খেল





আহিব এদিন, একাপ চাহকে দুকাপ কৰি খাম।

সদায় নকৰা কাম এটা কৰিম,

তর্জমা কৰিম সুখবোৰ দুখলৈ

দুচকুৰ লুণীয়াত ভিজাই খাম মেৰি-গল্ড বিস্কুট!

নিক’টিনৰ ধোঁৱাৰে শূন্য কেনভাচত আঁকিম খাজোৰাহুৰ ছৱি!

সেপিয়াই চাম দাপোনৰ সিটো পাৰে থকা নিজক,

সঁচা কোন? এইপাৰ নে সিপাৰ!

গজিব দিম বুকুত ভায়’লিন অথবা বাঁহীৰ দৰে বনৰীয়া যেন সুৰ এটা!

ৰ’ লাগি চাই ৰ’ম বৰশীৰ পুঙাটোৰ দৰে পেন্দুকণা সপোনৰ কুক-ভা!





আহিব এদিন, লুডু খেলিম...

বাৰে বাৰে নামি আহিম নিৰানব্বৈত বহি থকা সাপৰ মুখেৰে!

Post a Comment

0 Comments