নতুন গল্পৰ পুৰণি চৰিত্র



আপুনি:
কয় মোক “কিয় ইমান উদাস তুমি?
ঘঁহিবা চোন দুচকুত ডাঠকৈ কাজল,
সানিবা চোন দুওঁঠ উজ্বলাই ৰঙাকৈ লিপষ্টিক!”
ওঁঠৰ ফাঁকেৰে যদি সৰি পৰে শেতা পৰা হাঁহিবোৰ?
বৈ যায় যদি দুচকুৰ কাজল?
ৰঙাবোৰ অনুজ্বল নালাগিবনে?
ডাৱৰবোৰ দুচকুতে ওলমি নাথাকিবনে?
নাটকৰ সংলাপ আওঁৰাবলৈ কষ্ট নহ’ব জানো?
তাতোকৈ এনেকৈয়ে ভাল!
শেতা পৰা দুওঁঠত উজ্বল হাঁহিটো,
কাজলবিহীন দুচকুত হাঁহিৰ চিকমিকনি লৈ
খোকোজা নলগাকৈ গাব পাৰোঁ নিতৌ নতুন সংলাপ
হৈ যাব পাৰোঁ যিকোনো নাটকৰ চৰিত্র!

তুমি:
ব্যস্ত আছা নেকি খুউব?
ভাবিছিলো ফোন এটা কৰিম
মাত্র দুই মিনিট ল’ম,
কেনে আছা সুধিম
বিচাৰি চাম তোমাৰ উশাহত কাৰোবাৰ সুগন্ধি!
তোমাৰ হাজাৰ অনীহা আঁতৰাই থৈ এবাৰ সুধিবাচোন
কেনে আছো মই!
তেতিয়া বাৰু মই কি ক’ম?
ক’ম চাগৈ
এতিয়া বৰষুণ নিদিয়ে মোৰ ইয়াত!

মই:
হেৰুৱাই বিচাৰি ফুৰো নিজক,
ৰাতিবোৰ আন্ধাৰ বাবেই চাগৈ
সপোনবোৰ জাৰজ
দুপৰ ৰাতি পোখা মেলে!
সর্ম্পকবোৰ এতিয়া পকনীয়াৰ দৰে
সংশয় নাই তথাপি
ধুমুহাৰ শেষত আৱেগবোৰ এতিয়া শান্ত
জীৱনৰ সন্ধি ভঙা পতাত ময়ো ব্যস্ত নাথাকো
পাণিনিৰ ব্যাকৰণ বোধগম্য নহয় যে!
সময়বোৰ সুখী হেনো এতিয়া,
দুপৰ নিশাৰ সূৰুজৰ স’তে
মোৰো বাঢ়ি যায় অন্তৰংগতা!

সময়:
কক্ষচ্যুত হোৱা নক্ষত্রবোৰ এতিয়া সাধু কথা
পুৰণিবোৰ এতিয়া পুৰণি কথা
নতুনবোৰ গুচি যায় নতুন হৈয়েই
সাময়িক!
শব্দবোৰ একেবোৰেই
ঘূৰি ফুৰে
মাথোঁ অর্থবোৰ সলনি হয়।
সময় যদিও সুশৃংখল
ভাৱনাবোৰ বন্ধ্যা, অনুভৱবোৰ উদাসীন
শূন্য উপলব্ধি!
আচলতে সময় ভাগৰুৱা!







Post a Comment

0 Comments