বনচাই জীৱন আৰু জিলেলে ব’হাগ


আলোচনী এখনৰ পাত লুটিয়াই লুটিয়াই এনেয়ে বিছনাতে বাগৰি আছিলো। চিলমিলকৈ টোপনি এটাই লাহে লাহে চকুৰ পতা গধূৰ কৰি আনিছিল। হঠাতে শুনিলো... কুঁউউউ... ! গছ-বন নোহোৱা এই ঠাই! মই কাণ উনাই ৰ’লো। দুপৰীয়াৰ নির্জনতাখিনিক থেলি আকৌ ভাঁহি আহিল... কুঁউউউ...! আসঃ! কুলিৰ মাত! ব’হাগ আহিল তাৰমানে!

কলেজলৈ অহা-যোৱা কৰোতে দোকানে-পোহাৰে, গাড়ীয়ে-মটৰে বিহুৰ নামত কিবাকিবি গানবোৰ শুনি আছো যদিও কুলিৰ মাতটোৱে যেন কৈ গ’ল ব’হাগ সঁচাকৈ আহিল! আমনি লগা চ’তৰ শুকান শুকান  উদাস, ৰিঙা দুপৰীয়াবোৰ শেষ হ’বৰ হ’ল। লঠঙা গছ, শুকান পাত আৰু ধূলিবোৰ__ এইবোৰ একোকে ভাল নালাগে! তাতোকৈ ভাল নালাগে ব’হাগ! ঢোলৰ গুমগুমনিয়ে ৰাংঢালী কৰি নোতোলে মোক! মাত্র ভাল লাগে দুপৰ ৰাতি দুৰণিৰপৰা ভাঁহি অহা বাঁহীৰ মাত। ৰেপি ৰেপি কাটে যি বুকুৰ দুঃখ!

এনেকুৱা এটা ব’হাগৰ দিনতে সি হেৰাইছিল। অৱশ্যে সি মোৰ নাছিল। জানিছিলো। কিন্তু মানি লোৱা নাছিলো। অধিকাৰৰ দাবীও কৰা নাছিলো। কিন্তু মোক অধিকাৰ কৰি সিয়েই আছিল; যি টো কথা সি নুসুধিলে, ময়ো নক’লো। ক’লেও মানি লোৱাৰ অৱকাশ নাছিল, গতিকে কোৱাৰ প্রয়োজনবোধ কৰা নাছিলো

গুচি যোৱাবোৰ তেনেকৈয়ে গুচি যায়! সিও কাৰোবাৰ নাকৰ তলত, বাওঁফালে ওঁঠৰ ওপৰত থকা  তিল এটাৰ পিছে পিছে গুচি গ’ল। টনা টনা গভীৰ চকু এযুৰি বিচাৰি সি হেৰাই থাকিল! নাই, এবাৰো উভতি নাচালে সি!

সি যোৱাৰ পিচৰেপৰা, কোনো মানসিক প্রস্তুতি নোহোৱাকৈয়ে বিনা বাক্যে মা-দেউতাৰ কথা শুনি মেখেলা-চাদৰ এযোৰ পিন্ধি আলহীক চাহ-তামোল দিছিলো। আলহীবোৰ আহিছিল... এবাৰ, দুবাৰ... বহুবাৰ! ময়ো টি ভিত দেখুওৱা বিজ্ঞাপনবোৰৰ দৰে মুখত এমোকোৰা হাঁহি লৈ আলহীৰ আগত ওলাইছিলো। 

এইয়া চাওঁক__ মই! মই এনেকৈ হাঁহো, মই এনেকৈ লাজ কৰো, মোৰ শিক্ষাগত অর্হতা ইমান... দেহাটো তো দেখিলেই...পচন্দ হৈছে নে?

হয়তো আলহীৰ চাহিদা পূৰণ কৰিব পৰাকৈ মোৰ বহুত কিবাকিবি নাছিল! ঘৰলৈ গৈ চাহ-তামোল খোৱা আলহীবোৰে হয়তো দগা পাল্লাত জুখিছিল কিবাকিবি! আৰু মোৰ পাল্লাখনে তেওঁলোকৰ দগা কেইটাৰ ওজনক দাঙিব নোৱাৰি ওপৰত ওলমি ৰৈছিল ফটা পেলনীয়া পলিথিনৰ দৰে! গুণগুণনিৰ দৰে ফুচফুচাই ব’লা বতাহে ফটা পলিথিনটোক আৰু বেছিকৈ ফালিছিল। যিবোৰ আলহীয়ে যৌতুকৰ দাবী কৰিছিল সেইকেইটা ‘অফাৰ’ ময়েই নাকচ কৰিছিলো। লাহে লাহে আলহীবোৰ নহা হৈছিল। হৃদয়ৰ বিজ্ঞাপন জানো দিব পাৰি কাৰোবাৰ আগত! আলহীবোৰ নহা হৈছিল যদিও বতাহত ফুচফুচনিবোৰ শেষ হোৱা নাছিল! এম এ পাছ কৰি ঘৰত বহি থকা গাভৰু ছোৱালীজনীলৈ অহেতুক দৰদ উথলি উঠিছিল বহুতৰে__ দেহি ঐ! কি বা খেলিমেলি আছে!!

...আৰু এদিন কলেজৰ চাকৰিটো পায় গুচি আহিলো কংক্রীটৰ চহৰলৈ। গুৱাহাটীলৈ। সকাহ পাইছিলো।  প্রথমে মা’ই আপত্তি কৰিছিল।

: ইমান দূৰত অকলে থাকিবি!

: তোমাৰ ছোৱালী এতিয়া সৰু হৈ থকা নাই। চুকৰ ভেকুলী হৈ ঘৰৰ ভিতৰত সোমাই থাকিবলৈ তাইক পঢ়ুৱাইছিলা জানো? মোৰ বিশ্বাস, পাৰিব তাই। ____দেউতাৰ কথাই সাহসী কৰিছিল। হয়তো দেউতাই বুজিছিল মোৰ মনটোক।

গুৱাহাটীত আৰম্ভ হৈছিল মোৰ জীৱন! চাৰিখন পকীবেৰৰ মাজত! চাৰিওফালে ওখ ওখ অট্টালিকা। ধুলি ধোঁৱাৰ প্রকোপত ৰাতিৰ আকাশত তৰা নেদেখি। ফ্লেট্ নামৰ বাকচবোৰত মানুহবোৰ আৱদ্ধ! কোনেও নিচিনে কাকো। কিয় জানো মোৰ ভাৱ হয় এই ফ্লেটত থকা মানুহবোৰ যেন বনচাই কৰা গছ পুলিবোৰৰ দৰে! আৰম্ভণিতে ভাবিছিলো কিয় যে আহিলো! লাহে লাহে চিনাকী হৈ পৰিলো চহৰ খনৰ সৈতে। অভ্যস্ত হৈ পৰিলো চহৰৰ দৈনন্দিন জীৱন যাত্রাত! ময়ো হৈ পৰিলো বনচাই কৰা গছ পুলি এটা!

মাজতে ভণ্টিৰ বিয়া হৈ গ’ল নিজৰ পচন্দৰ দৰাৰ সৈতে। কেতিয়াবা ভাইটি আহে। দুদিনমান থাকি যায়কলেজ বন্ধ থাকিলে গুচি যাওঁ যেনিয়েই মন যায়। নাজানো কি বিচাৰি ফুৰো। ভিৰৰ মাজত হেৰুৱাও নিজক! ... আচলতে আমি তাতেই থাকো য’ত আমাক এৰি থৈ যায়। কি বিচাৰি ফুৰিছো নজনাকৈয়ে হেৰুৱাখিনিকে বিচাৰি ফুৰে মনে। হেৰুৱাবোৰ বিচাৰি বিচাৰি নিজকো ক’ৰবাত হেৰুৱাই পেলোৱাৰ বাসনা জাগে!

দুপৰ নিশা কেতিয়াবা টোপনি নাহে। খিৰিকীখন মেলি দিওঁ। অজগৰ এটাৰ দৰে পৰি থাকে ৰাস্তাটো। ৰাস্তাই দি কোনোবা এজন গৈ থাকে। ভাৱ হয় তেওঁ নো দুপৰ নিশা ৰাস্তাত কি বিচাৰি ফুৰিছে? এৰা! প্রত্যেকেই যেন হেৰুৱাইছে কাৰোবাক। প্রতিজন মানুহেই অকলশৰীয়া। দুপৰ নিশা হৈ পৰিছে নিঃসংগ। হয়তো নিশা যিমানেই গভীৰ হয় মানুহো সিমানেই বেছি নিঃসংগ হৈ পৰে। আৰু হয়তো সেয়ে আমি সূর্যোদয়ৰ সপোন দেখো, অপেক্ষা কৰো পুৱালৈ!

....................................................

বৰ বেছি দৰকাৰ নহ’লে ঘৰলৈ অহা নহয়। প্রায় প্রতি দিনেই ম’বাইলত কথা পাতি মা-দেউতাৰ খৱৰ-বাতৰি লৈ থাকো। ছুটিকেইটা সাঁচি থওঁ বিহুলৈ বুলি। তেতিয়া দুদিনমান বেছিকৈ থাকিব পাৰো ঘৰত। এইবাৰো আহিছো ১০ দিনৰ বাবে। প্রতিবাৰেই ফুলা কপৌ কেইজোপা এইবাৰো ফুলিছে বাৰীৰ তামোল কেইজোপাত। পদূলিমুখৰ তগৰজোপাও ফুলি বগা হৈ আছে।

ঘৰত চাৰিদিন থাকি আইতাৰ ওচৰলৈ ঢাপলি মেলিলো। অন্য দিনা নহ’লেও ব’হাগৰ বিহুটোত আইতাৰ ওচৰলৈ নোযোৱাকৈ নাথাকো মই। দুদিন থাকি আহোঁ।

আইতা__ মোৰ মা’ৰ মা। আশী বছৰীয়া। বগলীৰ পাখিৰ দৰে বগা চুলিৰ। যাৰ স’তে উমলি-জামলি পাৰ হ’ল মোৰ শৈশৱ। আগৰবাৰ আহোঁতে দুটামান দাঁত বাকী আছিলগৈ। এইবাৰ এটাও নাই। চাৰিটা পুতেকৰ দুটা ইঞ্জিনিয়াৰ হ’ল, এটা ডাক্টৰ। তিনিওটা নিজা পৰিয়ালৰ স’তে অসমৰ বাহিৰত থাকে। মাহী দুজনী ওচৰৰ গাওঁলৈকে বিয়া হৈছে। আইতা থাকে সৰু মামা-মামীৰ সৈতে। মই আইতাৰ ডাঙৰ জী’ৰ ডাঙৰ নাতিনীয়েক। বৰ আলাসৰ। আইতায়ো মোলৈ বাট চাই থাকে। আমাৰ ঘৰৰপৰা মামাৰ ঘৰলৈ বেছি দূৰ নহয়। দুই ঘন্টাৰ বাট।

দুই মান বজাতে পালোহি আইতাৰ ঘৰ। মামা নাছিল। মামীয়ে চাহ-জলপান-বিহুৰ পিঠা খোৱালে। বিহু বুলিয়েই সৰুকৈ হ’লেও কিবা এটা লৈ আহোঁ আটাইলৈকে। আইতাই পিছে সেৱা কৰিব নিদিয়ে। আগবঢ়াই দিয়া পেকেটটো কেতিয়াও খুলি নাচায়। সদায় আপত্তি কৰে “তই প্রতিবাৰেই এই টোপোলাবোৰ কিয় দিয়’ ” বুলি!

চাহ-জলপান খায় আইতাৰ স’তে বাৰণ্ডাত পাটি এখন পাৰি বহিলো। কথা পাতিবলৈ লগ নোহোৱা আইতাই বৰ ভাল পায় লগ এটা পালে। কাণেৰেও কম শুনে আজিকালি। ধেমালি কৰাৰ মানসেৰে আইতাক সুধিলো__

: কোৱাচোন আইতা, ককাক তুমি বিয়াৰ আগতে ক’ত লগ পাইছিলা?

: সেই এইজনী, কি কথা কৱ! বিয়াৰ দিনাখনলৈকে তোৰ ককাৰ মুখখনকে দেখা নাছিলো। মোৰ আই-পিতায়ে ঠিক কৰিছিল তোৰ ককাক। এহাত দীঘল ওৰণি লৈ যিদিনা ককাৰ ঘৰলৈ আহিছিলো, ভয়তে অণ্ঠ-কণ্ঠ শুকাই আহিছিল মোৰ। কেনেকুৱা বা হয় মানুহজন! পিছত লাহে লাহে তোৰ ককাৰ আদৰত সেই ভয় নোহোৱা হৈছিল।

কথাবোৰ কওঁতে আইতাৰ সোঁতোৰা পৰা মুখখন কিবা এক উজ্বলতাত ৰঙা পৰিছিল! মই ৰ’ লাগি চাই ৰৈছিলো আইতাৰ মুখলৈ।

: বাৰু আইতা, তুমি ককাক ভাল পাইছিলা নে?

: এইজনীক আজি কিহে পালে হয়নে? তোৰ ককাৰ হাড়ত বন গজিল। মোৰো যাবলৈ বেছি সময় নাই। কণা ভগৱানে কিয় জানো মোক লৈ যোৱা নাই এতিয়াও! মোৰ মৰিবৰ সময়ত তই নো এইখন কি কথা সুধি আছ’?

: ইচ্ আইতা! তুমিনো মোলৈ কিয় লাজ কৰিছা? কোৱাচোন তুমি ককাক ভাল পাইছিলা নে নাই?

কিবা অলপ ভাবি আইতা মনে মনে ৰ’ল। খুন্দনাত তামোল খুন্দি থকা হাতখনো ক্ষন্তেক ৰৈ গ’ল। তাৰ পিছত হাঁহি এটা মাৰি ক’লে__

: আইজনী ঔ, আজিৰ যুগত তহঁতৰ বাবে ভালপোৱা কি নাজানো! আমিবোৰে তাহাঁনিৰ দিনত তহঁতৰ দৰে বিয়াৰ আগতে কাৰোবাক ভাল পোৱাৰ প্রশ্নই নুঠে। মোৰ দৰেই বহুতৰে বিয়াৰ পিছতহে নিজৰ মানুহজনৰ মুখখন দেখাৰ সৌভাগ্য হয়। অৱশ্যে বিহুৰ বা লাগি কাৰোবাৰ কোনোবাৰ লগত হিয়া মিলিলে বিহু গাবলৈ যোৱাৰ চলেৰে এজনী দুজনী নাচনী ঘৰলৈ উভতি নহাৰ লেখ নথকা নহয়। সেইয়াই চাগৈ পিৰিতি বুজিছ’।

আইতাৰ কথাত দুয়োজনীয়ে হাঁহিলো। আইতাই খুন্দনাৰপৰা তামোল অকণ লৈ মুখত ভৰাই ল’লে।

: আৰু তোমাৰ পিৰিতি?

: তোৰ ককা? ভাল নোপোৱাকৈয়ে জানো সাতোটাকৈ ল’-ছোৱালীৰ মাক হ’লো মই? তেতিয়া এতিয়াৰ দৰে একক পৰিয়াল নাছিল। ১৫-২০ টা মানুহলৈ ভাত ৰান্ধিব লাগে। খেতি-পথাৰ, হাঁহ-পাৰ’, গৰু-ছাগলী আটাইবোৰ চাব লগা হৈছিল। তোৰ ককাক খুউব কম সময় অকলশৰীয়াকৈ পাইছিলো। তই তো দেখিছিলিয়েই তোৰ ককাক; জীয়াই থকালৈকে ৰাইজৰ কাম, ৰাইজৰ কাম বুলিয়েই চিঞৰি থাকিল। নিজৰ মানুহজনীক দিবলৈ বৰকৈ সময় নাপাইছিল যদিও তেওঁ মোক মৰমেৰে আৱৰি ৰাখিছিল। তেওঁৰ কথাত, কামত সকলোতে মোৰ বিশ্বাস আছিল সেইবোৰ ভাল বুলি। নিজৰ ল’-ছোৱালীকেইটাকো তেওঁ গঢ়ি থৈ গ’ল নিজৰ আদর্শেৰে। তেওঁক সমীহ কৰিছিলো। তেওঁক, তেওঁৰ কামক, তেওঁৰ আদর্শক শ্রদ্ধা কৰিছিলো বহুত। আৰু য’ত বিশ্বাস থাকে, শ্রদ্ধা থাকে তাত জানো ভালপোৱা নথকাকৈ পাৰে আইজনী?

এটা শ্রেণীও নপঢ়া আইতাৰ মুখত এনেকুৱা কথাবোৰ শুনি আচৰিত হ’লো।

: বাহঃ আইতা! তুমি আজি ইমান ধুনু ধুনু কথা কৈছা! আৰু কোৱাচোন। তোমালোকৰ দিনৰ কথা। বিহুৰ কথা।

: আমাৰ বিহু হৈছিল গছৰ তলত। তহঁতৰ বিহু হয় মঞ্চৰ ওপৰত, চকু চাট্ মৰা লাইটৰ পোহৰত, জেঠৰ মাহ শেষ নোহোৱালৈকে! কি নো কৰিবি। তহঁতৰো দোষ নাই। সময় সলনি হৈছে। আমাৰ ঠাইতে তহঁতিও ৰৈ গ’লে তো নহ’ব। তথাপিও বাপতি সাহোন বিহুটোৰ প্রতি জানো তহঁতৰো দায়বদ্ধতা অকণ নাই? সেই সৰু মইনাই ভেঁ পোঁ টোত যে বিহু গান বজায় কেতিয়াবা__ লাডেন আছিল পলাই, পকা পকা বিলাহী চুপি চুপি খায়, জিলেলে জিলেলে...! এইবোৰ বাৰু কি বিহু ক’চোন? সেই মৰণ নোহোৱা লাডেন টোক নো কেলেই বাৰু বিহুৰ মাজলৈ আনিব লাগে? সংসাৰখনত আৰু মানুহ বিচাৰি নাপালে?

হুমুনিয়াহ এটা এৰি দূৰলৈ চাই পঠিয়ালে আইতাই।

: বুজিছ’ আইজনী। কেৱল তহঁতৰ দোষ নহয়। দোষ আমাৰ ডাঙৰৰবোৰৰ। আমাৰ সংস্কৃতিৰ প্রতি, নিজৰ ভাষা, ৰীতি-নীতি, নিজৰ বস্তুৰ প্রতি নতুন চামৰ ধাউতি জগাব পৰা নাই আমি। ভাল-বেয়াবোৰো কোনেও আঙুলিয়াই দেখুওৱা নাই। বাট নিচিনি বতাহ যিফালেই ব’লিছে, উঠি অহা এচাম সেইফালেই গুচি গৈছে। মাত্র এই বিহু গানবোৰ বুলিয়েই নহয়! বিহুৰ লগত জড়িত আচাৰ-নীতিবোৰ নো নতুন চামে কিমান জানে? কিমান মানে? সেইবোৰৰ সৈতে তাহাঁতক চিনাকীয়েই বা কোনে কৰি দিছে! মুষ্টিমেয় এখিনি মানুহৰ মাজত, যাক তহঁতি গাৱলীয়া বুলি কৱ সেইখিনি মানুহৰ মাজতেই চাগৈ বিহুবোৰ অলপ অলপ জীয়াই আছেগৈ। দীঘলতি, মাখিয়তি, তৰাৰ পঘা, ... কিমানেই বা চিনি পাই চাগৈ! নিজৰ পিতৃ-মাতৃ, গুৰু, জ্যেষ্ঠজনক সেৱা কৰি আর্শীবাদ লোৱাৰ কথা ক’ৰবাতে থাকিল! বাহিৰত থকা মোৰ নাতি-পুতিয়ে নোসুধিলেই হ’ল “গৰু কি বস্তু আইতা?” বুলি!

আইতাৰ কথাত হাঁহিলো যদিও মনে মনে ভাবিলো। হয় আইতা। সেই বিহু আৰু এতিয়া নাই। বিহু এতিয়া বিকৃত। এচামৰ বাবে টকা ঘটাৰ মাধ্যম। সস্তীয়া জনপ্রিয়তাৰ ভোক সবৰে। পুৱতি নিশালৈকে মঞ্চত বিশিষ্ট ক’লা কুশলীয়ে বিহু গান(!) গাব। তেওঁলোকৰ গীতৰ সুৰে সুৰে মুখত মদৰ গোন্ধ লৈ এসোপাই বান্দৰৰ দৰে জপিয়াই জপিয়াই বিভিন্ন ভংগীমাত নাচিব।

মই মনে মনে থকা দেখি আইতাই ক’লে__

: কি চিন্তা কৰিলি? তই আজিকালি কেলেই মনটো মাৰি থাক’?

: ক’তনো মন মাৰি থকা দেখিলা মোক? মইতো তোমাৰ দৰেই ৰাংঢালী। এইবাৰ বিহুত তোমাৰ সৈতে এপাক নাচিম বুলিয়েই আহিছো।

: হ’ব আই, মিছা মাতিব নালাগে। এই বুঢ়ীয়ে চকুৰে কম দেখিব পাৰে, কিন্তু মিছা কথা সাৰি নাযায় থিক জানিবি। আইজনী ঔ বিচাৰিলেই সব বস্তু নাপায়। কিছুমান বস্তু নিজৰ বুলি ভবাটোও ভুল। আনৰ ভালৰ বাবেও নিজৰ বহুত ভাল লগা বস্তু ত্যাগ কৰিব লগা হয়। সেইয়াও এক সন্তুষ্টি! তহঁতি যিমানেই আধুনিক নহৱ কিয়, সমাজৰ কিছুমান নিয়মক কেতিয়াও অৱহেলা কৰিব নোৱাৰ’। সেইকণ সুবিধা সমাজে নিদিয়ে তোক। সমাজক এৰি তয়ো অকলশৰীয়া জীৱন এটা কটাব পাৰিম বুলি নাভাবিবি। ইমান সহজ নহয়। তহঁতি লিখা-পঢ়া কৰিছ’। দহো দেশ ভ্রমিছ’। কথাবোৰ জান’, বুজি পাৱ’। আমি তো অ-ফলা, ক-ফলা ও নজনা মানুহ।

আইতাৰ চকুৰে যে মোৰ মনৰ ভিতৰখন ইমান ফটফটীয়াকৈ পঢ়ি পেলাব পাৰিব ভবাই নাছিলো। মই মৌন হৈ ৰ’লো।

: সেই যে আমাৰ নৰেন! চিনি পাইছিলি নহয়? ভাল পায়েই আনিছিল ৰেৱতীক। দুবছৰ আগতে এক্সিদেণ্ট এটা হৈ সি ভৰি এখন হেৰুৱালে। তাৰ এবছৰৰ পিছতে তাই নিজৰ পৈয়েক টোক, ল’-ছোৱালী দুটাক এৰি কোনোবা ডেকা এটালৈ পলাই গ’ল। এতিয়া হেনো চহৰত থাকে! কি পাখৰী তিৰোতা চাচোন! তয়ে ক’চোন এইয়াই নেকি আজিৰ আধুনিকতা? তায়ো তো লিখা-পঢ়া কৰা ছোৱালী আছিল! কেনেকুৱা গছত গৰু উঠা কাণ্ড এইবোৰ! নিজৰ পেটৰ পোৱালিকেইটালৈকো মায়া নালাগিল নে তাইৰ?

আইতাৰ মুখলৈ চাই মোৰ মুখৰ মাত সৰিল। আমি যেন মাত্র নিজকে শিক্ষিত বুলি আনৰ আগত জহাবলৈ কাগজৰ চার্টিফিকেটবোৰ গোটাইছো। আমাৰ কর্ম-কাণ্ডই, বিচাৰ-বিবেচনাবোৰে সোঁৱৰাই দিয়ে যে জীৱনৰ অভিজ্ঞতাৰে পুষ্ট এই আইতাজনী আমাতকৈ বেছি শিক্ষিত! আইতাক নো কি বুলি কওঁ তাকে ভাবি থাকিলো। সুধিবলৈ মন গ’ল আইতাক “হোমৰ জুয়ে আচলতে কাক আপোন কৰি লয় আইতা? কাৰোবাৰ মনটোক, হৃদয়খনক? নে শৰীৰটোক?”

অলপ অলপ আন্ধাৰ হৈছিল। নঙলামুখেদি কোনোবা এটা সোমাই আহিল চিঞৰি চিঞৰি__ “জিলেলে জিলেলে অ’ জিলেলে জিলেলে, যাবগৈ লাগিব মই অৰুণাচললে... ঠাইতে ওখ ঠাইতে চাপৰ, নোৱাৰো মই ব’গাব, বান্দৰ বিড়ি এটি জ্বলাই বেগাই যাব লাগিব, তেতিয়াহে তোমাক লগ তেতিয়াহে তোমাক লগ পাম....”

সেইয়া সৰু মইনা। সৰু মামাৰ ল’ৰাটো। ক্লাচ এইট পাইছে এইবাৰ। মোক আইতাৰ লগত দেখি সি “মামু বা, কেতিয়া আহিলা” বুলি কৈয়েই লাজতে ভিতৰলৈ দৌৰিলে। আমি আইতা আৰু নাতিনীয়ে তাৰ অৱস্থাটো দেখি খুউব হাঁহিলো।

আইতাই তাক চিঞৰিলে__ অই সৰু মইনা, অৰুণাচললৈ পিছে পৰেও যাব পাৰিবি। বাৰীৰপৰা কণবিলাহী কেইটামান চিঙি আনি মাৰক দে। মামু বা আহিছে নহয়। দেউতাৰে পুখুৰীৰ মাছ ধৰি থৈছে। মাৰক তাকে ৰান্ধিবলৈ ক’।

: শুনিলি তাৰ বিহু! আমাৰ বিহু আছিল__ “আলিটি কাটিলো চেপাটি পাতিলো মাগুৰ মাছ এহালি পালো, নিজেও নাখালো আনকো নিদিলো তোমালৈ এ বুলি থলো” আৰু এতিয়া গোটেইখন পকা বিলাহীৰ জিলেলে!

আইতাৰ কথাত বহু দিনৰ পিচত মই মন খুলি হাঁহিলো।

: বাহঃ! আইতা আৰু এফাকি গোৱাচোন। ময়ো মনত পেলাই গাম। জিলেলে বিহুটো কিন্তু সৰু মাইনাৰ মুখত শুনি ভালেই লাগিল আইতা।

: হেঃ হেঃ হেঃ... লাগিবই তো! তাৰ মুখত শুনি শুনি মোৰো মনত ৰৈ গৈছে সেইটো। __ আইতাই সোলা হাঁহি এটা মাৰিলে!

: “তোমাক চায়ে চায়ে চকুযুৰি বিষালে, ঠিয় হৈ বিষালে ভৰি; নৈৰে ঘাটতে এৰি থৈ আহিলা, এথানি এবানি কৰি।” __ হৈছে নে আইতা?

: হৈছে হৈছে। “খুটিতে পৰিলে জিঁঞা ঐ নাচনী, খুটিতে পৰিলে জিঁঞা; কঁকাল ঘূৰাই ঘূৰাই নাচ ঐ নাচনী, অহাটো ব’হাগত বিয়া।”

: “ঢোলে ভালে কৰি বাবি ঐ ঢুলীয়া, ঢোলে ভালে কৰি বাবি; বৰকৈ নাবাবি খৰকৈ নাবাবি, নাচনীৰ চেওতে বাবি।” __ হাঃ হাঃ আইতা, আৰু এটা।

: “দিহিঙৰ এবুকু পানী ঐ চেনাইধন, দিচাঙৰ এবুকু পানী; সূতা পকোৱাদি পকাই পকাই সুধিলে, ক’বা জানো মনৰ কথা খুলি।” __ তই উত্তৰ দে এতিয়া।

: “এ হাদৈ পানীতে নামিছা, এ হয়কলি কলহটি ভৰাইছা; এ বুলবুলি পকনীয়া দেখিছা, এ সোণজনী বুকুখন ফালি লৈ চোৱা।”

: বাহঃ আইজনী! তয়ো বহুত জান’ দেখোন!

: তোমাৰ মুখতেই শুনিছিলো আক’ সৰুতে।

: থ’ থ’! ইমান দিনলৈ সেইবোৰ তই মনত থোৱা নাই!

: হ’ব দিয়া তেন্তে, মই বেলেগৰ পৰাই শিকিছো বাৰু। আৰু এফাকি গোৱাচোন।

: “এপৰ দুপৰ কৰি নিশা পাৰে হ’ব, আমাৰ বিহুত আমনি নাই; ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াই, আমাৰ বিহু ভাঙোতা নাই।”

: “নল কাটি বনালো পেঁপাৰে চুপহি, শিং কাটি বনালো খোলা; তোমাক ঐ লাহৰী ব’হাগতে আনিম মই, সজাইছো সোণৰে দোলা।”__ হাঃ হাঃ হাঃ... আইতা মোৰ এই ফাকি নিমিলিল। আৰু নাজানো দেই।

: হ’ব হ’ব দে, মোৰো ভাগৰ লাগিল।

বিহু গাই গাই পাৰে মানে হাঁহিলো। এটা যুগৰ পিচত যেন এনেকৈ হাঁহিলো মই!

হাঁহি থাকোতেই ম’বাইলটো বাজিল টুং টাং কৈ। খুলি চালো, মাজু মামাই হোৱাটচ্ এপত ফটো পঠিয়াইছে__ ল’ৰাটোৱে মূৰত গামোচা মাৰিছে, ছোৱালীজনীক মেখেলা-চাদৰ এযোৰ পিন্ধাই থৈছে। দুকাষে মামা আৰু মামী। তলত লিখি দিছে__ How is your bihu? We wish you and your family a very happy bihu!

মই আইতাৰ ফটো এখন ল’লো ম’বাইলত। সোলা মুখত শিশুৰ দৰে সৰল হাঁহি। কোৱাৰিয়েদি তামোলৰ পিক্ বৈ গৈ ওঁঠকেইটা ৰঙা হৈ আছে। অভিজ্ঞতাৰে উজ্জ্বল মুখ। মামালৈ ফটোখন পঠিয়াই দিলো। লিখিলো__ “চোৱা মামা, এইয়া মোৰ বিহুৰ নাচনী। She is still in her 20’s! Younger than me and more educated than you! তোমাৰ তো এইবাৰো সময় নহ’ল ঘৰলৈ আহিবলৈ, নহয়জানো?”

জানো, ৰিপ্লাই সোনকালে নাহে। ম’বাইলটো চুইটচ্ অফ কৰি থ’লো। আইতাৰ মুখলৈ চালো। এৰা! আইতায়ো হেৰুৱাইছে বহুত কিবাকিবি! ঠিক কৰিলো কাইলৈৰপৰা নিজক বিচাৰিম। কেৱল নিজৰ বাবে জীয়াই থকাটোক তো জীৱন নোবোলে! কথাটো ভাবি বুকুখন পাতল পাতল লাগিল। ব’হাগলৈ মৰম লাগি গ’ল! মনটোৱে যেন গুণগুণালে... জিলেলে জিলেলে! ভুল কৰি ধৰা পৰিলে মুখত ফুটি উঠাৰ দৰে দুষ্ট হাঁহি এটা বিৰিঙিল মোৰ মুখতো...বহু দিনৰ পিছত!

 

@কেন্দ্রীয় ৰঙালী বিহু_সোণালী জয়ন্তী বর্ষ_"গেজেং ফুল"_ব'হাগ'-২০১৫

 

 


Post a Comment

0 Comments