চকুলো






দুপৰ ৰাতিৰ কেতেকী জনী

মই কেতেকী… মই কেতেকী…

কাৰ বুকুৱে নো কাণপাতি শুনে!

কত বাৰ ক'লোঁ বতাহক

ভায়'লিন খনে আজিও উচুপে!




নুপূৰ সোলোকাই বতাহে ক'লে,

দুৰণিৰ ক'ৰবাত

কাজল-দুচকুৰ মায়াসনা এন্ধাৰত

বকুল ফুলিছে আজি

এপাহি দুপাহি!




বুকুত নিয়ৰ সৰা পৰতে

শেৱালিও সৰে… এপাহি দুপাহি।




@২০১৯

Post a Comment

0 Comments