জোনাকৰ বৰষুণ


দৌৰাদৌৰিকৈ ঘৰলৈ বুলি ঢাপলি মেলা পৰীৰ মেখেলাখনে জোঁট পোঁত লগোৱাত তাই কলাফুললৈকে মেখেলাখন দাঙি ককালতে খুচি ল’লে। চেহ! এই আন্ধাৰবোৰযে! অজগৰ এটা হৈ তাইকে গিলিবলৈ যেন খেদি আহিছে! পিচলৈ উভতি চাবলৈ পৰীৰ ভীষণ ভয় লাগিল। তাই বেগাই আগলৈ খোজ দিলে। 

: ইমান দেৰি কৰিলি আজি? পৰীলৈ বুলি নঙলা মুখতে ৰৈ থকা পুলকে মৰম মিহলি খঙেৰে সুধিলে তাইক।

: এহ! নকবি আৰু। আজি মাষ্টৰনী বাইদেউৰ ঘৰত অলেখ কাম। ধানখিনি মাৰি আহিবই খুজিছিলো। বাইদেউৱে ক’লে ‘যদি তোৰ দেৰি হোৱা নাই গামোচাখনত ফুল দুকাঠি মান তুলি থৈ যাবিচোন। বিহুৰ আগতে গামোচা যুটি কাটিব লাগিব।’ ফুল তুলি থাকোতে গমেই পোৱা নাছিলো বেলিটো কিমান দূৰ পালেগৈ।

: হ’ব হ’ব ব’ল। এতিয়া গাটো তিয়াই ল। মই জুইশালত জুইকুৰা জ্বলাওঁগৈ। ভৰি হাত কেইটা সেকি ল’বি।

পৰীয়ে খৰখেদাকৈ নাদৰ পাৰলৈ গৈ গাটো তিয়াই আহে মানে পুলকে জুইকুৰা ধৰি চাহপানীৰ কেটলিটো পাতিছিলেই। গুঁৰৰ সৈতে ফিকাচাহ এবাটিকৈ দুয়োটাই খালে। কথা পাতি পাতি ভাত ৰান্ধিলে। পুলকে সৰু মাছ কেইটামান বিচাৰি আনি থৈছিল ক’ৰবাৰপৰা। পাতত দিলে সেইকেইটা।

তপতে তপতে ভাতকেইটা খায় দুয়োটা শুবলৈ গ’ল। পৰীয়ে আজি পুলকৰ দুচকুত কিবা এটা দেখিছে। সি যেন খুউব কষ্টত আছে। কিবা এটা যেন তাইক ক’ব খুজিছে।

: পৰী! 

পুলকে মৰমেৰে মাতিলে। তাৰ মাতটো ক’ৰবাৰ দ কুঁৱা এটাৰ তলিৰপৰা অহা যেন শুনা গ’ল।

: হুঁ।

: তই মহাজনৰ পুতেকৰ লগত পলাই নাযাওঁ কিয়? সিটো তোক আজি নিওঁ কালি নিওঁকে আছে।

পৰীৰ বুকুখনে হাহাকাৰ কৰি উঠিল। ধৰমৰাই তাই বিচনাতে উঠি বহিল।

: কিয়? তোৰ বেলেগ এজনী ঘৈনী আনিবলৈ মন গৈছে নেকি? খঙেৰে পুলকক সুধিলে তাই।

: নহয় অ’। তোকনো মই কি দিব পাৰিছো। দিন হাজিৰা কৰি তোকনো মই কেনেকৈ সুখত ৰাখিম। তোৰ নামটোৰ দৰে তই দেখাতো পৰীৰ দৰেই। কোনোবা ৰাজকুমাৰৰ লগতহে তোৰ বিয়া হ’ব লাগিছিল। মোলৈ আহি তই লোকৰ ঘৰে ঘৰে কাম কৰি কষ্ট খাব লগা হৈছে।

: হ’ব হ’ব। আৰু একো ক’ব নালাগে। মোৰ বাবে তয়েই ৰাজকুমাৰ। মই বুজিছোতো তই কিয় তেনেকৈ কৈছ। হ’বদে মোক ল’ৰা ছোৱালী দিব নালাগে তই। পাৰিলে অনাথ কোনোবা এটাক নিজৰ পো কৰি তুলি ল’ম। মহাজনৰ পুতেকলৈ যাবলৈকে কিবা আই বোপাইৰ কথা নুশুনি তোৰ সৈতে পলায় আহিছিলো নেকি? উচুপি উচুপি পৰীয়ে ক’লে।

: ৰহচোন, নাকান্দিবি। কিয় কান্দিছ? পৰীক কন্দা দেখি পুলকৰ কি কৰোঁ কি নকৰোঁ লাগিল।

: তই কন্দুৱাইছ বাবে কান্দিছো। অকৰাটো! পৰীয়ে নাকৰ পাহিকেইটা ফুলাই ফুলাই ক’লে।

পৰীলৈ কিবা নজনা মৰম এটা উথলি উঠিল পুলকৰ। তাইক টানি আনি সি বুকুৰ মাজত সাৱটি ল’লে। 

মাষ্টৰনী বাইদেউৰ ছোৱালীজনীয়ে কোৱা কথাটোলৈ মনত পৰি পৰীৰ লাজবোৰ বাঢ়ি গ’ল। আজি হেনো প্রেমিক প্রেমিকাবোৰৰ বাবে এটা বিশেষ দিন। লাজতে তাই মুখখন বেছিকৈ গুজি দিলে পুলকৰ বুকুত। পুলকৰ মুখত তৃপ্তিৰ হাঁহি এটাই খেলা কৰি থাকিল বহু পৰলৈ। বাহিৰত জোনাকবোৰ সৰি থাকিল ওৰেটো ৰাতি... টোপাটোপে...।

 


( ই-আলোচনী "স্পন্দন শব্দৰপৰা হৃদয়লৈ" ২০১২ চনৰ ফেব্রুৱাৰী সংখ্যাত প্রকাশিত )

 

Post a Comment

0 Comments