ল'ৰালিৰ ধেমালি




এচিপ এচিপকৈ পি থ’ব পাৰি
দুখৰ সুৰা!
এৰাল ছিঙি দৌৰে যেতিয়া
স্মৃতিৰ ঘোঁৰা।

জিঞাৰ পিছে পিছে জিঞাজনী হৈ
পখিলাৰ পিছে পিছে পখিলাজনী হৈ
দৌৰি ফুৰা দিনবোৰত
তুমি নো কি হৈ দৌৰিছিলা মোৰ পিছে পিছে?

দুবৰিৰ চোতালতে বাগৰি
সেইযে আছিলো তৰা লেখি লেখি
এইটো মোৰ, সেইটো তোমাৰ

জোনবাইক খোজা বেজীটোৱে
আজিকালি মোক বৰকৈ বিন্ধে!

বুকুতে গোঁজ পাতি বহে
আইতাৰ সাধুৰ ৰাজকোঁৱৰ,
শুকুলা ঘোঁৰাৰ কটলপ্ কটলপ্ খোজ
আগুৱাই আহে ক্রমশ:

তুমি তুমি যেন দেখি
দৌৰি যাওঁ উফৰি-জাফৰি
কাষ পালেই আঁতৰি যায়
ধুসৰ ছবি তোমাৰ!

নৈৰ পাৰত বহি ৰামধেনু চোৱা
বছৰেই হ’ল।
ধেমালিতে নো কিয় কৈছিলা
ৰামধেনুখন আনি দিম বুলি?
মই যে আজলী
আজিও বুজি নাপাওঁ
তুমি নোকোৱাকৈ গুচি যোৱাটো
ধেমালি নহয় বুলি!

দুবৰিৰ চোতালখন আজিও সেউজীয়া
মন গ’লে তাতে বাগৰি দিওঁ
বিচাৰি নাপাওঁ দেখোন মোৰ তৰাটো!
তৰাবোৰেও চাগে’ ধেমালিয়েই কৰিছিল।

আজিকালি জেতুকাৰ ৰঙবোৰো
দুহাতত নধৰা হ’ল।
তুমি জোনবাইক খুজি
দি থৈ যোৱা বেজীটোৱে
সি-বলে’ যতন কৰিছোঁ
দুফাল হোৱা কলিজা।


Post a Comment

0 Comments