পোছাক





সলনিবোৰ সলনি হওঁক
মাজে মাজে !
আকাশ যদি সাগৰ হয়
সাগৰ যদি জোনাক হয়
তৰাবোৰ যদি ঢৌ হয়
মাছবোৰ যদি হয় শুকুলা ঘোঁৰা
জোনাকীবোৰ যদি হয় ফুল
ফুলবোৰ যদি হয় পখিলা !
সলনি হওঁক হৃদয়
সলনিবোৰ সলনি হৈ সুখী হওঁক সময়
সুখী যদি হয় সময়
সলাই ল’ম নিজক দুপৰ নিশাৰ সূৰুজৰ স’তে !!

Post a Comment

0 Comments