অনুৰোধ




মই মোৰ দৰেই থাকি ভালপাওঁ
আপুনি জানে কিমান মোক ?
হাঃ হাঃ হাঃ
বেয়া পোৱা নাই দিয়ক (বেয়া পাবলৈ বেয়া পাওঁ মই)
জীৱন ময়ো দেখিছো, মানুহ ময়ো চিনিছো
বেলিটোক আপুনি জোন বুলি ক’লেই
মই মানি ল’ব নোৱাৰিম দেই
যদিও মই জোনাকত সাঁতুৰি থাকো !
আপুনি জানো জানে
ভাতৰ নিহনি খোৱা মোৰ আইৰ শৈশৱৰ কথা ?
ঘৰলৈ উভটি অহা কাইটিক আপুনি জানো দেখিছিল ?
ধেলা বগা গা-টোত তেজবোৰ বৰফ কৰি উভটি আহিছিল সি
হাতৰ নখবোৰ থৈ আহিছিল ক’ৰবাত
মূৰে বুকুৱে লৈ আহিছিল দহটা বিন্ধা
তেতিয়াৰপৰাই পিতায়ে মোক দেখিলে আইক সুধে
এইজনী কোন অ’ ?
আৰু আপুনি কয় দুখ হেনো মোৰ বিলাসিতা !
আপোনাৰ দুখ কি ?
আপোনাক অকণমান সময় দিব নোৱাৰিলো সেইবাবে ?
নে সদায়ৰ দৰে কে এফ্ চি ৰ চিকেনৰ সোৱাদ ল’ব নোৱাৰিলে আজি ?
নে কোনোবা সুন্দৰীৰ স’তে থকা আজি ডিনাৰৰ প্রগেমটো বাটিল হ’ল ?
নে আজি ভাবিছিল
পৃথিৱী শুলে সাৰ পোৱা ৰঙীন পোহৰত ডুব মাৰি থকাৰ কথা
যি টো অসময়ত অহা বৰষুণজাকৰ বাবে হৈ নুঠিল ?
বাঃ আপোনাৰ ইমান দুখ !
জানেনে মই কেতিয়াবা নিমখ দি ভাতৰ নিহনি খাওঁ
দুখত নহয়, সুখত ।
এতিয়াও পিতাইৰ বোকোচাত উঠাৰ সপোন দেখো
আইৰ বুকুত মুখ গুজি টোপনি যাওঁ ।
মই এনেকুৱাই
কেতিয়াবা চঞ্চল জুৰি, কেতিয়াবা গোমোঠা আকাশ ।
কেতিয়াবা ওঁঠত হাঁহিৰ ফুলজাৰি
কেতিয়াবা অভিমানৰ ভৰত সৰি পৰা দুচকুৰ পানী ।
আপুনি শুনি আছেনে ? শুনক
মই যেতিয়া মোৰ স’তে থাকো
অনুগ্রহ কৰি মোক আমনি নকৰিব ।
হয়তো মই ব্যস্ত থাকিম
ফোনৰ সিটোপাৰে পিতায়ে কৈ থকা সাধু শুনাত


Post a Comment

0 Comments