ভাৱনাবোৰ...

“এইযে হঠাতে ঘটে ঘটনাবোৰ! কিয় বাৰু?”

__ অঘটনবোৰ কিয় ঘটে?

“পোন বাট এটাৰে গৈ আছো, হঠাতে কেঁকুৰি এটা!”

__ কেঁকুৰিটো জানো অবাট?

“বতৰটো ফৰকালেই আছিল, হঠাতে ডাৱৰ; বৰষুণ জাকে নাম পালে আবতৰীয়া!”

__ ডাৱৰে কিয় কান্দিছিল? ক’লা কাৰণে?

“অ’ত ত’ত যে পৰি ৰয় মৰিশালীৰ নীৰৱতা!”

__ মৰিশালীৰ উচুপনিবোৰ কাৰবাবে?

“মৌনতা ভংগ কৰি দীঘলীয়া ৰে’লখনৰ দীঘলীয়া উঁকিটো পাৰ হৈ যায়!”

__ ৰৈ ৰৈ কিয় বিনাই মৌনতাই?

“ত্যাগৰ বেলিকা আৱেগিক হৈ লাভ নাই!”

__ আৱেগ নহ’লে ত্যাগৰ উৎস কি?

“নৈশব্দত জোনটো ডুবি থাকে!”

__শূন্যতাবোৰ ফোপোলা নেকি?

“প্রশ্নবোৰ নভবাকৈয়ে আহে!”

__ ভাবিলেওঁ উত্তৰ নাই কিয়?

“সাধুবোৰ এতিয়া চাগৈ পৰীৰ দেশত, নতুবা কোনোবা দস্যুৱে চুৰি কৰিলে!”

__ সাঁচিপাতত যদি লিখো সাধু এটা?

(সূৰুজৰ দেশত বৰফ পৰে, মানুহবোৰ নিৰুদ্দেশ হয়, ৰে’লখন উভটি আহে, ছাঁবোৰো হেৰায়; খেয়ালী মেজাজ এটা লৈ মই গুচি যাওঁ জহন্নামলৈ, সাধুবোৰ এতিয়া তাতহে আছে!)

 

 

Post a Comment

0 Comments