প্রয়াণ

 

হলিৰামৰ ঘৈণীয়েক মৰিল কালি। হলিৰামৰ চকুপানী নোলাল এটোপালো। মতা মানুহে হেনো কান্দিব নাপায়।সি মনৰ ভিতৰতে মন্ত্রৰ দৰে আওৰালে __ নাপায়, নাপায়। ভালেই হ’ল, লেলাট ভুঞ্জি থকাতকৈ মানুহজনী মৰি থাকিল। আকৌ এবাৰ হলিৰামে মনতে আওৰালে মন্ত্রৰ দৰে __ ভালেই হ’ল, ভালেই হ’ল।

হলিৰামৰ চাৰিটা পুতেক, তিনিজনী জীয়েক। জীয়েককেইজনী নিজৰ নিজৰ পচন্দৰ ল’ৰাৰ লগত গৈ সংসাৰ ধর্ম পালন কৰি আছে। পুতেককেইটাও নিজৰ পচন্দৰ মানুহ একোজনী গোটাই লৈ নিজৰ সংসাৰত ব্যস্ত। হিচাবত হলিৰামৰ সংসাৰখন এখন ডাঙৰ সংসাৰ__ জী-জোঁৱাই, পো-বোৱাৰী, নাতি-পুতিৰে উভৈনদী। পিছে আজি বহুদিনৰপৰা হলিৰামে বেমাৰী মানুহজনীকে ধৰি দুটা মানুহলৈহে শুদাই- নিকাই ভাত এমুঠি নিজে ৰান্ধি আছিল। এতিয়া তাৰে এটা খাৱৈয়া মানুহ কমিল। কমিল মানে, একেবাৰে নাইকিয়াই হৈ থাকিল! মাকজনী নাইকিয়া হোৱাৰ খবৰ পাই জীয়েক পুতেক কেইটা একেলগ হৈছেহি। মাজু পুতেকটো দুলীয়াজানত থাকে। ডাঙৰটো আৰু তিনি নম্বৰটোৱে বেলেগে বেলেগে ঘৰ বনালে। পেটমুচাটো হলিৰামৰ লগতে আছিল। মানুহ এজনী গোটাই লোৱাৰ পিছতেই সিও নিজৰ ভাতৰ চৰু বেলেগ কৰি ল’লে, যদিও মূল ঘৰৰ ভেঁটি একেটাই। মাজতে থকা দুৱাৰ এখন বন্ধ কৰি দিয়াত দুটা চৌকা জ্বলোৱা দুখন ঘৰ হৈ পৰিল। হলিৰামে মাজে মাজে পাহৰি যায় নিজৰ পুতেক চাৰিটা থকাৰ কথা। মানুহজনী ইমানদিন বিছনাত পৰি থাকোতেওঁ দেখোন কাৰো আহৰি নহ’ল আহিবলৈ। এজনী মানুহ নোহোৱা হওঁতে মানুহে গিজগিজাই থকা ঘৰখন দেখি হলিৰামৰ মুখত কিবা অকৰা হাঁহি এটা ওলমি ৰৈছেহি, এখিলাও পাত নথকা শুকান গছ এজোপাত ওলমি থকা ৰঘূমলাৰ দৰে।

মানুহজনী নোহোৱা হোৱা আজি তিনিদিন হ’ল। হাড়ে ছালে লগা মানুহ নামৰ জকাটোহে বিছনাত পৰি আছিল ইমানদিন। জুইকুৰাৰ স’তে জ্বলি জ্বলি ছাই হৈ থাকিল মানুহজনী। কি যে এটা গোন্ধ লাগিছিলহি জানো হলিৰামৰ নাকত! গোন্ধটো কুমটি এটাৰ দৰে এতিয়াও বগাই ফুৰিছে তাৰ মূৰৰপৰা ভৰিলৈকে! পিচফালৰ হাবিখনলৈ চালেই যেন মানুহজনীক দেখা পাব সি, তেনেকুৱা এটা ভাৱেই মগজুত বাহ লৈছেহি তাৰ। আজি তিলনি। মাজু পুতেকটো আহিব নোৱাৰে। নোৱাৰে মানে, সমাজে নিদিয়ে। গতিকে সি তাৰ দুলীয়াজানৰ ঘৰতেই মাকৰ তিলনি পাতিছে। ডাঙৰটোৰো এখন বেলেগ সমাজ__ শঙ্কৰ সংঘ। সৰু দুটাৰো এখন বেলেগ সমাজ__  য’ত ঘৰুৱা সাজপানী টোপা ভকতক দিয়াৰ নিয়ম। হলিৰাম দোধোৰ মোধোৰত পৰিছে। মানুহ এজনীয়েই। একেজনী মানুহৰেই চাৰিওটা পেটৰ পোৱালি। সেই এজনী মানুহৰেই এতিয়া তিনিখন তিলনি পাতিছে পুতেকহঁতে। হলিৰামে এতিয়া কোনখন সমাজত আঁঠু ল’ব?

হলিৰামৰ বেজাৰ লাগে আগৰ দিনবোৰৰ কথা মনত পৰিলে। গাঁৱখনত এটাই নামঘৰ আছিল। গাঁৱৰ গোটেইমখা ৰাইজে একেটা নামঘৰতে আঁঠু লৈছিল। উঠি অহা ডেকা চামটোক খোল বজাবলৈ শিকাইছিল। গায়ন-বায়নৰ আখৰা হৈছিল। বছেৰেকত ৰাস-ভাওনাও কৰিছিল ৰাইজে। ভাদ মাহত নাম লৈছিল গাঁৱৰ মাইকী মানুহখিনি মিলি। বছৰৰ ন-ভাত মুঠিও আটায়ে একেলগে মিলি-জুলি খাইছিল। জন্মাষ্টমীৰ ৰাতিটোৰ কথা মনত পৰিলে হলিৰামৰ বুকুত বৰতাল দুযোৰমান গুমগুমাই একেলগে বাজি উঠে আজিও। জন্মাষ্টমী বুলিলে গাঁৱৰ গোটেইবোৰ মানুহ উঠি পৰি আহিছিল নামঘৰলৈ। বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, বোৱাৰী, সৰু ল’ৰা-ছোৱালীবোৰ কোনো বাদ পৰা নাছিল। জন্মাষ্টমীৰ মিঠৈ বতাৰ আনন্দই আছিল সুকীয়া। নাম-প্রসঙ্গ সামৰি আৰম্ভ হৈছিল দিহানাম। নেগেৰাৰ মাতত নামঘৰৰ ভিতৰখন গমগমাই উঠিছিল। সৰু সৰু দুজনীমানে নেগেৰাৰ তালে তালে নাচিছিল। টোপনি যোৱা পোৱালিকেইটাও মাজনিশা সাৰ পাইছিল কৃষ্ণৰ জন্ম হোৱা চাবলৈ। মনিকূটৰ ভিতৰত আন্ধাৰতে কোনোবাই জুইশলাৰ কাঠি এটা জ্বলাই দিছিল। সৰু ল’ৰা ছোৱালীখিনিয়ে তাকেই চাইছিল কৃষ্ণ জন্ম হোৱা বুলি চকুৰ পলক নেপেলোৱাকৈ। “আজি ৰাতি কৃষ্ণাই ওপজিলে কেৱে নাজানিলে ঐ কেৱল বাসুদেৱৰ বিনে, কংসৰ ভয়তে পলুৱাই থ’লেগৈ নন্দ-যশোদাৰ ঘৰে।” পুনৰ আৰম্ভ হৈছিল দিহানাম। পুৱতি নিশালৈকে একে গতিতে দিহা নাম গায়েই থাকিছিল ৰাইজে। তাৰ মাজতে কলপাত, দিমৌপাত শাৰী শাৰীকৈ পাৰি প্রসাদ ভাগ কৰা হৈছিল। তাৰ পিছতহে ৰাইজ ঘৰাঘৰি গৈছিল।

হঠাতে ক’ত জানো খেলিমেলি আৰম্ভ হৈছিল। আধাখিনি মানুহ কাষৰ গাওঁখনত থকা নামঘৰলৈ যাবলৈ লৈছিল। হলিৰামৰ সৰু পুতেক দুটাও তালৈ যোৱা আৰম্ভ কৰিছিল। ডাঙৰটো পুতেক আগৰ সমাজখনৰ লগতেই ৰৈ গ’ল। মাজুটোৰ কথা সুকীয়া। তাৰ শহুৰেক শঙ্কৰ সংঘৰ লেখত ল’বলগীয়া মানুহ আছিল। তেওঁলোকৰ গাঁৱৰ ওচৰৰ গাওঁখনত খ্রীষ্টান মিছনেৰীৰ কিবা এটা প্রতিষ্ঠান হৈছিল নতুনকৈ। ওচৰ পাজৰৰ গাওঁবোৰৰ দুখীয়া মানুহখিনিৰ উন্নতিৰ বাবে কিছু কাম হাতত লৈছিল। তাঁত ব’বলৈ মাইকী মানুহখিনিক সূতাৰ যোগান দিছিল। তাৰে আধা কাপোৰ শিপিনীয়ে নিজৰ লগত থৈ বাকীখিনি পুনৰ সূতা যোগান ধৰোঁতাৰ তাতে বিক্রী কৰিব পাৰিছিল। সেই প্রতিষ্ঠানটোক হাতে কামে লাগি সহায় কৰি দিয়াৰ বাবেই এচাম মানুহে হলিৰামৰ বিয়ৈয়েকক খ্রীষ্টান ধর্ম ল’লে, গৰুৰ মাংস খালে বুলি এক প্রকাৰৰ অপমান কৰিয়েই শঙ্কৰ সংঘৰপৰা উলিয়াই দিছিল। দুখে শোকে জর্জৰিত হৈ তেওঁ আঁতৰি আহিছিল নিজে গঢ়ি লোৱা সমাজখনৰ পৰা। আঁতৰি আহিবলৈ একপ্রকাৰ বাধ্যই হৈ পৰিছিল। তেওঁ আঁতৰি যোৱাৰ লগে লগে তেওঁক ভালপোৱা মানুহ এখিনি নিজে নিজে তেওঁৰ সৈতে গুচি আহিছিল। জন্ম হৈছিল শঙ্কৰী সমাজ বুলি এখন নতুন সমাজৰ। হলিৰামৰ দুই নম্বৰ পুতেকটো সেইখন সমাজলৈকে গুচি গৈছিল। সৰুটো পুতেকে হলিৰামক কৈছিল__ “তই মই যিহেতু একেটা ভেঁটিতে ঘৰ পাতি আছোঁ গতিকে মই থকা ৰাইজখিনিৰ লগতেই তয়ো থাকিব লাগিব।” পাকে প্রকাৰে সি যেন হলিৰামক বুজাই দিছিল “তোৰ যদি ডাঙৰ পুতেৰৰ সমাজখনৰ লগত খাবলৈ মন তেন্তে তই তাৰ লগতেই থাক, তাৰ ঘৰত।”

হলিৰামে ভাবিবলৈ আৰম্ভ কৰিছিল পুতেককেইটাই বাৰু তাহাঁত বুঢ়া বুঢ়ী হালক বোজা বুলি ভাবিবলৈ লৈছে নেকি? সেইষাৰ কথা হলিৰামৰ মনত এবাৰ যি সোমাল; সোমাই গৈ থাকিল, গৈ থাকিল, গৈয়েই থাকিল...কুমটিয়ে মাটি খান্দি গৈ থকাৰ দৰে। পুৰণি ঘৰৰ ভেটিটো কিবা এটা মোহত এৰিব নোৱাৰি সৰু পুতেকৰ লগতে থকাটো ঠিৰাং কৰিছিল সি। তথাপিও হলিৰামে কোনোদিন তাহাঁতৰ ওপৰত নির্ভৰ কৰি চলা নাছিল। চাপৰিত শাক-পাচলিৰ খেতি কৰি বজাৰত বিক্রী কৰিছিল। বাঁহ বেতৰ কামো জানিছিল বাবে দলা-চালনি, পাচি-খৰাহী, জাকৈ-খালৈ নিজে সাজি বিক্রী কৰি দুটা মানুহৰ খৰচ উলিয়াইছিল। ভঁৰালৰ ধান আছিলেই। মানুহজনীও জানো কম আছিল! পিছফালে শুকান বাঁহৰ খুটা পৰি থাকিলে দা খন লৈ গৈ কাটি আনি থয়। কুঠাৰখন লৈ গৈয়ো গছৰ মূঢ়া পৰি থাকিলে ঘপৰ ঘপৰকৈ কাটি দুডোখৰ মান চলিখৰি হ’লেও নিজে যোগাৰ কৰি লয়। হলিৰামে এতিয়াওঁ হাল টানিব পাৰে। তথাপিও খেতি পথাৰলৈ যাব লগা দিনকেইটাত লাগনি-পাচনি কৰি দিবলৈ ল’ৰা এটা ৰাখিছিল। খেতিৰ মাটি চহাই ধানকেইটা তাৰ লগতেই ভঁৰালত তোলেহি হলিৰামে। দুই বুঢ়া-বুঢ়ীকনো কিমান লাগিছিল! তথাপিও আপত্তি আছিল পুতেকহঁতৰ দুটা মানুহক নিজৰ লগত ৰখাত। এইবোৰক লৈ কোনো খেদ নাছিল হলিৰামৰ। মানুহজনীক লৈ দুই বুঢ়া-বুঢ়ী নিজৰমতে চলিছিল। বুঢ়া বয়সত পুতেকহঁতক কাষত নোপোৱাৰ বেজাৰে কেতিয়াবা দুয়োটাকে আমনি কৰিছিল যদিও চকুৰ আগতে দেখি থকা নাতি-পুতিকেইটাৰ মুখকেইখনে সেইখিনি পাহৰাই ৰাখিছিল। সিহঁতবোৰো ডাঙৰ হ’ল। আগৰ দৰে আইতাকৰ ওচৰলৈ আহি পিঠিৰ ঘামচি ভাঙি দিবলৈ, গৰমৰ দিনত চোতালতে পাটি এখন পাৰি বিচনীৰে বিচি দিবলৈ আব্দাৰ নধৰা হ’ল। সাধু শুনাৰ আশাত হাতত ধান এটা লৈ হলিৰামৰ পকা চুলি কাঢ়ি নিদিয়া হ’ল।

বহুত কিবাকিবিয়েই নোহোৱা হ’ল চকুৰ পচাৰতে। মানুহজনীয়ে হঠাতে বিছনা ল’লে। মাজুটো পুতেকে ডাক্তৰী চিকিৎসা কৰোৱালে যদিও দুদিনমান ভালে থাকি পুনৰ উক দিয়ে বেমাৰটোৱে। লাহে লাহে পুতেকহঁতেও গা এৰা দিলে দৌৰি-ঢাপলি ফুৰা তজবজীয়া মানুহজনী হাড়ে-ছালে লগা বেমাৰী হৈ বিছনাতে পৰি থকা হ’ল। হলিৰামে মানুহজনীৰ আলপৈচান ধৰিবলৈকে চাপৰিলৈ যাবলৈ এৰিলে। পিছফালৰ বাৰীৰে কিবাকিবি শাক-পাত বুটলি আনি ভাতমুঠি পানী বেছিকৈ দি অকনমান ধিলাকে ৰান্ধি দিয়ে। কেতিয়াবা জুইকুৰা জ্বলাই জুইশালতে পাটি এখন পাৰি মানুহজনীক শুৱাই দিয়েহি। মানুহজনীয়ে যেতিয়া ধেলাপৰা চকু দুটাই হলিৰামৰ ফালে চাই পঠিয়াই, তাৰ বুকুখন মোচৰ খাই উঠে। বুজাব নোৱাৰা কিবা এসোপা উজাই আহি ডিঙিটো সোপা মাৰি ধৰে। অলেখ কথাই যেন ক’ব খুজে মানুহজনীয়ে। ইটো সিটো কিবাকিবি কৈ ফুচুলাই থয় হলিৰামে। নিজকো যেন তেনেদৰেই ফুচুলায়! কেতিয়াবা দুয়োটাই হাঁহে। কেতিয়াবা ঘৰৰ মুধচটোৰ কথা কয় মানুহজনীয়ে। দুই এটা ফুটা হৈছে, বৰষুণ আহিলে পানী পৰিব ঘৰৰ ভিতৰত। হলিৰামে বুজে মুধচটো নতুনকৈ চাবৰ হ’ল। বাৰীৰে টকৌপাত কেইখনমান কাটিম কাটিম বুলি ভাবি থকাতেই থাকে। মানুহজনীক যে ক’ব নোৱাৰি কঁকালৰ বিষটোৰ কথা! নাৱাখনো পচিছে। দুটামান ফুটা হৈছে ঠায়ে ঠায়ে। বৰষুণ দিলে পানী সৰকি জুইশাললৈ যোৱা বাটটোতে পৰিব। হলিৰামে ভাবি আছে বিষেশ্বৰৰ দোকানত মিঠাতেল অনা টিং যদি খালী হৈছে তাৰে দুটামান আনি, কাটি লৈ নাৱৰাখনৰ ফুটাকেইটাত বান্ধি দিব লাগিব। বহুত কথা ভবাতেই থাকিল দেখোন! মানুহজনী যোৱাৰ দিনাৰেপৰা বৰষুণ দি আছে। ফুটা মুধচেৰে এটোপ দুটোপ পানী পৰিছে। নাৱৰাখনৰ ফুটাৰেও পানী পৰিছে। মানুহজনী থকাহেঁতেন হলিৰামক বকিলে হয়! এতিয়া ডাঙৰ জীয়েকে ঘটি, গামলা, চৰিয়া যি পাইছে তাকে পাতি থৈছে পানী পৰা ঠাইবোৰত। এইকেইদিন ভকত দুজনমান আহি ভাগৱত পাঠ কৰি আছে গধূলি গধূলি। দহ দিনৰ দিনা ভাগৱত পাঠ সামৰি মানুহজনীৰ দহা খন পাতি পেলালেই মানুহবোৰ আজৰি হ’ব! হলিৰামে ডিঙিত লৈ থকা গামোচাখনে সেমেকি থকা দুচকু নীৰৱে মচি লয়। একেখন ভাগৱতেইতো পঢ়ি আছে বাকী দুয়োটা পুতেকৰ দুখন ঘৰত!

চাওঁতে চাওঁতে আজি ১৫ দিনেই হ’ল মানুহজনী যোৱা। হলিৰামে আঙুলিৰ মূৰত হিচাপ কৰি চালে। জীয়েক কেইজনীও গ’ল নিজা নিজা ঘৰলৈ। মানুহ এজনী নোহোৱাৰ নামতেই ঘৰখন এইকেইদিন ভৰি আছিল! এতিয়া উদং হৈ পৰিল। নিমাওমাও হৈ পৰি থাকে গোটেই ঘৰটো। সৰু বোৱাৰীয়েকজনীয়ে এইকেইদিন ভাত এমুঠি ৰান্ধি খোৱাইছে হলিৰামক। নাই, নোৱাৰেচোন খাব। একোতেই সোৱাদ নোপোৱা হ’ল জিভাখনে। মাজু বোৱাৰীয়েকজনীও আহি গ’ল পুতেকৰ সৈতে। কৈছিল হলিৰামক তাঁহাতৰ লগতে থাকিবলৈ। নাযায়, হলিৰাম নাযায় তালৈ। বুজি পায় সি, টাউনৰ সেই অকনমানি কোম্পানীৰ কোৱার্টাৰটোত থাকিবলৈ গ’লে মিছাকৈ তাৰ লগতে ঘৰৰ আটাইকেইটা প্রাণীৰ আলৈ-আথানি হ’ব। থকাৰ ঠাইক লৈ চিন্তা কৰা নাই হলিৰামে। যিমান দিন পাৰে নিজে কৰি খাব। কূটা এগজ নকৰাকে বহি বহি খাইছ বুলি যাতে কোনো এটা পুতেকে কেটেৰা জেঙেৰা পাৰিব নোৱাৰে। লাগিলে সামৰি থোৱা কাঠি-কামিৰ কামকে কৰিব। ঘৰটোত থাকি আমনি লাগিলে মাজে মাজে গৈ চাপৰিতে থাকিবগৈ। তাতে ইটো সিটো শাক-পাচলিৰ খেতি কৰি থকা লিলেশ্বৰক কিবা সহায় কৰি দিব। মুঠতে সি কাকোৱেই অসুবিধা নিদিয়ে। হলিৰামৰ মাথোন এতিয়া এটাই চিন্তা__যিদিনা সি মৰিব, পুতেককেইটা গোট খাবনে তাক সাঙি ভাৰ কৰি তাৰ মানুহজনীৰ কাষতে শুৱাই থৈ আহিবলৈ? তাৰ বাৰু কেইখন দহা পাতিব পুতেকহঁতে? ভাবি ভাবি একো ঠাৱৰ কৰিব নোৱাৰা হয় সি। মানুহজনীৰ ঠাইত যদি হলিৰাম আগতে গুচি গ’লহেঁতেন! কথাটো এবাৰ নিজকে নিজে সুধি চালে হলিৰামে। অকলশৰীয়া মানুহজনীয়ে কি কৰিলেহেঁতেন? মানুহজনী তাতকৈ আগতে গুচি গ’ল, ভালেই হ’ল! হলিৰামে আকৌ এবাৰ মন্ত্রৰ দৰে আওঁৰালে__ভালেই হ’ল, ভালেই হ’ল!

 


( ই-আলোচনী "নীলা চৰাই"ত প্রকাশিত )

 

Post a Comment

0 Comments