জীৱনঃ মোৰ উপলব্ধিত (১)

 

পৰিক্ৰমা... 

ভূমিকম্পৰ তীব্ৰ জোকাৰণিৰ পিছত পৃথিৱীখন স্থিৰ নোহোৱালৈকে কোনোবা জীয়াই থকা বা নথকাটো সুনিশ্চিত নহয়! কেতিয়াবা বাট পথৰ নক্সাও সলনি হৈ যায়। সলনি হোৱা চহৰৰ নতুন বাট পথবোৰে চহৰখনৰ স'তে থকা পুৰণি সম্পৰ্কবোৰ অচিনাকী কৰে! কেতিয়াবা হঠাতে লগ পায়, খুন্দা খায় আৰু ছিটিকি পৰে! একে গতিতে গৈ থকা জীৱনেও কেতিয়াবা অন্য ধৰণৰ গতি বিচাৰে, বিচাৰে জীৱনৰ অন্য ৰূপ! হেৰাই যাবলৈ বিচাৰে উদ্দেশ্যহীন গতিত! এনে সময়তে চাগৈ সাময়িক সম্পৰ্ক কিছুমানে শূন্যতা পূৰাবলৈ আৰম্ভ কৰে। … জীৱন! গোটেই কাৰবাৰটোৱেই আচলতে সাময়িক! অনিশ্চিত! বৰ্তমানটোৱে ভৱিষ্যতৰ নাম পোৱাৰ আগতেই অতীতৰ বুকুত হেৰাই যায় যিদৰে! এইযে “গোটেই কাৰবাৰটোৱেই সাময়িক আৰু অনিশ্চিত”, সেই কথাটো মানি ল’বলৈ সময় লাগে। যিমান বেছি সময় লাগে সিমান বেছি সময়লৈকে দুখবোৰো লগতে থাকে।

কোনো পথৰেই চাগে শেষ নাই। শেষ হৈছে বুলি ভবাতেই সেই একেটা পথেই অন্য এফালে ঘূৰি দিশ সলনি কৰে। আচলতে পথৰ শেষ বুলি একো নাই। ক'ৰবাত গৈ যদি ই শেষো হয় য'ৰপৰা গতি ল'বলৈ কোনো দিশ নাই, তাতেই পথটোৱে তাৰ পৰিচয় সলনি কৰে_ কেতিয়াবা পথাৰ, কেতিয়াবা নদী। য'তেই ই পৰিচয়হীন হয় তাতেই দিশ আৰু পথ একাকাৰ হৈ সৃষ্টি হয় দিকবলয়ৰ! শেষতেই আৰম্ভ হয় নতুনকৈ!

 

সোঁৱৰণ...

বৰষুণ জাকে ধুই নিয়ে কিছু অস্থিৰ হাহাকাৰ! জীপাল কৰি তুলে কিছু সোঁৱৰণ! ঘৰচিৰিকা পোৱালি এটাৰ দৰে জপিয়াই ফুৰে এৰি অহা সময়ৰ মধুৰ স্মৃতি! খিৰিকী খুলি ৰৈ থাকে অপেক্ষাৰ উদাস দুচকু! বৰষুণৰ সৈতে ঝিলিৰ কথকতা! এন্ধাৰৰ আত্মীয়তা আৰু ভেকুলীবোৰৰ কোৰাচ!…উদাসী দুচকুত উৰি আহি বহে দুটি জোনাকী! আৱেগৰ অশ্ৰুত আৱিৰ সানি সৰে টোপ টোপ বৰষুণ। ভাৱনাৰ শূন্যতাত আকুতিৰ প্ৰসাৰিত দুহাত…শূন্য! সময় সলনি হয়। সলনি হয় সপোন। অচিনাকী হয় হাতৰ খামোচ। সলনি নহয় ভালপোৱা! মানুহে প্ৰাপ্তিৰ ভিক্ষা কেতিয়া কৰে? মই তো ৰিক্ত নহয়। নিঃস্ব নহয়। নহয় অসহায়। কিয় লজ্জানত হৈয়ো গুচি গৈছিলো ভিক্ষাৰ পাত্ৰ হাতত লৈ? ক'ত সোলোকাই থৈ গৈছিলো আত্মমৰ্যদা? এনে কি অনুৰাগৰ ভৰত দোঁ খাই পৰিছিলো? "অস্তিত্বহীন মোৰ স্থিতি।" প্ৰতিপলে তাকেইতো সোঁৱৰাই আছিল। কোনখিনিত অবুজন হৈ বহি ৰৈছিলো? মইতো জপ কৰা নাছিলো আমন্ত্ৰণৰ আৱাহনী মন্ত্ৰ। গোৱা নাছিলো সন্মোহনৰ গুপুত মন্ত্ৰ! কিয় বহি ৰ'ল সেই ঈশ্বৰ মূৰ্তি হৃদয়ৰ বিগ্ৰহত? অজানিতে কিয় আওৰাই থাকো প্ৰতীক্ষাৰ প্ৰাৰ্থনা? ধোঁৱা হৈ উৰি যোৱা অনুৰাগ বাৰে বাৰে কিয় সৰি আহে বৰষুণ হৈ? মাটিৰ প্ৰতিমাও তো নাছিলো যে বিসৰ্জিব পাৰিম নিজক… অনায়াসে! মাটিৰ প্ৰতিমাত প্ৰাণ কোনে দিয়ে? কোনে গঢ়ে প্ৰতিমা? ঈশ্বৰে? ঈশ্বৰে শুনা নাপায় হৃদয়ৰ আকুতি! ঈশ্বৰ তো মাটিৰ মানুহ! অথচ পূজিছো কিয় ধূপ নৈবদ্যৰে? কিয় এই হাহাকাৰ! স্মৃতিৰ মূল্য কেতিয়াবা শূন্য হয়নে? যদি হয়, কেতিয়া হয়? শূন্যতাবোৰ হেনো লাহে লাহে কমি যায়! ওহোঁ নকমে, বাঢ়ি যায়! মানুহৰ ভিৰ বাঢ়ি যায়… লগে লগে বাঢ়ে শূন্যতা!

 

হুমুনিয়াহ...

ভাবিছিলো মই গৈ আছো। ভুল ভাবিছিলো। গতি মানেই আচলতে গৈ থকা নহয়। নিৰ্দিষ্ট এটা দূৰত্বত ৰৈ গৈছো আজিও, মই ৰৈ আছো একে ঠাইতে। মানুহবোৰ আহে আৰু গুচি যায়, দূৰলৈ। একে ঠাইতে ৰৈ মই কেঁকুৰীটোত নেদেখা হোৱালৈকে মানুহবোৰক দেখিছো, চাইছো! মোক অলপমান আদৰ কৰা মানুহবোৰ ঋতুৰ দৰে আহে। আহি গুচি যায়! ঋতুয়ে ঋতুয়ে অভ্যাস কিছুমান গঢ় লৈ উঠে! সেইবোৰ থাকি যায়। এতিয়া অৱশ্যে এইবোৰ কথাই আমনি নকৰে। উভতনিও নাই, নাই অপেক্ষা। সকলো গতানুগতিক। সহজ। ঋতু আহে, ঋতু যায়। আচৰিত মানুহৰ স’তে মানুহৰ সম্পৰ্ক! আৰম্ভণিতে সব থাকে__ আদৰ, যত্ন, উলাহ, উৎসাহ…! লাহে লাহে তেল শেষ হৈ অহা চাকি গছিৰ দৰে হয়… ঢিমিক ঢামাক! শেষত নিৰ্লিপ্ত। আচলতে সম্পৰ্ক একোটা ভাগি নাযায়, শেষো নহয়। মাথোঁ কোনোবা এঠাইত গৈ 'ফুলষ্টপ' এটা বহে, তাৰপৰা দিশ সলনি হয়। হয়তো হয় পৰিচয়হীন! কিন্তু শেষ নহয় মানুহৰ স'তে মানুহৰ সম্পৰ্ক। তথাপিও মানুহ অকলশৰীয়া! ষ্টেচনৰ শেষটো ষ্টপেজলৈকে কোনো কাৰো সহযাত্ৰী নহয়। অকলশৰীয়া এই যাত্ৰা। অবিৰত।

ভাবিছিলো কথাবোৰে জীৱনক গতি দিছে। ওঁহো, নাই দিয়া! বাৰে বাৰে উভতি আহে একেবোৰ কথা, কথাবোৰে আহি সেই একেখন বন্ধ দুৱাৰতে টোকৰ মাৰেহি। আৰু একেবোৰ কথাকেই কেন্দ্ৰ কৰি মই ঘূৰি থাকো অহৰহ, কেতিয়াও শেষ নোহোৱা ঘূৰণীয়া বাট এটাৰে। অভিমানৰ ভৰত গধুৰ হোৱা ভাৱনাবোৰে কেতিয়াবা কাণে কাণে কয় "মোৰ অবিহনেও যিদৰে তুমি সন্মুখলৈ আগুৱাই যাব পাৰিছা, তুমিহীনতাত স্থবিৰ হৈ নাযায় মোৰো জীৱন। এই গতিৰ বাদে সকলো মিছা!" …আৰু তেতিয়াই গৈ থকাৰ বাটত মই দিশ হেৰুৱাও! গতিৰ বাহিৰলৈ ওফৰি পৰো ঘূৰণীয়া বাটৰ কোনোবা এটা বিন্দুত গৈ! সময়ৰ পেণ্ডুলামত দুলি থাকে অদ্ভুত এক বিষাদ! কথাবোৰ পুনৰাই উভতি আহে। জীৱন হেনো জীৱনৰ দৰেই…অনাগত!

 

হাবিয়াস...

বৰষুণৰ দিনবোৰ ভাল লাগিছিল। হয়তো ভাল লগাৰো কিবা বয়স থাকে, কাৰণ থাকে, অজুহাত থাকে…! এতিয়া বৰষুণ মানে এলেহুৱা সময় অলপমানৰ বাদে একো নহয়! অৱশ্যে বৰষুণজাক যদি ৰাতিৰ অতিথি হৈ আহে, বেয়া নালাগে। পোহৰত মই মোৰ স'তে মোৰ দৰে কথা পাতিব নোৱাৰো! এন্ধাৰত মই মোৰ দৰে হওঁ, কথা কওঁ, গান গাওঁ… আৰু কেতিয়াবা কেতিয়াবা জোনাকী পৰুৱা এজনী হওঁ! ... কেতিয়াবা যদি বৰষুণ জাক আহে, আধৰুৱা কথাবোৰ উলিয়াই লওঁ। ক'ৰবাত আধৰুৱা গল্প একোটা ৰৈ থাকে, চুপচাপ। ভাবো শেষ কৰি দিওঁ… সামৰি দিওঁ। এইদৰে সাঁচি থলে কোনদিনা বা ঘূণে ধৰে! কোনদিনা বা পোকে কুটি খায়! কিন্তু এই অনুভৱবোৰো জানো কম! নিবিচাৰিলেও কেতিয়াবা বাটৰ সংগী হোৱা অচিনাকী কোনো পথিকৰ দৰে সংগ দিয়ে। যেতিয়া একেলগে খোজকাঢ়ি গৈ থকাৰ অভ্যাস হৈ যায়, আদবাটতে কেতিয়া এৰি গ'ল টলকিবই নোৱাৰি! তাৰপৰা না আগলৈ যাব পাৰি না উভতি পিছলৈ। এৰিও গ'ল অথচ গুচিও নগ'ল! কি জানো ৰৈ যায়?! এই যেন প্ৰিয় ফলবোৰ গছত ওলমি ওলমি আছে, বেঙা মেলি চিঙি আনিব নোৱাৰি; অথচ ঢুকি পোৱাৰ পৰা নোপোৱাৰ দূৰত্ব মাথোঁ দুই আঙুল!

কথাবোৰ মোৰ বাবে সৰল আছিল, যিদৰে মোৰ বাবে মই। অথচ জটিলতাৰ পাকত নিজেই নিজক মেৰিয়াই লওঁ বাৰে বাৰে। একেজনীয়েই মানুহ মই, একেই সত্তা… কিহৰ বাবে অভিন্ন হৈয়ো বাটৰ দুয়োমূৰে ৰৈ যাওঁ দুটা ভিন্ন সত্তা হৈ! বাহিৰত ৰুক্ষতাৰ কঠিন বৰ্ম পিন্ধা নিৰ্দয় 'মই'জনী_ নিৰস, শুকান মৰুভূমি যেন। ভিতৰত আলসুৱা আকুল ঠুনুকা কলিজা_ এখুদমান অৱহেলা, উপেক্ষাও যাৰ সহ্যাতীত। কাৰোবাৰ আত্মাকো বিন্ধি যোৱাকৈ কৰিব পাৰো তিৰস্কাৰ, অথচ একেবোৰ কথাত নিজৰ আত্মাই নীৰৱে উচুপে! বেপেৰুৱা… অথচ বিষণ্ণ মই!

 

দিন প্রতিদিন...

সাধাৰণতে ব্ৰেদ্ জাতীয় বস্তুবোৰ মই নাখাওঁ। এদিনাখন কি বা মন গ'ল! গধূলি ৰূমলৈ উভতি আহোঁতে ব্ৰেদ এটা কিনিলো। দোকানীজনক দিয়া এশ টকাটোৰপৰা মোক ওভতাই দিয়া টকাকেইটা লৈ খোজ কাঢ়ি আহি আছো। কিমান টকা ওভতাই দিলে সেয়া নোচোৱাটো মোৰ অভ্যাস! (বেয়া অভ্যাসেই নহয়নে?) অলপ দূৰ আহিয়েই পিছফালৰপৰা কোনোবাই চিঞৰা যেন লাগিল। ঘূৰি চাই দেখো সৰু ল'ৰা এটা। "বাইদেউ, আপুনি পইচা আৰু পাব নহয়" বুলি মোক দহটকীয়া নোট কেইখনমান দিলে। মই 'থেংক ইউ' বুলি কৈ লৈ থলো কিমান দিলে নোচোৱাকৈয়ে।

পিছদিনা গধূলি ৰূমলৈ যাওঁতে আলোচনী এখন কিনিলোঁ। দুশ টকা এটা দি ওভতাই দিয়া টকাকেইটা হাততে লৈ ৰূম পালোহি। আলোচনীখনৰ লগতে টকাকেইটা বিচনাতে পেলাই গা-পা ধুই আহি দেখিলো যে আলোচনীখনৰ দাম ৫০ টকা আৰু মোক ওভতাই দিলে ১৬০ টকা, লগত দুখন কেলেণ্ডাৰ! পিছদিনা ৰাতিপুৱা লেব'লৈ ওলাই আহোঁতে ১০ টকাৰ সৈতে কেলেণ্ডাৰ এখন দোকানৰ মানুহজনক দিলোঁ। তেওঁ 'থেংক ইউ' বুলি কৈ হাঁহি মাৰি লৈ থলে।

সেইদিনাই গধূলি ৰূমলৈ অহাৰ বাটত দোকানত সোমাই দুটামান সৰু-সুৰা বস্তু কিনিলোঁ। দোকানীজনে ক'লে "৫০ টকা হ'ল"। দুশ টকা এখন দিলো। আগৰ দুদিনৰ খেলিমেলিৰ বাবেই মোক ওভতাই দিয়া টকাকেইটা গণি চালোঁ। ২০ ৰ দুখন, ১০ ৰ এখন নোট। দোকানীজনক কোৱাত "চ'ৰি দেই" বুলি কৈ টকা এশ মোক ওভতাই দিলে।

চাবলৈ গ'লে তেনেই সাধাৰণ কথা নহয়নে? কিন্তু সেই প্ৰথমৰ দিনা দোকানীজনে মোক টকাকেইটা নিদিয়াকৈয়ো থাকিব পাৰিলে হয়। আৰু সেইযে সৰু ল'ৰাটো! সিও টকাকেইটা মোক নিদিয়াকৈয়ে মালিকক গৈ ক'ব পাৰিলে হয় দিলো বুলি। যদি সৰু ল'ৰাটোৱে অথবা দোকানীজনে মোক পাবলগীয়া টকাকেইটা নিদিলে হয়, মই যাৰপৰা আলোচনী কিনিছিলো তেওঁক গৈ দহ টকাটো ওভতাই দিলোহেঁতেন নে? মনটোৱে ক'লেহেঁতেন নে মোক সেইটো কাম কৰিবলৈ? "এহ! ১০ টকা হে! নিদিলে নো কি হ'ব" ভাৱত কিজানি ৰাখি থলো হয়! সেই সম্ভাৱনীয়তা যে শূন্য নহয় সেইটো খাটাং! কিন্তু মই দিলো। সামান্য হ'লেও দিয়াটো যে উচিত সেইটো মই উপলব্ধি কৰিলো।

এই সৰু সৰু কথাবোৰতেই আচলতে জীৱনৰ ডাঙৰ ডাঙৰ কথাবোৰ লুকাই থাকে। এই তিনিটা দিনে মোক সোঁৱৰাই দিলে যে আমি কৰা কামটোৰ ওচৰত সদায় সৎ হৈ থাকিবলৈ শিকিব লাগে। বিশ্বাসৰ মূল্য ৰাখিবলৈ জানিব লাগে। বেয়া যেন লগা অভ্যাসবোৰ এৰিবৰ যত্ন কৰিব লাগে। জীৱনে গৈ থকাৰ বাটত অহৰহ আমাক শিকায়েই থাকে। কি শিকিম, কি বুটলি কি এৰিম সেইটো নিৰ্ভৰ কৰে আমাৰ ওপৰত। সামান্য যেন লাগিলেও ভাল কাম এটা কৰি মনটো ভাল নালাগে জানো? লাগিলে তাৰপৰা মোৰ তিলমানো লাভ নহওঁক। মোৰ বাবে কাৰোবাৰ তো কিবা এটা ভাল হৈছে, ভাল কিবা এটা শিকিছে। এইকণেই সুখ! উৎকট গৰমত পোৱা শীতল পানী এটোপা যেন! এই "ভাল কামবোৰ" নো কি সেইটো উপলব্ধি কৰিব পৰাটোৱেই আচল কথা। 'ভাল' হ'বলৈ 'কাম'টো যে ডাঙৰ, মহৎ কিবা হ'ব লাগিব তেনে নহয়। আনৰ লগতে নিজৰো অনিষ্ট নকৰা সৰু-বৰ প্ৰতিটো কামেই ভাল। এই সৰু সৰু সুখৰ উৎসবোৰক যেতিয়া আমি চিনি পাম তেতিয়াই বেয়া চিন্তা, দুঃখবোধ আদিৰপৰা মুক্ত হ'ব পাৰিম।

 

উপলব্ধি...

আমাৰ মন বোলা বস্তুটো বৰ আচৰিত! ইয়াক ভাল লগাই ৰাখিব পৰাটোৱেই ডাঙৰ কথা| ই ভাল হৈ থকা মানেই যেন সব ভাল! মনটো ভাল লাগে নো কেতিয়া? যেতিয়া আমি ভাল লগা কামবোৰ কৰোঁ, যেতিয়া ভাল লগা মানুহবোৰৰ সৈতে কথা পাতোঁ, যেতিয়া ভাল লগা মানুহবোৰ আমাৰ আশে পাশে থকা যেন লাগে, যেতিয়া ভাল লগা গান এটা শুনো, যেতিয়া আমি ভালপোৱা মানুহবোৰ কুশলে থকা বুলি জানো। আচলতে এই "ভাল লগাটো" আমাৰ ভালপোৱা কিবা এটাৰ সৈতে সাঙুৰ খাই আছে, নহয়নে?

মই এই ৰন্ধা বঢ়া কামটো সঁচাকৈয়ে মুঠেও ভাল নাপাওঁ। নিজে খাবলৈ ৰন্ধাখিনি সিজিলেই হ'ল! কিন্তু, কেতিয়াবা যদি মই ভালপোৱা মানুহবোৰৰ বাবে এসাজ ৰান্ধিব লগা হয়__ ভালকৈ ৰান্ধিবলৈ চেষ্টা কৰোঁ। সুস্বাদু নহ'বগৈ পাৰে, কিন্তু চেষ্টা যে কৰোঁ! মই কামটো ভালকৈ কৰিব বিচৰাৰ অন্তৰালত মই ভালপোৱা মানুহবোৰ আছে, নহয়নে? এই কথাটোকে মই অলপ লুটিয়াই লৈ ভাবিছো__ মই ভালপোৱা এই মানুহবোৰৰ ঠাইত যদি নিজকে ৰাখো, তেতিয়া?

মই যেতিয়া মোক ভাল পাম, নিজৰ বাবে ভালটোৱেই কৰিবলৈ বিচাৰিম, নিজকে ভালে ৰাখিবলৈ চেষ্টা কৰিম। মই ভালে থকাৰ মানে টো হ'ল মোৰ মনটোও ভালে থকা। ই ভালে থাকিলেই মই মোৰ চৌপাশক ভালে ৰাখিব পাৰিম।এনেদৰেই যেতিয়া মই মোক ভাল পাবলৈ শিকিম, আনকো ভাল পাব পাৰিম। ভাল পাব পৰাতেই বৰ্তি আছে জীৱন! আৰু যেতিয়া আমি নিজক ভাল পাম, নিজৰ কাষত নিজে ঠিয় হ'ম তেতিয়া ভাল লগা মানুহ অথবা ভাল লগা আন বহু কিছুৰ অনুপস্থিতিয়ে আমাক দুখী কৰিব নোৱাৰিব। পাৰিলেও সেয়া হ'ব তেনেই খন্তেকীয়া। কাৰণ মোৰ ওচৰত ঠিয় হ'বলৈ মই থাকিম, কেতিয়াবা ভাল লগা গান এটা নিজৰ বাবে নিজেই গুণগুণাব পাৰিম! আৰু এনেদৰেই আমি যিকোনো পৰিস্থিতি, মানুহ… যি যেনে, তেনেদৰেই গ্ৰহণ কৰিব পাৰিম নিজক কষ্ট নিদিয়াকৈ। হয়তো এই গ্ৰহণ কৰি ল'ব পৰাতেই লুকাই থাকে জীৱনৰ সুখ!

এনে কথাবোৰ আমি প্ৰত্যেকেই এবাৰ হ'লেও ভাবিছো। ভাবি নিজক বুজাইছো। এনেকুৱা নহয় যে কথাবোৰ আমি বুজি নাপাওঁ। এইটোও সঁচা যে কিছুমান কথা আমি বুজি পায়ো মানি ল'ব নোখোজো। স্বাভাৱিক কথা। ইমান সহজো তো নহয়! এই কথাবোৰ মই মোক প্ৰায়েই কওঁ। দুখৰ ভৰত দোঁ খাই পৰি থকা মনটোৱে মানি ল'ব নোখোজে। পুনৰাই কওঁ। মানি নোলোৱালৈকে কৈ থাকো। এবাৰ, দুবাৰ অথবা তিনিবাৰলৈকে নুবুজিলেও চাৰিবাৰত তো বুজি পাম, যে নিজে নিজক ভাল পাবই লাগিব। তেতিয়াহে আমি বাট বুলিব পাৰিম সন্মুখলৈ। আৰু এইযে "জীৱন"! ই উভতি নবয়, ইয়াৰ গতি সদায়েই সন্মুখলৈ।… আৰু “প্ৰহৰে” তো কয়েই "পৃথিৱীত কোনেও কাকো চিৰস্থায়ী প্ৰেৰণা যোগাব নোৱাৰে, অকল নিজৰ বাদে।" 

 

মুখামুখি...

কথা কিছুমান মনলৈ অহা যোৱা কৰি থাকে, সুৰুঙা পালেই! বন্ধ খিৰিকীত হেঁচা-ঠেলা কৰি থকা বতাহৰ দৰে!

মই সৰুৰে পৰাই প্ৰায় অকলে থকাৰ দৰে আছো! কাৰণটো যিয়েই নহওঁক, মই অকলে আছো… তেতিয়াৰপৰা। কিমান নো বয়স আছিল মোৰ_ সাত বা আঠ বছৰ! একেবাৰে নিজাকৈ এটা ৰূম, নিজৰ এখন বিচনা! ৰাতি যদি ভয় লাগে_ কিবা ক'লে না শুনিবলৈ কোনোবা, না নিচুঁকাই শুৱাবলৈ কোনোবা। তেনেদৰেই শুইছিলো! পুৱা উঠি কাৰোবাক ক'বলগীয়া হোৱা নাছিল ৰাতিৰ কথাটো, পাহৰি পেলাইছিলো। এতিয়া ভাবোঁ, মোৰ চাগে ভয়েই লগা নাছিল! লাগিলেও মই মোক কিবা কৰি নিচুকাই শুৱাই থ'ব পাৰিছিলোঁ। জানিছিলোঁ! তেতিয়াই…!

"অমুকটো মোক লাগিবই" বুলি আব্দাৰ ধৰিবও যে নিশিকিলো! নিশিকিলো কাৰোবাৰ মৰম মিহলি অনুশাসনৰ বিপৰীতে কিদৰে প্ৰতিক্ৰিয়া কৰিব লাগে, দুষ্টামি কৰি কিদৰে ল'ব লাগে আপোন মানুহৰ পৰা পোৱা সৰু সৰু শাস্তিবোৰৰ আমেজ! কৰিবলগীয়া বুলি ভাবি পোৱা, কৰিবলৈ কোৱা কামবোৰ কৰি গৈছিলো মাথোঁ|। আপত্তি কৰিবলগীয়া বুলি একো নাছিল। কোনোবাই কোনোবাই কেতিয়াবা কৈছিল "তাই ইম্মান মনে মনে থাকে! আছে বুলি গমেই পোৱা নাযায়! মনটোও মাৰি থাকে!" …হাঁহিছিলোঁ! নীৰৱে! হয়তো মোৰ অজানিতেই অভিমানী অভিমানবোৰে ক'ৰবাত ঘৰ সাজিছিল! তাহাঁতৰ কণমানি ঘৰটো!

এতিয়া ভাবোঁ, ক'ব বিচৰা কথাবোৰ যদি আমি নকওঁয়েই কোনোবাই কেনেকৈ বুজিব? কেনেকৈ শুনিব আমাক! সেয়ে ক'ব লাগে| ভাল পালে ভাল পাইছো, বেয়া পালে বেয়া; কষ্ট হৈছে যদি হৈছে, খং উঠিছে, ভোক লাগিছে … যিয়েই হওঁক মুঠতে ক'ব লাগে| একে সময়তে ইয়াকো ভাবোঁ, শুনিবলৈকো তো আগ্ৰহী কোনোবা থাকিব লাগিব! কাৰোবাৰ কথাবোৰ শুনিব পৰাটোও এটা 'কথাৰ কথা'। মোক যদি কোনোবাই কৈছে, মোক যদি কোনোবাই শুনিছে, সেইটো বৰ ডাঙৰ কথা! মোৰ ধাৰণা, কোৱা মানুহে দুখবোৰ বৈ নুফুৰে আৰু শুনা মানুহে দুখক কৈ নুফুৰে… লালন কৰে, নিজৰ মাজত।

ক'ব খুজিছিলো 'মগজুত' হেঁচা-ঠেলা কৰি থকা কথাটোৰ কথা।এইযে সৰু বৰ ঘটনাবোৰ ঘটি থাকে আমাৰ লগত! প্ৰতিটোৰে একোটা কাৰণ থাকে আৰু তাৰপৰা আমাৰ শিকিবলগীয়া থাকে। সেয়েহে সময়ে আমাক মুখামুখি হ'বলৈ দিয়ে তেনেবোৰ পৰিস্থিতিৰ সৈতে। আচলতে সময়ে আমাক গঢ় দিয়ে আমি সন্মুখীন হ'বলগীয়া কিবা এটালৈ, যাতে উচিত সময়ত তাৰ সৈতে মোকাবিলা কৰিব পাৰো! সেইটোকে নুবুজি আমি সময়ক দোষ দিওঁ, ভগৱানক গালি পাৰো। পোৱা-নোপোৱা, আক্ষেপ-অভিযোগ, খং, ক্ষোভ - অভিমান ...কথাবোৰে এতিয়া সেয়ে মোক দুখী নকৰে। নিজক বুজাই থ'ব পাৰো যে__ যিবোৰ মই নাপালো, সেইখিনিৰ বাবে মই যোগ্য নাছিলো। যি পালো বা পাম, সেইখিনিহে মোৰ প্ৰাপ্য। কষ্ট যদি হৈছে সেয়া মোৰ নিজৰেই ভুলৰ বাবে। আৰু যদি কিবা অলপ সন্তুষ্টি লভিছো, সেয়াও নিজে কৰি ভাল পোৱা সৰু সৰু কামবোৰৰ বাবে।

কেতিয়াবা কোনো কোনোৱে মোক কয়__ "জাননে, এই জীৱনটোৱেই মোৰ বাবে এটা দুৰ্ঘটনা! কিমান যে ভোগাইছে নহয়!" মই কওঁ_ ওহোঁ, কথাটো তেনেকুৱা নহয়। জীৱনটো এটা আলিবাট। ইমানো জানো সহজ যে একে কোবে দৌৰ মাৰি আলিবাটৰ সিটো মূৰ পাম! কেতিয়াবা উজুতি খামেই, আঠুৰ মাখিছাল এৰাব, তেজ বিৰিঙিব… সেইবুলি জানো ৰৈ দিম? এই খলাবমা বাটটোৱেই আমাক শিকাই কিদৰে খোজ কাঢ়িব লাগে!

ক’ৰবাত পঢ়িছিলো__ “আমি য'ৰপৰা যাত্ৰাৰ আৰম্ভণি কৰোঁ, ঘূৰি আহি শেষত সেই ঠাইতেই ৰওঁহি। যদি সেই ঠাই পোৱাহি নাই তেন্তে বুজিব লাগিব যে কৰিবলগীয়া আৰু কিছু কাম বাকী আছে।” হয়, প্ৰতিটো জীৱনৰে থাকে একো একোটা উদ্দেশ্য। মোৰো আছে চাগে! সেয়া সাধিবৰ বাবেই হয়তো সময়ে মোক গঢ়ি আছে। আৰু এনেদৰেই প্ৰতিটো দিনৰ সন্মুখীন হ'বলৈ মই সাজু হৈ থাকিব পৰা হৈ উঠিছো ক্ৰমান্বয়ে।

 

উপলব্ধিৰ শেষত...

মানুহে কেতিয়াবা পাগল হোৱাৰ অভিনয় কৰে, গোপন কোনো গভীৰ যন্ত্ৰণাৰপৰা আঁতৰি থাকিবৰ বাবে। ভাও ধৰে, লোকচক্ষুত যাতে সেয়া ধৰা পৰি নাযায়! ইও এক যন্ত্ৰণা! আত্মাই বৈ ফুৰা এই যন্ত্ৰণা, চকুবোৰ পঢ়িলে বিজুলীৰ চমকনিৰ দৰে যেন হঠাতে জিলিকি উঠে… খন্তেকলৈ! কোনখিনিয়ে বেছি পীড়া দিয়ে? পাগলৰ অভিনয় কৰা যন্ত্ৰণাই নে পাগলৰ অভিনয় কৰিবৰ বাবে ইন্ধন যোগোৱা যন্ত্ৰণাই? অভিনয়বোৰেই কেতিয়াবা সহজ! প্রতিজন মানুহেই জীৱনৰ কোনোবাখিনিত অকলশৰীয়া। কোনোবাই সেইখিনি নিজতে সামৰি থ’ব পাৰে, কোনোবাই নোৱাৰে। সেই নোৱাৰাজনক যেতিয়া সহজ অভিনয়ে কাবু কৰি পেলাই তেতিয়াই ভ্রম কিছুমানৰ আৰঁত অন্য এটা জীৱন আৰম্ভ হৈ যায়! আচলতে সৰহভাগ মানুহেই নিজৰপৰা নিজক নিলগাই থৈ, অচিনাকী মানুহ এজন হৈ প্ৰদৰ্শিত জীৱন একোটা যাপন কৰে, যিয়ে জীৱনটোক অহৰহ পীড়িত কৰি ৰাখে! যেতিয়া নিজক বিচাৰি হাহাকাৰ কৰে, তেতিয়াই নিজে সৃষ্টি কৰা কিছুমান ভ্ৰমৰ মাজত জীয়াই থকা জীৱনটোৰ পৰা মুক্তি বিচাৰে। আৰু হয়তো তেতিয়াই এবাৰ পিছলৈ উভতি চায়! শৈশৱে আহি আমনি কৰে! কি কৰিব লাগিছিল, কি নকৰিলো আদি কথাবোৰে আহি আমনি কৰে। ভাব হয়, জীৱনটো পোৱাৰ দিনৰপৰাই মানুহে ইয়াক হেৰুৱাবলৈ আৰম্ভ কৰে!! যেতিয়া হেৰুৱাই পেলালে বুলি উপলব্ধি হয় তেতিয়া আৰু নতুনকৈ আৰম্ভ কৰিবলৈ বুলি একো নাথাকে। উপায়?

মোৰ বাবে উপায় টো সহজ! প্রতিটো দিনেই একো একোটা নতুন জীৱন। প্রতিটো দিনেই জীয়াব লাগে আনন্দ মনেৰে। ভাল কিবা এটা হোৱালৈ অপেক্ষা কৰি হা-হুমুনিয়াহ পেলাই থকাটো অর্থহীন। জীৱনটো যেনেদৰে পাইছো তেনেদৰেই গ্রহণ কৰিব লাগে, সহজভাৱে। সাগৰৰ ঢৌবোৰৰ বাবেই সাগৰ ধুনীয়া। আমাৰ জীৱনটোও একেই। উঠা নমাবোৰ আছে বাবেই জীৱনটো জীৱনৰ দৰে হয়। অন্যথা একঘেমীয়া জীৱনটো যন্ত্রৰ দৰে। অভিজ্ঞতাৰপৰা শিকিব লাগে আৰু বাস্তৱত তাক প্রয়োগো কৰিব লাগে। দুখ দুখ বুলি দুখ কৰি নাথাকি জীৱনক সুখী কৰিবলৈ চেষ্টা কৰিব লাগে। সুখ, বিচাৰি ফুৰা বস্তু নহয়, জীৱনৰ বাটত আগুৱাই যাওঁতে যিবোৰ কামে আমাৰ লগতে আমাৰ জীৱনৰ স’তে সাঙুৰ খাই থকা মানুহৰ মুখত হাঁহি বিৰিঙাইছে সেই ভাল লগা অনুভৱকণেই সুখ। কোনো স্বার্থ নথকাকৈ, কাৰোৰে অনিষ্ট নকৰাকৈ যদি আমি অইন কাৰোবাৰ বাবে প্রয়োজনীয় হ’ব পাৰিছো সেইয়াও সুখ। বিচাৰিলেই পোৱা বস্তুবোৰৰ প্রতি আমাৰ আগ্রহ নাথাকে, তাৰ মূল্যটোও আমি বুজি নাপাওঁ। অকণমান অপেক্ষাই পোৱাখিনিক বেছি ধুনীয়া কৰি তুলে। নিজে নোপোৱাখিনিৰ বাবে আনক দোষাৰোপ কৰিব নালাগে। ভুলে দোষে নিজে নিজক স্বীকাৰ কৰি ল’ব পৰাতেই সুখ। খুউব বেছি মোহ ও ভাল নহয়, সময়ত ত্যাগ কৰিব পৰাটোও এক ধৰণৰ সুখ। কিছুমান বস্তু আমি হেৰুৱাবলৈকে পাওঁ! আৰু নতুন কিবা এটা পাবলৈকে কিছুমান বস্তু হেৰুৱাও! কোনো বিশেষ ব্যক্তিয়ে কৈ গৈছে__ “জীৱনত যদি “কিয়” বিচাৰি পাওঁ, তেতিয়া বিচাৰি পাম জীৱনত কেনেকৈ জীয়াই থাকিম।” সেইটোৱেই কথা। জীৱনক উদ্দেশ্য এটা দিব পৰাতেই জীৱনৰ সার্থকতা।

বাকী সুখ দুখ, প্রাপ্তি অপ্রাপ্তি আদি অনুভূতিবোৰ খন্তেকীয়া। এইটোও সঁচা সেইবোৰক আমি একেবাৰে উপেক্ষা কৰিবও নোৱাৰো। সেইবোৰৰ স’তে আমি কেনেদৰে সহাৱস্থান কৰিম সেইটো আমাৰ ওপৰতেই নির্ভৰশীল। কিছুমান অনুভূতি ম্লান হৈ যায়, একেবাৰে মচ খাই নাযায়। সেইজনেই সুখী মানুহ, যাক এনে অনুভূতিবোৰে গিলি পেলাব নোৱাৰে; যি এই অনুভূতিবোৰৰ বৃত্তৰ বাহিৰত বিচৰণ কৰিবলৈ শিকি গৈছে! জীৱনটো তেনেই সহজ। আমিহে ইয়াক অর্নথক কথাৰে জটিল কৰি পেলাওঁ। 

আমাৰ প্রত্যেকৰে মাজত এটি এটি শিশু মনে মনে লুকাই থাকে। সেই শিশুটিক মৰিবলৈ দিব নালাগে। মাজে মাজে তাৰ স’তে ওমলিব লাগে। সি একো নাজানে__ হিংসা, কপট, স্বার্থ, অহংকাৰ... এইবোৰৰপৰা মুক্ত সি! সি মাথোঁ আঘাট পালে কান্দিব জানে, স্ফূর্তিত হাঁহিব জানে। আৰু এইযে গানবোৰ! গানবোৰ বুজি নাপালেও ভাষাৰ উর্দ্ধত সুৰটোৱে আমাক সুখী কৰে নহয়নে? মাজে মাজে শিশু হওক, মাজে মাজে সুৰবোৰৰ মাজত হেৰাই যাওক। জীৱনটো খুবেই ধুনীয়া, ধুনীয়া হৈ ৰওক... জীৱনলৈ!

 

Post a Comment

0 Comments