নীলা খামৰ চিঠি


প্রতি

তোমালৈ,

পুৱাৰ বেলিটো হৈ মোৰ খিৰিকিৰ কাষত আহি ৰৈছিলাহি। আবেলিয়ে গধূলিক লৈ  অহাত তুমি ক’লা, ‘আজি যাওঁগৈ, আকৌ আহিম।’ মই ক’লো ‘যোৱাগৈ, পুৱাতেই আহিবা।’ অমানিশাৰ নিশাটো ইমান দীঘলীয়া বুলি যে তুমি এবাৰো নক’লা! তুমি আহিম বুলি কোৱা পুৱাটো কেতিয়াও নাহে বুলি বতাহে আজি কানে কানে কৈ গ’ল।

দুপৰীয়াবোৰত খহি পৰে বিষাদ গধুৰ তপত নিশ্বাস। নিৰ্জনতাৰ কৰুণ বাঁহীৰ সুৰে ক্রমে আঁতৰাই লৈ যায় মোৰপৰা মোক। চকুপানীবোৰ গান হৈ ভাঁহি আহে দুচকুয়ে। বাঁহীৰ সুৰবোৰ ক্রমে শিপাই হিয়াৰ গভীৰৰপৰা গভীৰলৈ। বিষাদৰ দাল-পাতবোৰ লহপহকৈ বাঢ়ি আহে নীলাৰপৰা নীলা হৈ।

সময়ৰ কোনটো ফেৰেঙণিত ওলমি থাকিলা তুমি? পুৱাবোৰ আহি গুচি যায়, তুমি নাহা পুৱাটিৰ সৈতে ৰ’দকাঁচলি হৈ। আবেলিটো আহি গুচি যায় ভাগৰ মাৰিবলৈ গধূলিৰ বুকুত, তুমি নাহা মোৰ ভগ্ন হৃদয়ৰ আধৰুৱা উশাহবোৰৰ উমান লবলৈ। নিশাটো ধপলিয়াই আহে জোনাকৰ সৈতে উমলিবলৈ, তুমি নাহা মোৰ সেমেকা শেতেলীত বহি মোক নিচুকাবলৈ।

কোন ঘাটত গৈ লাগিল তোমাৰ পানচৈ? তোমাৰ চিনাকী পুৰণি ঘাটলৈ তোমাৰচোন মনতেই নপৰা হ’ল! তুমিনো কি বুজিবা, বাউলী ৰাধাই আজিও কিদৰে যমুনাৰ পাৰত ৰৈ বাট চাই তোমালৈ। অভিমানী ৰাধাৰ মনে দেখোন মানিবই নুখুজে তুমিযে ৰুক্মিণীৰ কাষ পালাগৈ।

পুৱাতেই দেখিলো আজি এযোৰ শালিকী। ওঁঠৰ ফাকেৰে মিচিকিয়া হাঁহিৰ নিঃশব্দ মিচিল এটা খুব খৰকৈ পাৰ হৈ গ’ল। মনতে ভাবিলো আজি ডাকোৱাল কাইটি চাইকেলৰ টিলিঙা বজাই মোৰ পদুলিত ৰ’বই ৰ’ব আৰু তুমি আহিম বুলি লিখি পঠিওৱা চিঠিখন মোক দিব। ভাৱনাবোৰৰ সৈতে এসোপা তেজ মুখলৈ উজাই আহিল, বুকুয়ে ধান বানিবলৈ লাগিল, দুভৰি মাটিত নপৰা হ’ল।

দুপৰীয়া ডাকোৱাল কাইটিৰ চাইকেলখন মোৰ পদুলিৰ আগেদিয়েই টিলিঙা বজাই গুচি গ’ল। দৌৰি আহি কাইটিক চিঞৰি চিঞৰি মাতিলো, শুনাই নাপালে। দৌৰি আহোতে বুকুৰ আঁচলখন চোতালৰ বোকাত পৰিল। নঙলামুখতে ৰৈ যোৱা ভৰিত শিপা গজিল। বুকুৰ ভিতৰত ধুমুহাৰ গুমগুমনি।

এতিয়া দুচকুয়ে কিবা বিচাৰি ফুৰে খিৰিকিৰ ফাঁকত, শুকান গছৰ ফেৰেঙনিত। বতাহত উপঙি ফুৰে হুমুনিয়াহ। প্রতি পুৱা মোক জগাইহি ঠেং ভঙা এটা শালিকাই। দুটামান চাউল চটিয়াই দিলে সি খুটিয়াই খুটিয়াই খাই গুচি যায়।

পিতাই আহিব বুলি বাট চাই চাই আইৰ চকুহাল নঙলা মুখতে ওলমি থকাৰ দৰে মোৰো চকুহাল নঙলা মুখতে ওলমি থকা হ’ল। আইয়ে জানে পিতাই যে কেতিয়াবাই তৰা হ’ল! খবৰটো তোমাক দিয়া নহ’ল।

             

ইতিত

নিশা

                                                                 

Post a Comment

0 Comments