মই, অভিমন্যু, স্পষ্টীকৰণ ইত্যাদি...



বাট হেৰুৱাই বাৰে বাৰে ভুল হয় বাট
কেঁকুৰিবোৰ যে সঘনে পাওঁ
জোঁট পোট লাগি উজুটি খাওঁ!
সেইবাটে গ’লো
কোনোবাই ফুচফুচালে
“চোৱা চোৱা, ঘৰচিৰিকাৰ বনসংহৰ খোজ”
উভটি আহিলো
কাৰোবাৰ তাচ্ছিল্য
“চোৱা চোৱা টকুনাৰ আকাশ চোৱাৰ স্পর্ধা”
যেনিয়েই গ’লো হাঁহিবোৰ লৈ ফুৰিলো
নাক কোচাই যেন কোনোবাই ক’লে
“ইচ বেচ ফূর্তি! ইমান পাতল নে?”
বৰষুণ জাক আহেই মাজে মাজে
কাৰোবাৰ চিকুটা চিকুটি
 “ছিঃ গোটেইখন বোকা হ’ল”
খৰালিও জানো কাম্য?

কোন বাটে খোজ দিওঁ
প্রতিটো বাটৰে দুটা বাট!
সাজিব খুজো নীড়
বতাহে উৰুৱায়,
সাজিব খুজো সাঁকো
তাতো গৰা খহনীয়া
তাচপাতৰ ঘৰ হুৰুসকৈ ভাঙে
ঠুনুকা কাঁচ ভাঙি
নিজৰেই দুভৰি কাটে।

কেঁকাই-গেঁথাই পৰি ৰোৱা সেইবোৰ
মোৰেই অনুভৱ
অশীতিপৰ, বৃদ্ধ!
তাতো টনা আজোৰা!
মিতিৰালি যদি পাতে আপোনাৰ অনুভৱে
মোৰ কি দোষ?
মই গোৱা নাই আপোনাৰ জীৱন গীত
মোৰ নাটকৰ ময়েই একমাত্র চৰিত্র।

আজিকালি দানৱৰ দৰে ভয় একোটাই খেদি ফুৰে মোক
বহুযোৰা তীক্ষ্ন চকুয়ে যেন মোক নিৰীক্ষণ কৰে অহৰহ
মই দৌৰো, ভাগৰো
নিজৰ বেহ্যু নিজেই সাজো
ক’ত লুকাওঁ, ক’ত হেৰাওঁ...
ঠেলি হেঁচি নিজকে গতিয়াই দিওঁ বেহ্যুৰ মাজলৈ
নিজক কেন্দ্র কৰিয়েই ঘূৰো
ঘূৰি থাকো, ঘূৰি থাকো
ঐককেন্দ্রিক বৃত্তৰ কেন্দ্র হৈ হেৰুৱাওঁ নিজক!

কিস্তিত ভাগ হয় অনুভৱ
শতাংশৰ হিচাপত দেনা পাওনা,
হুমুনিয়াহ একোটাকে গধুৰ কৰি
এৰি দিওঁ বহু কিবাকিবি
এতিয়া আৰু নুসুধিব কেনে আছো মই।
হাইজা বেমাৰত লেতেৰা হয় বিচনা
কুষ্ঠ ৰোগীৰ দৰে নিলগাই থওঁ মই মোক!
কিজানিবা সোঁচৰে আপোনালৈ
কৈফিয়ৎ দি শব্দবোৰ এতিয়া ভাগৰুৱা।





Post a Comment

0 Comments