পিতৃ স্নেহ

 

“খাবলৈ পাইছ’ তো, তেলে ফাটিছে তঁহতৰ। জ্বলাই দিম গোটেইকেইটাকে, চিনি পোৱা নাই বাপেৰক।”

ল’ৰা ছোৱালীকেইটাক ভাত খাবলৈ দিছিলহে নিৰুৱে। মানু্হটোৱে এটুপি গিলি আহি প্রায়েই গাই থকা ভাওনাৰ বচনৰ দৰে গালিসোপা দিবলৈ লাগিল।

“কেলেই বাৰু ল’ৰা ছোৱালীকেইটাক শান্তিৰে ভাতকেইটা খাই ল’বলৈ নিদিয়ে আপুনি? সদায় সদায় সেই গেলা সোপা গিলি নাহিলে নহয়নে?”

নিৰুৱে নকওঁ নকওঁ বুলিও কথাকেইটা ক’লে। জানে তাই কিবা এষাৰ কোৱা মানেই মানুহটোৰ মুখেৰে আৰু অশ্লীল গালি গালাজ আৰম্ভ হ’ব। তথাপিও নোকোৱাকৈ থাকিব নোৱাৰিলে তাই। ল’ৰা ছোৱালীকেইটাই ভাতৰ পাতত বহি ভাত পিটিকিহে আছে, মুখলৈ এটেপাও যোৱা নাই। বাপেকটো অহাৰ আগতেই তাহাঁতক তাই খোৱাই বোৱাই আজৰি কৰি ল’ব খুজিছিল। পিছে  ভবাৰ দৰে নহ’ল। সেই একেই কথাবোৰৰ পুনৰাবৃত্তি। ছোৱালীজনীয়ে ইতিমধ্যে চকুৰ পানীৰে কাঁহীত কি আছে নেদেখা হোৱা নিৰুৱে ঠিকেই অনুমান কৰিছে। বাপেকে আকৌ গালি পাৰিব বুলিয়েই তাই খুউব সাৱধানে ফ্রকটোৰে নাকৰ পানী মোহাৰিছে। চকুপানীবোৰ টপটপকৈ ভাতৰ কাঁহীতে পৰিছে। ল’ৰাটোৱে এবাৰ বায়েকলৈ এবাৰ মাকলৈ চাই পিটিকা ভাতকেইটাকে পিটিকি আছে। সি চাগৈ ভাৱি পোৱা নাই ভাতকেইটা খাই উঠি যাব নে বাপেকৰ গালি শুনি শুনি বহি থাকিব। 

“তহঁতৰ ভাত খাই হ’ল যদি উঠ, মুখ হাত ধুই শুই থাক গৈ যা।”

নিৰুৱে জানে যে তাহাঁতৰ খোৱা নহ’ল। তথাপিও বাপেকৰ কেপকেপনিবোৰৰপৰা ল’ৰা ছোৱালীকেইটাক আঁতৰাই থ’বলৈকে তেনেকৈ ক’লে।

মাকৰ কথাত তাহাঁতি যেন বৰ সকাহ পালে। ভাতৰ কাঁহীত পানী ঢালি দুয়োটা খৰধৰকৈ উঠি গ’ল। 

“অই গৰুচব, এনেকৈ ভাতগাল পেলাইছ’ যে! বাপেৰৰ জহত খাবলৈ পাইছ’ তো। কাটি দুছেও কৰিম তহঁতক।”

স্নিগ্ধাই বুজি নাপায় তাহাঁতক খুউব বেছি মৰম কৰা বাপেকটোৰ মাজে মাজে কি হয়। তাহাঁতক গালি পাৰে, বহি থকা পীৰাখনকে মাকলৈ দলিয়াই দিয়ে, মাকক পেটতে গুৰিয়াই দিয়ে, চৰ মাৰে। তেতিয়াই তাইৰ মন যায় বাপেকটোক ডিঙি মুচৰি মাৰি পেলাবলৈ। 

চকুপানী মুচি মুচি তাই ভায়েকক লৈ বিচনাত বাগৰ দিলে। সিফালে বাপেকৰ মুখত গালি ফুটিয়েই আছে। ভায়েক সোনকালেই টোপনি গ’ল। স্নিগ্ধাৰ টোপনি নাহিল। মাথোঁ দুচকু মুদি বিচনাতে পৰি থাকিল। অলপ পিছত মাকে আহি দুয়োটাকে চাই আঠুৱাখন ভালকৈ খুচি দিলে। পাকঘৰৰপৰা অহা মাকৰ গাত নিমখ হালধিৰ গোন্ধ এটা লাগি আছিল। ধোঁৱা ধোঁৱা গোন্ধ এটাও তাতে মিহলি হৈ আছিল। স্নিগ্ধাৰ খুউব ভাল লাগে মাকৰ এই গোন্ধটো। তাইৰ মন গ’ল মাকক সাৱটি শুবলৈ। কথাটো ভাবি চকু মেলিব লওঁতেই বাপেকৰ মাতটো শুনিলে।

“অই কুকুৰৰ জীয়েক, ক’ত মৰিলিগৈ? আহিছনে নাই? ভৰিকেইটা মালিচ কৰি দে হি মোৰ।”

স্নিগ্ধাই জানে দিনটো ঘৰৰ কাম-বন কৰি অতাই ৰাতিটো মাকজনীয়ে ভালকৈ শুবলৈও নাপায়। তাই বুজি পোৱা হৈছে মাকক কিয় মাতি আছে বাপেকে! তাই শুব খোজে মাকৰ গাত লাগি থকা সেই তেল-নিমখ, হালধি, ধোঁৱাৰ মিহলি গোন্ধটো সাৱটি আৰু মাকে এতিয়া শুব লাগিব বাপেকৰ গাৰপৰা ওলোৱা গেলা পানীসোপাৰ ভেকেটা ভেকেট গোন্ধটো সাৱটি! স্নিগ্ধাৰ বমি আহিব খোজে। মাকে বৰ যতন কৰি জুই ফুকি ফুকি ভাতকেইটা ৰান্ধে। তাঁহাত দুটাক খাবলৈ দি মাক ৰৈ থাকে বাপেকটো অহা লৈকে। বাপেক নহালৈকে মাকে ভাত নাখায়। তাই বুজি নাপায় মাকে কিয় এই নিয়মটো কৰি লৈছে। যেতিয়া ভাত খাবলৈ বহে লাগিলে যিমানেই সোৱাদ লগা নহওঁক কিয় বাপেকৰ খাবলৈ মন নাথাকিলে এইসোপা গৰুৰ দানা বনাইছ’ বুলি কৈ ভাতৰ কাঁহী দলিয়াই দিয়ে। সেইদিনালৈ মাকৰ আৰু ভাত খোৱা নহয়। কিমান দিন গৈছে তেনেকৈ... স্নিগ্ধাৰ চিলমিলকৈ টোপনি আহিছিল। ৰাতি কিমান হৈছিল জানো! মাকে চিঞৰি চিঞৰি কন্দা শুনি তাই খপজপকৈ সাৰ পালে।

“মই মোৰ ল’ৰা ছোৱালীকেইটাক ভালকৈ জনম দিব নাপালোঁ। তোৰ পশুত্বৰ বাবেহে তাহাঁতি পৃথিৱীৰ মুখ দেখা পালে।”

স্নিগ্ধাই শুনিছে। কেতিয়াওঁ বাপেকৰ মুখত কথা নোকোৱা মাকে বাপেকক উভটি গালি পাৰিছে, সদায় আপুনি আপুনি কৈ থকা মানুহটোক তই বুলিছে! মাকে কান্দিছে যদিও আজি স্নিগ্ধাৰ কিবা এটা ভাল লাগিছে। বাপেকে একো কোৱা নাই, মনে মনে আছে। নিচা ফাটিল চাগৈ। কথাবোৰ বুজি পালেও এটা কথা তাই ভাবি পোৱা নাই তাহাঁতি জনম পোৱা বাবে মাকে ভাল পাইছে নে বেয়া পাইছে? বাপেকে কি ভাবি আছে এতিয়া? তাই নিজে মানুহ হৈ জনম পোৱাৰ বাবে এতিয়া নিজকে ভাগ্যৱান বুলি ভাবিব নে মাক বাপেকৰ অনাকাংক্ষিত বুলি দুখ কৰিব? কথাবোৰ ভাবি ভাবি বিচনাত পৰি থাকোতেই তাই শুনিলে বাঢ়নিৰ চেৰেক চেৰেক মাত। ৰাতি কেতিয়া পুৱাল তাই গমেই নাপালে। মাকে উঠি আগফালৰ চোতাল সাৰিছে। তায়ো ভায়েকৰ স’তে উঠি আহিল। দুয়োটাই মুখ ধুই পঢ়াৰ মেজত বহিল।

মাকে গা পা ধুই আহি দুয়োটাকে গাখীৰ এগিলাচকৈ দি পাকঘৰলৈ গ’ল। পুৱা বেলিটো ওলোৱাৰে পৰা মাকৰ আহৰি নাথাকে। বাহী চোতাল সৰাৰপৰা আৰম্ভ কৰি ধান মাৰি ধান শুকোৱা, মিললৈ নি খুন্দাই অনা, পাকঘৰলৈ খৰি গোটোৱা, চাউল চলা, তাহাঁতক খুৱাই বুৱাই স্কুল পঠিওৱা, বাপেকক চাকৰিলৈ পঠিওৱা... কিমান কাম মাকৰ। মাজতে আলহী অতিথিবোৰ আছেই। তাই আগতে ৰাতিপুৱা চোতালখন সাৰিছিল। ৰাতিৰ ভাত খোৱা কাঁহী বাটিখিনিও ধুইছিল। পিছে এইবাৰ তাই মেট্রিক পৰীক্ষা দিব বুলি সেইকেইটা কামো মাকে তাইক কৰিবলৈ নিদিয়া হ’ল। মুঠতে তাই ভালকে পঢ়িব লাগে আৰু গাঁৱৰ এই পৰিবেশৰপৰা ওলায় যাব লাগে। ভায়েকটো ক্লাচ ফায়েভত পাইছেগৈ হে। হাইস্কুল পালেগৈ তাকো পঠিয়াই দিব তাইৰ লগতে চহৰলৈ। মাকৰ সেইয়াই কথা। বাপেকে হুলস্থুল কৰা ৰাতিবোৰৰ পিছদিনা ওচৰৰ মানুহখিনিৰ চকুলৈ চাবলৈ তাইৰ ভীষণ লাজ লাগে। মাকৰ সপোনবোৰৰ কথা ভাবি ভাবিয়েই তাই তিনি কিল’মিটাৰ দূৰত থকা স্কুলখনলৈ চাইকেলখন লৈ কেনিও নোচোৱাকৈ ওলায় যায়। ভায়েকে ওচৰৰে এম ভি স্কুলখনত পঢ়ে। 

আজি শনিবাৰ। স্কুল সোনকালে ছুটী হ’ল। স্নিগ্ধাই আহি দেখিলে ভায়েকে টি ভি চাই আছে। বাপেক চাগৈ চাকৰিলৈ গ’ল। হয়তো চেকেণ্ড চিফ্ট্। ৰাতি ৯ মান বজাত পাবহি। নহ’লে ভায়েকে এনেকৈ টি ভিৰ সন্মুখত বহি নাথাকে। তায়ো কাপোৰ কানি সলাই, মুখ হাত ধুই আহি ভায়েকৰ লগতে বহি ল’লে। মাকেও একো নক’লে। স্নিগ্ধাই মন কৰিলে মাকজনী আজি কিবা গহীন গহীন হৈ আছে। নহ’লে তাইক ক’লেহেঁতেন আহিয়েই টি ভিৰ সন্মুখত বহাৰ বাবে। তাই যিহেতু মেট্রিক পৰীক্ষা দিব গতিকে কেৱল দেওবাৰে দিনতহে টি ভি চোৱাৰ অনুমতি আছে। এপাকত মাকে আহি দুয়োটাকে ভাত খাবলৈ মাতিলে। 

“ডাঙৰমা, ভাতকেইটা খাই লেমৰ চিমনিকেইটা চাফা কৰি থ’বিচোন। মই মনিকা বৰমাহঁতৰ ঘৰৰপৰা আহোঁগৈ। মুনকাইৰ বৌৰ বোলে কিবা অসুখ।

মাকে কথাষাৰ স্নিগ্ধাক কৈ কৈ ওচৰৰে মনিকাহঁতৰ ঘৰলৈ গ’ল। কাৰোবাৰ কিবা হ’লে মাকজনীয়ে খবৰ এটা নোলোৱাকৈ নাথাকে। যি পাৰে সহায় কৰে। সেয়ে চাগৈ গাঁৱৰ মানুহখিনিয়েও মাকক ভাল পায়। মাকে কথাৰ মাজত যিটো প্রাণখোলা হাঁহি মাৰে নক’লে কোনেও বুজি নাপাব মানুহজনীয়ে কিমান বেদনা বুকুত লৈ ফুৰে। 

গাঁৱলৈ গধুলিবোৰ সোনকালে আহে কিজানি। স্নিগ্ধাই ভাবে। আজিকালি তাই আৰু কিবাকিবি ভাবিবলৈ লৈছে কোনেও গম নোপোৱাকৈ। তাইৰ ক্লাচৰ পিছৰ বেঞ্চত বহি থকা ল’ৰাটোৰ চকুকেইটালৈ মনত পৰিলেই তাইৰ কিবা লাজ লাজ লগা হৈছে দেখোন।

“অই এইজনী, মুখৰ আগত কিতাপ মেলি কি ভাবি আছ’ নো?”

“একো ভবা নাই। কিবা এটা মুখস্থ কৰি আছিলোঁ।”

ওচৰতে বহি ভায়েকক পঢ়ুৱাই থকা মাকক তাই মিছা মাতিলে। নিজকে দোষী দোষী লাগিল তাইৰ। মাকৰ সপোনটোলৈ মনত পৰিল। ভাৱনাবোৰক এৰি তাই কিতাপৰ পাতত মনোযোগ দিলে। ৰাতি পঢ়িবলৈ তাই বৰ ভাল নাপায়। গাওঁখনলৈ কাৰেন্ট আহিল যদিও ৰাতি ভল্টেজেই নাথাকে। লাইটটোৰ লগতে লেম্প বা চাকি এটাও সমানে জ্বলাই ল’ব লাগে। আৰু সেইটো জ্বলাই লোৱা মানেই সৰু সৰু পোক এসোপা তাতে জ্বলি মৰিবলৈ আহে। ভাল নালাগে তাইৰ।

“ডাঙৰমা ভাত খাই ল’হি আহ। বাবাটো আহ।”

মাকে দুয়োটাকে ভাত খাবলৈ মাতিলে। ভাত খায় তাই আকৌ পঢ়িবলৈ বহিল। ভায়েকক শুবলৈ মাকে বিচনা ঠিক কৰি দিলে। লগতে মাকেও বাগৰ এটা মাৰিলে বিচনাতে। দেউতাক আহি পাবলৈ এতিয়াও এঘন্টামান বাকী। মাক টোপনি গ’লেও যাওঁক বুলি তাই যিমান পাৰে কোনো শব্দ নোহোৱাকৈ পঢ়িবলৈ চেষ্টা কৰিলে। পঢ়িয়েই আছিল তাই। মাকে হঠাতে আহি লাইটটো অফ্ কৰি দি লেম্পটোৰ পোহৰকণো কমাই দিলে।

“শুই থাক যা ডাঙৰমা। বাকীখিনি কাইলৈ পঢ়িবি।” 

কি হৈছে তাই একো উৱাদিহ নাপায় শুবলৈ বুলি যাওঁতেই শুনিলে কোনোবাই নঙলাকেইদাল জোৰকৈ খুলি দলিয়াই দি চিঞৰি চিঞৰি কিবা কৈছে। 

“কুকুৰৰ জীয়েক, মানুহটোক ক’ত লুকুৱাই থৈছ’? মেখেলাৰ তলত? উলিয়াই দে। কাটি পেলাম আজি। ঘৰ বনাবলৈ আহে।”

স্নিগ্ধাই বুজিলে সেইয়া ডিঙিৰ গুৰিলৈকে মদ এসোপা গিলি অহা তাইৰ দদায়েকটো। বাপেক থাকিলে একো নকয়। বাপেক নথকা যেন পালেই মাকক এনেকৈ গালি গালাজ কৰে বেয়াকৈ। মাকে কিন্তু কোনোদিন একো কোৱা নাই। নিজৰ মানুহটোকো এই বিষয়ে একো কোৱা দেখা নাই তাই। ইমানকৈ কেনেকৈ সহ্য কৰে মাকজনীয়ে! তাই ভাবি আচৰিত হয়। তাইৰ দেউতাকে ঘৰটো নতুনকৈ বনোৱাক লৈয়েই আপত্তি দদায়েকৰ। সেইখিনি মাটিত হেনো সি হে ঘৰ বনোৱাৰ কথা আছিল। অথচ বছৰ বছৰ সেইখিনি মাটি হাবি বনেৰে ঢাক খায় আছিল। তেতিয়া কাৰো মন নাছিল সেইফালে। স্নিগ্ধাই বুজি পায় দেউতাকৰ চাকৰিটো থকাৰ বাবেই দদায়েকে তাহাঁতক ভাল নাপায়। গাঁৱৰ প্রথম ৰঙীন টি ভি টোও তাঁহাতৰ ঘৰলৈকে আহিছিল। দেওবাৰে ওচৰৰ ল’ৰা ছোৱালীবোৰ তাহাঁতৰ ঘৰলৈকে আহে ‘জংগল বুক’ চাবলৈ। দদায়েকৰ ল’ৰাটো আহিলে তাক মাতি মাতি লৈ যায়, চাবলৈ নিদিয়ে। তাই বুজি নাপায় নিজৰ আপোন মানুহেই কেনেকৈ এনেকুৱা ব্যৱহাৰ কৰিব পাৰে। দদায়েকটোৱে কৈয়েই আছে কিবাকিবি। মাকে আন্ধাৰতে বিচনাত বহি আছে। তাইয়ো ভাবি আছে দেউতাক যেন সোনকালে আহে। এপাকত ভায়েকটো উঠি বহি ল’লে।

“মা” 

“হুঁ”

“সৰুদায়ে যে তোমাক ‘ৰেনদি’ বুলি মাজে মাজে কয়, কেলেই কয় নো?” 

ভায়েকৰ কথাত তায়ো উঠি বহিল। ভায়েকক মাকে কি ক’ব তাই ভাবি পোৱা নাই। তাই নিজেও নো তাক কি বুলি কৈ শুৱাই থ’ব সেইটোও ভাবি পোৱা নাই। তাই তেনেকুৱা শব্দ কিছুমানৰ অর্থ বুজি পায় এতিয়া। ভায়েকক বুজোৱা যায়নে সেইবোৰ অর্থ? 

“বাবাটো, তোমাৰ সৰুদায়ে মোক খুউব মৰম কৰে আৰু ডাঙৰ বুলি সন্মান কৰে যে সেয়ে সেই বুলি কয়। এতিয়া তুমি শুই থাকা। দেউতাই আহি নহ’লে খং কৰিব নহয়

মাকৰ মাতটো অলপকৈ কঁপিল। স্নিগ্ধাই অনুমান কৰিলে, চাগৈ মাকৰ গোটেই পৃথিৱীখনেই ঘূৰিছে। অথচ মাক তেতিয়াও স্থিৰ!

“হয় নেকি মা! মই যে তোমাক ইমান মৰম কৰোঁ। মোৰ সমান মৰম তোমাক কোনেও নকৰে। মই তোমাক সন্মানো কৰোঁ, তুমিযে মোৰ মা সেইকাৰণে। চবতকৈ বেছি ময়েই তোমাক ভালপাওঁ। তোমাক মা বুলি নামাতি ৰেনদি বুলি মাতিম নেকি?” 

আন্ধাৰতো তাই দেখিলে মাকৰ চকুৰে পানী ওলাইছে। তাইৰ চাৰিওফালে বস্তুবোৰ ঘূৰি থকা যেন লাগিছে। মাকে মাজে মাজে তাইৰ কাপোৰ চিলাই দিয়া মেচিনটোলৈ মনত পৰিছে। ভাৱ হৈছে দদায়েকক আনি তাতে পেলাই লৈ মুখখন তাই চিলাই দিব। এপাকত মাকে মাজে মাজে খৰিৰ নাটনি হ’লে নিজেই খৰি ফালি লোৱা কুঠাৰখনলৈ মনত পৰিছে। তাইৰ মন হৈছে তেনেকুৱা ঘাপ এটা দদায়েকৰ ডিঙিতে গৈ বহুৱাই আহিব। মন যোৱাবোৰৰ মাজতে বাপেকৰ মুখখনলৈ বাৰে বাৰে মনত পৰিছে তাইৰ। ডিঙি চেপিবলৈ মন যোৱা দেউতাকৰ অভাৱ বৰকৈ অনুভৱ কৰিছে। ওলায় যোৱা দেউতাক ঘৰলৈ উভটি নাহিলেও নাহক বুলি মাজে মাজে কামনা কৰা তাই মনে মনে প্রার্থনা কৰিছে মাকৰ ওচৰলৈ সোনকালে আহক দেউতাক। মাকৰ কাৰণেই তাই ভাল পাব দেউতাকক। ভায়েকক সাৱটি উচুপি থকা মাকৰ মুখলৈ চাই চাই তাই কাণপাতি ৰ’ল চাকৰিৰপৰা ঘৰলৈ উভটি অহা দেউতাকৰ ৰাজদূতখনৰ চিনাকী মাতটো শুনালৈ। 

 

@২০১৪

 

Post a Comment

0 Comments