সুৰ





 
মৃত্যু...
এনেকৈয়ে
মৃত্যুৰ প্রেমত পৰি
জীৱনৰ হত্যা হয় বাৰে বাৰে
ভায়’লিনখনে উচুপে নিশব্দে!

জীৱন...
এনেকৈয়ে
ঋণী হ’ম নে কৃতজ্ঞ
নজনাকৈয়ে
আয়ুসৰ শেষত নতুনকৈ উশাহ লয় জীৱনে!

প্রেম...
আৰু এনেকৈয়ে
আঙুলিবোৰ ভায়’লিনৰ প্রেমত পৰে
হেৰুৱা সুৰবোৰ বিচৰাৰ অচিলাত
বাৰে বাৰে!



Post a Comment

0 Comments