মেঘ


ক’ত ক’ত যে ৰৈ যাওঁ! ক’ত ক’ত যে ভাঁহি ফুৰো! ক’ত ক’ত যে ওলমি থাকো!

...... ৰাতি বাঁহীৰ মাত শুনিলে কিয় জানো চকুপানী ওলায়! পানীবোৰ চকুৰপৰা ওলাই নাকৰ মাজ পাওঁতেই মাউথ অর্গনেৰ কৰুণ সুৰ এটা শুনিবলৈ মন যায়! মূখত লুণীয়া স্বাদ এটা লগাৰ সময়তে তবলা আৰু গীটাৰৰ মিশ্রিত সুৰ যেন কিবা এটা শুনা পাওঁ! টোপালকেইটা পৰি যাব খোজোতে হাতৰ তলুৱাৰ ওলোটা পিঠিৰে মচি দিয়া সময়ত দূৰৈৰপৰা ভায়’লিনৰ সুৰ এটা ভাঁহি আহে... কাণৰ কাষত বতাহে গুণগুণাই আখৰ লিখে__ জোনাকীবোৰ হেনো তৰা হ’ব নোৱাৰে!

জ্বৰ চর্দিলৈ ভয় কৰে যদি বৰষুণত কিয় তিতে? বাহিৰত বৰষুণ। সেমেকা সেমেকা গোন্ধ এটা। মাটিৰ গোন্ধ এনেকুৱাই নেকি? আৰু মাটিৰ নিষ্প্রাণ পুতলাবোৰ!! কেনেকুৱা গোন্ধায়? ...দামী গাড়ী, ‘লেটেষ্ট ম’ডেল’! মন গ’লেই হ’ল, ভাল নালাগিলেও হ’ল... বাহিৰৰ বতাহজাকে চুব নোৱাৰাকৈ শুনিব পাৰি জুবিনৰ গান, অংগৰাগৰ গান, গালিবৰ গজল... শুনিব পাৰি এনৰিকক, টেইলৰ, মেটেলিকা... ইচ্ছানুসৰি...গুচি যাওঁক ফুউল স্পীদত কাৰোবাৰ উমাল হাত এখন হাতত লৈ!

...বোকা-পানী খচি হাতত হাত ধৰি জপিয়াই জপিয়াই গৈ থাকে অচিনাকী দুটি প্রাণ! বোকা-পানী চিটিকি পৰে। কাণসাৰ নাই। কি গান গায় যায়? কি সুৰ দি যায়? ... নিজৰ স’তে আৰু কিমান কথা পাতিম! আজি বেলকনিত বহি বৰষুণৰ স’তে কথা পাতিম। নৈ বোৰ ক’ৰপৰা ওলায়? পাহাৰৰপৰা? পাহাৰবোৰ শিল নে সেউজীয়া?

বতৰ সেমেকা, মন সেমেকা... ভাল লগাবোৰ জুপুকা লাগি বহি আছে অ’ত ত’ত! টোপনিবোৰৰো আমনি লাগিছে চাগৈ! সোঁৱৰণিবোৰ ভগাবলৈ পালে ভাল লাগে নেকি সেমেকা বতৰত? বতাহে লিখা আখৰৰ কথাবোৰ বাৰে বাৰে শুনিবলৈ মন যায় ভাল লগা গানৰ দৰে! চকুৰ আগত মকৰাৰ জালৰ দৰে কিবা লাগেহি! ধোঁৱা ধোঁৱা দেখা যেন লাগে! নাকটোৱে জানো ক’ৰপৰা বিচাৰি বিচাৰি আনে চিগাৰেটৰ চিনাকী গোন্ধ এটা য’ত মিহলি হৈ থাকে প্রিয় পুৰুষৰ দৰে প্রিয় গোন্ধ এটা! মাটিৰ দৰেই কিবা এটা সেমেকে!!

(** সেইবুলি মই কোৱা নাই আক’ দেই “ধূমপান স্বাস্থ্যৰ পক্ষে হানিকাৰক নহয়” বুলি :) :) )

 



Post a Comment

0 Comments