অসম আর্হিৰ ঘৰ এটা। সন্মুখত আটোনটোকাৰিকৈ কৰা সৰু ফুলনি এখন। চোতালখনত দুবৰি বনৰ দলিচা! নঙলামুখৰ দুয়োফালে একোজোপা কৃষ্ণচূড়া। ফুলনিখন আৰু ঘৰটোৰ মাজতে কাষলৈ গোঁসাই ঘৰ। ছালখন খেৰৰ। ঘৰটোৰ বাৰাণ্ডাখনৰ ইটো মূৰৰপৰা সিটো মূৰলৈ ভালেকেইটা সৰু সৰু সেউজীয়া গছৰ টাব। বাহিৰৰপৰা দেখিলে যেই কোনো মানুহে অনুমান কৰিব পাৰিব ঘৰখনত নিশ্চয় কোনোবা ৰুচিবান মানুহ এজন আছে। বাৰাণ্ডাখনতে বেটৰ চকী এখনত বহি আছে এজন প্রায় সত্তোৰ বছৰীয়া বৃদ্ধ। কাষতে মূঢ়া এটাত বহি আছে এগৰাকী বৃদ্ধা। হাতত বিচনী এখন। দুয়োজনে হাঁহি হাঁহি কিবা কথা পাতি আছে।

: আচ্ছা! মই তোমাক তেনেকৈ জোকাইছিলো নেকি? __বৃদ্ধজনে হাঁহি হাঁহি সুধিলে।

: অ’ তো! সেই কাৰণেই মই আপোনাৰ সৈতে বহুদিনলৈ মাতবোল বন্ধ কৰি দিছিলো। __ এমোকোৰা সলাজ হাঁহিৰে বৃদ্ধা গৰাকীয়ে ক’লে!

: সেই দিনবোৰ খুবেই ধুনীয়া আছিল চাগৈ নহয় নে? তুমি মোক সঁচাকৈ ভাল পাইছিলা নে? __ বৰ কাতৰেৰে সুধিলে বৃদ্ধজনে।

: নহ’লেনো মই আজি আপোনাৰ কাষত এনেকৈ বহি থাকোনে? ভালপোৱাই তো আছিল সেইয়া! নাছিল যদিও আমি তাক ভালপোৱা বুলিয়েই ধৰি লৈছিলো! আচলতে কি জানে, তেতিয়া আমি প্রয়োজন আছিলো এজন আনজনৰ বাবে! গোটেই কলেজে ধুনীয়া বুলি কোৱা ছোৱালীজনীক যিদৰে কাষত লৈ আপুনি অহংকাৰ কৰিব পাৰিছিল একেদৰেই সকলোৱে সম্ভ্রম কৰি চলা, কলেজখনৰ চোকা ল’ৰাটোক কাষত পায় ময়ো গর্বিত অনুভৱ কৰিছিলো।

: তাৰ পিছত?

: তাৰপিছত আমি সামাজিক বান্ধোনেৰে বান্ধ খাই এক হ’লো। বংশ ৰক্ষাৰ নামত ইজনে সিজনৰ শৰীৰি চাহিদাবোৰ পূৰালো। মই আপোনাৰ আদৰ-যতন ল’লো। পত্নী ধর্ম পালন কৰিলো। আপুনি মোক দিলে সামাজিক মর্যদা, নিৰাপত্তা, দামী আ-অলংকাৰ, কাপোৰ-কানি! এক ধৰণৰ বিনিময়! বুজাবুজিৰ! এক ধৰণৰ প্রয়োজন! নহয়নে?

বৃদ্ধজনে দীঘলকৈ হুমুনিয়াহ এটা এৰিলে__

: তুমি চাগৈ ঠিকেই কৈছা। তাৰ পিছত...? কোৱাচোন আমাৰ কথাবোৰ।

বৃদ্ধাগৰাকীয়ে আপোন মনে কৈ গ’ল তেওঁলোকৰ কথাবোৰ। মাজে মাজে সোঁৱৰণিৰ আভাই সিঁচি দিলে মুখত ৰঙচুৱা লাজ! বৃদ্ধই শুনিলে। হাঁহিলে। স্মৃতিত ধূসৰ হৈ পৰা ছৱিবোৰ মনত পেলাবলৈ যত্ন কৰিলে। বহুপৰ স্মৃতিৰ স’তে ওমলি তেওঁলোক ক্ষন্তেক নীৰৱে বহি ৰ’ল। ভালেপৰ নীৰৱতাৰ অন্তত, বৃদ্ধজনে বৰ অসহায় ভাবে বৃদ্ধাগৰাকীলৈ চাই সুধিলে__

: তুমি বাৰু মোৰ কোন হোৱা?

বৃদ্ধাগৰাকীয়ে শান্তভাৱে মিচিকিয়ালে...

: মই আপোনাৰ প্রেয়সী আছিলো, বান্ধৱী আছিলো। এদিন মই আপোনাৰ পত্নী হ’লো, আপোনাৰ ল’ৰাৰ মাক হ’লো। আৰু এতিয়া? সঁচা অর্থত এতিয়াহে মই আপোনাৰ ভালপোৱা হৈ কাষত বহি আছো!! কাৰণ এতিয়া আমি ইজনে সিজনৰপৰা নিঃস্বার্থ এই সাহচার্যৰ বাদে পাবলগীয়া একো নাই!

বৃদ্ধজনে লাহেকৈ বৃদ্ধাৰ হাত এখন আলফুলে তুলি নিজৰ দুহাতৰ মাজত লৈ ক’লে__

: আন্ধাৰেই হ’ল, ব’লা ভিতৰলৈ যাওঁ।

 

***

ইমানপৰে কাষৰ কোঠালিত বহি থকা প্রায় ৩৫ বছৰীয়া পুৰুষ এজন ধমহ্ কৈ উঠি ভিতৰলৈ গ’ল। মাক-দেউতাকৰ কথাবোৰকে শুনি আছিল। ভাবনাই লৈ গৈছিল ক’ৰবালৈ। কিবা এটা উজাই আহি যেন ডিঙিতে লাগি ৰৈছিল। এপাকত ভাৱনাবোৰ বাঢ়ি বাঢ়ি ইউকেলিপ্টাছ্ গছৰ দৰে ওখ হৈছিল, আনটো পাকত টুটি গৈ গৈ লিলিপুটৰ দৰে বাওনা হৈছিল! মূৰৰ ওপৰত ঘূৰি থকা ফেনখনলৈ চাই চাই ভাবি আছিল__এই যে ছিলিং ফেনৰ পাখি কেইখন, অবিৰাম একে গতিত ঘূৰি থাকিও ইখনে আনখনক স্পর্শ কৰিব নোৱাৰে! চব খেল! চব খেল!

ওলাই যাবলৈ লৈ টি-চার্টটো সলাব লওঁতেই চকু গ’ল আলনাৰ তলত থোৱা উদলেণ্ড জোতা যোৰলৈ! এযোৰ জোতা! ঠিক এনেকুৱা এযোৰ জোতা পিন্ধিব নোৱাৰাৰ বাবেই হেৰাইছিল ভালপোৱা! এযোৰ দামী জোতা নথকাৰ বাবেই তিৰস্কাৰ শুনিছিল, হেৰুৱাইছিল কাৰোবাক আপোন কৰি লোৱাৰ যোগ্যতা! এযোৰ জোতাৰ ওচৰত শিৰ নত হৈছিল সঁচা ভালপোৱাৰ! ছিঃ! খং নে ঘৃণাতেই মুখত থুই এসোপা জমা হৈছিল। খিৰিকীৰে যিমান পাৰি সিমান জোৰেৰে থুইখিনি পেলাই দিলে।

টি ভিৰ সন্মুখত বহি থকা মাক-দেউতাকক মাতষাৰ লগায় নতুনকৈ লোৱা দামী শ্লিপাৰ যোৰ ভৰিত সোমোৱাই ওলাই গ’ল পুৰুষজন। অলপতে উঠা খংটো নাই এতিয়া। মনতে আওঁৰালে “কোনেও কাকো ধৰি ৰাখিব নোৱাৰে।” যাওঁতে ভাবি গ’ল__ এইযে দেউতাকৰ বেমাৰটো হ’ল, আগৰ কথাবোৰ মনত নাই, মগজুৰ কোনোবা এখিনি কোষ অকামিলা হৈ পৰিল; এই বেমাৰটো দেউতাকৰ নহৈ নিজৰ হোৱাহেঁতেন!


http://www.xahitya.org/2016/07/14/love-and-shoe/