মেনূপুলেটেড জীৱন




মই সুধিলো “জীৱন মানে কি?”

আপুনি কপাল থূপ খোৱাই ক’লে “এ মেনূপুলেটেড গেম!”

মই সুধিলো “মৃত্যু মানে কি?”

আপুনি হাঁহি মাৰি ক’লে “নামৰ আগৰ চন্দ্রবিন্দু!”

মই মনে মনে আওৰালোঁ “প্রেম মানে জীৱন, জীৱনক ভালপোৱাৰ অনুশীলন!”

আপুনি ক’লে “ভুল! প্রেম মানে হৃদয়হীন সম্পর্কৰ বজাৰ!”

মই ধেমালিৰে ক’লো “আপোনাৰ হৃদয়ৰ আগতো চাগৈ চন্দ্রবিন্দু এটা আছে!”

আপুনি হাঁহিটোক বেকা ভাঁজ এটা দি ক’লে “তথাপিও মোৰ জীৱন আছে!”


এ মেনূপুলেটেড এনশ্বাৰ!!

Post a Comment

0 Comments