: বহু কথাই আছিল ক’বলৈ। কথাৰ কথা, বহুত কথা...
: কোৱাচোন, কথাবোৰৰ
কথাকে পাতোঁ।
: ক’বলৈ ক’লেই
দেখোন কথাবোৰ ক’ৰবাত হেৰায়! আৰু ক’ব খুজিলে শ্রোতাবোৰ হেৰায়! আচৰিত!
: তুমিও আচৰিত!
বুজিব নোৱাৰি। বুজি পাইছো বুলি ধৰি ল’লেই এনেকুৱা এটা পাক লগাই দিয়া যে আঁত
বিচাৰি হাবাথুৰি খাওঁ।
: খাবলৈ আৰু বস্তু
বিচাৰি নাপালা?
: ধেমালি এৰা। আচল
কথালৈ আহাঁ।
: আচল নকল বুলিনো
কি আছে? তোমাৰ মোৰ বুলিও জানো কিবা আছে?
: অদ্ভুত ধাৰণা
কিছুমান লৈ জীয়াই আছা তুমি! তোমাৰ শৰীৰটো তোমাৰ নহয় নেকি? এইযে মোৰ সন্মুখত বহি
থকা তুমিজনী তুমি নহয় নেকি?
: মই মোৰ দৰে জানো
জীয়াব পাৰিছোঁ? আমি নিজে নিজক ঠগি থকা নাইনে?
: তুমি মই বিচৰাৰ
দৰেই সকলোবোৰ হ’ব নোৱাৰে। কিছু এৰা ধৰাৰ মাজেৰেই আমি সকলো জীয়াই আছোঁ।
: তেন্তে মই আচল নে
নকল? তুমি একা? তুমি তোমাৰ নে মই মোৰ?
: হুঁহ! এইয়াই
তুমি! পাক লগা!
: শুনিছো ক’ৰবাত
কিবাকিবি জ্বলিছে হেনো! কিয়? কিহৰ বাবে?
: গম নোপোৱা! কোনখন
পৃথিৱীত আছা তুমি!
: মই জনাত আমি
একেখন পৃথিৱীতে আছোঁ।
: ভাল কথা। সেইটো
যে মনত আছে। মোক যে কোনোবা ‘এলিয়েন’ বুলি ধৰি লোৱা নাই। ৰক্ষা!
: পথাৰবোৰ চাগৈ
সেউজীয়া হৈছে, নহয়?
: ক’ৰপৰা ক’ত
পাইছাগৈ তুমিহে জানা আৰু দেই! সেউজীয়া হোৱাৰে দিন এতিয়া পথাৰবোৰৰ।
: হয়নে! সেউজীয়া
চিনি পোৱা জানো? মোৰ সেউজীয়া খিনি দেখোন দেখিয়েই নোপোৱা।
: পথাৰবোৰ গাভৰু
হৈছে এতিয়া আইজনী। আৰু বেছিকৈ ক’লে মোক নিলাজ বুলি তুমিয়েই গালি পাৰিবা।
: হাঃ হাঃ হাঃ
: বৰ ৰস পালা!
: চহৰৰপৰা কিছুদূৰ
ভটিয়াই গ’লে বাওঁফালে এটা কেঁচা আলিবাট। বাটটোৰে দুই মাইল
মান গ’লেই সৰু গাওঁখন। এল পি স্কুলখন
পাৰ হ’লেই নামঘৰ এটা পায়। নামঘৰটো পাৰ হৈয়েই দুটা ঘৰ পাৰ হৈ সৰু ঘৰ এটা আছিল!
: ক’ৰপৰা ক’ত
পালাগৈ আকৌ! আছিল মানে? এতিয়া ঘৰটো নাই নেকি?
: ঘৰটো আছে,
মানুহবোৰ নাই। ভেঁকুৰৰ পচা পচা গোন্ধ প্রায়েই পাওঁ মই! আগফালৰ ফুলনিখন, পিছবাৰীৰ
পনিয়লজোপা... নাই কিজানি! উৱলি যোৱা ঘৰৰ বেৰবোৰ প্রায়ে দেখোঁ সপোনত। মকৰা জালত
ওলমি থাকে আত্মীয়ৰ উপহাস। কেতিয়াবা জুপুকা মাৰি বহি থাকে তাতে মানুহৰ দৰে কিবা
এটা! উচুপি থাকে নীৰৱে। কোনোবা অহা যেন পালেই দৌৰি পলায়।
: ঘৰটোৰ স’তে তোমাৰ
কি সম্পর্ক?
: তোমাৰ ঘৰটোৰ স’তে
তোমাৰ যি সম্পর্ক!
: ...
: ওচৰতে পথাৰখন।
নতুনকৈ বোকা লেপি জিলিকাই থোৱা পথাৰৰ কেঁচা আলিবোৰ গচকিবলৈ কি মজা! ৰ’দত ৰূপালী
ৰঙৰ দৰে জিলিকে। অৱশ্যে লগত গালি দুটামানো পোৱা যায়। সেইয়াওঁ সোৱাদ লগা। কঠালৰ
স’তে সান্দহৰ মিঠৈ, গুৰ এটুকুৰাৰ স’তে ফিকা চাহপানী এবাটি... বোকা মাটিৰ গোন্ধ লৈ
লৈ খোৱাৰ আনন্দ... সঁচাকৈ পথাৰখন চাগৈ এতিয়া গাভৰু হৈছে!
: তুমি আছা ক’ত
বুজাই ক’বানে?
: এইয়া তোমাৰ
সন্মুখত বহি আছোঁ।
: মোৰ খং উঠিছে।
: মই কথাহে কৈছোঁ।
: নিজক লৈয়ে সদায়
ব্যস্ত থাকা! ক’ত কি হৈ আছে তাৰ একো ভূ কে নোপোৱা। নে নোলোৱা? ইমান স্বার্থপৰ
কেতিয়া হ’লা?
: তুমি মোৰ কাষতে
বহি আছা, মোৰ কথা শুনিছা, মই জীয়াই আছোঁ, মোৰ আপোন কেইজন কুশলে আছে, ইয়াতকৈ বেছি
আৰু কি খবৰ ৰাখিব লাগে মই!
: কিয়? চাৰিওফালে
যে ইমান অশান্তি হৈ আছে, তোমাৰ কৰিব লগা একো নাই?
: কিমান বছৰ... ১২
বছৰ! খুব কম নেকি? ১২ বছৰে সেই ভেঁকুৰৰ গোন্ধবোৰ মোৰ সহচৰ, কোনেও নেদেখা সেই
জুপুকা লাগি বহি থকা মানুহটো মোৰ সন্মুখত, গাভৰু পথাৰখনৰ ভৰ মোৰ দুচকুত, উভটি যাব
খোজা দুভৰিত শিকলি লগাই আগলৈ খোজ দিওঁ... কিমান সহজ নহয়নে? কিহৰ লালসাত আপোন তেজত
ৰাজনীতি সোমাইছিল? তেজবোৰ ক’লা হৈছিল! তেতিয়াই ধুই পেলাইছিলোঁ ক’লা হোৱা তেজবোৰ।
কিজানি সেইদিনাৰ পৰাই স্বার্থপৰ হলোঁ।
: বুজিলোঁ। কথাবোৰ
কেতিয়াওঁ কোৱা নাছিলা।
: কথাৰ কথা...
বাঢ়ি গৈ থাকে। নিজৰ মনটোক ক’লা হ’বলৈ নিদিবা। সুৰুঙা পালেই কীটবোৰ সোমায়।
: হুমম... ব’লা ওলায় যাওঁ, মুকলি বতাহ অলপ খাই আহোঁ।
: ব’লা।
0 Comments