নোখোৱা চাহ একাপ




কথাটো আচৰিতেই! মোৰ কা
ৰণে! হঠাতে আজি আপোনালৈ মনত পৰিল... আগৰ দৰে! এটা যুগৰ পিছত! কিয় বাৰু? (মই নিজেই নাজানো, আপুনি নো কেনেকৈ জানিব!)

ভালে আছে? আছে চাগে’। (নথকাৰ নো কি কাৰণ থাকিব পাৰে!) ময়ো ভালে আছোঁ। (আপোনাৰ জনাৰ আগ্রহ নাই যদিও ক’লোঁ!)

ফাগুন এইবাৰ খুব খৰধৰকৈ গুচি যোৱা যেন লাগিল নহয় নে? কিয় নাজানো এই অবতৰত আপোনাৰ পদূলিৰ শেৱালিৰ সুবাস নাকত লাগি আছে বাৰে বাৰে! কিবা ভাল খবৰ আছে নেকি? পলাশৰ দৰে ৰঙা ৰঙা কিবা? (অৱশ্যে পলাশক মই আজিও ৰঙা নেদেখো, মদাৰ আৰু শিমলুৰ ৰঙাৰ দৰে!) আপুনি গুচি যোৱাৰ পৰাই ‘আপোনাৰ ফাগুন’ক মোৰ ভাল নল’গা হ’ল! কি যে আচৰিত নহয় নে? (ফাগুনৰ নো ইয়াত কি দোষ!) অৱশ্যে এতিয়া ‘মোৰ ফাগুন’ মোৰ ভাললগা!

 

সুঁতি সলোৱা নৈখনক ধিয়াই
পুৰণি সুহুৰিটো বাঁহীত গজে
সোঁৱৰণী সুৰ ধূলি হৈ উৰে,
ভালপোৱাৰ বিষাদ ঢৌত উজাই মোৰ
মদাৰৰ ৰঙাৰে পালতৰা নাও
দিহিঙে-দিপাঙে...


ফাগুন মোৰ শুকান (যদিও)
ধূলিয়ৰি গানত শেষ ৰাতিও হেন্দোলি উঠে
কেতেকীৰ দৰেই যি আমোলমোলাই ফুলে
ফাগুন মোৰ, দুপৰৰ দৰেই এন্ধাৰতো জ্বলে!

 

কি ভাবিছে? নে হাঁহিছে? (বুজি পোৱা নাই চাগে’ ন’? হাঃ হাঃ হাঃ... নালাগে বুজিব থাকক।) আপোনাক দেখোন কেতিয়াও কন্দাই নেদেখিলোঁ! (নাকান্দে যেন কেতিয়াও!) আপুনি সদায়েই ফৰকাল হাঁহি এটাৰ দৰে আছিল। আপুনি হাঁহিছিল কম হহোঁৱাইছিল বেছি। হহোঁৱাই মোৰ হে চকুপানী উলিয়াইছিল! কেতিয়াবা হঠাতে চকুৰ আগেদি যেন আপুনি পাৰ হৈ গ’ল তেনে ভাব হয়! আজিকালি অৱশ্যে কষ্ট নহয়। হাঁহি এটা ওঁঠত ফুটি উঠে মাথোঁ। হাঁহিটো কেনেকুৱা সেয়া ময়ো নাজানো! (আপোনাৰ অনুপস্থিতি এতিয়া ঠিক সহজ অভ্যাস এটাৰ দৰে হৈ পৰিছে!)

 

পকী ৰাস্তাটো এৰি দুভৰিয়ে ঘৰমুৱা আলিবাট ল’লেই
ক্রমে শীর্ণ হৈ পৰা বুকুৰ নদীত
অস্পষ্ট অৱয়ব এটা জিলিকি উঠে।
এন্ধাৰৰ আউলি-বাউলি চুলি
ধূলিৰ শূলে বিন্ধা দুচকু
চিৰাল ফটা পথাৰত লুণীয়া এসুঁতি ৰিঙা ৰিঙা চ’ত;
পুখুৰী খান্দোতে ওলোৱা ভুমুকৰ দৰে
এন্ধাৰত খোপনি পুতি সোঁৱৰণিৰ শিপাবোৰ
ডাল পাত নোহোৱাকৈয়ে বাঢ়ে... অজানিতে!


বেঙাৰ দৰে হাঁহি দিওঁ
এতিয়া যে মই মোৰপৰাও আঁতৰি থাকোঁ,
শীতৰ লঠঙা গছত ফাগুনীয়া আবিৰৰ দৰে
এতিয়া চোন দুখবোৰো মোৰ সুখ হৈ উমলে!

 

বুজিয়েই পোৱা নাই বুলি কপাল থূপ খোৱাই কিবা ভাবিছে নেকি? নালাগে দিয়ক। বুজি পাবই লাগিব বুলি জানো কৈছো? কিছুমান কথা নুবুজিলেই ভাল। নহয়নে? দুখী নহওঁ আৰু এতিয়া মই। আপুনি চিন্তা কৰিব নালাগে! (হাঃ হাঃ হাঃ ... ময়ো যে! এতিয়া নো ক’ত আপোনাৰ সময় আছে!) আপুনি চিন্তা কৰিবলগীয়া অনেক অন্য কথা এতিয়া আপোনাৰ চৌপাশে... আলফুল, আলসুৱা...! তাকে ভাবি মোৰো কেতিয়াবা চৌপাশটো সুখী সুখী যেন লাগে!

_____ ০_____

ভাবি পোৱা নাই, আপোনালৈ আগৰ দৰেই কিয় মনত পৰিল! আজিকালিতো কোনো অজুহাতো নাই মোৰ ওচৰত, আপোনাক মনত পেলোৱাৰ! আপোনালৈ মনত পৰাৰ সমানে সমানে আন এটা কথাও মনলৈ আহি আছে। আপুনি মোক কোনোদিন ঠাট্টা কৰা নাছিল। মোৰ অপাৰগতা, মোৰ অপূর্ণতা বা অন্য কিবাক লৈ আপুনি কোনোদিন হঁহা নাছিল। আপুনি মোক বিশেষ স্থানত নাৰাখিলেও, মোক মোৰ জোখতকৈয়ো ওখ স্থানত ৰাখিছিল। (কিয় নাজানো!) মোৰ দেখোন একোৱেই নাছিল! আপুনি গর্ব কৰিব পৰাকৈ না মোৰ নামৰ আগে-পিছে কিবা আছিল, না চেহেৰাত কিবা ফাটি-ফুটি জিলিকিছিল! (আপুনি দেখোন জানিছিল, ওজন থাকিলে দামো থাকে! সকলো বস্তুৰে।) আপুনি কেতিয়াও মোক পুতৌও কৰা নাছিল। কি জানে- কোনোবাই পুতৌ কৰক বেয়া নালাগে, সহানুভূতি দেখুৱাওক দুখ নালাগে! কিন্তু যদি ঠাট্টা কৰে? মোৰ চাগে’ কষ্ট হয়! সেয়ে আপোনালৈ মনত পৰিল নেকি বাৰু? নাজানো!

 

মই উশাহ লৈ থাকো
মানুহবোৰে টেঁটুত চেপি কয় জীয়াবলৈ।
মই জী থাকো 

মানুহবোৰে কবৰ খান্দি মাতে ভোজ ভাত খাবলৈ।

অলংকাৰী মানুহ কিছুমান ইমান নিঃকিন
ফটা কাপোৰ দেখিলেই কয় পাগল বুলি!

আইনাৰ এইপাৰ সিপাৰ
নিৰলংকাৰ নিঃকিন মোৰ দুয়োপাৰ।


কথাবোৰ মাটিৰ তলত...
আৰু কবৰত থিয় হৈ মই জীয়াই থাকিবলৈ শিকোঁ।

 

কি ভাবিছে? (জানো, আপুনি ইমান ভাবি নাথাকে।) একো নাই দিয়ক। আপুনি বহুত কথাই নাজানে এতিয়া। (জনাৰ প্রয়োজনো নো ক’ত বাকী ৰ’ল!) মই দুখী কিম্বা অসুখী একোৱেই নহয় এতিয়া। মোৰ বাদে মোক এতিয়া একোৱেই অসুখী নকৰে। বতাহত উৰি অহা কোনোবাটো কথাই হে অকস্মাত সুখ এচিকুটা কাঢ়ি লৈ যায় কেতিয়াবা। তাৰবাবে কাৰো ওচৰত ওজৰ-আপত্তি নকৰো। চকুপানী ওলালে কওঁ পিয়াজ কাটিছিলো! (পিয়াজবোৰো ভেজাল আজিকালি বুজিছে। হাঃ হাঃ হাঃ) বেজাৰ লাগিলে ৰ’দঘাই ঠাইত বহি কথাবোৰকে উমনি দিওঁ! (পাগলামিবোৰ এৰিব নোৱাৰিলো আৰু!) কি জানে, উদং পথাৰত সূতা এৰি দিয়া দিনৰ চিলাখনৰ দৰে কথাবোৰ এৰি দিব নোৱাৰি।

 

দিনৰ পোহৰত কথাবোৰ পোছাকী,
সাৱধানে চলা-ফিৰা কৰিব লাগে
জুখি-মাপি খবৰ দিব লাগে!


দিনান্তৰত কথাবোৰ গছে-পাতে কোৱাৰ দৰে
স্বাধীন বতাহৰ দৰে
আপোন মনে ব’লে!


মন গ’লেই এন্ধাৰ ৰাতিক ক’ব পাৰি
পোহৰ পোহৰ বুকুৰ কথাবোৰ...
বুকুৰ ক’জলা ৰ’দত যি শিপামেলি বাঢ়ে
বিশ্বাসী এন্ধাৰে যাক সামৰি থ’ব জানে!

 

কথাবোৰ আচলতে তৰাবছা আকাশ দৰেই! নহয়নে? এতিয়া যে আকাশখনেই আপোনাৰ... জোনাকী আকাশ! কেতিয়াবা কি ভাবো জানে, ( মোৰ নো আৰু কি কাম আছে!) এইযে মোৰ ওচৰতে থকা মন্দিৰটো! মাজে মাজে মন্দিৰৰ ঘণ্টাৰ মাত ময়ো শুনা পাওঁ। কেতিয়াবা লাহে লাহে তিনিবাৰ বাজে- যেন কোনোবাই খুব শান্ত মনেৰে আহি পূজা কৰিছে। কেতিয়াবা এবাৰেই বাজে জোৰকৈ – ঢং! যেন কোনোবাই দুখে-বেজাৰে আহি সেইখিনি পাইছেহি! কেতিয়াবা আকৌ জোৰ জোৰকৈ বহুবাৰ বাজে! যেন কোনোবাই বিচৰাটো নাপাই ক্ষোভ উজাৰিবলৈ আহিছে। যাৰ যেতিয়া যেনেকৈ মন যায়... ঘণ্টাটো বাজি থাকে! মুঠতে দুখ-শোক-ক্ষোভ সকলো ঘণ্টাটোৱে ভোগ কৰে! ঘণ্টাৰ ধ্বনিয়ে হেনো অশুভক আতৰ কৰে! হ’ব পাৰে। কিন্তু পূজাৰ বেদীত সদায় নির্জীৱ ঈশ্বৰেহে হাঁহি থাকে! ঈশ্বৰে জানো দুখ চিনে? ( জানিছো, আপুনি আমনি পাইছে শুনি!) কেতিয়াবা নিজকে ওলমি থকা ঘণ্টাৰ দৰে লাগে জানে! অথচ সেইফালে মন্দিৰৰ বাট কটা নাথাকে! কথাটো ভাবিলেই মোৰ হাঁহি উঠে! কি যে পুতৌ লগাকৈ হাঁহি উঠা কথা এটা নহয় নে? নহয় বুলি মিছাকৈ ক’ব নালাগে দিয়ক। (নে মিছা কথা ক’বলৈ শিকিছে?)  

মোৰ ইচ্ছা থাকিলেও আপোনাক নিজৰ কৰিব নোৱাৰাটো মোৰ ‘দৈনতা’ মই জানো। আপুনি পাৰিলেও মোক নিজৰ কৰি ল’ব নিবিচৰাটো আপোনাৰ ‘ইচ্ছা’, সেইটোও মই জানো। দুয়োটা কথা একেই জানো? মোৰ দৈনতাক কোনোবাই ঠাট্টা কৰিলে মোৰ আপত্তি কৰিবলগা একো নাই, কিন্তু কোনোবাই যদি আপোনাৰ ইচ্ছাক অপাৰগতা বুলি ঠাট্টা কৰে আপোনাৰ বেজাৰ নালাগিবনে? অৱশ্যে দুয়োটা কথা নজনাজনক আপুনি নো কি বুলি ক’ব!

আপুনি চাগে’ ভাবিছে মই পাগলেই হ’লোঁ নেকি! আগ-গুৰি নোহোৱা কথাবোৰ বলকিছো! হাঃ হাঃ হাঃ...! ভাবক, ভাবক। ভবাত একো আপত্তি নাই। ময়ো নাজানো, কিয় বা আপোনালৈ মনত পৰিল! এতিয়া চাগে’ তাকেই ভাবি থাকিম! হাঃ হাঃ হাঃ...।

নাই, এতিয়া বহু কথা নভবাটো অভ্যাস মোৰ। যিদৰে মছলা চাহ কাপ এৰি থাকিব পৰাটো অভ্যাস হৈ পৰিল! মন গ’লে শৈশৱলে’ উভতি যাওঁ, তাতেই থাকোঁ প্রায়েই আজিকালি। বয়সো হৈছে যে! অহাৰ বাটেৰেই উভতিছো আৰু লাহে লাহে...

 

এন্ধাৰ ৰাতি
এটা বেলকনি
এটা বিষণ্ণ ‘মাউথ অর্গেন”
দুটামান জোনাকী...


মিহি মিহি বতাহ
চিগাৰেটৰ ধোঁৱা
ম্যেঁ
মেৰি তনহায়ি...


ৰাগি লগা সময়
কুচ বাত, অপনা চা
কুচ য়াঁদে, বেগানি চি...


ল’ৰালিৰ ৰ’দ...
জ’ জিন্দেগী থি, জিন্দেগী চি!

 

বিলাসিতা কৰো কেতিয়াবা দুখৰ... নোপোৱাৰ... হেৰুৱাৰ... । এতিয়া ভাব হয় উশাহ ঘূৰাব নোৱাৰা হাঁহিবোৰেই সকলোতকৈ কৰুণ, চকুপানীবোৰ নহয়। কিয় আপোনালৈ মনত পৰিল নাজানো। সেইটোকে ক’বলৈ নো কিয় মন গ’ল তাকো নাজানো। (ময়ো যে! আপোনাক তো কোৱা নহ’বয়েই!) উমনি দিয়া কথাবোৰত এনেকৈয়ে পোৱালি জগি পাখি গজে কেতিয়াবা! কেতিয়াবা উমনিতে গেলি যায়... আপুনি বেয়া পোৱাৰ দৰেই কথাবোৰ দীঘল হৈ যায়… পেলাই দিওঁ... “I just don’t want to feel so bad anymore.”

আপুনি শুনা নাপাব যদিও কওঁ_ আমনি কৰাৰ বাবে দুঃখিত। কুশলে থাকক সময়।

 

Post a Comment

0 Comments