মই সাৱিত্রীয়ে কৈছো


মই... হয় ময়েই সাৱিত্রী! কিয় যে মোক এই নামটো দিয়া হ’ল ভাবিলেই হাঁহি উঠে। টুটি অহা আয়ুসে আনি আজি মোক ইয়াত থৈছে। শেষ হ’ব ধৰা জীৱনৰ এই শেষ ক্ষণত উপস্থিত হৈ মোৰ হেঁপাহ হৈছে মোক হেৰুৱাৰ দুখত কোনোবাই দুখ কৰক! মই যে মৰিবলৈ লৈছো সেই শোকত বিহ্বল ব্যথিত হৈ কোনোবাই চকুপানী টোকক! কাৰোবাৰ দুচকুত মোৰ বাবে এফুটা চকুপানী দেখিলেই যেন মই শান্তিৰে মৰিব পাৰিম তেনে ভাৱ হৈছে মোৰ! অথচ মোৰ বুলি মোৰ কোনো নাই! এনেকুৱা অকণ সুখৰ স্মৃতিও নাই যাক সোঁৱৰি মই শান্তিৰে মৰিব পাৰো। কোনো আপোনজন নাই যাৰ কথা ভাবি নিস্তেজ হ’লেও শুকান ওঁঠেৰে হাঁহিৰ ৰেখ ফুটি উঠিব! হায়! এয়েই আছিল মোৰ ভাগ্য! জীৱন কালত যি একো নাপালো মৰণৰ সময়ত মই বাৰু কিয় অবুজ শিশুৰ দৰে কাৰোবাৰ উপস্থিতি আশা কৰিছো? মই কিয় আশা কৰিছো মোক আগুৰি বহি থাকক মোৰ স্বামী, পু-বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনী? এইয়াই তো মোৰ ভাগ্য। মোৰ ভাগ্যৰ চকৰী এনেকৈয়ে ঘূৰিব বুলি মোৰ জন্মতেই লিখা হৈ গৈছিল। এইয়াই আছিল বিধিৰ বিধান। মই মোৰ ভাগ্যক কেনেকৈ মোৰ অধীন কৰিব পাৰিম? কেনেকৈ মই মোৰ ভাগ্যক সলনি কৰিব পাৰিম?

যদি মোৰ জন্মৰ পিছতেই মোক আনৰ পদূলিত এৰি নাহি আয়ে বুকুৰ মাজত সাৱটি ল’লেহেঁতেন? মোৰ পিতা আৰু আইৰ পাঁচ নম্বৰৰ কন্যা সন্তান নহৈ যদি মই তেওঁলোকৰ প্রথম সন্তান হ’লোহেঁতেন? যদি মই কন্যা নহৈ ল’ৰা সন্তান হ’লোহেঁতেন? কুন্দত কটা নহৈ মোৰ চেহেৰা যদি আপচু হ’লহেঁতেন? তেতিয়া মোৰ ভাগ্য কি হ’লহেঁতেন? কি বুলি লিখা হ’লহেঁতেন মোৰ ভাগ্য?

এনেকুৱা নহয় যে মই চেষ্টা কৰা নাছিলো। কৰিছিলো। পুটি-গন্ধময় গাতত বাৰে বাৰে পৰিও পুনৰ উঠি ঘোঁৰাৰ দৰে দৌৰিছিলো আন্ধাৰৰপৰা পোহৰৰ দিশে। কিন্তু মই যিমান বেগেৰে পোহৰৰ ফালে দৌৰিছিলো একে সমান বেগত পোহৰো মোৰপৰা দৌৰি পলাইছিল। নিজৰ ভাগ্যক সলনি কৰাৰ দুঃসাহস কৰিছিলো মই, যি টো কোনো কালেই সম্ভৱ নহ’ল! দৌৰি দৌৰি ভাগৰি এদিন ৰৈ দিলো। পোহৰো ৰৈ দিলে মোৰপৰা ৰাখিব লগীয়া দূৰত্ব ৰাখি... “দৌৰাৰ যি ভাগৰ, খেদাৰো যে একেই ভাগৰ।” সেই কথা ময়ো বুজিছিলো, পোহৰেও বুজিছিল!

মই মানিছিলো আনৰ ভালৰ বাবে কৰা কামবোৰ নীৰৱে হয়, শব্দৰ কোলাহ’ল নাথাকে তাত; যিদৰে সমস্ত পৃথিৱীক পোহৰাবলৈ নীৰৱে সূর্যৰ উদয় হয়, যিদৰে পৃথিৱীৰ প্রতিটো জীৱকে জিৰণি ল’বলৈ দি আন্ধাৰক আহ্বান কৰি নীৰৱে সূর্যই গতি কৰে পশ্চিমলৈ! কিন্তু মোক কেন্দ্র কৰি যিবোৰ ঘটনা নীৰৱে ঘটিছিল সেইবোৰ জানো মোৰ মংগলৰ বাবে ঘটিছিল?

মোৰ বর্জনো নীৰৱেই হৈছিল। হয়তো মোৰ জন্মদাত্রী মাতৃয়েও হাজাৰ যন্ত্রণাক দাঁত-মুখ কৰচি নীৰৱে সহ্য কৰিছিল, হয়তো মই চিঞৰি কান্দোতে মোক বুকুত সাৱটি লোৱাৰ সলনি পিতৃয়ে মোৰ মুখত হাত ৰাখি চেপি ৰাখিছিল মোৰ কান্দোন! ইমান কঠোৰ আৰু নিষ্ঠুৰ হোৱাৰ পিছত আৰু অকণমান কিয় কঠোৰ হ’ব নোৱাৰিলে মোৰ মা আৰু পিতা? ভূমিস্থ হোৱাৰ পিছতেই যদি মোক দিঙি মুচৰি হত্যা কৰিলেহেঁতেন মোৰ পিতৃয়ে, কাৰ কি ক্ষতি আছিল? বৰঞ্চ নীৰৱে সেই এটা কাম কৰাহেঁতেন মোৰ ভাল হ’ল হয়!

ভাগ্যই লোভ দিছিল মোক। জীৱনৰ লোভ! জীৱনক ভাল পাবলৈ সুবিধা দি ৰং চাইছিল। ভাগ্যৰ সেই কুটিল হাঁহিক দেখা নাছিলো মই। পিতৃয়ে মোক য’ত এৰি থৈ গৈছিল তাৰপৰা তুলি মোৰ ভাগ্যই মোক লৈ গৈছিল আন এগৰাকী মমতাময়ী মাতৃৰ ওচৰলৈ, আন এজন পিতাৰ উমাল বুকুৰ মাজলৈ। নাম পাইছিলো সাৱিত্রী! এহাল মৰমিয়াল পিতৃ-মাতৃৰ আদৰ চেনেহত লালিতা-পালিতা হৈ বাট বুলিছিলো সন্মুখলৈ। কিন্তু মোৰ বাবে সেই বাট মসৃণ নাছিল। ভাগ্যই পুনৰবাৰ নিজৰ খেল দেখুৱাইছিল। যাদু খেল! যিজনে প্রতিশ্রুতি দিছিল জীৱনে-মৰণে মোৰ হৈ থকাৰ, যাৰ হাতত ধৰি আগবঢ়াৰ কথা আছিল জীৱনৰ সেন্দুৰীয়া বাটেৰে, মোৰ সেই প্রিয় পুৰুষে নিজৰ স্বার্থ সিদ্ধিৰ বাবে মোক দুটামান বন্য পশুৰ হাতত এৰি দি নিজে বতাহৰ লগত মিলি গৈছিল! তথাপিও আশা কৰিছিলো কিজানিবা তেওঁ উভতি আহে! কিজানিবা নিজৰ ভুলৰ ক্ষমা বিচাৰি মোক পুনৰ আদৰি লয়! ওঁহো, তেনেকুৱা একো হোৱা নাছিল। সমাজ বাদেই, নিজৰ ঘৰৰ আপোন মানুহকেইটাৰ দুচকুত মই হৈ পৰিছিলো দুঃশ্চৰিত্রা, কলংকিনী! মোক দেখিলেই যেন দিঙি লৈকে পাপত বুৰ যাব, এনেকুৱা ভাৱে সকলোৰে চকুৱে-মুখে স্পষ্ট হৈ উঠিছিল! আৰু তেনেকুৱা এটা দিনতেই উন্মোচিত হৈছিল সেই সত্য, যি সত্যক গোপনে লৈ ফুৰিছিল মোৰ তেজে ময়ো নজনাকে! মই সেই মমতাময়ী মাতৃৰ গর্ভত নাছিলো কোনোদিনে। মই আছিলো পৰিত্যক্তা, বর্জিতা, অনাহুত! সেই মাতৃ যি নিজৰ বুকুৰ গাখীৰ খোৱাই মোক পালিছিল, সেই পিতৃ যাৰ হাতত ধৰি মই খোজ কাঢ়িবলৈ শিকিছিলো, তেওঁলোক হৈ পৰিছিল ভীষণ অনুতপ্ত! নিজৰ ভাগ্যক দোষ দি কপাল চপৰিয়াই কান্দিছিল মোক আদৰি লোৱাৰ বাবে! মোক আদৰি লোৱাটো আছিল তেওঁলোকৰ এটা অক্ষমণীয় অপৰাধ, এনে এটা পাপ যি কেতিয়াও খণ্ডণ নহয়! যেতিয়াই মোৰ তেজৰ সত্য উন্মোচিত হ’ল, যেতিয়াই মই সহোদৰা নহয় বুলি কোৱা হ’ল তেতিয়াই মই ধর্ষিতা হ’লো ইমানদিনে মোক ভগ্নী বুলি মৰম আদৰ কৰা জেষ্ঠ ভাতৃৰ হাতত! ধর্ষিতা হ’ল মানৱীয়তা। আৰু পুনৰবাৰ মই সেই একে ঠাইলৈকে উভতি আহিলো য’ৰপৰা এদিন মোক তুলি নিয়া হৈছিল, য’ত মোক এদিন পিতৃয়ে এৰি গৈছিল। পদূলি মুখৰপৰা তুলি নলৈ মোক যদি বাটৰ ভোকাতুৰ কুকুৰৰ ক্ষুধা নিবাৰণৰ বাবে এৰি দিলেহেঁতেন তেওঁলোকে! এটা ক্ষুদ্রকায় শৰীৰ নেফা-নেফ্ কৰি শেষ কৰিবলৈ কিমান দেৰি লাগিলহেঁতেন?

মোৰ নতুন পৰিচয় হৈ পৰিছিল - আশ্রয়হীনা, পিতৃ-মাতৃৰ পৰিচয় নথকা, কলংকিতা, দুঃশ্চৰিত্রা নাৰী!! একো নাছিল অথচ ভাগ্যই কোনো কৃপণালি নকৰাকৈ মোক দিছিল ভৰপূৰ ৰূপ-যৌৱন! তাকে সামৰি ৰাখিবলৈ, লুভীয়া চিকাৰীবোৰৰপৰা লুকুৱাই ৰাখিবলৈ অসমর্থ হৈ বিচাৰি গৈছিলো মৃত্যু! কিন্তু ভাগ্যই মোক আৰু নচুৱাবলৈ বাকী আছিল, গতিকে মৃত্যুও মোৰ কাষ চপা নাছিল। হৃদয়বান পুৰুষ এজনে মোক তুলি আনিছিল নদীৰ পাৰৰ বালিৰপৰা! মানি লৈছিলো ভাগ্যৰ লিখন, বিধিৰ বিধান! শিৰত সেন্দুৰ আঁকি নিদিলেও নীৰৱে সেই অকলশৰীয়া পুৰুষকেই স্বামী বৰিছিলো, দুভৰি চুই সেৱা কৰিছিলো সেই পুৰুষক যি মোক জীৱন দিছিল! সমাজে স্বীকৃতি নিদিলেও আমি আমাৰ বাবে আছিলো স্বামী-স্ত্রী।

দিন বাগৰিছিল। সপোন দেখাৰ হেঁপাহ জাগিছিল। কিন্তু মোৰ বাবে জানো কথাবোৰ ইমান সহজ আছিল? সন্তানসম্ভাৱা বুলি গম পালে পত্নীৰ প্রতি স্বামীৰ যি চেনেহ উথলি উঠে তাৰ সলনি মই পাইছিলো প্রতি নিশা মাতাল স্বামীৰ গোৰ, ভুকু, অকথ্য গালি-গালাজ। মোৰ বাবে সেইয়াই আছিল, সলনি হোৱা নাছিল মোৰ ভাগ্য। আৰু সেইবোৰৰ মাজতেই এদিন জন্ম দিছিলো এটুকুৰা আকৃতিহীন মাংসপিণ্ড! কি বিভৎস আছিল সেই মাংসপিণ্ড! সন্তান প্রসৱৰ সকলো যাতনা মই অনুভৱ কৰিছিলো, অথচ মই মাতৃ হোৱা নাছিলো! কি আচৰিত, সেই চৰম যন্ত্রণাক মই নীৰৱে হজম কৰিব পাৰিছিলো! এদিন সেই পুৰুষো অন্তর্ধান হৈছিল। যেন হ’ব লগাই আছিল সেইয়া, যেন তেনেই এটা সাধাৰণ কথা! সেই যে তেওঁ গুচি গ’ল, সেই বাটেৰে বহুজন আহিল আৰু গ’ল। মোৰ হাজাৰ বাধা, হাজাৰ কাবৌ-কাকুতি নৰজিল কাৰোৰে সন্মুখত। মই প্রতি ক্ষণে মৃত্যু কামনা কৰিলো অথচ মৃত্যু কোনো বাটেৰেই নাহিল মোৰ ওচৰলৈ, কোনেও নিদিলে মোক সেই উপহাৰ!

আজি বন্ধ কোঠালিৰ আন্ধাৰ চুকত পৰি ৰৈছে মোৰ জৰাজীর্ণ বৃদ্ধ শৰীৰ। মোৰ সদা কাম্য মৃত্যু মোৰ নিচেই কাষত। ভাৱ হৈছে কিমান নিঃসংগ মই। মৰণৰ ক্ষণত আপোন বুলি সুঁৱৰিবলৈ মোৰ কোনো নাই। নাই কোনো সুখকৰ স্মৃতি। মই বিচাৰিছো মোক হেৰুৱাৰ দুখত কোনোবাই এবাৰ উচুপি উঠক, যাবৰ বেলাত কোনোবাই অন্ততঃ আদৰৰ মাত এষাৰ দিয়ক। এষাৰ মাথোঁ মাত! নাই, কোনো নাই। মোৰ আত্মাটোও ইমান নিঃসংগ!

জানো এই আন্ধাৰ কোঠালিতেই মোৰ দেহ গেলি পচি যাব। দুর্গন্ধই আমনি কৰিলে কোনোবাই হয়তো কোনোবা জাৰণিত নি দলিয়াই থৈ আহিব। শিয়াল শগুণে মোৰ মাংসেৰে ভোজ পাতিব। সেইয়াই আচলতে মোৰ নিয়তি। যি মোৰ জন্মৰ ক্ষণতে খোদিত হৈ গৈছিল। মোৰ ভাগ্য, যাক মই হাজাৰ চেষ্টা কৰিও সলাব নোৱাৰিলো।

মোৰ ভাগ্য কিয় এনেকৈ লিখা হ’ল? মাত্র এখন জৰায়ুৰ অধিকাৰিণী হোৱাৰ বাবেই কিয় বাৰে বাৰে মোক হত্যা কৰা হ’ল? যদি সেই একে পথেৰেই এদিন কোনোবা এটি উজ্জ্বল নক্ষত্রৰ আগমন হ’লহেঁতেন, যি এদিন সমাজৰ মহান পুৰুষৰ শাৰীত থাকিলেহেঁতেন; যদি সেই পথেৰেই অহা কোনোবা কন্যা পৃথিৱীৰপৰা গৈ মহাকাশ পালেহেঁতেন তেতিয়া মই কি আখ্যা পালোহেঁতেন? তেনে সম্ভাৱনাক আদৰিবলৈ কোনেও কিয় সাহস নকৰিলে?

 

@ ইত্যাদি, জনসাধাৰণ, ৫ এপ্রিল ২০১৫

 

 




Post a Comment

0 Comments