ধূলিকণা




ৰাস্তাত পৰি থকা সৰাপাত এখিলা কেৱল সৰাপাত বুলিয়েই ভাবিব লাগে। মোৰ হয় কি_ পাতখিলা সৰিল কাৰণ ই হালধীয়া হ’ল, মানে ই পকিল, মানে ই বুঢ়া হ’ল… ইয়ালৈকে ঠিকে আছে বাৰু!

ইয়াতে সামৰি নিদি মই আকৌ ভাবিম_ পাতখিলা দেখোন অলপ অলপ সেউজীয়াই হৈ আছিল, পাতৰ আধাখিনি পোকে খালে দেখোন, কোনজোপা গছৰ বা পাত আছিল!!

ইয়াতেও মোৰ সন্তুষ্টি নাই… আকৌ ভাবিম_ যি গছৰেই পাত নহওক, ই আৰু একেজোপা গছতে কেতিয়াও নগজে (?), বেলেগ এজোপা গছতো নগজে, অন্য কোনো গছতেই নগজে কেতিয়াও! আটাইবোৰ পাত সৰি গছজোপা টকলা হ’ব আৰু আটাইবোৰ পাত আকৌ নতুনকৈ গজিব! গছ একেজোপাই থাকিব, কিন্তু কোনোখিলা পাতেই একে নহ’ব… কেতিয়াও!

… আৰু সেই সৰাপাতখিলাই দিনটোৰ বাবে হৈ পৰিব মোৰ অনুর্বৰ মগজুৰ অদৰকাৰী কোচ-কাৱাজৰ সমল, যি না আগলৈ যায় না পিছলৈ! কিন্তু নিজে ভাবি থাকিম, নিউটনৰ দৰেই সাংঘাটিক কিবা এটা হে যেন আৱিষ্কাৰ কৰি দিম! মোৰ খেয়ালী মনৰ বান্দৰামিখিনিৰ পিছত কেনেবাকৈ পুনৰ আৱিষ্কাৰ কৰি দিম যে প্রতিটো ঋতুতেই সলনি হয় প্রতিজোপা গছ! আৰু নিজৰ মহান চিন্তাৰাজিৰ শেষত নিজেই লজ্জিত হৈ শিৰ নত কৰি উপলব্ধিৰ শুভকিৰণত জলমল হাঁহি এটা বৰ কষ্টেৰে গিলি থৈ ভাবিম যে সকলো গছৰে সকলো পাত সৰি নাযায়!

তেতিয়ালৈ সেই সৰাপাত হয়তো কোনোবা দাষ্টবিনত গেলিল নতুবা জাৱৰৰ দ’মৰ সৈতে জ্বলি ছাই হৈ উৰি যোৱা চ’গা হ’ল!!

আচলতে হয়তো মই ক’ব বিচাৰিছিলো যে সেউজীয়াখিনি ৰ’দে-বৰষুণে, বতাহ-ধুমুহাতো সৰি নপৰাকৈ সদায়ে সেউজীয়া হৈ থাকক। সেউজীয়ালৈ শুভকামনা!…… অথচ কওঁ বুলিও মোৰ একোকে কোৱা নহ’ল… যদিও মই সৰাপাতৰ পিছে পিছে উৰি ফুৰিলো ধূলিকণা হৈ... নুশুনা প্রার্থনা হৈ... নামাজৰ দোৱা হৈ... 

 

Post a Comment

0 Comments