“হেই কেনে আছা?”
“কেনেকুৱা যেন
দেখিছা?”
“দেখি তো লাগিছে
খুউব স্ফূর্তিত আছা!”
“দেখাবোৰ মিছা যেন
লাগিছে নেকি?”
“দেখাবোৰ সদায়
সঁচা নহ’বও পাৰে!”
“সঁচাবোৰ দেখুৱাই
নিদিয়ানো কিয়?”
“দেখুৱালেই জানো
বুজি পাবা?”
“বুজি পাবই লাগিব
বুলি তো কথা নাই!”
“বুজিয়েই যদি
নোপোৱা দেখুৱাই কি লাভ? মিছাখিনিকে যে বুজি পাইছা সেইয়াই বহুত।”
“লাভৰ কথা ভাবিহে
কাম কৰা নেকি?”
“চাকৰিটো দৰমহা
নাপালেও কৰি থাকিবানে?”
“উসঃ তুমিও যে
কি...!”
“মই মানুহেই তোমাৰ
দৰে। নাম – তুলিকা, অভিধানৰ অনুসৰি চিত্রকৰ বা খনিকৰে মূর্ত্তি আঁকিবলৈ ব্যৱহাৰ
কৰা যতন।”
“আৰু মই?”
“তুমি ঋত। সত্য,
সঁচা, অস্থবিৰ।”
“ময়ো মানুহেই
দেখোন তোমাৰ দৰে! কিবা পার্থক্য দেখিছা নেকি?”
“তুমি গতিশীল,
সময়ৰ স’তে মিলি গৈ থাকা; তুমি সত্য, তোমাক সকলোৱে বিচাৰে। মই ৰৈ থাকো কোনোবাই
মূর্ত্তি সজালৈ। মূর্ত্তি সজা শেষ হ’লে ৰৈ যাওঁ পুনৰ। অর্থতঃ মই অচল মুদ্রা!”
“অর্থহীন বাখ্যা
যেন লাগিছে মোৰ!”
“সঁচাবোৰ এনেকুৱাই
চাগে’!”
“সঁচাবোৰ যদি
এনেকুৱা, মিছাবোৰ কেনেকুৱা?”
“সঁচাবোৰ তোমাৰ
দৰে, মিছাবোৰ মোৰ দৰে!”
“ধেইত কি যে আৰু!
ইমান দেৰি বহিলো, চাহ একাপ নুখুৱাবা নেকি?”
“খুৱাম আক’, কিয়
নুখুৱাম।”
“চেনি কমকৈ দিবা।”
“জ’ হুকুম মেৰি
আকা।”
“ইমান ডাঙৰ ঘৰটোত
অকলে আছা, বেয়া নালাগেনে?”
“বেয়া লাগে বুলি
ক’লে তুমি আহি লগ দিবা জানো?”
“... ...”
“ক’তনো অকলে আছো,
মই মোৰ লগতে আছো।”
“ইমানবোৰ কিতাপ
আছে, পঢ়ি শেষ কৰিলা নে আটাইবোৰ?”
“প্রায়বোৰ পঢ়িলো।
আজিকালি দেখোন পঢ়িব নোৱাৰা হ’লো। মনঃ সংযোগ নাথাকে। দুই এখিলা পাত লুটিয়াই আৰু
আগ বঢ়া নহয়।”
“লেখা মেলা কৰানে?”
“মইনো কেতিয়া
লিখিছিলো? সেইয়া মোৰ কাম নহয়।”
“মিছা কথাবোৰ বৰকৈ
কোৱা। বেয়া কথা।”
“সঁচাবোৰ ক’লে মানি
নোলোৱা। ভাল বুলি কি আছে!”
“তুমি সলনি নহ’বা
আৰু।”
“তোমাৰ আৰু মোৰ
পার্থক্য সেইখিনিতে।”
“ওচৰে পাজৰে ইমান
মানুহ, হুলস্থূল নহয়নে? তুমিতো হৈ হাল্লা একদম ভাল নোপোৱা।”
“দুদিনমান খং
উঠিছিল। এতিয়া ঠিক। হুলস্থূল হয় ভালেই, পুৱা সোনকালে সাৰ পাওঁ। গধূলি কাষৰ ঘৰত
পূজা কৰে সম্ভৱ। শংখ বজায়, উৰুলি দিয়ে, কাঁহী বজায়। শংখ বজালে মোৰ তাহানিৰ
দূৰদর্শনলৈ মনত পৰে, মহাভাৰত দিছিল যে টি ভি ত, ধোঁৱা ওলায় আৰু চিঞৰে যে
মহাভাআআআআআআআৰত... হাঃ হাঃ হাঃ ”
“ভগৱানক ইমানকৈ
হাঁহিছা যে! তোমাক ধৰি লৈ পিটিব।”
“মইতো খুল্লম
খোল্লা হাঁহিছো। সি বেটাই যে আনৰ অৱস্থা দেখি মনে মনে মিচিক মাচাক হাঁহি থাকে। আৰু
পিটন খোৱাৰ চিন্তা নাই বুজিছা, পুৱা গধূলি ধূপ জ্বলাওঁ তো তাৰ নামত। সিও কম ঘোচখোৰ নহয়! হাঃ হাঃ হাঃ”
“হ’ব হ’ব, খুউব ৰস
পালা। খোৱা-বোৱা সময়ত কৰানে? অকলে থাকা, কি খাইছা তুমিহে জানা। এনেও সাস্থ্য
পাতিৰ অৱস্থা তথৈবচ, শ্রী চেহেৰা বুলিবলৈ...”
“হৈছে হৈছে। একদম
ঠিকমতে খাওঁ। শ্রী চেহেৰা বনাবলৈ এতিয়া ১৮ বছৰীয়া গাভৰু নেকি কিবা। জীয়াই
থকাতোৱেই ডাঙৰ কথা বুজিছা।”
“জীয়াই তো চবেই
আছে। বাটৰ ভিক্ষাৰীবোৰো জীয়াই আছে। কেনেকৈ জীয়াই আছা সেইটোহে ডাঙৰ কথা।”
“মইতো বেচ্ ভালকৈ
জীয়াই আছো যেন লাগে!”
“গম পাইছো চবৰেপৰা
নিজক নিলগাই থৈ কিমান ভালকৈ আছা! ৰাতি চাগৈ কিমান গাৰু তিয়াইছা!”
“আৰে বাবা ক’তনো
চবৰেপৰা নিলগাই থৈছো? চব ফালে মানুহেই মানুহ। অকলে থাকিবলৈকে নাপাওঁ।”
“বুজিছো আইজনী,
তুমিযে মিছা কথা এক্কেবাৰে নোকোৱা।”
“অ’ আক’ বয়স হৈছে
তো, বয়স বাঢ়িলে বোলে মানুহৰ ইম’চন বোৰো বেছি হয়। মানে সৰু সৰু কথাতে দুখ লাগে। সেয়ে অকলে থাকিবলৈ
অভ্যাস কৰিছো। কম মানুহৰ সংস্পর্শত থাকিম, কমকৈ হার্ট হ’ম! সৰুৰে পৰা তো অকলেই
আছো।”
“অকলে থাকিবা,
বেছিকৈ ভাবিবা... পিছৰখিনি গম পোৱা গৈছে আৰু।”
“নাভাবো, ভাবিবলৈ
সময় ক’ত? কিমান কাম...।”
“হ’ব হ’ব। পিছে
কোনোবা খনিকৰক লগ পাইছা নে মূর্ত্তি সাজিবলৈ?”
“হাঃ হাঃ হাঃ । কি
মূর্ত্তি সজাৰ কথা কৈছা? খনিকৰে দেৱীৰ মূর্ত্তিও সাজিব পাৰে, অসুৰৰ মূর্ত্তিও
সাজিব পাৰে। পিছে দুখৰ বিষয়, কোনোটোতে প্রাণ নাথাকে!”
“কি নো আবোল তাবোল
বকি আছা। তোমাৰ লগত কথা পতাতকৈ মনে মনে থকাই ভাল।”
“ঠিক আছে মনে মনে
থাকা, মই ভাত ৰান্ধো। মোৰ ওচৰলৈ আহি তোমাৰ দেওবাৰটো নষ্ট হ’লেই যেতিয়া সোৱাদ নথকা
ভাত এমুঠি খায় যোৱা।”
“গেষ্ট্রিকে আমনি
কৰিছে বুলিছিলা, তেল মচলা নিদিয়াকৈ ৰান্ধিবা যি ৰান্ধা। জনা আছে তোমাৰ হাতেৰে কি
সোৱাদৰ আঞ্জা বনিব! কিয় যে আহিছিলো আজি।”
“হ’ব হ’ব, নিজে যেন
একেবাৰে ফাইভ ষ্টাৰ হোটেলতহে খায় সদায়।”
“এটা কথা জানানে
নাই? তোমালোকে যিয়েই নোবোলা কিয় ফাইভ ষ্টাৰ হোটেলত মহিলা ৰান্ধনি নাই কিন্তু।
মাইকী ধোবুনীও কিন্তু দেখা নাই মই।”
“ হৈছে হৈছে। তর্ক
যুদ্ধ নকৰো। আকৌ এদিন আহি যাতে ভাত খাওঁ বুলি নোকোৱা সেই কথা ভাবিয়েই ভাত
ৰান্ধিম!”
0 Comments