প্রাপ্তি অপ্রাপ্তিৰ বাটেৰে প্রেমৰ ঠিকনা




“বৰষুণমুখৰ ৰাতি

মানুহজনীৰ নৰিয়া

দুৱাৰদলিত মানুহটোৰ উচ্-পিচ্

বৈদ্যই ক’লে, ‘নোৱাৰিলোঁ’

ৰাতিৰ ৰাতিটো মানুহটো বৰষুণৰ প্রেমত মজি থাকিল !”

 

হেৰেম্বৰ মানুহজনীৰ গাত লেঠা। গাঁৱৰ ডাক্তৰে পহিলা বহাগতে দিন দিছে। হেৰেম্বই নিজে যি পাৰিছে মানুহজনীৰ আল-পৈচান ধৰিছে। যোৱাবেলি ডাক্তৰৰ ওচৰলৈ যাওঁতে কৈছিল--

: বুজিছনে হেৰেম্ব, মানুহজনী দুর্বল। তয়ে মানুহজনীৰ যতন ল’ব লাগিব। ভালকৈ খাবলৈ দিবি। গধুৰ কাম-বন কৰিবলৈ নিদিবি।

: হ’ব চাৰ।

কথাষাৰ কৈ হেৰেম্বই মানুহজনীলৈ এনেকৈ চালে যে তায়ো বুজি পালে হেৰেম্বই যেন কৈছে, ‘শুনিলি নহয় চাৰৰ কথা। এইবাৰ তই সাৱধানে থাকিব লাগিব। মই আছোঁ নহয়, তই চিন্তা নকৰিবি।’

: চাৰ আপোনাৰ ফিজটো? ককালৰ খুচনিত থোৱা পইচাকেইটা খেপিয়াই হেৰেম্বই ক’লে।

: হ’ব হ’ব। এইবাৰ বিহুত গৈ তোৰ ঘৰত ভাত এসাজ খাই আহিম।

ডাক্তৰে মুখত মিচিকিয়া হাঁহি লৈ চচমাৰ তলেৰে দুয়োটালৈ চাই পঠিয়ালে। হেৰেম্বৰ মুখত আপোন ভোলা হাঁহি। বিঞ্জুয়ে লাজ লাজ হাঁহিৰে তলমূৰ কৰি ৰ’ল।

: দৰব দুটামান লিখি দিছোঁ, সময়মতে খুৱাবি।

নাদৰ পাৰত কিবা এটা বাগৰি পৰাৰ শব্দ শুনি কিবাকিবি ভাৱত বিভোৰ হৈ থকা হেৰেম্বৰ সম্বিৎ ফিৰি আহিল। খৰধৰকৈ নাদৰ পাৰ পাই দেখিলে বিঞ্জু পানী বাল্টিৰে সৈতে চিটলাং খায় পৰি আছে। হেৰেম্বৰ বুকুখন চিৰিং কৰিলে। খৰধৰকৈ বিঞ্জুক পৰাৰপৰা ধৰি তুলিলে।

: নকৈছিলোনে তোক কিবা লাগিলে মোক ক’বলৈ। কিহে পাইছিল নাদৰ পানী তুলিবলৈ। ডাক্তৰে কি কৈছিল মনত নাই। তোৰ বাচ-বিচাৰ নাইকিয়া কামবোৰৰ বাবেই...

বিঞ্জুৰ উচুপনি শুনি হেৰেম্বই নিজকে সম্বৰণ কৰিলে। সিও যে কি! অদৰকাৰী সময়ত মুখেৰে লাগ-বান্ধ নাইকিয়া কথাবোৰ ওলাইছে। লাহে লাহে ধৰি নি তাইক বাৰাণ্ডাৰ চকীখনতে বহুৱাই দিলে। কন্দনামুৱা বিঞ্জুৰ মুখখন দেখি হেৰেম্বৰ বেজাৰ লাগিল। লাহেকৈ ক’লে সি-

: হ’ব দে, এতিয়া কন্দা-কটাখন কৰিব নালাগে। আগলৈ খেয়াল ৰাখিবি নিজৰ।

বিঞ্জুৱে দোষী দোষী ভাবেৰে মূৰটো সোঁৱে-বাৱে লৰাই তাৰ কথাষাৰ শলাগিলে।

 

নিজৰ বুলিবলৈ সিহঁত দুটাই ইটো সিটোৰ সাৰথি। দুয়োটাৰ একেলগে কিবা অসুখ–বিসুখ হ’লে মস্কিলেই হয়। কোনে কাক চাব! বিঞ্জু ঘৰৰ একেজনী ছোৱালী আছিল। মাক নাইকিয়া ছোৱালীজনীক মাহীমাকে কমখন আলৈ-আথানি নকৰিলে নে! মদৰ ৰাগিত মচগুল হৈ থকা বাপেকটোৰ সেইবোৰ খেয়ালেই নাছিল। হেৰেম্বও কেও-কিছু নোহোৱা মাউৰা ল’ৰা। বিঞ্জুৰ দুখ দেখি সি বৰ বেজাৰ পাইছিল। এদিন বিঞ্জুৰ অনুমতি লৈয়েই তাইক নিজৰ কৰি লৈ আহিল মনে মনে। মাহীমাকে সুবিধা পায় সেইদিনাৰপৰাই তাইৰ বাবে ঘৰলৈ যোৱা বাটটো বন্ধ কৰি দিলে। তাহাঁত কোনোটোৰে মনত এইবোৰ কথাক লৈ দুখ নাই। দুখ মাথোঁ এটাই যিটোৱে মাজে মাজে কটা ঘাঁত নিমখ দিয়াৰ দৰে সিহঁতক দুখ দি থাকে। যোৱাবেলিও ডাক্টৰে বহাগতে সময় দিছিল বিঞ্জুক। সময়তে এজনী মৰমলগা ছোৱালীও হৈছিল। কিন্তু বিধিৰ বিধান! দুমহীয়া ছোৱালীজনী জণ্ডিছ হৈ ঢুকায় থাকিল। সেইটোৱেই এটা দুখ যি হেৰেম্বৰ বুকুখনত গেজেংকৈ ধৰে কেতিয়াবা।

 

বিঞ্জুৰো একেই। তাইৰো নিজকে দোষী দোষী লাগে মানুহটোৰ ওচৰত। তাইক মৰমেৰে বুৰাই ৰখা মানুহটোক যেন সুখ অলপমান দিব পৰা নাই। ছোৱালীজনীলৈ কিমান হেঁপাহ আছিল তাৰ! আজিও হৈ যোৱা কথাটোত তাই বৰ ভয় খাই আছে। মানুহটোক কোৱা নাই ওফন্দি থকা পেটটোতযে তাই দুখ পালে! তাইৰ বেয়া লাগে সৰু সৰু কামবোৰৰ বাবে মানুহটোক চিঞৰি থাকিবলৈ। বেচেৰাই তাইৰ কিমান যে আল-পৈচান ধৰিছে।

লাহে লাহে দিনবোৰ গৈ আছে। ডাক্তৰে কোৱা তাৰিখলৈ এক সপ্তাহ মানহে বাকী। হেৰেম্বই হিচাপটো কৰি চালে। হিচাপত তাৰিখতকৈ দুদিন আগ বাঢ়িবও পাৰে, দুদিন পিছো পৰিব পাৰে। কথাবোৰ ভাবি ভাবিয়েই সি বিঞ্জুক ক’লে-

: মই দেওবৰীয়া হাটৰপৰা আহোঁগৈ দে। উভটি আহোঁতে গধূলিয়েই হ’ব কিজানি। তই বৰকৈ ইফাল-সিফাল কৰি নাথাকিবি।

: বাৰু।

বেলি পৰিল। হেৰেম্বৰ দেখাদেখি নাই। ইফালে বিঞ্জুক তলপেটৰ বিষে আমনি দিছে। তায়ো দোধোৰ মোধোৰত পৰিছে কাক মাতে এতিয়া। বিষত কেঁকাই গেঠাই থাকোতেই যেনিবা হেৰেম্ব পালেহি। তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ এতিয়া একো সুবিধা নাই। ওচৰৰে ভাইকণক পঠিয়ালে ডাক্তৰক লৈ আনিবলৈ। নিজে দৌৰি গ’ল গাঁৱৰ সিটোমূৰত থকা ধাই মাখনী বুঢ়ীক মাতিবলৈ। ধাই আহি পালে। ভাইকণে খবৰ দিলে ডাক্তৰ নাই, চুটি লৈ চহৰৰ ঘৰলৈ গৈছে। আন্ধাৰবোৰ ঘন হৈ আহি আছে। ভিতৰত মাখনী বুঢ়ী বিঞ্জুক লৈ ব্যস্ত। হেৰেম্বই দুৱাৰ মুখতে তাঁতবাটি কৰি আছে। মাজে মাজে হাতযোৰ কৰি ভগৱানক কিবা কৈছে। আকাশখনো ডাৱৰে ওন্দোলাই আনিছে। এইযেন বৰষুণ দিব। হঠাতে হেৰেম্বই অনুভৱ কৰিলে ঘৰৰ ভিতৰখন আচৰিত ভাৱে নীৰৱ হৈ পৰিছে আৰু বিঞ্জুৱে বিনাইছে! কিন্তু কিয়? সি দৌৰি ভিতৰ পালেগৈ। চাকিৰ পোহৰত দেখিলে মাখনী বুঢ়ীয়ে কিবা এটালৈ দেখুৱাই তাক কৈছে, ‘নাথাকিল অ’ বোপাই। ল’ৰাই আছিল। মাকৰ পেটতে...’

 

তাৰ আৰু শুনিবলৈ ধৈর্য্য নাছিল। বাহিৰলৈ ওলাই আহিল সি। বৰষুণজাকো আৰম্ভ হৈছিল। তিতি তিতিয়েই সি ফেঁকুৰি ফেঁকুৰি কান্দিলে। এটা সময়ত সি ঠিক কৰি পেলালে হ’ব আৰু নালাগে। মানুহজনীক ভালপায় সি। তাইক আৰু এই জীয়া যাতনাবোৰ দি নাথাকে। তাইৰ চকুত চকুপানীবোৰ আৰু চাই থাকিব নোৱাৰে সি। সিহঁতি ইটোৱে সিটোক লৈয়েই সুখী হৈ থাকিব। দৰকাৰ পৰিলে তুলি ল’ব মাউৰা ল’ৰা এটাকে। মুকলি মন এটা লৈ সি ভিতৰলৈ সোমাই গ’ল, বিঞ্জুৰ কাষত এতিয়া তাৰ বাদেনো কোন আছে!

 


(২)

 

“কাৰণে অকাৰণে বহুবোৰ কাৰণৰ বাবে যেন

এটা কাৰণ হৈ পৰিছোঁ !

বিচাৰিলেও নোপোৱাবোৰ, নিবিচৰাকৈয়ে পোৱাবোৰ

উসঃ !

শেষ হওঁক এটা কাৰণৰ

সংগোপনে চিতাশাল সাজিছোঁ !”


তেওঁ আহিলেই হৈ পৰোঁ এখন চঞ্চল নদী। নীৰৱে মুখৰিত হয় বুকুৰ অৰণ্য। লিৰিকি বিদাৰি চাওঁ হেৰাই যোৱা সপোনৰ ঠিকনা। আদিম সুৰংগ এটাৰ মাজেৰে গুচি যাওঁ যাযাবৰী দিঠকত ওলমি ৰোৱা এখন খাজোৰাহুৰ সন্ধানত। বেলি নুডুবে, ঠেহ পাতে জোনাকে, জোনাকীবোৰ গুচি যায়, তৰাবোৰ সৰি পৰে... ক’ত হেৰায় এখন অৰণ্য? আন্ধাৰত ভাঁহি ফুৰে পালতৰা নাৱ... তুলুং ভুটুং।

: তুমি মোক ভাল পোৱানে?

: হাঃ হাঃ কি যে অবান্তৰ প্রশ্ন!

: কোৱাচোন। ভালপোৱা তোমাৰ বাবে কি? ক’মা, প্রশ্নবোধক নে ভাৱবোধক?

: পাগল নেকি? কিবোৰ কথা সুধি আছা? ভালপোৱাবোৰ প্রয়োজনহে মাথোঁ আন একো নহয়। প্রয়োজনবোৰৰ আঁৰত সদায় এটা কাৰণ থাকে।

: মোক তোমাৰ কি প্রয়োজন?

: কাৰণ তোমাক মোৰ ভাল লাগে।

: কিন্তু ভাল নোপোৱা! মোক ভালপোৱাটো তোমাৰ প্রয়োজনৰ বাবে এটা কাৰণ নহয়?

: ...

: হমম... তোমাৰ দুচকুত কেতিয়াবা ডাৱৰ এচমকা দেখোঁ। মাজে মাজে উভটি যোৱা তোমাৰ অতীতলৈ মোৰ কাষত ক’মা এদাল থৈ আৰু মই প্রশ্নবোধক এডাল লৈ ভাবি থাকোঁ তোমাৰ মোৰ সম্পর্কটোৰ মাজত দাৰি এদাল দিম নে নিদিম। ভাৱবোধকদাল ওলোমাই থৈনো কি কৰিম কোৱা?

: তুমি ইমান হিচাপ-নিকাচ কিয় কৰা?

: তোমাৰপৰাই শিকিছোঁ। মই কোৱা কথাবোৰ জানো মিছা?

: তুমি সঁচাই পাগলী।

: সেইটো নতুন কথা নহয়।

: তোমাক মই মৰম কৰোঁ, তোমাক মোৰ প্রয়োজন, ভাল লাগে তোমাক, তুমি আনৰ দৰে নহয়।

: কিন্তু তুমি মোক ভাল নোপোৱা। সহানুভূতি আছে মোৰ বাবে।

: সহানু্ভূতি নহয়! যাক মৰম দিব পাৰি, দিব পাৰি। যাক নোৱাৰি, নোৱাৰি দিব।

: হাঃ হাঃ মানে মোক দিয়া মৰমখিনি আনকো দিব পাৰি?

: ...

 

: তোমাৰ দোষ নাই! তুমি সঁচাকৈয়ে মোক মৰম কৰা কিন্তু মোক ভাল নোপোৱা। তুমি মোক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰা কিন্তু মোৰ হ’ব নোৱাৰা। তুমি যদি মোৰ কাষত এনেকৈয়ে থাকা মই সুখী হ’ম নে দুখী কোৱা? তোমাক পাইছো অথচ পোৱা নাই! মোৰ কাষতে আছা অথচ মই ঢুকি নোপোৱা দূৰত্বত তুমি! তুমিতো জানাই তোমাৰ মাতষাৰেই মোক সুখী কৰি ৰাখে; মোৰ উচ্ছল হাঁহিৰ তৰংগই জানো তাকে প্রমাণ নকৰে? মোৰ সৰু সৰু অভিমানবোৰ দেখোন তোমাৰ বাবেই আছিল যদিও তুমি সেইবোৰ কেতিয়াওঁ নুবুজিলা! আচলতে নুবুজা নহয়, বুজি পোৱা তুমি; নুবুজাৰ ভাওহে ধৰা। বুজি পাওঁ মই। নতুনকৈ অলপ হিচাপ কৰি চাইছোঁ। মোক সুখী কৰাৰ স্বার্থত তুমিনো কিয় দুখী হ’ব লাগে? তোমাৰ দুখৰ কাৰণ হ’ব নিবিছাৰোঁ মই। যদিও মই তোমাৰেই আছিলো প্রতিপল তুমি কেতিয়াওঁ মোৰ হ’ব নোৱাৰিলা! হ’ব দিয়া, তোমাক পোৱাৰ হাবিয়াস বুকুত লৈ, তোমাক নোপোৱাৰ অপ্রাপ্তিক লৈয়েই মই সুখী হৈ থাকিম আজীৱন। সপোন খেদি গৈ থকাৰ যি মাদকতা সেয়া হেনো সপোনটোক দিঠকত পোৱাৰ আনন্দতকৈ বহুত বেছি। প্রাপ্তিৰ সুখতকৈ অপ্রাপ্তিৰ দুখতহে কিজানি মই বেছি সুখী হ’ম।

 

: তুমি সুখী হ’ব নিশিকিলা কেতিয়াওঁ।

: আজিওতো মই দুখী নহয়।

: অভিনয় নকৰিবা।


: ওঁহো নাই কৰা। তুমিও জানো মাজে মাজে মোৰপৰা আঁতৰি থকাৰ আখৰা নকৰা? এইযে ব্যস্ততাৰ দোহাই দি হেৰাই যোৱা হঠাতে। ফোন এটা কৰিবলৈ পাহৰি থাকা! এচ এম এচ বোৰো নহা হয়! আচলতে তুমি সলনি হোৱা নাই, একেই আছা। মাথোঁ অভিনয় কৰিছা। এতিয়াওঁ তুমি তেওঁৰেই হৈ আছা! তুমি মোৰ প্রিয় আৰু মোৰ প্রিয়জনক মই আন কাৰোবাৰ সৈতে কেনেকৈ ভগাই লওঁ কোৱা? তাতোকৈ তুমি তেওঁৰেই হৈ থাকা, কেৱল তেওঁৰ। মই যদি তোমাৰ বাবে প্রয়োজন তেন্তে যেতিয়াই প্রয়োজন হয় মাতিবা। দূৰে দূৰে থাকিলেও মই কাষতে থাকিম।

 

: তু... তু... তুমি সঁচাকৈয়ে পাগলী!

: কৈছোৱেই দেখুন সেইটো নতু্ন কথা নহয়। তুমি কান্দিছা? নাকান্দিবা। পুৰুষে হেনো কেৱল প্রিয় নাৰীৰ সন্মুখতহে কান্দে। বৰষুণ আহিব চাগৈ, তুমি এতিয়া যোৱা।

: তুমি মোক খেদি দিছা?

: নাই দিয়া। বৰষুণ যে আহিব তাকেহে কৈছোঁ। তুমি জানো মোৰ সৈতে বৰষুণত তিতিবলৈ ভাল পাবা?

: যাওঁ!

: যোৱা!

: ...

: শুনাচোন!

: কোৱা!

: মোৰ এই উঁকা কপালখনত আলফুলে এটা চুমা আঁকি দি যাব পাৰিবানে? দাবী নকৰো, জানো অধিকাৰো নাই। তথাপি...

মোৰ দুচকু সেমেকিবলৈ লওঁতেই বৰষুণজাক আহিল!

 

“ শিলৰ চোলা এটা নিপিন্ধাকৈ

কোনোবা কিদৰে শিল হ’ব পাৰে ?

বৰষুণত তিতা হাঁহিটোৰ ভাঁজত তাই লুকুৱাই থ’লে

পানীৰ বেজি এটা নোপোৱাৰ কথাটো

নিঃসংগতাৰ স’তে এতিয়া তাইৰ সহজ সহাৱস্থান !”


: তুমি গুচি গ’লা মই ভবাৰ দৰেই, এবাৰো নক’লা তুমি মোৰ হৈ থাকিবা বুলি মই আশা কৰাৰ দৰে! জানো তুমি সব একেই বুলি ভাবা। মোকো সেই ‘সব’বোৰৰ মাজতেই থৈছিলা। কিন্তু মই বিছাৰিছিলোঁ তুমি মোক সঁচাকৈয়ে আনতকৈ বেলেগ বুলি ভবাটো। অধিকাৰৰ দাবী যে কৰিবলৈ নিশিকিলোঁ। কিজানিবা ৰৈ গ’লাহেঁতেন মোৰেই হৈ...

: আগৰ দৰেই আছানে এতিয়াও?

: ...!

 

(@ আমি অসমীয়া ই-আলোচনী)

 

Post a Comment

0 Comments