I’m never afraid of death, after all it lasts forever! But love... just one moment!
সময়, বাস্তৱ, জীৱন, সপোন, হিচাপ-নিকাচ... লানি নিছিগা শব্দৰ সমদল... তাৰেই নাম জানো জীৱন? কোনে দিলে জীৱনৰ সংজ্ঞা? মোৰবাবে যি জীৱন আপোনাৰ জানো সেইয়া কাম্য? তেওঁৰ যি জীৱন সেয়া জানো মোৰ কাম্য? সময়ৰ নির্দিষ্ট গন্দিৰ মাজত উশাহবোৰ সামৰি থোৱাই জানো জীৱন?
জীৱনৰ সংজ্ঞা কি নাজানো। নাজানো ভালপোৱাৰ সংজ্ঞা কি। জীৱনে যদি কোনোবাদিন খুজে ভালপোৱাৰ হিচাপ, দিব পাৰিম জানো? জীৱনেই বা দিলে কি? জীৱনে জীৱনজুৰি দুখেই দিলে নে মই বিচাৰি বিচাৰি কেৱল দুখবোৰহে বুটলিলোঁ? দুখবোৰযে আপোন মোৰ, সেয়াও জানো মোৰ দুখ? নে সময়ে ষড়যন্ত্র কৰি আছে মোৰ সৈতে? পলায়নবাদী নহয় মই। দুঃসাহস কৰিব পাৰোঁ জীৱনটোক মোহাৰি পেলোৱাৰ। তেতিয়া জানো হাৰি নাযাম জীৱনৰ ওচৰত? জীৱনৰ পৰাজিত সৈনিক হৈ কিদৰে মুখামুখি হ’ম মৃত্যুৰ? জীৱনৰ ওচৰততো মোৰ কোনো দাবী নাছিল। নাছিল জীৱনক লৈ বিলাসিতা কৰাৰ অভিপ্রায়। জীৱনে ক’ত পালে ইমান অধিকাৰ চাকনৈয়াত পেলাই মোৰ ৰং চাবলৈ? সপোন দেখুৱাই সপোন ভাঙিবলৈ? পকনীয়াত দলিয়াই দি জীৱনে কয়__ আহচোন আহ, উঠি আহ, কেনেকৈ উঠি আহিব পা ৰ চাওঁ! সাঁতুৰিব জানো মই। ভাল পাওঁ জীৱনক। অধিকাৰ জানো নাই মোৰ জীৱনক ভালপোৱাৰ? সপোন দেখাৰ? সুখৰ চৰাইজনীৰ সতে’ মিতিৰালি পতাৰ? ... জীৱনেই যদি নিবিচাৰে মোক, কিদৰে কৰিম অধিকাৰৰ দাবী!
মৌন আজি সময়। অতীতৰ কোনোবাখিনিত ঠেকা খাই খাই প্রতিধ্বনি হৈ উভটি আহে মাথোঁ সোঁৱৰণি। খোৰোংত সোমাই কাণ পাতি শুনো। কর্ণকুহৰত খুন্দিয়াই সুতীব্র একোটা চিঞৰ হৈ। প্রতিধ্বনিবোৰ পুনৰবাৰ প্রতিধ্বনি হৈ উভটি যায় বুকুৰ কোঠালিত ঠেকা খাই দুচকুয়েদি। কাব্যিক ছন্দেৰেটো আৰু সামৰি থব নোৱাৰি উৰি যোৱা সময়ক। যিদৰে একোটা সংজ্ঞাৰ সীমাৰেখাৰে বান্ধি ৰাখিব নোৱাৰি জীৱনক, প্রেমক। আকাশৰ সীমা বিচাৰি জানো উৰে চৰাই?
বহুত কিবাকিবি নোকোৱাকৈ থাকি যায়। যিদৰে সপোনবোৰ সপোন হৈয়েই থাকি যায়। বৈধ অবৈধৰ তুলাচালনীত তুলি সপোনবোৰক বাৰে বাৰে হত্যা কৰিছোঁ। আকৌ নতুন একোটা সপোনক জন্ম দিছোঁ। মৃত্যৰ কাষলৈ গৈ উভটি আহিছো পুনৰ জীৱনৰ হাতত ধৰি। বিচিত্রহীনভাৱেই আশ্বর্য্যকৰ নহয়নে? কিহৰ সংশয় এইয়া? নিজক হেৰুৱাৰ নে নহয় বুলি জানিও আত্মীয়তাৰ জালত বান্ধ খাই থকা আত্মীয়বোৰক হেৰুৱাৰ ভয়?
জুইয়ে কয় মোক নুচুবি, জ্বলি পুৰি ছাই হৈ যাবি। চ’গাই জানো ভয় কৰিছে কেতিয়াবা জুইত জাপ দিবলৈ? জুইত পৰিলে চ’গা ছাই হ’বই। তাত চ’গাৰ দোষ নে জুইৰ দোষ? মই চ’গা নে তই জুই সেয়া মই নাজানো। জানিবলে’ চেষ্টাই নকৰিলো কেতিয়াওঁ। হিচাপ কৰি ভালপাবলৈও যে নিশিকিলোঁ! ভালপোৱাৰ লেখ-জোখো নাই মোৰ ওচৰত। জীৱনে যদি খুজে তোক ভালপোৱাৰ প্রমাণ, দিব নোৱাৰো মই। জীৱনে কি বুজিব, তোক মোৰ উশাহবোৰে কিদৰে বৈ ফুৰে। অঁ, দি দিব পাৰোঁ মোৰ উশাহবোৰ জীৱনে যদি প্রতিশ্রুতি দিয়ে উশাহবোৰক জীয়াই ৰখাৰ!
থাকক দে, এইবোৰ কথা তোক কোৱা নহ’ব কেতিয়াওঁ।আৱেগৰ নৈত উটি ভাঁহি ফুৰা মইজনীৰ আৱেগবোৰ মোৰেই হৈ থাকক।আৱেগৰ জুমুঠিত ধৰিতো বান্ধিব নোৱাৰি সবল ঘৰৰ মূধচ! যদি হাৰি যাওঁ জীৱনৰ ওচৰত সেয়া জানো নহ’ব মোৰভালপোৱাৰ অপমান? কিদৰে সহিম মই? অৱশেষত ঠিক কৰিলোঁ জীৱনৰ বাটেৰে বাট বুলিম।তোৰ বাটেৰে তই, মোৰ বাটেৰে মই। তোৰ দৰে জীৱনেও চাগৈ নুবুজিব তোক কিমান কাষত ৰাখি বাট বুলিম মই।দাবীবোৰতো সদায় সময়েই কৰি আহিছে। মাথোঁ এটাই অনুৰোধ সময়লৈ, মোৰ হৃদয়লৈ অহা বাটটো যেন তোৰ বাবে সদায় অবাট হৈয়ে ৰয়।
0 Comments