
: তুমি ভাৱা নে
নাভাৱা মইনো কেনেকৈ জানিম?
: তুমি জানিও নজনাৰ
ভাৱ ধৰিলে মইনো কেনেকৈ জানিম?
: মই নজনাৰ ভাৱ
ধৰিছো বুলি তুমিনো কেনেকৈ জানিবা?
: ইহ হ’ব হ’ব।
চুপতিখন কৰি থাকিব নালাগে। সোনকালে উঠা আৰু চাহ খোৱাহি।
পংখীয়ে ঋতৰ হাতত ধৰি টানি টানি বিছনাৰপৰা নমালে। সিও হাতত টুথব্রাচ লৈ পংখীৰ পিছে পিছে গ’ল।
দেওবাৰ বুলি কামবোৰ
আজি লেহেম গতিত হ’ল আন দিনাতকৈ। ঋতেই ক’লে__
: আজি কেনিবা এপাক
ফুৰি আহিম দিয়া। উভটি আহোঁতে বাহিৰতে ক’ৰবাত খাই আহিম। তুমি আকৌ পাকঘৰত সোমাব নালাগে আৰু।
: হয় হজুৰ, আপুনি
যি কয়।
দুয়োটাই সজোৰে
হাঁহিলে।
ফুৰা আৰু কি,
গাড়ীখন লৈ ওলাই গ’ল দুয়োটা। যিফালে ৰাস্তা পালে সেইফালেই গাড়ীখন ঘূৰাই ফুৰিল
ঋতে। বুঢ়ীদিহিংৰ পাৰতে ফাকিয়াল গাওঁ এখন। দুয়োটা তালৈকে গ’ল। নতুনকৈ খোলা
ধাবাখনত ভাল খানা পাই বুলি শুনিছিল। তাতে খাবলৈ বহোঁতেই ঋতে দেখিলে ওখ পাখ বগা
মানুহ এজন তাৰফালে হাঁহি হাঁহি আগুৱাই আহিছে।
: আৰে তই! ইমান বছৰৰ পিছত!
আনন্দতে ঋতে আহি মানুহজনক সাৱটি ধৰিলে। তাৰ একালৰ কলেজৰ বন্ধু ভার্গৱ বৰকটকী। এতিয়া নাম থকা মনোৰোগ বিশেষজ্ঞ। নতুনকৈ আহি ডিব্রুগড়ৰে নার্চিংহোম এখনত জইন কৰিছে। ঋতে পংখীক চিনাকী কৰাই দিলে। হাঁহি ফূর্তি কৰি তিনিওটাই একেলগে খালে। উভটি আহোঁতে ভার্গৱক তাহাঁতৰ ঘৰলৈ মাতি থৈ আহিল যিহেতু সি ডিব্রুগড়তে থাকিব। ভার্গৱক নিমন্ত্রণ জনোৱাত ঋতৰ নিজৰো স্বার্থ নথকা নহয়। ভার্গৱক লগ পাই সি যেন ভালেখিনি সকাহ পালে।
ঘৰ পাওঁতে
গধূলিয়েই হ’ল। আহিয়েই পংখীয়ে গা ধুলে। তাইৰ বহুদিনীয়া অভ্যাস সেইটো। বাহিৰৰপৰা
আহি গাটো নুধুলে তাইৰ হেনো ভাল নালাগে। ঋতেও মুখ হাত ধুই, কাপোৰ সলাই বেলকনিত বহিল
চিগাৰেট এটা জ্বলাই লৈ। পংখীও আহি তাৰ লগতে বহিল। দুহাতত ফিকা চাহ দুকাপ। ঋতলৈ
পোন্দোৱাকৈ চালে তাই। ঋতে হাঁহি হাঁহি চিগাৰেটটো নুমুৱাই দলিয়াই দিলে বেলকনিৰ চুক
এটালৈ। তাই খাবলৈ আপত্তি নকৰে তাক। মাত্র দিনটোত দুটাতকৈ বেছি খোৱা দেখিলে
কপাল কোচাই চকুকেইটা বহলকৈ মেলি সুধিব “কেইটা হ’ল?”
দুয়োটাই চাহ খালে। হঠাতে পংখীয়ে সুধিলে
: ইয়াৰপৰা যদি
জোনলৈ যাবলৈ সাঁকো এডাল থাকে?
: হ’ব দিয়া,
সেইডাল সাঁকো ময়েই সাজি দিম তোমাক।
: প্রশ্নবোৰ
নভৱাকৈয়ে কিয় আহে?
: তুমি উত্তৰ
বিচাৰি ফুৰা যে।
: শূন্যতাবোৰ
ফোপোলা নেকি?
: নহয়, শূন্যক
তুমি নিজৰ ইচ্ছামতেই পূর্ণ কৰি ল’ব পাৰা।
: সাধুবোৰ চাগৈ
এতিয়া পৰীৰ দেশত আছেগৈ নহয়নে? নে কোনোবা দস্যুৱে চোৰ কৰিলে?
: ওঁহো। সাধুবোৰ
দেখোন ইয়াতেই আছে আমাৰ সৈতে। ক’ম নেকি সাধু এটা?
: মই যদি লিখোঁ
সাধু এটা সাঁচিপাতত! পঢ়িবানে?
: তুমি কৈ যাবা, মই লিখি দিম।
ঋতৰ কথা শুনি পংখীয়ে পাতলকৈ হাঁহিলে। তাইৰ হাঁহিটো বৰ কৰুণ যেন অনুভৱ হ’ল ঋতৰ। চকীৰপৰা উঠি আহি তাই বেলকনিৰ পকী মজিয়াতে লেপেটা খাই বহি মূৰটো ঋতৰ কোলাত থৈ চকুহাল মুদি দিলে। ঋতে তাইৰ চুলিত হাত বুলাই থাকি ভাৱি থাকিল ভার্গৱ কেতিয়া আহিব তাহাঁতৰ ঘৰলৈ! সি যেন সোনকালেই আহে! মনটো পাতল কৰিবলৈকে গান এটা গুণগুণাই থাকিল ঋতে।
সিফালে পংখী নদীখন
পাৰ হৈ তাৰ কাষ পালেগৈ। আজি সি তাইক জোনৰ কাষলৈ লৈ যোৱাৰ কথা! তাই গৈ পোৱা মাত্রকে
সি তাইৰ হাতত ধৰি পাহাৰটোৰ সিপাৰলৈ দৌৰিলে। পিছে পিছে জোনাকী, চৰাই, পহুকেইটাৰ
সমদলটো! পাহাৰটো পাৰ হৈয়েই দেখিলে এডাল সোণালী সাঁকো ওপৰলৈ উঠি গৈছে। পংখীয়ে
দৌৰি গৈ উঠিলে তাত। তাইৰ পিছে পিছে আটাইবোৰ... শুকুলা ডাৱৰবোৰ হাতেৰে চুইছে।
ডাৱৰবোৰ চুই দিলেই জাকে জাকে নীলা বগা পখিলাবোৰ ওলাই আহে। তাহাঁতৰ গাতে পৰে। গৈ আছে গৈ আছে... এবাৰ উভটি চাই তাই দেখিলে সি নাই দেখোন! ক’ত গ’ল? তাইৰ
হাহাকাৰ লাগিল। দুহাতেৰে মুখ ঢাকি তাই কান্দিবলৈ লাগিল!
: হেই পখী কি হ’ল?
কিয় কান্দিছা?
ঋতো তেনেকৈয়ে
টোপনি গৈছিল। হঠাতে পংখীয়ে কান্দিবলৈ লোৱাত সি খকামকাকৈ সাৰ পালে।
ঋতৰ ডিঙিতে
দুহাতেৰে মেৰিয়াই ধৰি পংখীয়ে থোকাথুকি মাতেৰে ক’লে__
: তুমি ক’লৈ গুচি
গৈছিলা?
: মই কেনিও যোৱা
নাই। আছোৱেই দেখোন তোমাৰ কাষতে!
ঋতে তাইক দাংকোলাকৈ
নি বিছনাত শোৱাই দিলে। তাই তেতিয়াও ঋতৰ ডিঙিতে দুহাতেৰে ধৰি থাকিল। এৰি দিলেই যেন
তাই হেৰুৱাই পেলাব তাক! দুখতে কিবা
এটা ঋতৰ ডিঙিয়েদি উজাই আহিল। হাজাৰ চেষ্টা কৰিও সি চকুপানীক বাধা দি ৰাখিব নোৱাৰিলে। দুটোপাল পানী পংখীৰ কপালতে পৰিল।
ভার্গৱ আহিল তাহাঁতৰ ঘৰলৈ। এবাৰ দুবাৰ নহয় কেইবাবাৰো আহিল। ঋতৰ কথামতেই সি পংখীৰ সৈতে কথা পাতিলে তাই বেলেগ একো অনুমান কৰিব নোৱাৰাকে। তিনিওটাই মিলি ওচৰৰে ঠাইবোৰত ফুৰিবলৈ গ’ল। নতুনকৈ ৰিলিজ হোৱা চিনেমা কেইখনো চালে। মুঠতে খুব ফূর্তি কৰিলে তাহাঁতি কলেজৰ দিনবোৰৰ দৰে। পংখীয়েও ৰান্ধি বাঢ়ি খুৱালে ভার্গৱক। এদিন ভার্গৱে ঋতক মাতি পঠিয়ালে তাৰ ঘৰলৈ। পংখীক নজনোৱাকৈ এদিন ঋত ভার্গৱৰ ঘৰ ওলালগৈ।
: বচ্ ইউ আৰ এ ৱেৰী
লাকী মেন! তোক তোৰ মানুহজনীয়ে বহুত বেছি ভাল পায়।
ঋতৰ পিঠিত ঢকা এটা
মাৰি ভার্গৱে ক’লে।
: সেইটো ময়ো জানো।
সঁচাকৈয়ে তাই মোক বহুত বেছি ভাল পায়। মোৰ যত্ন লয়। মোৰ সুবিধা অসুবিধাৰ খেয়াল
ৰাখে। মোৰ কোনো কথাতে ওজৰ আপত্তি নকৰে। কোনো দাবী নাই তাইৰ। মাত্র...
: মাত্র অকাৰণে
কেতিয়াবা তাই দুখী হৈ পৰে নহয়জানো?
: ওঁ! টোপনিতে
কেতিয়াবা কান্দে, কেতিয়াবা হাঁহে। কেতিয়াবা জুপুকা মাৰি বহি থাকি কি জানো ভাৱি
থাকে! মই মাতি থাকিলেও শুনা নাপায়!
: মই এইটো ক’বলৈ
বেয়া পাইছো যে পংখী তই ভয় কৰি থকাৰ দৰে ‘মানসিক ভাৱে অসুস্থ’। ওঁহো নহয়। তাই
তোৰ মোৰ দৰেই সুস্থ। মাত্র তাই অলপ বেছি আৱেগিক, মৰম আকলুৱা। হয়তো সৰুতে তাই বিচৰাৰ
দৰে কাৰো মৰম নাপালে। সৰুৰেপৰা অকলশৰীয়া তাই। সেয়ে বহু বেছি অভিমানীও। সৰু সৰু কথাতে দুখ পাই, অভিমান কৰে। হয়তো সেইবোৰ কথা তোৰ মোৰ বাবে তেনেই সাধাৰণ। কিন্তু তেনেবোৰ
কথাই তাইক কষ্ট দিয়ে। তই মন কৰিছনে কেতিয়াবা তাই অভিমান কৰা?
: ওহোঁ! মই ক’লোৱেই
দেখোন তোক, তাই আজিলৈকে কোনো কথাতে ওজৰ আপত্তি কৰা নাই বা মোক এইটো লাগিবই, মই
এইটো কৰিমেই বুলি দাবী কৰা নাই।
: অ’ কে। আচলতে তাই
অভিমান কৰে। সৰু ছোৱালীৰ দৰে ঠেহ পাতে। কিন্তু যেতিয়া তাই গম পাই যে তই সেইখিনি
বুজি পোৱা নাই তেতিয়া তাই নিজকে নিজে বুজাই বঢ়াই সৈমান কৰাই লৈ স্বাভাৱিক হৈ
থাকে। কিন্তু ভিতৰি ভিতৰি তাই দুখী হৈ ৰয়।
: আৰু টোপনিতে যে
তাই কান্দে, হাঁহে? আৰু বিয়াৰ ছমাহৰ পিছতো তাইৰ কপালত চুমা এটা খোৱা বা মৰমেৰে
সাৱটি লোৱাৰ বাদে আমাৰ মাজত আজিলৈকে কোনো শাৰিৰীক সম্পর্ক হোৱা নাই! তাই নিবিছাৰে!
: তাইৰ মনটো
কেতিয়াবা শিশু এটিৰ দৰে হৈ পৰে। তোৰ বুকুৰ মাজত সোমাই
মাকৰ বুকুৰ উম, দেউতাকৰ চেনেহ বিচাৰে। তোৰ মাজতেই তাই সকলো বিচাৰে। কিন্তু কথাবোৰ
তাই কাৰো লগতে আনকি তোৰ লগতো ভাগ বতৰা কৰিব নোৱাৰে বাবেই সপোনতে তাই নিজা এখন
পৃথিৱী গঢ়ি লৈছে। য’ত তাই অকলে নাই, তয়ো আছ’। তাত তাই তোৰ লগত সৰু ছোৱালী এজনীৰ
দৰে ধেমালী কৰে, দুষ্টামি কৰে, খেলে, গাই, হাঁহে... অভিমান কৰে। তই নাথাকিলে তাই
একো নহয় বুলি ভাৱে। তোৰ মাজতেই তাই জীয়াই আছে।
: মই এতিয়া কি কৰো?
ঋতৰ মনটো সেমেকি
আহিল। এতিয়াই গৈ যেন পখীক মৰেমেৰে ওপচাই পেলাব এনে লাগিল তাৰ।
: মই নাভাৱো যে
তাইক কিবা চিকিৎসাৰ প্রয়োজন। তোৰ মৰমেই তাইৰ একমাত্র ঔষধ। তাইৰ সৰু সৰু কথাবোৰ মন
কৰিবি। অকলশৰীয়া অনুভৱ হ’বলৈ নিদিবি তাইক। দেখিবি চব ঠিক হৈ গৈছে।
: থেংকিউ দোষ্ট!
: থেংকিউৰে নহ’ব
দোষ্ট। পংখীক ক’বি মই এসপ্তাহৰ পিছত গৈ আছো তাই ৰন্ধা স্পেচিয়েল খানা খাবলৈ। আৰু
মন কৰিবি তোৰ পখী বহুত বেছি অনুভৱী!
ভার্গৱে হাঁহি
হাঁহি ঋতক বিদায় দিলে। মনটো কিছু ফৰকাল লাগিল যদিও দুখী মনেৰে ঋত ঘৰলৈ
উভটিল।
অলেখ চিন্তাই মনৰ
ভিতৰত ঘোৰপাক খাই থাকিল যদিও পংখীৰ আগত ঋত সহজ হৈ থাকিল। দুয়োটাই হাঁহি মাতি
ৰাতিৰ ভাত সাঁজ খালে। ভাগৰ লাগিছে বুলি ঋত বিচনাত পৰিলগৈ। পংখীয়ে পাকঘৰৰ কাম
সামৰি গা টো ধুই আহিল। দ্রেচিং আইনাৰ সন্মুখত ঠিয় হৈ চুলি খিনি ফনিয়াই থাকি তাই
ঋতক সুধিলে__
: ভার্গৱে কি ক’লে
মোৰ কথা?
পংখীৰ কথা শুমি ঋতৰ
ভাগৰ, টোপনি ক’ৰবালৈ দৌৰ মাৰিল। তাৰ ভার্গৱৰ কথাষাৰ
মনত পৰিল ‘তোৰ পখী বহুত বেছি
অনুভৱী’!
পংখী হাঁহি হাঁহি
তাৰ ফালে আগুৱাই আহিল। ঋতে ভেবা চেকা খাই বিচনাতে বহি আছে। মুখেৰে একো শব্দ ওলোৱা
নাই তাৰ। পংখী গৈ তাৰ কাষতে বহিল। তাক তাইৰ কোলাতে মূৰটো থৈ শুবলৈ ক’লে।
: বেয়া পাই আছা
মোক? তোমাক ইমান কষ্ট দিছো। আজিৰপৰা আৰু নদীখনৰ পাৰলৈ নাযাওঁ মই।
হাঁহি এটা ওঁঠত লৈ
পংখীয়ে ক’লে।
: ধেত পাগলী! নাই
পোৱা। কিয় বেয়া পাম!
ঋতেও হাঁহি হাঁহি ক’লে। যদিও সি তাই কোৱা নদীখনৰ কথা বুজি নাপালে তথাপিও কিবা এটা যেন অনুমান কৰি ল’লে।
দুটোপাল পানী পংখীৰ
চকুৰ কোণত জমা হোৱা ঠিকেই দেখিলে ঋতে। তাই লাহেকৈ তাৰ ওঁঠত চুমা এটা আঁকি দিলে। সি
আলফুলে তাইৰ দুচকু চুমিলে। চুমাবোৰ বগাই ফুৰিল পংখীৰ কপালৰপৰা দুচকুলৈ, দুচকুৰপৰা
ওঁঠলৈ, ওঁঠৰপৰা বুকুলৈ... তাই অনুভৱ কৰিলে হাবিখনৰ সিপাৰৰ সি আজি তাইৰ সৈতে। চৰাইবোৰ,
জোনাকীবোৰ, শহা পহুকেইটা আটাইয়ে তাঁহাত দুটাক বেৰি ধৰিছে। বিছনা উপচি ফুলবোৰ
সৰিছে, চৌপাশে পখিলাবোৰ উৰিছে। খৰধৰকৈ জোনবাইজনী আহি খিৰিকীৰ কাষত ৰৈছেহি। জোনক
অহা দেখিয়েই চৰাইবোৰ, জোনাকীবোৰ উৰি গৈছে; পহুকেইটা দৌৰি লুকাইছে। সাৰে থকা ঋত
আৰু পংখীক সংগ দি জোনবাইজনী সাৰে থাকিল ওৰে ৰাতি আকাশৰ সৈতে কথা পাতি পাতি। ঋত আৰু পংখী ভাগৰি জুগৰি খলকণি তুলি সাঁতুৰি থাকিল নদীখনত। সোণালী
মাছবোৰে লাজতে নদীৰ গভীৰলৈ ধাপলি মেলিলে। শেষ নিশা সাধুৰ ৰাজকুমাৰী
জনী হৈ পংখী টোপনি গ’ল ঋতৰ বুকুত মূৰ থৈ। তাইৰ ওঁঠত হাঁহি থকা হাঁহিটোলৈ চাই ঋতেও
হাঁহি দিলে। খিৰিকীৰে দেখিলে আকাশৰপৰা তৰা এটা তললৈ সৰি পৰিছে। ওঁঠত হাঁহিটো
লৈয়েই ঋতে লাহেকৈ দুচকু মুদি দিলে।
@......
0 Comments