নতুন বুলি একো নাই। উপলব্ধি সেই একেবোৰেই।একেবোৰ কথাকেই বাৰে বাৰে ভাবি থাকো,লেখি থাকো! অথচ লাগে কথাবোৰ,
উপলব্ধিবোৰ ক’ৰবাত যেন অলপ বেলেগ হ’ল আগতকৈ!
সৰু সৰু কথাবোৰঃ
কেতিয়াবা ভাবোঁ,
আচলতে কিছুমান কথাৰ সৰু সৰু পাৰ্থক্য থাকে। আমি মন নকৰো। কৰিলেও গুৰুত্ব নিদিওঁ। একেই কথা বুলি ধৰি সৰু সৰু ভুল কৰি থাকো তেনেকৈয়ে। যদিও ভুলবোৰে বিশেষ হানি বিঘিনি নঘটায়,
তথাপিও ...!
এদিন কিবা খুচৰি
থাকোঁতে কনমানি মইনাহঁতৰ বাবে লিখা ভৱেন্দ্র নাথ শইকীয়া চাৰৰ লেখা এটাত পালোঁ_
‘বিৰাট’ শব্দটো আমি আমাৰ অনুভৱবোৰ বুজাবলৈ ব্যৱহাৰ কৰাটো ভুল। হাতী এটাক আমি
‘বিৰাট’ ডাঙৰ বুলি ক’ব পাৰো, কিন্তু আমাৰ ‘বিৰাট’ আনন্দ লাগিছে বুলি কোৱাটো ভুল।
আমাৰ “খুউব আনন্দ” লাগিব পাৰে বা “বহুত আনন্দ” লাগিব পাৰে!
সেই তাহানিতে এদিন
“মোচ্ছৰ” চাৰে
“এনজিঅ’স্পাৰ্ম”ৰ ক্লাচ এটা লৈ থাকোঁতে কিবা এটা কথাত মোক “ৰৈ থকা” আৰু “ৰখি থকা”ৰ মাজৰ পাৰ্থক্যটো বুজাই দিছিল। লাজো পাইছিলো বাৰু এচিকুট! ক্লাচৰ বাকীসকলে পার্থক্যটো জানিছিল
নে নাজানিছিল নাজানো, মই কিন্তু সেইটো কথা ভাবিয়েই চোৱা নাছিলো তেনেকৈ! চাৰে
কৈছিল_ কলেজৰ গেইটত থকা চকীদাৰজন হ’ল ৰখীয়া; তেওঁ ৰখি থাকে, পহৰা দি থাকে আনহাতে
আমি যদি কোনোবা আহি পোৱালৈ অপেক্ষা কৰি থাকো, সেয়া হ’ল ৰৈ থকা। এই কথাটো আৰু পাহৰা
নাযায় মোৰ কোনোদিন।
এতিয়াও হয়তো বহুত
এনে ভুল হয় মোৰদ্বাৰা। কিন্তু কোনোবাই শুধৰাই নিদিয়ালৈকে বা মই নিজে ক’ৰবাত
দেখিবলৈ নোপোৱালৈকে জনাৰ উপায় নাই যে মই কিবা ভুল কৰি আছোঁ।
এনেকৈ ভাবি থাকোতেই ভাবিছো_ কাৰোবাক “অনুসৰণ” কৰা আৰু
“নকল” কৰাৰ মাজতো তেনেকুৱা ধৰণৰেই পাৰ্থক্য এটাই আছে চাগৈ!
একেদৰে ভাবোঁ অভিজাত, সম্ভ্রান্ত, আঢ্যৱন্তৰ মাজতো তেনে পার্থক্য এটা আছে। আগতেও
ক’ৰবাত কৈছিলোঁ এবাৰ _ইগ’ আৰু আত্মসন্মানৰ মাজৰ পার্থক্যটো চাগৈ আঢ্যৱন্ত আৰু
সম্ভ্রান্তৰ মাজত থকা পার্থক্যৰ দৰেই! অৱশ্যে কথাটো শুদ্ধ হয় নে নহয় নাজানো। কোনেও
বুজায়ো দিয়া নাই যিহেতু। নিজেও বিচাৰি চোৱা নাই। এলাহ নহয়, হয়তো অনিচ্ছা।
তথাপিও কেতিয়াবা
কিছুমান মানুহ সন্মুখত দেখিলে মনলৈ ভাৱ এটা আহে যে এওঁ বেচ্ আঢ্যৱন্ত মানুহ চাগৈ;
নাম-সন্মান আছে, টকা-পইচাও আছে, সকলো মানুহে পটকৈ চকুত চকু থৈ কিবা ক’বলৈ সাহস নকৰা
বিধৰ! আভিজাত্য থকা বুলিলে আকৌ কোনোবা তাহানি দিনৰ জমিদাৰী বংশৰ মানুহ যেন ভাৱ এটা
আহে! সম্ভ্রান্ত বুলিলেও সেই আঢ্যৱন্তৰ দৰেই একেই ভাৱ এটা মনলৈ উঠি আহে, তথাপিও
ভাৱ হয় আঢ্যৱন্তত লাগি থকা ‘গপচ’ৰ ৰহন কন যেন সম্ভ্রান্তত নাথাকে। সম্ভ্রান্তত
সম্ভ্রম অলপো মিহলি হৈ থকা যেন লাগে বাবেই চাগৈ ই আঢ্যৱন্ততকৈ অলপ হ’লেও বেছি
চহকী!
ভাবিহে চালোঁ
কথাবোৰ তেনেকৈ। মই এতিয়াও নাজানো, শুদ্ধটো কি! কথাবোৰ নাজানিলেও হয়তো মোৰ বৰ বিশেষ
অসুবিধা নহ’ব। কিন্তু “নকল আৰু অনুসৰণ” অথবা “ইগ’ আৰু আত্মবিশ্বাস”ৰ মাজৰ খুউব
সামান্য পার্থক্য টো যদি বুজি নলওঁ, মই ক’ৰবাত ভুল কৰি যে নাপাম তাৰ নিশ্চয়তা নাই!
কিজানিবা ভুল কৰিলোৱেই সেয়া মই ভাবিও চোৱা নাই!
মোৰ “পহু পোৱালিটো”ক সিদিনা সুধিলো_
“অনিষ্ট কৰা আৰু অপকাৰ কৰা”ৰ মাজত কি
পার্থক্য?
“একেই দুয়োটা।“
“তেন্তে দুটা শব্দ কিয়, এটাই কিয় নহ’ল?”
“কিছুমান কথাৰ উত্তৰ নাথাকে; তেনে
উত্তৰবোৰ বিচাৰি নুফুৰিলেই ভাল!”
ঠিকেই, কিছুমান কথাৰ উত্তৰ নাথাকে।
সেইবোৰ বিচাৰি নুফুৰিলেই মনৰ শান্তি অটুত থাকে। সেইবোৰ বিচাৰি নুফুৰিলেও কাৰো একো
অনিষ্ট বা অপকাৰ নহয়!
(পহু পোৱালিটো কোন নাজানে? জানিব এদিন!
টেলেণ্টেড্ পোৱালি! পহু পোৱালি মোৰ বাবেহে, আন কাৰোৰে বাবে নহয় কিন্তু!)
গ্রহণ কৰিলেই
সত্যবোৰ সহজঃ
এইযে আজি মই জীয়াই আছো, সেইটো সঁচা কথা। এদিন
মই মৰিম, সেইটোও সঁচা কথা; শেষ সত্য এইটোৱেই। কিন্তু এই সত্যৰ হাতত ধৰি মই এতিয়া ৰৈ যাব নোৱাৰো।
মই যে জীয়াই আছোঁ, সেই সত্যৰ হাতত ধৰি জী থাকিব লাগিব সেই দিনটোলৈকে। এতিয়া এইটোহে সত্য!
দুয়োটা সত্যকে মানি লৈ যদি মই জীৱনৰ সৈতে সহাৱস্থান ল’ব পাৰিছো, তেন্তে মোৰ মনটোক
(হয়তো ইয়াকেই আত্মা বুলি কয়, নাজানো!) শান্ত কৰি ৰখাত সফল হৈছোঁ। দুখ-শোক, খং-ক্ৰোধে আহি আমনি
কৰিলেও সিয়ে মোক অস্থিৰ কৰিব নোৱাৰে।
যদিহে মই জানিলো- আৰু দুদিন পিছত মই
মৰিম, তেতিয়া এই শেষ সত্যৰ হাতত ধৰি মই জীৱনৰ হাতখন এৰিব লাগিব। আৰু যদি মই
কৰিবলগীয়া খিনি নিজৰ সাধ্যানুসাৰে কৰিলোঁ, তেন্তে জীৱনৰ হাতখন এৰি দিয়াৰ সময়ত অস্থিৰতাই মোক হয়তো
খুব কমকৈ আমনি কৰিব। সেইখন হাত এৰি দি আনখন হাত ধৰিবলৈ মোৰ কষ্ট নহ’ব।
এই এটাই শেষ সত্য। যিহেতু এইটোৱেই এতিয়া চৰম সত্য গতিকে মই তাক মানি ল’ব পাৰিব লাগিব। বাকীবোৰ এটা বৃত্তৰ ওপৰত
আন এটা বৃত্ত মাথোঁ… ঐককেন্দ্ৰিক বৃত্ত! নিজেই যেতিয়ালৈ এৰিবলগীয়া সত্যক এৰি
ধৰিবলগীয়া সত্যৰ হাতখন নধৰোঁ, আমি মকৰাজালখনতেই বান্ধ খাই অস্থিৰতাত চট্ ফটাই থাকিব
লাগিব।
সেই
গতিকেই নিজৰ মৃত্যুৰ কথা ভাবি ব্যথিত হোৱা নাই
কেতিয়াও। সিও এক সত্য, তাক গ্ৰহণ কৰি লৈছোঁ।এই সত্যৰ হাতখন এৰি মই এতিয়া জীৱনৰ হাতখন ধৰি আছোঁ। এতিয়া এই ‘জীৱন’ হে সত্য! দুয়োটাকে মানি ল’ব পাৰিছো; দুয়োটাৰে হাতত একে সময়তে যে খামুচি থাকিব নোৱাৰো তাকে মানি লৈ এখন হাত এৰি দিব পাৰিছোঁ। সেই গতিকেই মনটোৱে “peaceful state” এটা নিজেই নিজক দিব পাৰিছে বুলি ভাবোঁ।সঁচাবোৰ গ্ৰহণ কৰি ল’ব পৰাটোও এক ৰকমৰ যুদ্ধ জয় কৰাৰ লেখীয়া।
গ্রহণ কৰিব পৰাতেই মনৰ শান্তি সাঙুৰ খাই থাকে বুলি বিশ্বাস কৰোঁ।
নাপাহৰা পাহৰণিবোৰ
আৰু বৈচিত্রতাৰ সুন্দৰতাঃ
হাতৰ আখৰকেইটা
ইমানো বেয়া নাছিল মোৰ। বানানো তেনেকৈ ভুল নহৈছিল। কিন্তু এতিয়া দুয়োটাৰে অৱস্থা
তথৈবচ! স্কুলত পঢ়ি থাকোতে
ছয়মহীয়া পৰীক্ষাৰ বহীবোৰ যেতিয়া ওভতাই দিয়ে; ৰঙা চিঞাহীৰ নম্বৰকেইটা ইমান ধুনীয়া
দেখি, ১০০ ৰ ভিতৰত “অমুক” নম্বৰটো মন ভাল লগাকৈ জিলিকি থাকে। যেতিয়া মোক
সকলোতকৈ শেষত বহী ল’বলৈ চাৰ-বাইদেউৱে মাতে তেতিয়া মনটো আৰু অলপ বেছিকৈ ভাল লাগি
যায়! সেই দিনবোৰ এতিয়া কিবা আপুৰুগীয়া সম্পদ যেন লাগে!
‘মা’য়ে বহীবোৰ ভালেমান দিনলৈ থৈ দিছিল। মই কলেজ পঢ়ি শেষ কৰাৰ সময়লৈকে আছিল!… তাৰপিছত অ’ত ত’ত মানুহবোৰ ল’ৰি ফুৰোঁতে এদিন সেইবোৰ নোহোৱা হ’ল। বস্তুবোৰ এদিন নোহোৱা হৈ যায়! উপায়ো তো
নাই! কিমান দিন আৰু সেইবোৰ সামৰি থ’ব পৰা যায়। বহুত বস্তুৰ ভিতৰত ‘মা’ৰ চিলাই
মেছিনটোও এটা। ভন্টীৰ কৃপাত সেইটোও এদিন ঘৰৰপৰা নোহোৱা হ’ল। উপায়ো নাই, কিছুমান
বস্তু সদায়ৰ বাবে সামৰি থ’ব পৰা নাযায়। ইফালে সিফালে ল’ৰি ফুৰাৰ সময়ত বস্তুবোৰ
পুনৰ চাফ-চিকুন কৰি সামৰি ৰখাটো বেছিভাগ ভন্টীৰ ওপৰতেই পৰে বাবে তাই অদৰকাৰী যেন
লগা বস্তুবোৰক বিদায় দিয়ে। বস্তু কিছুমান নাথাকিলেও সিহঁতৰ উপস্থিতি অনুভৱ কৰিব
পাৰি!
সকলো মোৰ দৰেই হ'ব, মই বিচৰাৰ দৰেই হ'ব বুলি ভবাটো ভুল আচলতে।সেয়া বেছিকৈ বিচাৰি ফুৰিলে মনৰ শান্তিত ব্যাঘাত জন্মে। কাৰোবাৰ সৈতে মোৰ চিন্তাবোৰ, কথাবোৰ কিছু পৰিমানে মিলিব পাৰে; কিন্তু
সকলোবোৰেই একেবাৰে একে হ’ব নোৱাৰে। এতিয়া সেই নিমিলাখিনি যদি মই কাৰোবাক জোৰ কৰি
মিলাবলৈ কওঁ হ’ব জানো? তেওঁ তেওঁৰ দৰে, মই মোৰ দৰে আৰু কিছু কিছু ক্ষেত্রত আমাৰ
অলপ অলপ মিল আছে! অমিলখিনিৰ বাবে তেওঁক মই বেয়া বুলি কৈ দিব নোৱাৰো! বিভিন্নতা আছে
বাবেই বস্তুবোৰ ধুনীয়া; নহয়জানো? সকলোবোৰ ফুল যদি বগাই হ’লহেঁতেন, সকলোবোৰ গানৰ
সুৰ যদি একেই হ’লহেঁতেন, সকলো ৰং যদি ক’লা হ’লহেঁতেন!! ... কথাবোৰ নিৰস আৰু সেৰেকা
লাগিলহেঁতেন নহয়নে? সময়ত নিজৰ বেয়ালগাবোৰৰপৰা আঁতৰি থাকিব নোৱাৰিলে, সেইখিনিক
উপেক্ষা কৰিব নোৱাৰিলে নিজলৈ অশান্তি নিজেই চপাই লোৱা হয়! কেতিয়াবা কেতিয়াবা সেয়ে
“Ignorance is bliss” বুলি কোনো কোনোৱে কয়।
পথাৰ এখনত একে সময়তে বিধে বিধে ধানৰ খেতি কৰিব পাৰি ভাগে ভাগে।সেইবুলি সকলোবিধ ধান একেলগে মিহল কৰি খেতি কৰা নহয়।খেতিয়কৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কি কি ধানৰ খেতি কৰিব। জহা, বৰা, শলপোনা বা আন
কোনো ধানৰ চাউল একেলগে সিজাই কোনোবাই খায় জানো? বেলেগে বেলেগে তিনিওটাৰে সোৱাদ কিন্তু ভাল! আকৌ "সোৱাদৰ ভাল"টোও নিৰ্ভৰ কৰিব খাওঁতাজনৰ ওপৰত।
সুৰৰ হাতত ধৰি অহা
কথাবোৰঃ
কেতিয়াবা বন্ধৰ দিনত, লেপটপটোত কিবা কাম
কৰোঁ বুলি বহি ল’লে গানৰ কোনোবা এখন প্লে লিষ্ট্ প্লে কৰি দিয়াটো যেন বাধ্যতামূলক!
এদিন তেনেকৈয়ে “ৰাঁঝানা” চিনেমাৰ গানকেইটা শুনি আছিলোঁ। কিছুমান গান শুনিলে লাগে
কি কৰোঁ মানে? নাচোঁ নেকি? নে লগে লগে গায় যাওঁ? হাঁহো নে কান্দো? বহি থাকো শান্ত
হৈ নে জপিয়াই ফুৰোঁ ঘৰচিৰিকাৰ দৰে?
“বানাৰসিয়া……"
এনেকুৱা গান কিছুমান শুনি শুনি বহুত কাম
কৰি দিব পাৰি! মনটো শান্ত হৈ কামতেই লাগি থাকে। কিন্তু ডিঙিৰ সৈতে ওপৰৰ খিনি, ওলমি
থকা ভৰি দুটা (বাওনা মানুহ যে, চকীত বহি কাম কৰি থাকিলে সিহঁত মাটিৰপৰা অলপ ওপৰতেই
ওলমি থাকে! হিঃ হিঃ হিঃ ) দুলি থাকে আপোন চেৱত!
"বানাৰসিয়া……" গানৰ আৰম্ভণিটোৱেই মজা লাগি যায়! তবলা আৰু
বাঁহীটো যেতিয়া একেলগে বাজে…আহাহাহা…!
“ … ৰঙ্গ ম্যে ভঙ্গ য়া ভঙ্গ ম্যে ৰঙ্গ……
বানাৰসিয়া…”
এইযে সুৰবোৰ, কথাবোৰ… বিন্ধি থৈ যায়…!
সকলো পাহৰি এখন অন্য কিবা জগতত উৰি ফুৰিব পাৰি! সেই অনুভৱৰ হয়তো একো সংজ্ঞা নাই!
এই সুখ অন্য একোৱেই দিব নোৱাৰে যেন বোধ হয়।
“সা… সা সা সা সা নি নি সা সা নি নি সা
সা….ৰে ৰে…”
এই যেন অনুভৱ বোলা বস্তুটো যিমান আছে,
আটাইসোপা উবুৰি খাই পৰেহি একেলগে! বুকু ভৰি উঠে নে খালী হৈ যায় নাজানো! দুচকু
কিন্তু ঠিকেই ভৰি আহে। পেটটো যেন নাইকিয়া হৈ যায়, প্রচণ্ড গৰমতো ঠাণ্ডা লগাৰ দৰে
কিবা জ্বৰ উঠি আহে! কি নাম দিয়া যায় এনে অনুভৱৰ! কিবা উদং হৈ যায় সকলো…… শূন্য
কিবা এটাত যেন ভাঁহি ফুৰো…! “য়াৰ মুৰাৰী” বুলি যেন অসহায় সত্বা এটাই আটাহ পাৰি
উঠে!
“অকল্ কে পর্দে পিছে কৰ দেঁ…” …কি কৰিম
বুজি নাপাওঁ। গৈ গৈ ৰৈ যাওঁ, ৰৈ ৰৈ গৈ থাকোঁ! ক’লৈ নাজানো, কিয় নাজানো! ফিৰফিৰিয়া
বতাহ এচাটি ব’লে… গছপাতবোৰ সৰে। শিপা এডাল যেন বুকুৰ ভিতৰে ভিতৰে বাঢ়ি বাঢ়ি গৈ
থাকে মাটি বিচাৰি! মাটি খহি খহি গৈ থাকে, শিপা বাঢ়ি গৈ থাকে! "নি সা নি
সা…" …কোনোবাই যেন পুনৰ কেঁকাই উঠে “বিন্দিয়া" ৰে!!
"গা মা ধা নি ৰে সা…… ক্যা সখী
ওলঝন… " …ভাল লাগি যায় কিবা! ভাগৰ, অৱসাদ পাতলি যায়। নকৰো নকৰো বুলি পেলাই
থোৱা কাম এটা থাউকতে কৰি পেলাব পাৰি। ভঙা কঁকালটোকে ভাঙি ভাঙি ৰান্ধিব মন নোযোৱা
মাংসখিনি ৰান্ধিব পাৰি (খোৱা নোখোৱাটো পিছৰ কথা), কিতাপৰ ওপৰৰ ধূলি মাকতিবোৰ চাফা
কৰিব পাৰি, কিবাকিবি বহুত কথা খন্তেকলৈ হ'লেও পাহৰি থাকিব পাৰি।
…আৰু মই নিজে প্ৰায়েই পাহৰি থকা কথাটো
হ'ল নিজৰ বয়সটো! পটকৈ কথাটো মনলৈ আহিলে নিজৰ ওচৰতে লাজ লাগি যায়! আপোনা আপুনি ওলাই
অহা সুহুৰিটো ভণ্টীৰ কথা কেইটালৈ মনত পৰি বন্ধ হৈ যায়। নাচি থকা ভঙা ককাঁলটো লগালগ
চিধা হৈ ৰৈ যায়। মুখ খনতো গহীন গহীন ভাব এটা আনিবলৈ চেষ্টা কৰো! বেজাৰেই লাগি যায়
ঘপহকৈ! তাৰপিছত ভাবোঁ_ ক্যা ফৰ্ক পৰতা হায়…! "তেৱ তেৱ তেৱ……পেঁ পেঁ
পেঁ……"
গোৱা মানুহৰ কথা নক’লোৱেই বাৰু। এইযে
তবলাত নাচি থাকে আঙুলিকেইটা, বাঁহীটোত নাচি থাকে আঙুলিকেইটা… সুৰে সুৰে যে বিভিন্ন
বাদ্য বজাই থকা সকলে মূৰটো ধুনীয়াকৈ লৰাই থাকে...! আহাহাহাহা…. কম সুখ নে চাগৈ
সেয়া! মোৰ যে এই মানুহবোৰলৈ বৰকৈ হিংসা লাগে! এটা সময়ত ক'ক ষ্টুডিঅ'ৰ গানবোৰ খুব
চাইছিলোঁ। ইমানগাল কিবাকিবি বাদ্যযন্ত্ৰ বজায়! আৰু সকলোৱে সুৰে সুৰে দুলি থাকে…কোনোৱে
দুচকু মুদি থাকে, কোনোৱে ইজনে সিজনলৈ চাই মিচিক কৈ হাঁহি দিয়ে…! গানটো গাই থকা
জনতকৈ এওঁলোকেহে বেছি উপভোগ কৰা যেন লাগে মোৰ! তেওঁলোক যেন অন্য কিবা এখন দুনীয়াত
বিচৰণ কৰি থাকে!
এই “ৰাঁঝানা”ৰ হাতত ধৰি মোৰ মনলৈ অহা
দুটা কথা হ’ল_
আমাৰ মনটো খুব আচৰিত বস্তু এটা! একে
সময়তে অনেক অনুভূতি অনুভৱ কৰিব পাৰে। এই দুখ লাগিল, এই আনন্দ লাগিল, এই বেজাৰ
লাগিল… খং উঠিল… পলকতে কেতিয়াবা আক’ সুখে ইমানেই উথপথপ লগাই দিয়ে যে হাঁহি দিওঁতেই
চকুপানীও ওলাই যায়! আচলতে আমি কি শুনো, কি দেখো, কি পঢ়োঁ, কি চাওঁ… এইবোৰতেই মনটোৰ
সুখ দুখ, ভাল লগা বেয়া লগাবোৰ নিৰ্ভৰশীল। আৰু সেইখিনিত ভেজা দিয়েই আমি আমাৰ কামবোৰ
কৰোঁ। মনটো ভাল লাগিলে ভালকৈ কামবোৰ কৰা যায় আৰু বেয়া লাগিলে বেমাৰী মুৰ্গীৰ দৰে
জুপুকা লাগি থকা যায়।
এতিয়া, বয়সটো পাহৰি যদি কঁকাল ভাঙি ভাঙি
মনটো ভাল লগাই ল'ব পাৰোঁ (কোনেও নেদেখাকৈ দেই! হাঃ হাঃ হাঃ…) কিনো বেয়া কথাটো!
“দেখৌ ৱহ জো ঔৰো নে না কভি দেখা হ্যে…” … সকলোবোৰ আমাৰ নিজৰ নিজৰ ভিতৰতেই থাকে।
বিচাৰি উলিয়াব লাগে। আৰু তাকে কৰিবলৈ হ'লে মাজে মাজে নিজক পঢ়িব লাগে; নিজক পঢ়ি
নিজকে নিজে ভাল লগোৱাই থাকিব লাগে… এই ভাল লগাটোৰ হাতত ধৰিয়েই বাকীবোৰো ভাল হৈ উঠে!
এনেকুৱাও নহয় যে সমস্যাবোৰ আওকাণ কৰি
কেৱল কঁকাল ভাঙি জপিয়াই ফুৰিলেই হ'ব! নহ’ব তো! সেয়ে কেতিয়াবা কান্দিবও লাগে! আচলতে
কান্দিব জনা মানুহে খুব ধুনীয়াকৈ হাঁহিবও জানে, হাঁহিব জনা মানুহে হে সেয়া জানে!
জীৱনৰ বেয়াখিনি আওকাণ কৰি খন্তেকলৈ হ'লেও ভালবোৰ অনুভৱ কৰি ভাল কামবোৰ কৰাত নো কি
আপত্তি! সেইখিনি আওকাণ কৰাত এই গান কিছুমানে মহৌষধৰ দৰে কাম কৰে।
দ্বিতীয় কথাটোৰ লগতে অহা আন এটা কথা_
“ৰাঁঝানা” চোৱা মানুহে বুজি পাব যে
“মুৰাৰী” আৰু “বিন্দিয়া” চিনেমাখনৰ দুটা চৰিত্র; ছাপ’র্টিং কাষ্ট্ নে কি কয় যে,
সেয়া! এই দুটা চৰিত্রৰ অবিহনে নায়ক-নায়িকাৰ চৰিত্র দুটা সজীৱ হৈ নুঠে! কিন্তু মই
এওঁলোকৰ নাম দুটা নাজানো, যিদৰে “সোনম আৰু ধনুশ”ৰ নাম দুটা জানো! প্রায়েই এনেকুৱা
হয় আমাৰ। সদায় নায়ক-নায়িকাৰ কথাই আমি কওঁ, বঁটা-স্বীকৃতিও দিয়া হয়। কিন্তু গোটেই
চিনেমাখনত এনে কিছুমান সৰু সৰু চৰিত্র থাকে, যাৰ অভিনয় মূল চৰিত্র কেইটাতকৈয়ো ভাল
হয়, কাহিনীক তুলি ধৰে! কিন্তু সেইখিনিৰ কথা আমি নকওঁ, মনতো নাৰাখো!
এইটো আছিল দ্বিতীয় কথাটো। আনটো কথা হ’ল_
কিছুমান ডিগ্রীজাতীয় বস্তু কিছুমান মানুহক দিবই নালাগে। সেই ডিগ্রীটোৱে সেই বিশেষ
মানুহজনৰ ওজনটো গধুৰ নকৰে, বৰঞ্চ তেওঁক দিয়া বাবে ডিগ্রীটোৰ ওজনটোহে বাঢ়ি যায়;
তেনেকুৱা ডিগ্রী এটাৰ আচলতে তেওঁক প্রয়োজনো নাই। এতিয়া সেই ডিগ্রীটোকে যদি আন
কাৰোবাক দিয়া যায় (আজিৰ দিনত বহুত কিছুমান কথা সম্ভৱ), যি সেইটোৰ যোগ্য
প্রকৃতার্থত নহয়; তেন্তে… সেইজনে কি যে ওজন এটা লৈ বহি নাথাকিবনে!
কেতিয়াবা আক’ ইয়াকো ভাবোঁ যে কোনো
ব্যক্তিক দেশৰ বাবে খেলাৰ বাবে কিবা এটা উচ্চ খিতাপ দিয়া হ’ল। ঠিক আছে! কিন্তু
তেওঁ তো খেলাৰ বাবদ কোটি কোটি টকা লৈছে দেশৰপৰা!
বিশেষ ব্যক্তি দুজনমানৰ কথা ভাবিহে কথাটো
মোৰ মনলৈ আহিছে, বহুতকে সামৰি লৈ কোৱা নাই বাৰু। তাতে আকৌ “মানুহেপতি মনটো” বুলি
কথা এষাৰ আছে নহয়!
দেখাবোৰ কেতিয়াবা দেখাৰ দৰে নহয়ঃ
অলপতে “অক্ষয় খান্না” অভিনীত চিনেমা এখন
চালোঁ- “Section 375” । মোৰ চিন্তাৰ লগত মিলি যোৱা কথাবোৰ ক’ৰবাত পঢ়িবলৈ পালে বা
চাবলৈ পালে খুব ভাল লাগে! এই চিনেমাখনো সেয়ে মোৰ ভাল লাগিল। আমি কিছুমান কথা ধৰি
লওঁ সঁচা বুলি, যিহেতু কথাটো তেনেকৈয়ে আমাৰ আগত উপস্থাপন কৰা হয় আৰু সেই ব্যক্তি
বিশেষকো আমি অন্য দৃষ্টিৰে চাবলগীয়া কোনো কাৰণ নেদেখো। কিন্তু কিছুমান মানুহে সেই
কোনেও নভবা কথাটোকে ভাবি চায়। যেতিয়া দেখে যে কথাবোৰ যিদৰে আমাৰ আগত ধৰা দিছে
আচলতে সেয়া সঁচা নহয়। সেই সঁচাটোকে যেতিয়া তেওঁ আনকো ক’বলৈ বা বুজাবলৈ যাব তেতিয়া
তেওঁ তিৰস্কাৰ হে পায়।
চিনেমাখনৰ ভাল লগা সংলাপ এটা হ’ল
“Justice is abstract, law is a fact.” ইয়াক ব্যাখ্যা কৰিবলৈ মোৰ সামর্থ্য নাই।
নিজৰ নিজৰ ধৰণেৰে বুজি চালেই হ’ল! এই কথাটোতে ভেঁজা দি মই ভবা কথাটোহে ক’লোঁ।
কিছুমান সঁচাক আমি সঁচা বুলি মানিবলৈ টান পাওঁ কাৰণ সেইখিনিক আমি ইমান বেছি
বিশ্বাস কৰি লওঁ যে তাৰ আঁৰত কিবা মিছা লুকাই থাকিব বুলি ভাবিবই নোৱাৰো। সেইটোকে
যদি কোনোবাই চকুৰ আগত উদঙাই দিয়ে তেওঁক হে ওলোটাই ককর্থনা কৰোঁ। সঁচা অর্থত
কিছুমান সঁচাক আমি সহ্যই কৰিব নোৱাৰো আৰু তাকে দেখুৱাই দিয়াজনক বেয়া পাবলৈ লওঁ,
অবিশ্বাস কৰিবলৈ লওঁ! আনে আমাক যি দেখুৱাই আমি সৰহ সংখ্যকে তাকেই দেখো; সেয়া
সুখ-দুখ, ভাল-বেয়া যিয়েই নহওঁক। খুব কম মানুহে হে নেদেখুওৱা খিনিও দেখা পায়! (এই
কথাটো ভাবি থাকোতেই মনলৈ আন এটা কথাও আহি আছে_ “I rebel; therefore I
exist_Camus.” কিয় কথাটো মনলৈ বাৰে বাৰে আহি আছে নাজানো। এই বিষয়ে পিছত
কেতিয়াবা কথা হ’ম!)
এইখিনিতে মই অনুভৱ কৰা আন এটা সৰু কথা
কওঁ- আমি যেতিয়াৰপৰা মেগী খাবলৈ জানিছো, তাৰে এটা পেকেটৰ দাম ১০ টকা, দোকানত গৈয়ো
১০ টকীয়া মেগীৰ পেকেট টো দিয়ক বুলিয়েই কৈ আহিছোঁ। মাজতে সেইটো পেকেটৰ দাম বাঢ়ি ১২
টকা হৈছিল। অলপ হূলস্থুলো হৈছিল চাগৈ তাকে লৈ। অলপদিনৰ পিছত দাম কমি আকৌ ১০ টকা
হ’ল আৰু আমি তাকে লৈ আনন্দিত হ’লোঁ! কিন্তু পেকেটৰ ভিতৰত থকা মেগীৰ পৰিমাণ আগৰ ১০
টকীয়া পেকেটৰ সমানেই আছেনে? সেইটো আমি ভাবি চোৱা নাই! “Business is all about
psychology!” মই ভাবোঁ, everything is all about psychology! Everything is
business!
মোৰ কোনো নোহোৱা মানুহ এজনঃ
কিছুমান কথা নাভাবিলেও হয় আচলতে। কিন্তু
কিছুমান ভাৱনা স্বতঃস্ফূর্ত, আঁকোৰগোজ! নাভাবোঁ বুলিলে বেছিকৈ কাষ চাপি
আহে! আমাৰ সেইবোৰ গান ভাল লাগে, সেইবোৰ কথা ভাল লাগে যিবোৰ আমাৰ সৈতে মিলে;
তেনে মানুহক ভাল লাগে যি আমি কওঁ কওঁ বুলিও প্ৰকাশ্যে ক'ব নোৱাৰো কথাবোৰ ধুনীয়াকৈ
কৈ দিয়ে/ লিখি দিয়ে।
কথাটো আচলতে এনেকুৱা নহয় নে যে আমি নিজৰ কথাই ভাবোঁ অহৰহ? আমি অনুভৱ নকৰাকৈয়ে
আচলতে নিজে নিজক ভাল পাই আছো নেকি অনবৰতে?
যেতিয়া আমাৰ ভাল লগা কিবা এটা, প্ৰিয় মানুহ
কোনোবা হেৰাই তেতিয়া আমাৰ দুখ লাগে, কান্দোঁ! কাৰণ আমি নিজৰেই কিবা এটা হেৰুওৱা
যেন অনুভৱ কৰোঁ! ক’ৰবাত আমি নিজকে হেৰুৱাওঁ!
আমি স্কুল পঢ়ি থকা দিনৰ কথা।
“চন্দ্রকান্তা” নামৰ চিৰিয়েল এখন প্রচাৰ হয় টি ভি ত। “বদ্রীনাথ” বুলি চুলি দীঘল চৰিত্র এটাও
দেখা পাওঁ। তেতিয়া ভবা নগৈছিল যে কোন এই “বদ্রীনাথ”ৰ আঁৰৰ মানুহজন; হয় আৰু কোনোবা।
তাৰ পিছৰ কোনো সময়ত মানুহজনৰ চকুকেইটাত মন দিয়া হৈছিলো আৰু সেই চকু দুটা মই মুঠেও
ভাল পোৱা নাছিলোঁ! তাৰ পিছৰ সময়বোৰত অলপকৈ যেতিয়া চিনেমাৰ বিষয়ে, অভিনয়ৰ বিষয়ে
বুজা হ’লোঁ; উপলব্ধি কৰিলো যে এই “বদ্রীনাথ”ৰ আঁৰৰ মানুহজন দেখোন ‘ফেণ্টাষ্টিক্
মানুহ’! যি চৰিত্রতেই অভিনয়
কৰে তেওঁ সেই মানুহজনেই হৈ পৰে! সেই উপলব্ধিৰ পিছত
যেতিয়াও মানুহজনৰ অভিনয় চাইছোঁ সদায়েই অনুভৱ হয় হাঁহি থকা মুখখনত অনবৰতে যেন কিবা
এটা কাৰুণ্যতা ওলমি থাকে! অর্বুদ কথা যেন তেওঁৰ সেই হাঁহিটোৰ আঁৰত লুকাই থাকে!
বাকী অভিনয়ৰ কথা নকওঁ, কিন্তু যিবোৰ চৰিত্রত তেওঁ কন্দাৰ অভিনয় কৰে (!) মোৰ লাগে
সেই মানুহজনে অভিনয় নাই কৰা! জোৰকৈ চকুপানী সামৰি থ’ব খোজা সময়কণত তেওঁৰ মাতষাৰ, দুচকু যেতিয়া চাই থাকোঁ...
ময়ো সমানে কান্দোঁ...! (মোৰ নিজৰেই বিশ্বাস হোৱা নাই যে এই কথাখিনি টাইপ কৰি
থাকোঁতেও মই চকুপানী মচি থাকিব লগীয়া হৈছে!!)
এই মানুহজন হেৰাই
গ’ল বোলে আজি (২৯-০৪-২০২০)...! বাৰেপতি মোৰ মানসপটত ভাঁহি উঠিছে “মাডাৰী”ৰ
দেউতাকজন যি হেৰাই যোৱা কণমানিটোৰ বেগটো বুকুত সাৱটি কান্দি কান্দি হস্পিটেলৰ
কৰিড’ৰত তাক বিচাৰি ফুৰিছে, “অংগ্রেজী মেডিয়াম”ৰ “মিঃ চম্পক” নামৰ কন্দনামুৱা
দেউতাকৰ মুখখন যি নিজৰ ছোৱালীৰ মন পচন্দৰ কলেজত নাম-ভর্তি কৰোৱাব নোৱাৰি গাড়ীৰ আগত
পৰি দিব খুজিছে! আসঃ! ......
তেওঁৰ পিছে পিছে
অন্য এজন মানুহো হেৰাই গ’ল। ওঁহো মোৰ বিশেষ একো অনুভৱ হোৱা নাই! গ’ল আৰু, সাধাৰণ
কথা! কিন্তু সেই হাঁহি থকা মুখখন, কিবা এক বিষাদ ওলমি থকা চকুকেইটা, কওঁ কওঁ বুলিও
হাঁহিটোৰ মাজতে লুকুৱাই থোৱা অত’বোৰ কথা সামৰি গুচি যোৱা মানুহজন...! মই যেন মোৰেই
নিজৰ অংশ এটা হেৰুৱালোঁ, নিজৰেই কোনোবা আপোনজনক যেন হেৰুৱালোঁ! মই একো নোহোৱা, মোৰ
কোনো নোহোৱা কাৰোবাৰ বাবে এই প্রথম অনুভৱ কৰিলো কিবা এটা অচিনাকী অনুভৱ...!!
“ৱৌ জো থা খ্বাব সা
ক্যা কহেঁ জানে দেঁ
য়ে জো হ্যে কম সে
কম য়ে ৰহেঁ কে জানে দেঁ
ক্য়োঁ না ৰৌক্ কৰ
খুদকো এক মশৱৰা কৰল্যেঁ
মগৰ জানে দেঁ
আদতন তো সোচেঁঙ্গে
হোতা য়ুঁ তো ক্যা হৌতা
মগৰ জানে দেঁ...”
“নীন্দ তৌ মাঁ কী
গৌদ মেঁ আতী হ্যেঁ ডাক্তৰ চাহাব...!” গ’লগৈ তেওঁ মাকৰ কোলাত শুবলৈ... যোৱাৰ সময়
নাছিল, আমি আৰু বহুত পাবলৈ আছিল... কিন্তু গুচি গ’ল! থকাহেঁতেন আৰু কিছুদিন...!
গুচি গ’লেও কিছুমান মানুহ সদায়েই থাকিব_ আমাৰ মনত, আমাৰ কথাত, আমাৰ চিন্তাত, আমাৰ
অভ্যাসত... নিজৰ নিজৰ ধৰণেৰে!
“...জিন্দেগী কে
মৌৰ পৰ আখিৰী ঘৰ মেৰা হ্যেঁ” .... “...এক কাম কৰতা হুঁ, অব চলতা হুঁ...” _ইৰফান
খান। প্রিয় ফুল তেওঁৰ “ৰাত কী ৰাণী”... আমোলমোলাই ফুলি ৰ’ব চৌদিশে... তেওঁ সদায়ে
থাকিব মানুহৰ মাজৰ এজন হৈ... লাভ ইউ ইৰফান জী !!
শেষতঃ
আমি অনবৰতে কিবা এটা হেৰুৱাই আছোঁ, পায়ো আছোঁ! হেৰওৱা বহু কিবাকিবি আমি ওভতাই
নাপাওঁ। কাইলৈ কি পাম সেয়াও আমি নাজানো। অতীত সোঁৱৰণি, ভৱিষ্যত সম্ভাৱনা… যদি কিবা
'আছে' সেয়া কেৱল 'আজি'! আমি যিহেতু নিজক ভালপাওঁ, গতিকে যি কৰিব আছে আজিতেই কৰিব
লাগিব। আৰু আজি যি কৰিম সেয়া ভালকৈয়ে কৰিব লাগিব। কৰাখিনি ভাল হোৱাতেই মনৰ সন্তুষ্টি!
আমি সকলোৱে কেতিয়াও বিখ্যাত মানুহ হ'ব
নোৱাৰো। মই অন্ততঃ নহ'ম, নহ'লেও চলিব। কিন্তু আজি যিখিনি কৰিবলগীয়া, সেইখিনি যদি
মই ভালকৈ নকৰো তেন্তে মোৰ নচলে! আমি যিমানো ইতিবাচক নহওঁ কিয়, 'কাইলৈ'ৰ কোনো নিশ্চয়তা নাই। নিশ্চিত হোৱা মানে সি ‘আজি’
হ’ল!
আমি যদি নিজৰ ভাগত থকা আজিৰ কামবোৰ ভালকৈ
কৰোঁ, লাগিলে সেয়া যিয়েই কাম নহওঁক; সন্তুষ্ট হ'ব পাৰিম। সন্তুষ্টিয়েই সুখ নহয়জানো? আমি জানো তাকেই
নিবিচাৰো? কামটো ভালকৈ তেতিয়া কৰিব পাৰিম যেতিয়া তাক আমি ভাল পাম।
আজিত আমি আজিৰ কামবোৰ ভালকৈ কৰোঁচোন!
কথাটো মানি লোৱা যাওঁকচোন যে আমি নিজে নিজক ভালপাম শেষ দিনটোলৈকে! জীৱনটো যিদৰে আহিছে তাক তেনেদৰেই
গ্রহণ কৰি আগলৈ গৈ থাকিম। গুচি যোৱা মানুহ কিছুমানে তাকেই জানো নিশিকায়!
মৃত্যু সত্য, দুখ স্বাভাৱিক; নিজেই আহে!
সুখবোৰ আমি আৰ্জিব লাগে! মনবোৰ ভাল
লগাই ল’ব লাগে! জীৱন জীয়াব লাগে! সেয়া আমি শিকিবলৈ পাওঁ আমি ভালপোৱা মানুহবোৰৰপৰা,
তেওঁলোকৰ জীৱনৰপৰা! আৰু তাকে যদি আমি নিশিকিলো তেন্তে তেওঁলোকক আমি কি ভাল পালোঁ?
0 Comments