কথাবোৰ আজি আশা কৰাৰ দৰেই হওক



কেতিয়াবা বৰ মন যায় অনামী আৱেগেৰে চপচপীয়া হৈ থকা চিঠি এখন পঢ়িবলৈ, মৰমেৰে ভিজি থকা চর্তহীন আলাপত মজি  থাকিব পৰাকৈ। “মৰমৰ” বুলি আৰম্ভণি নকৰিলেও চলিব…

কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন!

অভিনয়হীন নাটকৰ সংলাপ আওৰাই ল’ৰালিৰ লুংলুঙীয়া বাটেৰে জীৱন আজিও সেই ভাজতে ৰৈ যাব কিয় খোজে! সকলোবোৰেই য’ত সঁচা আছিল-  এচোতাল জোনাক, এঠেঙীয়া বগলী আৰু জোনৰ বুকুৰ মৃগ পহু!

কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন!

বোকা আছে, পানী আছে কেনেকৈ যাম? বোকা-পানীৰ আলিবাট সৰল শৈশৱৰ দৰেই দেও দি পাৰ হ’ব পাৰিলে কেনে মজা আছিল! কেনে মজা আছিল গৰখীয়া গুটি বিচাৰি পিংপিঙাই ফুৰা দুপৰৰ ধেমালি। কেনে মজা আছিল পথাৰৰ বোকাত লেটি লৈ থাকি নাভাগৰা দুভৰিৰ দৌৰ। হেলৌ-হেইচৌ... পানী সিঁচি সিঁচি ধৰা খালৰ গৰৈ মাছ কেইটা খাবলৈ পোৱাটো জৰুৰী নাছিল!

কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন!

লিচু গছৰ তলত বান্দৰৰ ৰখীয়া হৈ বহি থকা দুপৰীয়াবোৰ কেনে সোৱাদলগা আছিল! ৰখীয়া আৰু কি! বান্দৰে নিকটাই দিয়া দাঁতকেইটা দেখিয়েই কেটেপা-বাটুলগুটি ঠাইতে পেলাই দে ভিতৰলৈ দৌৰ! বুকুৰ ধপধপনিটো মাৰ নাযাওঁতেই কোনোবাই কয় “হেৰৌ, দেচোন দে তাঁহাতকো দুটামান খাবলৈ দে!” ... এতিয়াও ‘বান্দৰ-বিড়ি’ৰ সুবাস এটাই খন্তেকলৈ ধপধপনিটো খৰ কৰি থৈ যায়!

কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন!

নতুনকৈ জগা দামুৰী পোৱালিটোৰ দৰে জপিয়াই ফুৰে নাভাগৰা কথাবোৰ! কোনোবাই কয়- বুইছনে, এইটো ৰং “ফেঁহুবৰণীয়া”। ইমান ৰং, ইমান ৰং… ৰঙেৰে ৰঙীন সকলো! কথাবোৰ পানীৰ দৰে আছিল। যি ৰঙকেই দিয়া যায় সেই ৰঙেৰেই ৰঙীন কৰিব পৰাকৈ সহজ আছিল সময়! কলা ৰং কেতিয়ানো ভাল লগা হ’ল টলকিবই নোৱাৰিলোঁ!

কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন!

দাঁতৰ বিষত সংকটমোচন, পেটৰ বিষত তিতা-কেঁহা দেৱাই এবাটি! ৰাউচি জুৰি চিঞৰ! ঠিক হৈ যায় দেখোন! আচৰিত! আজিৰ বিষবোৰো তেনেকৈয়ে ভাল হৈ উঠাহেঁতেন! গাঠিয়ে গাঠিয়ে বিষ, মানুহ জনেপতি বিষ, ঘৰে ঘৰে বিষ... জোলা পতা... ৰকম ৰকম! এবাটি দেৱায়ে নাটে, সবকে নুসোজেও!

কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন!

“এংকৰী বেংকৰী, ওলাই আহাঁ লাহে কৰি..।“ উপায় নাই! ওলাবই লাগে। “একে একে দুই”ৰ হিচাপ নিমিলে এতিয়া! ‘আণ্ডাৰষ্টেণ্ডিং’ আৰু ‘এড্ জাষ্টমেণ্ট’ৰ হিচাপ মিলিব লাগিব। উঁই হাফলুৰ দৰে ওখ হোৱা কথাবোৰ খান্দি খান্দি পুখুৰীৰ মাছক খোৱাই দিব পৰাহেঁতেন কি যে মজা আছিল!

কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন!

এই জীৱন অভিনয় মাথোঁ, হাঁহি হাঁহি ভাগৰি পৰা। খন্তেক বহি অনুভৱৰ বাখৰ খটুৱাই গুঠিবও নোৱাৰি চকুলোৰ এধাৰি মালা; সেয়াও অভিনয় বুলি হাঁহিব লগা হয় পাকতে উঠি। কি যে মজাৰ আছিল কান্দি কান্দি ঘুমটি অহা দিনবোৰ, থিয় হ’বলৈ চেষ্টা কৰি দুখ পাওঁতে হাঁহি থকা দিনবোৰ! অসুখতো সুখ আছিল!

কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন!

বৰ মানুহ হোৱাৰ হাবিয়াস এটা কোনে জানো সী দিছিল বুকুত! হাতীৰ পিঠিত উঠিলো, বৰ মানুহ নহ’লো। আচৰিতেই হওঁ, সময়ে কেতিয়ানো শিলৰ চোলা এটা পিন্ধি থাকিবলৈ শিকালে গমকে নাপালো। সঁচা নে মিছা নাজানো; পানীৰ বেজীটো কিন্তু নহ’লেও চলি যায়!

কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন!

আজি জীৱনৰ কথাকে পাতোঁ দিয়ক, মৃত্যুৰ দিন এদিনলৈ পিছুৱাই থওঁ। “তুমি-তোমাৰ” ভালপোৱাক নিলগাই আজি নিজক ভালপোৱাৰ কথাকে পাতোঁ। 

“বৰ ঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়, ঢাকোন পেলাই পইতাভাত খায়...। “ভাকুটকোটাই ভাকুটকোটাই চাকি জ্বলোৱা সন্ধিয়াবোৰ আকৌ উজ্বলি উঠক... হাতীপটিৰে নামি আহক কল খাই বাকলি দিয়া বান্দৰটো অথবা মৌ বিচনী এখন ৰখি থকা শিয়ালটো... সাধুকথাৰ শকত টোপোলা এটা লৈ!

...কথাবোৰ আজি আশা কৰাৰ দৰেই হওক!

 

https://youtu.be/gRGRNqCl0AM

কৃতজ্ঞতা স্বীকাৰঃ "লক্ষ্য প্ৰহৰ বৰদলৈ আৰু ডাৱৰ নিনাদ"লৈ

 

Post a Comment

0 Comments