গল্পৰ দৰে ঘড়ীবোৰ





প্রস্তাৱনাঃ

এটি অনুৰোধ আপোনালৈ, ৰাখিব নোৱাৰো বুলি নকব দেই
বিচাৰি নুফুৰিবচোন মোক
, মোৰ শব্দবোৰৰ মাজত।
আচলতে শব্দবোৰ মাথোঁ মোৰ নহয়, আপোনাৰো!
কিয়, আপোনাৰ জানো কেতিয়াবা শব্দবোৰ খুবেই আপোন যেন নালাগে?
দুচকু জানো কেতিয়াবা শব্দবোৰৰ স’তে সেমেকি নুঠে?
এতিয়াওঁ জানো আপোনাৰ ওঁঠত মিচিকিয়া হাঁহি এটাই খেলা কৰা নাই?
ইচ্ লাজ নকৰিবচোন! মই জানো মিছা কৈছোঁ?
শব্দবোৰ আপোনাৰেই বুলি ভাবি সাঁচি থ’ব
আপোন যেন নালাগিলে দলিয়াই দিব য’তে মন যায়
মাথোঁ সাঁকো এদাল নাবান্ধিব আপোনাৰপৰা মোলৈ!
মিছা নকওঁ
কোনোবাদিন আপুনিও মোৰ আপোন হৈ পৰিব পাৰে!
এইখিনিতেই মোৰ ভীষণ ভয় লাগে জানে,
আৰু আপুনিতো জানেই ভয়ত কলিজাটো বেছিকৈ ধপধপাই
আপুনি হয়তো নাজানে
দুর্বল কলিজা মোৰ, বৰ কষ্ট পাওঁ!

কাহিনীঃ

আত্মীয়তাৰ কক্ষপথৰপৰা
কক্ষচ্যুত হৈ খহি পৰে এটি এটি নক্ষত্র
মোহভংগ হৈ জখলাৰে নামি আহে দুভৰি
এঢাপ দুঢাপ পিছলৈ

পট পৰিৱর্তন
হয়
নাটৰ পৰে যৱনিকা

আঁৰ কাপোৰ আঁতৰে
এলাগী হয় সকলো
লাহে লাহে, সন্তপর্ণে

ঘূণ
পোকে কুটি কুটি খা, মামৰে ধৰে
জহি খহি যায় ক্ষণভংগুৰ সম্পর্ক

কলিজাত কীট এটাই কিলবিলাই
ৰঙাবোৰ শুহি থয়
শূন্যতাৰ ঘড়ীত অবিৰাম বাজে
টিক্ টক্, টি
ক্ক্, টিক্ টক্...

পুনশ্চঃ

থুনুকা কাঁচৰ দৰে ভাগে কলিজা
বাৰে বাৰে জোৰাবলৈ মনৰ জোৰ নো ক’ত পাওঁ কওঁক!
জোৰাবলৈ গ’লেও দুচকুৰ ভেঁটা ভাঙি ব’ব নৈ
নিশাৰ আন্ধাৰত বাঢ়িব বিষ-বেদনা
হ’ল বুলিনো আৰু কিমান ল’ম
জ্বৰ-পানীলগা বড়ীৰ তিতিকি তিতিকি সোৱাদ!
এনেকৈয়ে ভাল, একাকীত্বৰ দোলনাত দুলি দুলি
হেলাৰঙে গিলি থ’ব পাৰি আপোনাৰ বিষোদগাৰ গালি শপনি
মই হেনো ৰোক্ষ মৰুৰ দৰে...!
আপুনি হয়তো ভাবে যে মই ভীষণ অহংকাৰী
অ’ এদিন ভাবিছিলোঁ, আপুনি মোৰ অহংকাৰ

জানো, ভুল ভাবিছিলোঁ
আজিও ভাবোঁ একেবোৰ ভুল ভাৱনাক!
আচলতে অহংকাৰ কৰাৰ জোখাৰে মোৰ যে একোৱেই নাই।
আপুনি হয়তো নাজানে অভিমানী মই আপোনাৰ দৰেই!

উপসংহাৰঃ

কোঠা ভৰি ঘড়ীবোৰ ওলমি থাকে!
কোলাহ’ল এবোজা লৈ দুলি থাকে শূন্যতা!
হুমুনিয়াহত গধুৰ হৈ গ’লি থাকে সময়!
এনেদৰেই প্রতিদিন যাপন কৰোঁ শূন্যতাৰ স’তে
ঘড়ীৰ কাঁটাত দুলি দুলি...


Post a Comment

0 Comments