হাচনাহানাৰ ভৰত ৰাতিটো দো খাই পৰোতে
মই আজি আকৌ এবাৰ তুমি তুমি গোন্ধাইছো!
বহাগৰ কোনোবা এটা দুপৰীয়াক সুঁৱৰি
দুচকু আজিও ওলমি ৰয় খিৰিকীৰ ফাকত জোনাকৰ স’তে।
বৰদৈচিলাই উৰুৱাই নিয়ে সুঁৱৰণিৰ গাৰ শেলুৱৈৰ চাঁদৰ
বৰষুণে আহি গুণগুণাই খিৰিকীৰ সিটো পাৰে,
কাঁচৰ খিৰিকীত পৰীৰ ছবি আকি
নিচুকাই টোপনি নহা সপোনবোৰক।
আমোলমোলাই বিষাদৰ ফুলবোৰ ফুলে ৰাতিৰ বুকুত
পিন্ধি লওঁ কাণৰ লটিত,
আৰি লওঁ ডিঙিৰ গলপতা কৰি
আলফুলে সানি লওঁ সুবাস সমস্ত শৰীৰত।
তোমাৰ নামতেই দুচকুৰে সৃষ্টি হয় এখন নৈ
আকণ্ঠ ডুবি ডুবি স্নান কৰো তাতে,
সাতুঁৰো...
তথাপিও থাকি যায় তুমি তুমি গোন্ধ!
( ই-আলোচনী "নীলা চৰাই"ত প্রকাশিত )
0 Comments