বজাৰ





কাৰ আছে অৱকাশ ৰান্ধনি বেলিক চোৱাৰ
সকলো ব্যস্ত পুৱাটিক আদৰাৰ আয়োজনত।
এজোলোকা বিষাদ উজাই আহে
ওলমি ৰয় দুটোপাল অবাধ্য চকুপানী,
আপোনাৰ দুচকুৰ স্পর্শত সাৰ পাই উঠে
ফচিল হোৱা সপোনবোৰ।
(আপোনাক নেদেখা বহুদিন হ’ল)

পিতাইৰ তর্জনীত ধৰি বাট বোলা দিনবোৰ
আইৰ ওমাল বুকুত মূখ গুজি শুই পৰা ভাগৰুৱা শৈশৱ
বিচাৰি হাবাথুৰি খাওঁ সেই দিন।
ভাগৰ লাগিলে এতিয়া এনেকৈয়ে জিৰণি লওঁ
নিদ্রাহীনতাৰ শেতেলীত,
আপোনাক যে মই খুবেই ভালপাওঁ!
(পিতাই কেনে আছ তই বুলি নোসোধা বহুদিন হ’ল)

ল’ব নেকি সাময়িক বিৰতি?
কজলা ডাৱৰবোৰৰ খবৰ ল’ম
হেৰুৱা সুৰবোৰ বিচাৰি যাম
পংগু সময়ক সুধি চাম পোহৰৰ বাট কোন দিশে গ’লে পাম,
আন্ধাৰত উলংগ হৈ নিজক এবাৰ সুধি চাম
পোহৰৰ দাম কিমান!
(এদিনৰ বাবে বেশ্যা হৈছিলোঁ, পোহৰতকৈ আন্ধাৰৰ দাম বেছি!)

আন্ধাৰৰ স’তে ৰাতি জানো স্থিৰ হয়?
ক্লান্ত সপোনে নিঃশব্দে ভ্রমণ কৰিলেও তৰাৰ ঘুমটি ভাঙে!
জোনাকৰ বুকুত আন্ধাৰৰ খলকনি
কোনে কাণপাতি শুনে?
কিমান শূন্য হ’লে শূন্যক দেখা পোৱা নাযায়
মৃত্যুক জানো সোধা যায়?
(মৃত্যু মোৰ বিষাদ বিলাস, শূন্য হৈ পূর্ণ কৰাৰ বিলাসিতা!)


Post a Comment

0 Comments