ৰূপহীৰ বিয়া

 

হাতৰ আঙুলিকেইটা কুটুক-কাটাক শব্দ কৰি কেইবাবাৰো ফুটুৱাই ল’লে মহীয়ে। আঙুলিও জানো ফুটে? হাড়ৰ জোৰাবোৰহে বাজে! নিজকে নিজে সুধি হাঁহি এটা মাৰিলে সি। হাঁহিটো মূখত ফুটি উঠোতেই সি আকৌ এবাৰ নিজকে সুধিলে হাঁহিটো বা কেনেকুৱা হ’ল? বেঙাৰ দৰে? বেঙা হাঁহি বা কেনেকুৱা? 


নাই নাই আৰু আগবাঢ়িব নোৱাৰি। কিয়, কেনেকৈ, ক’ত, কেতিয়া, কেনেকুৱা... এইবোৰৰ সীমা সংখ্যা নাই। টানি থাকিলে দীঘল হৈয়েই গৈ থাকিব। বেলি গৈ মূৰৰ ওপৰ পালে। এনেকৈ নিজকে নিজে সুধি বহি থাকিলে একো নহ’বগৈ। মূৰকত ঘৈণীৰ গালিকেইটাৰ বাদে দিনটোত একো নিমিলিব। পেট ভৰা বস্তুও নহয়! মূৰটো দুবাৰমান জোৰকৈ জোকাৰি মহী বহাৰপৰা উঠিল। তর্জনী আঙুলিটো বাদ দি বাকী কেইটা আঙুলিয়ে হাতৰ বুঢ়া আঙুলিকেইটাক হেঁচা মাৰি ধৰিলে। পিছে নুফুটিল! এবাৰ বুঢ়া আঙুলিকেইটাই কাষৰ তর্জনী কেইটাক হেঁচা মাৰিলে। ওঁহো, সেইকেইটাও নুফুটিল। অলপ আগতে ফুটাইছিলহে। সেয়ে নুফুটিল চাগৈ!

: হেৰি, কি জলকা লাগি ৰ’ল? হাটলৈ নাযায় নেকি? নে বিহু শেষ হ’লে বিহুৰ বজাৰ কৰিম বুলি ভাবিছে?

মানুহজনীৰ মাতত মহী বহাৰপৰা উঠিল।

: মইতো যাওঁ যাওঁ বুলিয়েই অত’ বেলি বহি আছোঁ। তুমিহে বজাৰৰ মোনাখন দিয়াহি নাই। দিয়া দিয়া বেগেতে দিয়া। যাওঁ। দেৰিয়েই হ’ল।

মহীৰ কথা শুনি পূর্ণিমাই পোন্দোৱাকৈ তালৈ চাই পঠিয়ালে। 


: হুঁহ! জগৰটো মানে মোৰহে? হুঁ, লওঁক মোনাখন। তিল আৰু গুঁৰ আনিবলৈ নাপাহৰিব। মগুমাহ অলপো লৈ আহিব। তিলপিঠাত ডাব নাৰিকল দিলে পিঠাখন ভাল হয়। লৈ আহিব।

 

:হ’ব হ’ব! তোমাৰ লিষ্টখন মনত আছে। আকৌ এবাৰ দোহাৰিব নালাগে। মই যাওঁ।


মোনাখন লৈ চাইকেলখন ঠেলি ঠেলি মহী খৰধৰকৈ ওলায় গ’ল। চাইকেলৰ চকাকেইটালৈ চালে, চেপেটা হৈ আছে। মহীয়ে মনতে ভাবিলে নুফুটিবলগীয়া কেইটা ফুটি আছে, বুবুলৰ চাইকেলৰ দোকানত সোমাই যাব লাগিব। 

পূর্ণিমাৰ বাবে তিল আৰু গুঁৰ অনাটো যিদৰে দৰকাৰী মহীৰ বাবেও হাটলৈ গৈ এহাল বলধৰ বেচাদাম কিমান হ’ব জনাটো খুবেই জৰুৰী। বলধহালৰ দামটোৰ ওপৰতে নির্ভৰ কৰিছে মহীৰ বাকী হিচাববোৰ!

 

কাইলৈ গৰু বিহু। মহীয়ে ঠেকেৰা বেঙেনাবোৰ কাটি আগদিনাই বাঁহ কাটি বনাই থোৱা চাটবোৰত এফালৰপৰা শিঙি গৈছে। মাখিয়তীৰ দাল দুটামান কাটি থোৱাই আছে। কাষতে জীয়েক-মাক মিলি তিলৰ পিঠা পুৰিছে, নাৰিকলৰ লাৰু বনাইছে। বিহু বুলিলেই মাক-জীয়েক পিঠা-জলপান লৈয়েই ব্যস্ত থাকে ভালেদিন। ওচৰৰ দুগৰাকী মানো আহে মহীহঁতৰ ঘৰৰ ঢেকীত পিঠা খুন্দিবলৈ। ভঁৰালৰ তলতে ধুনীয়াকৈ ঢেকীশালখন পাতি দিছে মহীয়ে। তাতে জুই একুৰা ধৰি আটাইকেইজনীয়ে মুৰি ভাজে, আখৈ ফুটাই, সান্দহ খুন্দে...মহীৰ কাম নাথাকে তাত। মাত্র মাজে মাজে খাই থকা ফিকা চাহৰ ভাগ সিও পায়। ব’হাগ বুলিলে মহীৰ ঘৰখনত উখল-মাখল লাগি থাকে। জীয়েক ৰূপহীয়ে গামোচাত ফুল তুলে। ফুলৰ কাঠিবোৰ মহীয়ে যোগাৰ কৰি দিয়ে তাইক। সেইবোৰ কামত মহীৰ হাতখন মিহি। সেয়ে জীয়েকে তাক আন নহ’লেও ফুলৰ কাঠিখিনি বনাই দিবলৈ কয়। নিজৰ হাতকেইখনলৈ এবাৰ চালে মহীয়ে। 

: বাবা। অ’ বাবা। কিনো ভাবি আছে। হাতত কাটিলে নেকি? ভাত বাঢ়োঁ, মুখ-হাত ধুই আহকগৈ।

: না, নাই কটা। গৈছো ৰ’।

ৰূপহীৰ মাতত মহীৰ চিন্তাত য’তি পৰিল। হাতৰ আঙুলিকেইটা কটক কটককৈ ফুটুৱাই সি লৰালৰিকৈ টিউবেলটোৰ কাষ পালেগৈ। 

খাই-বৈ তিনিওটা প্রাণী শুবলৈ গ’ল। কাইলৈ সোনকালে উঠিব লাগিব। বিচনাত পৰিল যদিও, ভাগৰে হেঁচা মাৰি ধৰিলেও মহীৰ টোপনি নাহিল। বিচনাতে ইকাটি-সিকাটি কৰি থাকিল। 

: কি ঠিক কৰিলে?

মহীৰ টোপনি অহা নাই বুলি গম পায় পূর্ণিমাই সুধিলে।

: ঠিক তো একোৱেই কৰিব পৰা নাই! গৰুহাল বিক্রী কৰিলেও অতুলৰ দেউতাকে বিচৰা ধন যোগাৰ নহয়গৈ। 

: মই কথা এটা ভাবিছিলোঁ। গৰুহাল বিক্রী কৰাতকৈ খিৰতী গাইজনীকে বিক্রী কৰি দিয়ক। লগতে নিজৰ বাবে দুবিঘামান ৰাখি বাকী মাটিখিনি বন্ধকীত দি দিয়ক। গৰুহাল বিক্রী কৰিলে খেতি-খোলাৰ কি হ’ব? মাতি কেইডৰা থাকিলে অন্ততঃ আমি বুঢ়া-বুঢ়ীয়ে ভাত মুঠি খায় থাকিব পাৰিম আনৰ ওচৰত হাত নপতাকৈ। 

: এৰা! সেইটোও হয়। চাওঁচোন

পূর্ণিমাই কোৱা কথাটোকে ভাবি ভাবি মহীয়ে টোপনি যাবলৈ চেষ্টা কৰিলে।

 

দোকমোকালিতে উঠি মহীয়ে গোহালিৰ গোবৰখিনি পেলাই গৰুকেইটা লৈ গ’ল গা ধুৱাবলৈ। ওচৰত নৈ-বিল বুলিবলৈ নাই। তাহাঁতৰ চুবুৰীটোৰ আটাইয়ে ওচৰৰ পথাৰখনতে গৰু-গা ধুৱায়। লাও-বেঙেনা গাত দিব পোৱাৰ আগতেই বেছিকেইটা গৰুৱেই মুকলি পথাৰ পায় দৌৰিল। কাজলী হে ৰৈ থাকিল কিমান গা ধুৱাৱ ধুৱা যেন ভাৱত! আতৰি যোৱা ৰঙা-বগালৈ চাই মহীৰ দুচকু সজল হৈ পৰিল। মনতে ভাবিলে, হওঁতে হয় মানুহজনীয়ে ঠিকেই কৈছে। ইহঁত দুটা থাকিলে অন্ততঃ ভাত মুঠি খাই থাকিব পাৰিব। হাত-ভৰিকেইটা থাকে মানে নিজে কাম কৰি খাব পাৰিব। খেতি মাটিৰ অলপকে বন্ধকীত দিয়াটো ঠিক কৰি মহী ঘৰমুৱা হ’ল। 

মাহ-হালধিৰে গা-পা ধুই আজৰি হৈ তিনিওটাই চাহ-জলপান খালে। ৰূপহীয়ে মাক-দেউতাক দুয়োকে সেৱা এটা কৰিলে। পূর্ণিমায়েও লৈছিলেই আঠু কাঢ়ি... মহীয়ে বাধা দি ক’লে

: হ’ব হ’ব, মই মানুহটো হ’লো বুলিয়েই আৰু মোৰ আগত আঠু ল’ব নালাগে দিয়া। সেই হিচাবেতো ময়ো তোমাক সেৱা কৰিব লাগে। তুমি মোৰ মানুহজনী নোহোৱা জানো?

লাজতে পূর্ণিমাৰ গাল দুখন ৰঙা পৰিল। মনতে ভাবিলে এই মানুহজনে মাজে মাজে কি যে কথাবোৰ কৈ দিয়ে! মাকৰ মুখলৈ চাই ৰূপহীয়েও হাঁহি দিলে। 

মাক-জীয়েকৰ হাঁহিভৰা মুখকেইখনলৈ চাই মহীৰ মনটোও ভাল লাগি গ’ল। ৰূপহীয়ে দিয়া গামোচাখন ডিঙিতে লৈ মহী নামঘৰলৈ বুলি ওলাই গ’ল। যাওঁতে ভাবি গ’ল বৈকুণ্ঠছাৰৰ ঘৰলৈ দুই এদিনতে পাক এটা মাৰিব লাগিব। তেওঁ নিশ্চয় মহী যোৱালৈ বাট চাই থাকিব। 

 

: হেৰা শুনিছা। এই মহী নাহিল দেখোন। সাতবিহুয়ে শেষ হ’বৰ হ’ল। কালিয়েই অহাৰ কথা আছিল।

বৈকুণ্ঠই গামোচাখনেৰে ভৰিকেইটাত চেটেপ চেটেপ কৈ মাৰি ম’হ খেদি খেদি ঘৈণীয়েকক সুধিলে।  

: কিবা অসুখ বিসুখ হ’ব পাৰে। আলহী-অতিথিও আহিব পাৰে বিহু বুলি। আহিম বুলিছিল যদি আহিব দিয়ক।


: হুমম... সোনকালে আহিলে ভাল আছিল। দিন-বাৰ বোৰো ঠিক কৰিব লাগে।


: হেৰি নহয়, কথা এটা কওঁ! আপুনি বাৰু অলপ বেছিকৈ কোৱা নাই নে তেওঁক? তেওঁৰ অৱস্থাটোও আমাৰ দৰেই। আকালো নাই ভঁৰালো নাই বিধৰ। ইমানখিনি টকা তেওঁ যোগাৰ কৰিব পাৰিবনে?


বৈকুণ্ঠৰ সিদ্ধান্তই মনোকষ্ট দি আছে যোগমায়াক। বেচেৰা মানুহজনক কেঁকুৰাচেপা দিয়া যেন হৈছে। ইমানবোৰ টকা তেওঁ জানো যোগাৰ কৰিব পাৰিব! সেয়ে মনৰ কথাটো কৈয়েই দিলে।


: বুজিছা অতুলৰ মাক। তুমি তোমাৰ ঠাইত ঠিকেই আছা। তোমাৰ মহীলৈ দুখ লাগিছে, সমবেদনা জাগিছে। লগাৰে কথা। তোমালোক মাইকী মানুহবোৰ এনেয়েও অন্তৰৰপৰা অলপ কোমলেই। ময়ো মোৰ সিদ্ধান্তক ভুল বুলি ক’ব নোখোজো। ভাবি চোৱা, আমাৰো দুজনীকৈ বিয়া দিব লগীয়া গাভৰু ছোৱালী আছে। আজিকালি তোমাৰ-মোৰ সেই দিন নাই। তুমি লেপ-তুলি, বাঢ়নি-খেৰসূতা, দলা-চালনি, তাঁতশালৰ সজুলি কেইপদ, নিজৰ পিন্ধা কাপোৰেৰে ভর্তি ট্রাংক এটা লৈ মোৰ ঘৰত ভৰি থৈছিলা। আমাৰ দিনবোৰেই আছিল তেনেকুৱা। আজিকালি ছোৱালীয়ে লগত টি ভি, ফ্রীজ, ডানল’প, ৱাচিং মেচিন, কাণে ডিঙিয়ে সোণৰ চিকমিকনি লৈ গৃহ প্রৱেশ নকৰিলে বিপদ আছে বুজিছা! তোমাৰ ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবিহে মই মহীক টকা খুজিছো। মহীৰ এজনীয়েই ছোৱালী। কলেজলৈকে পঢ়ুৱালে। তাইৰ নামত সাঁচতীয়া ধন অলপ নিশ্চয়কৈ ৰাখিছে। আৰু তুমি চিন্তা কৰিব নালাগে। টকাখিনিৰ বাদে মই আৰু একো খোজা নাই। ৰূপহী আহিও আমাৰ ঘৰত নিজৰ ছোৱালীৰ দৰেই থাকিব। সেয়া তুমিও জানা, ময়ো জানো। তাই সাদৰী ছোৱালী, শিক্ষিতাও। আমাৰ পোনাই গুণী ছোৱালীয়েই পচন্দ কৰিছে। গুণৰ আদৰ তুমি কৰিব জানা বুলি মই নিশ্চিত। আমাৰ ল’ৰা-ছোৱালীৰ স্বভাৱ চৰিত্রইও কয় তুমি তাঁহাতক নিজৰ গততেই ডাঙৰ দীঘল কৰিছা। বৈকুণ্ঠ মাষ্টৰৰ ল’ৰা-ছোৱালী বুলিলে সকলোৱে জানে সিহঁত কেনেকুৱা। তুমিও নিশ্চিন্তে থাকা। মহীক মই বিপদত নেপেলাওঁ।

মানুহজনৰ কথাবোৰ শুনি যোগমায়াৰ আৰু ক’বলৈ একো নাথাকিল। এৰা, আপুনি ঠিকেই কৈছে বুলি কৈ ধুনাদানীটো লৈ ভিতৰলৈ সোমাই গ’ল। বৈকুণ্ঠও এনেয়ে খোজকাঢ়ি নঙলামুখ পালেগৈ। ইমানবোৰ কথা একেলগে কৈ গৰমেই উঠি আহিছিল। 

: ছাৰ, ভালে আছেনে? আজি গাঁৱৰ হুঁচৰিযোৰা আপোনালোকৰ ঘৰলৈ আহিব।

বাটেৰে পাৰ হৈ যাব খোজা ৰমেনে চাইকেলৰপৰা নামি নঙলামুখতে ৰৈ থকা বৈকুণ্ঠক মাতষাৰ দিলে। 


: অ’ ৰমেন, ভালে আছো আমি। ভালেই হ’ল তুমি খবৰটো দিলা। মই ভাবিয়েই আছিলো এইবাৰ হুঁচৰি নাহিবই নেকি আমাৰ ঘৰলৈ। 


: নাই নাই ছাৰ। নহাকৈ কিয় থাকিব? আচলতে এইবাৰ গাঁৱৰ সিটো মূৰৰপৰা হুঁচৰি গোৱা আৰম্ভ হ’ল। সেয়েহে আপোনালোকৰ ঘৰ এইবাৰ শেষলৈ থাকিল। 


: হ’ব দিয়া, কোনো কথা নাই। 


: এতিয়া আহোঁ ছাৰ। গধূলি হ’লেই। হুঁচৰিলৈ ওলাই আহোঁগৈ।

: বাৰু, যোৱা।


বৈকুণ্ঠই ভাবিলে, যিয়েই নহওঁক গাঁৱৰ ডেকাখিনিয়ে মিলিজুলি এতিয়াও হুঁচৰি গায়। নামঘৰ কেতিয়াবাই দুটা হ’ল গাওঁখনত! ৰমেনক বিদায় দি খৰ খোজেৰে বৈকুণ্ঠ ঘৰৰ ভিতৰলৈ গৈ হুঁচৰি আহিবলগীয়া কথাষাৰ ক’লেগৈ যোগমায়াক। শৰাইৰ লগতে চাহপানীৰ ব্যৱস্থাও কৰিবলৈ ক’লে।

 

বিহু বুলি অতুল আহিছিল ৰূপহীহঁতৰ ঘৰলৈ। ৰূপহীয়েই মাতি পঠিয়াইছিল তাক কিবা কথা ক’বলৈ আছে বুলি। অতুলেও কিবা এটা অনুমান কৰিছিল।

: জানো, মা-বাবাই মনত দুখ পাব। এই দুখ বেছি দিনলৈ নাথাকে। সকলো মা-দেউতাকৰে মন থাকে ঘৰৰ ছোৱালীজনীক ধুম ধামেৰে নহ’লেও ৰাইজক খুৱাই-বুৱাই ঘৰৰপৰা উলিয়াই দিবলৈ ন-কইনাৰ সাজত। আমাৰ বিয়াখন তো ঠিকেই হৈ আছে। ঘৰৰ অমতত জানো আমি বিয়াখন পাতিবলৈ লৈছো? হ’ব দিয়া তুমি চিন্তা কৰি থাকিব নালাগে। ৰাইজক যিমানেই খাতিৰ-বাতিৰ নকৰা কিয় শেষলৈ কিবা নহয় কিবা দোষ উলিয়াবই! জানো, মোৰ দেউতাইও মনত বেজাৰ পাব। ভাবিব বৈকুণ্ঠ মাষ্টৰৰ ল’ৰা হৈ এনেহেন কামহে কৰিলে! এইবোৰ ক্ষন্তেকীয়া। ঠিক হৈ যাব। আমি কামাখ্যা মন্দিৰতে বিয়াখন পাতিম। ঘূৰি আহি ভকত দুজনমানক মাতি সেৱা কৰিলেই হ’ল। তুমি বুজন ছোৱালী। সোনকালে জনাবা তুমি কি ভাবিলা। মই বাট চাম। 


যাবলৈ ওলোৱা অতুলক পদূলিলৈকে আগবঢ়াই দিবলৈ অহা ৰূপহীক অতুলে মৰেমেৰে কথা কেইষাৰ ক’লে। 


ৰূপহীয়ে বিশেষ একো নক’লে। বাৰু বুলি কৈ অতুলৰ কথাখিনিক শলাগি থ’লে। তাই জানে তাঁহাতৰ ঘৰুৱা অৱস্থাৰ কথা ভাবিয়েই অতুলে এই ব্যৱস্থা লৈছে। হওঁতে সি ঠিকেই কৈছে। তাইৰো মন নাই নিজৰ বিয়াখনৰ নামত বাবাকৰ সাঁচতীয়া ধন খৰচ কৰিবলৈ। নঙলাডালতে থুতৰিটো লগাই তাই ভাবি থাকিল অতুলৰ সৈতে কামাখ্যালৈ যাবনে মাক-বাবকৰ হেঁপাহ পুৰাই ঘৰৰপৰা কইনা সাজেৰে ওলাই যাব।

 

উপসংহাৰঃ  অতুলৰ দেউতাকে কোৱা টকা দুই লাখ মহীয়ে যোগাৰ কৰিলে। অতুলৰ দেউতাককো খবৰটো দি আহিল। খেতি মাতিৰ আধাখিনিৰ লগতে খিৰতী গাইজনীও বিক্রী কৰি দিয়াৰ কথা অৱশ্যে নক’লে। ১৫ ব’হাগত অতুলৰ সৈতে ৰূপহীৰ বিয়া। পিছে বিয়াখন কামাখ্যাত হ’বনে সোণাপুৰ গাঁৱত হ’ব সেইটোহে সঠিক কৈ ক’ব নোৱাৰি। সদাশয় পাঠকসমাজে অতুল আৰু ৰূপহীক আশীর্বাদ কৰে যেন।  


@জনসাধাৰণ ২০১৪

 

 

 

Post a Comment

0 Comments