ভাতকেইটা খাই উঠি মায়াই কাঁহী বাটি কেইটা সামৰিলে । পলাশৰ গা টো বৰ ভাল নহয় । খৰধৰকৈ তাই নাদৰ পাৰলৈ গ’ল বাচন কেইটা ধুই আনিবলৈ । ৰাতিয়েই ধুই নথ’লে পুৱা বৰ খৰধৰ হয় । শুই উঠি মুখ ধুইয়েই চাহপানী এবাটি খোৱাটো পলাশৰ পুৰণি অভ্যাস । তায়ো বাহি-বন কৰি গাটো তিয়াই নোলোৱাকে পাকঘৰত সোমাবলে’ বেয়া পায় ।
পলাশে বাহিৰলৈ
ওলায় আহি বাৰাণ্ডাৰ খুটা এটাতে আঁউজি শুনি ৰ’ল নাদৰ পাৰত বাজি থকা খুটুং খাটাং
শব্দবোৰ । কাঁহী বাটি কেইটা মাজোঁতে মায়াৰ হাতৰ খাৰুকেইপাত লাগি টুং টাং কৈ
ধুনীয়া শব্দ কিছুমানৰ সৃষ্টি হৈছে । জিলিবোৰেও নির্দিষ্ট তাল একোটাত যেন আপোন
পাহৰা হৈ কিবা গীতহে জুৰিছে । এপাকত মায়াই টিংটো দীঘল ৰছীদালৰ সৈতে নাদৰ তললৈ
পেলাই দিওঁতে মিহিকৈ পানীত খলকনি উঠিছে । পানী টিং ওপৰলৈ তুলি আনি তাই মাজি থোৱা
কাঁহী বাটি কেইটা ধুইছে । অলপ পৰ চলপ্ চলপ কৈ শব্দ এটা হৈ হৈ ৰৈ গৈছে । পলাশে
বুজিলে মায়াৰ কাঁহী বাটি ধোৱা হৈছে ।
মায়াই আহি খুটা
এটাত ভেঁজা দি আকাশলৈ চাই ৰোৱা পলাশক দেখি কিবা এটা ক’ব খুজিও ক’ব নোৱাৰি ভালে পৰ
তাৰ মুখলৈকে একেথৰে চাই ৰ’ল । দুহাত আঁতৰতে ৰৈ থকা মায়াক পলাশে দেখা নাপালে ! তাই
আহি তাক এনেকৈ ৰৈ থকা দেখিলে গালি পাৰিবহি বুলি লাহে লাহে শোৱনি কোঠালৈ বুলি
আগবাঢ়ি গ’ল ।
মায়াই পাকঘৰৰ কাম
সামৰি মিঠাতেল অকণমানতে ৰচুন দুফুটা দি গৰম কৰিলে । তাই ভাবি থাকিল পলাশৰ জ্বৰটো
বেছি নহ’লেই হয় । খৰ খোজেৰে তাই শোৱনি কোঠালৈ আগবাঢ়ি গ’ল তেল অকণমানে পলাশক
মালিছ কৰি দিয়াৰ মানসেৰে । গৈ তাই পলাশক খিৰিকীৰ কাষতে ৰৈ আকাশলৈ চাই থকা
দেখিলে ।
পলাশে আকাশলৈ চাই
চাই ভাবি আছে __ মায়াক বাৰু আজি কেনেকুৱা দেখিছে ? প্রথম দিনা তাইক একেবাৰে নিজৰ
কৰি আনোতে যে তাইক জোনবাই জনীতকৈও ধুনীয়া লাগিছিল ! তাই যেন এআকাশ জোনাক লৈ
আহিছিল তাৰ জুপুৰীলৈ ! পদূলিমুখৰ হাচনাহানা জোপা দোঁ খাই ফুলি আমোলমোলাই আছিল
সিদিনা ।
মায়াই লাহেকৈ
পলাশৰ গাত ধৰি ঠিয় হৈ ৰ’ল খিৰিকীখনৰ কাষতে । পলাশৰ নাকত ৰচুন তেলৰ সুগন্ধি এটা
লাগিল । সি গম পালে তাৰ চর্দি, জ্বৰৰ বাবেই এই ব্যৱস্থা । তাৰ হাজাৰ বাধাকো নামানি
তাই এতিয়া তাৰ ভৰিৰ তলুৱা, বুকুৱে পিঠিয়ে তেল লগাই মালিছ কৰি দিব । সি সদায়
কোৱাৰ দৰেই ক’ব__ “হেৰৌ মৰমৰ মানুহজনী, এইকণ জ্বৰে মোক একো কৰিব নোৱাৰে । তই
ইমানকে চিন্তা কৰিব নালাগে । গাঁৱৰ বোকা-পানী খচকি, ধূলি-বালিৰে লেটি লৈ ডাঙৰ হোৱা
মানুহ মই । সামান্য পানীলগা জ্বৰটোলে মই ভয় নকৰো ।” তাৰ কথা শুনি তাই একো নক’ব !
মাথোঁ তিলফুলীয়া নাকটোৱে ফেচ্ ফেচ্ কৰি থাকিব অভিমানত আৰু সি তাইক বুকুৰ মাজত লৈ
নিচুকাব লাগিব কণমানি ছোৱালী এজনীক মাকে ফুচুলাই ভাত খুওৱাৰ দৰে । ইমান যে অভিমানী
এই মায়া জনী !
মায়া আহি তাৰ
কাষতে ৰৈ থকা গম পাই পলাশে ক’লে__
: আজি তই মোৰ
ডাক্টৰনী হ’ব নালাগে দে । মোৰ একো হোৱা নাই । ব’লচোন আজি বাহিৰতে কিছু পৰ বহোঁগৈ দুয়োটা ।
ভালেদিন হ’ল জোনাকত নিতিতা । পূর্ণিমা কেতিয়া ঔ ?
: ...
: ব’ল ব’ল, আগফালৰ
বাৰাণ্ডালৈকে ব’ল ।
তেলৰ বাটিটো থৈ
মায়াই পলাশৰ হাতত ধৰি বাহিৰলে’ ওলায় আহিল । বাৰাণ্ডাত থকা কাঠৰ দীঘল চকীখনতে
দুয়োটা বহিল । জেঠৰ মাহ সোমাইছে । লাহে লাহে গৰম
পৰিবলে’ আৰম্ভ কৰিছে । পাতলীয়া বতাহ
এচাটি বলি আছে । মায়াই আকাশলে’ মূৰ তুলি চালে । আজি সঁচাকৈ পূর্ণিমা । কথাটো
পলাশক ক’ম বুলি ভাবিও ন’কলে তাই । মুখলৈ এবাৰ চাই তাৰ কান্ধতে মূৰটো থৈ আকাশলৈ চাই
থাকিল ।
পলাশে বাওঁহাতেৰে
মায়াক কাষ চপাই আনিলে । সি গুণগুণালে তাইৰ প্রিয় গীতৰ ক’লি এটা__ ‘
জব্ ক’ই বাত বিগৰ যায়ে, জব্ ক’ই মুস্কিল পৰ যায়ে, তুম দেনা চাথ মেৰা অ’ হ’ম নাবা
...’
পদূলিৰ হাচনাহানা
জোপা আজিও দোঁ খাই ফুলিছে সেইদিনাৰ দৰেই যিদিনা দীঘল ওৰণি লৈ মায়াই সোমাই আহিছিল
পলাশৰ ঘৰলৈ । হাচনাহানাৰ সুবাসে দুয়োটাকে চুই গ’ল । ফটফটীয়া জোনাকত হাচনাহানাৰ
ফুলবোৰ কেনেকুৱা লাগিছে পলাশক ক’বলে মায়াৰ খুব মন গ’ল । খুব মন গ’ল তাইৰ পলাশক
গাবলে ক’বলে তাইৰ আন এটা প্রিয় গীত__ ‘ ফুল ফুলক ৰ’দৰে ফুল হৃদয় সেউজী ধৰা...’
কওঁ কওঁ বুলি ভাবি থকা কথাবোৰ ক’ব নোৱাৰিলে তাই । পলাশৰো খুব মন গ’ল এবাৰ মায়াক
সোধিবলে’__ ‘ আজি চোতাল ভৰি জোনাক সৰিছেনে ? পদূলিৰ জলফাই জোপাত থকা চৰাই হালে
এতিয়াওঁ বাহ সাজেনে তাত ? ’ একোকে নুসোধিলে সি । মাজে মাজে কঁপি থকা মায়াৰ গা
টোকে সাৱটি ধৰি সি গুণগুণাই থাকিল তাইৰ প্রিয় গীতৰ ক’লিবোৰ...
(এবছৰৰ আগতে মায়াই
জেদ ধৰিছিল গুৱাহাটীখন চাবলে’ । তাইৰ কথা পেলাব নোৱাৰি সি লৈ গৈছিল তাইক । উভটি
আহোঁতে বাটতে নাইট চুপাৰখনৰ এক্সিডেন্ট হৈছিল নগাওঁত । তাতেই পলাশে হেৰুৱালে তাৰ
দুচকুৰ দৃষ্টি আৰু মায়াই নিজৰ কণ্ঠ । তেতিয়াৰে পৰা দুয়োটাই এনেদৰেই জোনাকত তিতি
কটাইছে বহু বিনিদ্র ৰজনী । মায়াৰ দুচকুৰে জোনাক চাই পলাশে ! মায়াই গুণগুণাই
পলাশৰ দুওঁঠেৰে !)
( ই-আলোচনী "স্পন্দন শব্দৰপৰা
হৃদয়লৈ"ত প্রকাশিত)
0 Comments