প্রাপ্তি

পিঠিত বেগটো পেলাই উচ্ছৃংখল, তেল ফনিৰ মৰম নোপোৱা জপৰা এমূৰ ৰুক্ষ চুলি, ৰং যোৱা জিন্সৰ সৈতে কংকাল যেন শৰীৰটোত হলৌ মলৌ টি-চার্ট এটা ওলমাই ফুটপাথেৰে খোজকাঢ়ি গৈ আছে সি। পুৰণি চেণ্ডেলযোৰৰ পিচফালটো মাটিত ঘহনি খাওঁতে খাওঁতে অৱশিষ্ট বুলি ক’ব পৰাকৈ অকণমান আছেগৈ। তাক দেখিলে যি কোনো এজনে খুউব সহজতে কৈ দিব পাৰিব কাম-বন নোহোৱা সি এটা মষ্ট বেকাৰ। এই সময়ত তাৰ পৰিচয় মাথোঁ সেইটোয়েই! উকি এটা মাৰি দিবৰ মন যায়, অন্তত: পৰিচয় বুলি তো কিবা এটা আছে তাৰ! হাঃ হাঃ হাঃ । নিজৰ ওপৰতে পুতৌ জন্মে তাৰ।

ইতিমধ্যে বজাৰৰ আটাইকেইটা গলি উদ্দেশ্যবিহীনভাৱে তাৰ দুভৰিয়ে গৰকি আহিল। আহি আহি পুৰণি বাচ ষ্টপ্ টোত ৰ’লহি দুভৰি। ঘুমটিখনৰপৰা চিগাৰেট এটা লৈ মৰমেৰে দুটামান দীঘলীয়া চুমা দিয়ে তাৰ শুকান দুই ওঁঠে। আহ! কি তৃপ্তি! কি আমেজ! দুচকু মুদি সি অনুভৱ কৰে চিগাৰেট টোৰ সৈতে যেন জ্বলি গৈছে তাৰ সমস্ত দুখ, ভাগৰ, ক্লান্তি। বেপেৰুৱা ভংগীমাৰে ধোঁৱাবোৰ এৰি দি সি মনতে দুখবোৰক কৈ উঠিল যাগৈ যা, উভটি নাহিবি আৰু।

: বাপু, কুচ্ দে দে। ভগৱান আপকা ভালা কৰেগা।

চিগাৰেটৰ ধোঁৱাই শান্ত কৰা তাৰ মূৰটোত ভমক কে জুই একুঁৰা হে যেন জ্বলি উঠিল।

: চাল্লা...(অশ্লীল) খাবলৈ নোপোৱাহঁত। খুজিবলৈ আৰু মানুহ নাপালি? কি দেখিচ হা মোৰ ওচৰত? ভগৱান ভলা কৰেগা! ...(অশ্লীল) কি ভালা কৰিছে তহঁতৰ ভগৱানে? তহঁতৰ ভগৱানক তহঁতিয়ে থৈ দে, নালাগে মোক।...(অশ্লীল) ভাগ ইয়াৰপৰা ভালে ভালে।

কিবা পোৱাৰ আশাত তাৰ ওচৰলৈ অহা ফটা চিটা কাপোৰ পিন্ধা পোৱালি কেইটাই ভয়ে ভয়ে তালৈ চাই আতৰি গ’ল। তাঁহাতি চাগে ভাবিছে কি পাগল এটাৰ ওচৰলৈ আহিল। কথাটোত তাৰ হাঁহিও উঠিল মনে মনে। এপাকত তাৰ মন গ’ল সিও গুচি যাব নেকি তাঁহাতৰ সৈতে।

কাৰোবাৰ সন্মুখত ঠিয় হৈ কৈ উঠিব ‘কুচ্ দে দে বাপু, ভগৱান আপকা ভালা কৰেগা!’ তাৰ মন যায় কেতিয়াবা ভগৱান বোলাটোক ধৰি আনি থেকেচি থেকেচি মাৰি পেলাবলৈ!

কিনো পার্থক্য আছে তাৰ আৰু সিহঁতৰ মাজত? খাবলৈ নাপায় সিহঁতি হাত পাতি ফুৰে যাৰে তাৰে আগত, সিও তাৰ ২৫ টা বসন্তৰ কষ্টৰ ফলত পোৱা তাৰ অমূল্য (?) সম্পদ চার্টিফিকেটখিনি লৈ অফিচে অফিচে ঘূৰি ফুৰে চাকৰি এটা বিচাৰি। কোনোবা অফিচত গৈ সিও কৈ উঠিব নেকি এবাৰ দুহাত মেলি ‘চাকৰি এটা দি দে বাপু, ভগৱান তেৰা প্রমোচন কৰ দেগা!’

কথাটো ভবাৰ লগে লগে তাৰ মন গ’ল হাঁহিত ফাটি পৰিবলৈ। কিন্তু এতিয়া সি যি ঠাইত আছে তাক তেনেকে হঁহা দেখিলে মানুহবোৰে ধৰি ল’ব এইটো নির্ঘাত এটা পাগল। হাঁহিটোক মনৰ ভিতৰতে সামৰি থলে যদিও শব্দহীন হাঁহি এটা তাৰ ওঁঠৰ ফাকেৰে সৰকি গ’ল। পান দোকানীটোয়ে অথনিৰেপৰা তাৰ কাৰবাৰবোৰ ভেবা লাগি চাই আছে। বেচেৰা সি বেটাই নো কি বুজে তাৰ দৰে বেকাৰ এটাৰ মনৰ ভিতৰত কি চলি আছে।

ৰাতিপুৱাতেই তাৰ মূৰটো বেয়া হ’ল আজি। বিচনাত থাকোতেই মাকৰ খেচখেচনি আৰম্ভ।

: মডগজ ডেকা ল’ৰাটো হৈ একো এটা কাম বন নাই। বেলি মূৰৰ ওপৰ পালেহি, বিচনা এৰিবলৈ হোৱাই নাই তোৰ। বাপেৰৰ পেঞ্চনৰ পইচাকেইটাৰে আৰু কিমান দিন খাবি হয়নে? কিবা এটা কৰ। বাপেৰৰ সাঁচতীয়া পইচাৰ আধাখিনি তোৰ পঢ়াৰ লগতেই খৰচ হ’ল।

মাকৰ পুৱাৰ কীর্তন শেষেই নহয়! খঙতে সি ভনীয়েকে দিয়া চাহ কাপো নাখাই ঘৰৰপৰা ওলাই আহিল। মাকে তেতিয়াও পিচফালৰপৰা কিবাকিবি চিঞৰিয়েই আছিল।

কিবা এটা কৰ মানে! কি কৰিব সি? সিটো চেষ্টা নকৰাকে থকা নাই। অর্থনীতিত প্রথম শ্রেণীৰ ডিগ্রী এটা লৈয়ো ঘৰত বহি থকা এবছৰেই হ’ব এতিয়া। একবিংশ শতিকাৰ শিক্ষিত যুৱক সি! সি তো আৰু কাৰোবাৰ ঘৰত গৈ জেওৰা ভেটিব নোৱাৰে, টাউনলৈ ওলাই আহি ৰিক্সা চলাব নোৱাৰে। কৰিব কি সি? চার্টিফিকেট সোপা লৈ ইন্টাৰভিউ দিওঁতে দিওঁতে সেইকেইখিলা যে কিমান অদৰকাৰী কাগজ সি বাৰুকৈয়ে বুজি উঠিছে; আৰু সেইকেইখন গোটাবলৈকে সি ২৫ টা বছৰ মূৰ মাৰি মাৰি পঢ়িলে। ধিক্ তাৰ জীৱন। তাতোকৈ ভাল আছিল সি নপঢ়ি নুশুনি নাঙলৰ মুঠিত ধৰি খেতি কৰা।

আদর্শ লৈ জীয়াই থকা তাৰ দেউতাকে দুর্নীতি কৰি এসোপা টকা কিয় গোটাই নল’লে? আদর্শই কি দিলে দেউতাকক? পেঞ্চনৰ সামান্য টকাকেইটাৰে চাৰিটা পেটে কোনোমতে খাই আছে এতিয়া। তাৰ বাবে চাকৰি এটা কিনাৰ জোখাৰে টেবুলৰ তলেৰে টকা দিব পৰা সামর্থ্য দেউতাকৰ নাই। তাৰ লগৰ বহুকেইটাই এতিয়া বাপেকহঁতৰ যহতে একোটাকৈ চাকৰি গোটাইছে, কোনোবাটোয়ে ৱাইন শ্ব’পৰ ব্যবসায় আৰম্ভ কৰিছে। অথচ সিহঁতি কোনোমতে চুচৰি বাগৰি কলেজৰ দেওনা পাৰ হৈছিল। লগৰকেইটাৰ নতুন মডেলৰ বাইক কেইখনে তাৰ সন্মুখেৰে যেতিয়া ধূলি উৰুৱাই পাৰ হৈ যায়, পাছফালে উৰি যোৱা ধূলি আৰু সৰা পাতবোৰে যেন তাৰ অৱস্হাটোক বুঢ়া আঙুলি দেখুৱাই ইতিকিং কৰি থৈ যায়। তাহাঁতৰ আগত দেউতাকৰ কৌটিকলীয়া ভেচপা স্কুটাৰখন লৈ ওলাই আহিবলৈ তাৰ ভীষণ লাজ লাগে।

ভনীয়েকেও এইবাৰ হায়াৰ চেকেণ্ডেৰী বিজ্ঞান শাখাত উত্তীর্ণ হৈ স্নাতক শ্রেণীত নাম লিখোৱাইছে ওচৰৰে কলেজখনত। ৰাতিপুৱা গধূলি তাই ওচৰৰে ল’ৰা ছোৱালী কেইটামানৰ অংক, ইংৰাজী চাই দিয়ে। তাই নিজৰ হাত খৰচ তেনেকৈয়ে উলিয়াই লৈছে। ভনীয়েকৰ ওচৰত কেতিয়াবা নিজকে তাৰ বৰ তুচ্ছ প্রাণী যেন অনুভৱ হয়, যেতিয়া তাৰ মানিবেগটোত থকা অদৰকাৰী কাগজসোপাৰ মাজত ৫০ বা ১০০ লিখা থকা এখনো দৰকাৰী ‘মানি’, মানে কাগজ নাথাকে আৰু সি ভনীয়েকক কয় ‘দেচোন টকা পঞ্চাশটা, তোক কালিলৈ ঘূৰাই দিম।’ 

সিও নাজানে, ভনীয়েকেও নাজানে সি কোৱা ‘কালিলৈ’টো কেতিয়া আহিব। তাৰ দুখ লাগে একমাত্র ভনীয়েক জনীকো সি আজিলৈকে মৰমতে একো এটা দিব পৰা নাই। তাইও বুজে ঘৰখনৰ অৱস্থাটো, তাৰ অৱস্থাটো। সি কেতিয়াও দেখা নাই ভনীয়েকে কিবা বস্তুৰ বাবে আব্দাৰ ধৰা। কিবা কথাত খং উঠাও সি দেখা নাই তাইক। নিজৰ কাম কৰে, মাককো পাকঘৰত সহায় কৰে, দেউতাকৰো আপদাল কৰে, ঘৰখনো বাহিৰ ভিতৰ চাফা কৰি থাকে। অসন্তুষ্টি নাই তাইৰ, অনবৰতে কিবা এটা গুণগুণাই থাকে। অথচ ভনীয়েক তাতকৈ বয়সত কিমান সৰু। আৰু সি? অনবৰতে খিংখিঙীয়া হৈ থাকে। কাকো মৰমেৰে মাত এষাৰ নিদিয়ে। মাকে ভাত বাঢ়ি দিলে ইটো নাখাওঁ, সিটো নাখাওঁ, কিমানযে আপত্তি তাৰ। অথচ ঘৰখনৰ বাবে কিটো কৰিব পাৰিছে সি?

বেবেৰিবাং কথাবোৰে তাৰ মূৰটো নষ্ট কৰি থকাৰ সময়তে ঘপহকে কিবা এটা যেন বিচাৰি পালে সি। ইমানদিনে নাই নাই বুলি হামৰাও কাঢ়ি থকা বস্তুটো এনেদৰে হঠাতে বিচাৰি পায় আনন্দতে দুচকু সেমেকি উঠিল। কিবা এটা পোৱাৰ আনন্দতে হ’বলা ইমানপৰে শুই থকা তাৰ পেটৰ কেঁচু কুমটি কেইটাও সাৰ পাই ভোকত কলমলাবলৈ লাগিল। সি মানিবেগটো খুচৰি চালে। হ’ব, চলিব। হোটেল এখনত সোমাই সি চাহ একাপৰ সৈতে পৰঠা দুখন খালে। খাই উঠি সি আকৌ এবাৰ টাউনখন এনেয়েই এবাৰ পাক মাৰিলে।

গধূলি হৈছিল। তাৰ মানিবেগত থকা বাকী পইচাকেইটাৰে দুটামান মিঠাই কিনি লৈ ঘৰমুৱা হ’ল সি। ঘৰৰ পদূলি পায় দেখিলে ভনীয়েকে পঢ়িবলৈ অহা ল’ৰা ছোৱালীকেইটাক বিদায় দিছে। সি সুহুৰিয়াই সুহুৰিয়াই গেটখন খুলি সোমাই গ’ল।

: অই মাতু, হুঁ ল। মিঠাই। বঢ়িয়াকে চাহ একাপ কৰ।

তাৰ কথাত অবাক হৈ ভনীয়েকে নেদেখা বস্তু দেখাৰ দৰে কিছুপৰ তাৰ মুখলৈকে চাই ৰ’ল।

: যা যা, ভেবা লাগি চাই থাকিব নালাগে। চাহ কৰ, একেলগে খাম।

তেতিয়াও লৰচৰ নোহোৱা ভনীয়েকক আকৌ এবাৰ কথাটো সোঁৱৰাই দিলে সি। এইবাৰ তাই খৰধৰকৈ ভিতৰলৈ খোজ ল’লে।

ভনীয়েকে চাহ কাপ কৰি তাৰ ৰুমলৈকে আহিল। দুয়োটাই একেলগে চাহ খালে। ইমানদিনৰ পিছত সি ভনীয়েকৰ পঢ়া শুনাৰ খবৰ ল’লে। ককায়েকৰ ফৰকাল মুখখন দেখিয়েই হ’বলা তায়ো দুটা কথা বেছিকৈ পাতিলে তাৰ সৈতে। মাক পাকঘৰত ব্যস্ত চাগে’। দেউতাকে টি ভি ৰ সন্মুখত বহি দেশৰ বাতৰি লোৱাত ব্যস্ত। ভনীয়েক কিছু সময়ৰ পিছত উঠি গ’ল মাকক পাকঘৰত সহায় কৰিবলৈ বুলি।

সি কাপোৰকেইটা সলাবলৈ লৈ পেন্টৰ পিছ পকেটত হাত ভৰাই দেখে যে মানিবেগটো নাই দেখোন। আৰে, সিটো সদায়ৰ দৰে পেন্টৰ পিছ পকেটতে থৈছিল। আগফাল পিছফাল আটাইকেইটা পকেটতে সি চালে কিন্তু মানিবেগটো হ’লে নাপালে। মনতে ভাবিলে সি, ভালেই হ’ল কিনো আছিল তাত? পইচা বুলি ক’বলৈ দুটামান খুচুৰা পইচা, অদৰকাৰী কাগজৰ টুকুৰা কিছুমান আৰু হয়তো তাৰ ব্যর্থ প্রেমক লৈ আৰম্ভ কৰা এটা আধালিখা কবিতা! অ’... আছিল আছিল! এদিন যাক নিজতকৈয়ো বেছি ভাল পাইছিল তাইৰেই একপি ধুনীয়া হাঁহি থকা ফটো আছিল। মনালিচা!

এৰা,মনালিচা। যাৰ মনালিচা হাঁহিৰ প্রেমত পৰি সি এদিন হাবু দুবু খাই মৰিছিল। তোমাক নাপালে মই মৰি যাম জানা বুলি ঘৰিয়ালৰ চকুপানী টুকা সেইজনীয়ে এতিয়া মাক দেউতাকৰ কথামতে ইঞ্জিনিয়াৰ এটাৰ সৈতে বিয়াত বহি বেচ্ সুখতেই আছে। এদিন দেখিছিল সি গিৰীয়েকৰ দামী বিলাসী গাড়ীখনৰ আগচিট্ শুৱনি কৰি টাউনৰ মাজত ঘূৰি ফুৰা। তাই তাক দেখিও নেদেখাৰ ভাওধৰা কথাটো তাৰ চকুত ঠিকেই ধৰা পৰিছিল। সিও তাৰ দুভৰি বিপৰীত দিশে ঘূৰাই লৈছিল।

কিয় জানো তাইৰ ফটোখন সি ফালি পেলাওঁ বুলিও ফালিব পৰা নাছিল। বৰঞ্চ কিবা এটা মায়াত ফটোখন সি তাৰ মানিবেগত থৈ দিছিল। সেইটো হেৰাই থকাত এতিয়া সি যেন ডাঙৰ সকাহ এটা পালে। ইমানদিনে সি কৰিম কৰিম বুলিও কৰিব নোৱাৰা কাম এটা বৰ সহজতে সমাধা হৈ গ’ল।

খেলিমেলি মনটোৰ চিন্তাবোৰক সি এবাৰ জুকিয়াই ল’লে। এতিয়াও পলম হোৱা নাই। কালিলৈৰপৰা সি নতুনকৈ আৰম্ভ কৰিব তাৰ জীৱনটো। জীৱনৰ প্রতিখিলা পাত এইবাৰ সি খুউব সাৱধানে লিখি উলিয়াব। তাৰ জীৱনৰ সৈতে সাঙুৰ খায় থকা জীৱন তিনিটাক সি সুখী কৰিবলৈ চেষ্টা কৰিব। সিও সুখী হ’ব। টেবুলৰ ড্রয়াৰত থকা চার্টিফিকেটখিনি উলিয়াই আনি সি ট্রাংকটোত ভৰাই তলা মাৰি থলে। আজিৰেপৰা সেইখিনিৰ প্রয়োজন নহ’ব তাক।

: দাদা, ভাত দিছোঁ আহ। ভনীয়েকে মাতিলে তাক।

কেউটা বহিল ভাত খাবলৈ। খোৱাৰ মাজতেই সি কৈ উঠিল-

: দেউতা, মই কথা এটা ভাবিছোঁ। আমাৰ ঘৰৰ পিছফালে এনেয়ে পৰি থকা মাটিখিনিত শাক পাতৰ খেতি কৰিম। পুখুৰীটোৰ পানীখিনি সিঁচি অলপ দকৈ খন্দোৱাই নতুনকৈ মাছৰ পোনা মেলিম। যদি ঠাই হয়গৈ বাৰীখনৰ কিনাৰতে বয়লাৰ ফার্ম এখনো সৰুকৈ খুলিম।

একে উশাহতে কথাখিনি কৈ সি দেউতাকৰ মুখলৈ চালে। দেউতাকে নীৰৱে ভাত খায় আছে। মাক ভনীয়েকে তাৰ কথা শুনি ভাত খাবলৈ পাহৰিলে। দেউতাকে একো নোকোৱাত সি তলমূৰ কৰি ভাতকেইটা লিৰিকি বিদাৰি থাকিল। কিছু সময়ৰ পিছত মূৰ নুতোলাকৈয়ে সি গম পালে দেউতাক খোৱা পাতৰ পৰা উঠিছে। সি অনুমান কৰিলে দেউতাক তাৰ ওচৰত আহি ৰৈছেহি।

: বাবা, এই মাছদোখৰ তয়ে খা, মই নোৱাৰিলোঁ। কিমান আৰু খাবি, বুঢ়া হ’লোঁ। মই শুবলৈ যাওঁ। পুৱা সোনকালে উঠিবি। পিছফালৰ বাৰীখনলৈ নোযোৱা বহুদিনেই হ’ল। কালিলৈ তোৰ লগতে ময়ো এপাক চাই আহিম বাৰীখন।  বয়লাৰ ফার্মখনৰ বাবে ঠাই অলপ উলিয়াব পাৰি নেকি চাব লাগিব। খা খা, তহঁতি খায় ল। দেউতাকে কথাকেইটা কৈ কৈ তাৰ মূৰত আলফুলে বাওঁহাতখনেৰে মোহাৰি থৈ গ’ল। সেয়া যেন দেউতাকৰ তাৰ প্রতি আশীর্বাদ। টোপ টোপকে দুটোপাল চকুপানী তাৰ কাঁহীখনত সৰি পৰিল।

দেউতাকৰ কথাত মাক আৰু ভনীয়েকৰ মুখ দুখন পোহৰ হৈ পৰিল। তাৰ ডিঙিত জান নেজান শোক এটাই আহি খুন্দা মাৰি ডিঙিটো হোপা মাৰি থৈছিল যদিও দেউতাকে দি যোৱা মাছৰ টুকুৰাটো বৰ হেঁপাহেৰে খালে। হাত মুখ ধুয়েই সি ৰুমলৈ গ’ল, শুবলৈ। আনদিনাৰ দৰে শুবলৈ লৈ নাকে মুখে চিগাৰেটৰ ধোঁৱা এসোপা উৰুৱাই নল’লে টোপনি নহাৰ দৰে আজি তেনেকুৱা একো নহ’ল। দুওঁঠত প্রাপ্তিৰ হাঁহি এটা আঁকি লৈ টোপনিৰ কোলাত নিজকে এৰি দিলে সি আৰু দেউতাকৰ তর্জনীত ধৰি সপোনৰ বাটেৰে বাট বুলিলে ওৰেটো নিশা...।

 

@ সাৰেগামা, ফেব্রুৱাৰী ২০১৩

 

 

Post a Comment

0 Comments