অসতী







তুমিতো নুবুজা মোৰ গোপন অশ্রুৰ ইতিহাস
মৌনতাৰ হাহাকাৰ, অনুচ্চাৰিত প্রার্থনা ;
চুই চাব নোৱাৰা দুচকুৰ সমুদ্রনীল বিষণ্ণতা
কিমান কৰিম আত্মপ্রৱঞ্চনা ?
কাম্য নহয় মোৰ
হৃদয়হীন মৃন্ময় মিলন, স্পন্দনহীন সহবাস ।
আছে নেকি তোমাৰ ওচৰত সতীত্বৰ সংজ্ঞা ?
সতী কোন ?
পাঞ্চালী নে মীৰাবাঈ ?
ৰাধা নে জনক কন্যা ?
আছে যদি কোৱা
শৰীৰহীন হৃদয় আৰু হৃদয়হীন শৰীৰৰ পৃথক সংজ্ঞা !
নুবুজিবা তুমি...
মোৰ বাবে জীৱনৰ সকলো যন্ত্রণাই এতিয়া অপ্রাসংগিক,
স্বনির্বাসিত মই নিজৰেই বুকুত ।
হয়তো সেয়ে
স্বাভিমানেৰে ক’ব পাৰোঁ__ ‘অন্তৰেৰে অসতী মই’ ।





Post a Comment

0 Comments