একাপ মছলা চাহ আৰু বিষণ্ণ সময়

মনৰ ভিতৰতে উকমুকাই থকা কথাবোৰ/অনুভৱবোৰ কৈ দিব পাৰিলে ভাল লাগে, নহয়জানো? (আপোনাৰ কথা নাজানো, মোৰ কিন্তু ভাল লাগে) যেতিয়া শুনিবলৈ কোনো শ্রোতা নাথাকে অথচ ক’বলৈ অজস্র কথা (যদিও ক’ব নোখোজা বহুত কথা থাকে তাৰ মাজত)... কি কৰিব তেতিয়া? নিজৰ সৈতে কথা পতাৰ বাদে গত্যন্তৰ নাই, নহয়জানো? কিন্তু কথা হ’ল, মনটোৱে ভৱাৰ দৰেই হুবহু, শব্দই কথা ক’ব নোৱাৰে! দুয়োটাৰে মাজত যথেষ্ট তফাৎ... (সেয়াওঁ এটা সমস্যা!) মনটোৱে ভাবিছে কিবা এটা, শব্দই লিখিছে কিবা এটা! পয়মাল, অস্বস্তি... কি কৰা যায়... তিনিশাৰী লিখি দুশাৰী কাটি পেলোৱা যায়, নতুনকৈ লিখিবলৈ শব্দ বিচাৰি ঘূর্মুটিয়াই থকা যায়... নে কাগজ কলম সামৰি মূৰৰ চুলি দুহাতেৰে খামুচি বহি থকা যায়... একো কৰা নাযায়, যিহেতু খেলিমেলি মনৰ শব্দবোৰো খেলিমেলি... কিন্তু খেলিমেলি খিনি সজাই-পৰাই দিব পাৰিলেই যে শান্তি! ওঁহো... নহয়গৈ... হেঁচি ঠেলি শব্দবোৰ বান্ধি থোৱাই ভাল!

 

কওঁ কওঁ বুলি ক’ব নোৱাৰা কথাবোৰ...           

 

কথাবোৰ... তেনেই সাধাৰণ, সদায় শুনি থকা, অনুভৱ কৰি থকা। সুৰ দিলেই

কথাবোৰ ভাল লগা গান হৈ যায়! ইমান ভাল লগা___ “যাবলৈ খোজোতেই থমকিব দুভৰি, ডাৱৰৰ আঁৰতে নতুনৰ ৰ’দালি, চিনাকী চিনাকী দুদিনৰ চিনাকী, আঁতৰি

গ’লেগৈ হ’ব যে অচিনাকী, যাবলৈ নিদিবা ৰাখিবা ধৰি।” গানে কন্দুৱাই নে সুৰে কন্দুৱাই জানো! নে বাঁহীয়ে!!! কাৰোবাৰ মৰমৰ আব্দাৰত যদি থমকি ৰয় গুচি যাব খোজা দুভৰি! 


আজি: মই আপোনাক ভালপাওঁ

কাইলৈ: আপুনি মোক ভালপোৱাৰ কথা!

আজিৰপৰা কাইলৈ___ কিমান দূৰ বাট?

গণি শেষ হয় উশাহ!


ভালপোৱাবোৰো বাঁহীৰ দৰে! মৃত্যুও জানো নহ’ব সহজ, সুন্দৰ... সুৰীয়া গানৰ দৰে! উশাহ গণিও ভাল লাগে জীৱনৰ শেষলৈকে... ভালপোৱাৰ বাটে বাটে...  

যাওঁ বুলিয়েই গুচি যায় সময়, ৰৈ যায় আপোনাৰ সুবাস...বৰষুণজাক শেষ হ’ল। বেলকনিতে বহি আছিলো ইয়াকে ভাবি ভাবি যে এতিয়া আপুনি যদি কাষতে বহি থাকিলহেঁতেন (কথাটো ভাবি শেষ কৰাৰ আগতেই হাঁহি এটা আপোনা-আপুনি ওলায় আহিল) চাহ একাপ খাব নেকি সুধিলোহেঁতেন (আকৌ হাঁহিলো) জানো, নাখায় আপুনি। ইলাচী এটা দি ফিকা চাহ একাপ খায় ভাল পাওঁ। আপুনি আক’ তাক কয় মচলা দিয়া চাহ! ৰাতিপুৱাৰ ফিকা চাহ কাপত নেমুৰ ৰস অকণ দিলেহে ভাল পায় আপুনি। সৰহকৈ চাহপাত আৰু গাখীৰ দি লং বা ইলাচী এটা দি বনোৱা চাহকাপ কি বঢ়িয়া হয় নহয়! আপুনি আক’ সেইকাপ চাহ নাখায়েই নহয় (কথাবোৰ লিখাৰ আগতে ভাবি ভাবি হাঁহি আছো) আপুনি নাই, অথচ দীঘলকৈ উশাহ টানি মই লৈছো আপোনাৰ সুবাস, সদায়ৰ দৰে। আপুনি কাষত নাই, এই দুখত দুখী হওঁনো কেনেকৈ? আপুনি যে এইয়া মোৰ কাষতে... উশাহত; সুখী হয় মোৰ সময়! 

আপুনি বাৰু কি কৰি আছে এতিয়া? গান শুনিছে? নে টি ভি ৰ সন্মুখত? নে বন্ধুৰ স’তে আড্ডাত? নে ভাগৰত বিচনাত বাগৰি আছে? নে পাকঘৰত সোমায় নতুন কিবা ৰন্ধাৰ চেষ্টা কৰিছে? নে মই লিখি থকা এই কথাবোৰ পঢ়ি আছে? (যদি সেয়ে হয় তেন্তে আপুনি এতিয়া হাঁহিছে শব্দহীনভাৱে, মোৰ দৰে) বৰষুণজাক আকৌ আহিল! মোৰ মন গৈছে গজল শুনিবলৈ। আপুনি কাষত থাকিলে আপোনাৰ কথাবোৰ শুনিবলৈহে বেছি ভাল লাগিলহেঁতেন।

আপুনি যে সকলোবোৰ জানে___ মই আপোনাক ভালপাওঁ, অলপ কথাতে হাঁহো-কান্দো, খং কৰো (তাইৰ কথা ক’লে) (এতিয়া পিছে হাঁহিছো), অভিমান কৰো আৰু... আৰু বহুত কিবাকিবি। মইযে নাজানো বহুবোৰ__ আপুনি কি বিচাৰে, কি নো ভাবে আপুনি, কি ভাল পায়, কি নো আছে আপোনাৰ মনৰ ভিতৰত নোকোৱাকৈ, মই নুবুজাকৈ... মাথো জানো মোক ভাল নাপায় বুলি (আকৌ হাঁহিছো); এনেয়ে কৈ দিয়ক না এবাৰ (এইবাৰ শব্দ কৰি হাঁহিছো)

কি দিব পূজাত? কিবা উপহাৰ? (আকৌ হাঁহিছো) নালাগে দিয়ক। শৰতৰ আবেলি এটাত কঁহুৱাৰ দেশলৈ লৈ যাব চোন! নতুবা কোনোবা এদিন গধূলি চহৰৰ ফুটপাথত আপোনাৰ হাতত ধৰি খোজ কাঢ়িম, কথা পাতিম, ধুনীয়া ছোৱালী দেখিলে জোকাম (কেতিয়াবা দুষ্টামি কৰি ভাল লাগে), হাঁহিম, ফুচকা খাম, বৰষুণ দিলে তিতিম, কফি খাম... সেইয়াই যথেষ্ট (যথেষ্ট মানে! বহুত বেছি হ’ল নেকি?) হ’ব বাৰু, অলপ ইফাল সিফাল কৰি ল’ম (দুষ্ট হাঁহিটো বা কেনেকুৱা! এতিয়া মই হঁহাৰ দৰেই চাগে’) আৰু আছিল... বেলেগ এদিন ক’ম দিয়ক। কবিতা এটা শুনক না (সেই দুষ্ট হাঁহিটো আকৌ ওলাইছে)

 

“কাষলৈ আহিও আপুনি দূৰত থাকে

দি যায় আপোনাৰ সময়

ভাবি ভাবি মই ঋণী হওঁ

এতিয়া মইনো আপোনাক কি দিওঁ...”

মই প্রায়েই এনেকৈ হাঁহো, কথা পাতো। আপুনিও হাঁহক না। প্লিজ...

 

 

“গানে কি আনে সুৰৰ সোপানে সোপানে...”

বয়স হৈছে বুলি ময়ো জানো দিয়কচোন। তথাপি কেতিয়াবা জানো মন নাযায় নিজকে এৰি অহা ল’ৰালিত কল্পনা কৰি! দুষ্টামি কৰিবলৈ মন নাযায় নে? ইহ্ নাযায় বুলি ক’লেই হ’বনে! মোৰ যে মন যায়। যেন দৌৰি গৈ কাৰোবাক চিকুটি থৈ আহিম, চুলিখিনিকে টানি থৈ আহিম, প্রিয়া বাক মিছাকৈ ক’ম চাৰে মাতিছে যাওঁক না বুলি আৰু যে কিমান কি মন যায় নহয়... আপুনিও দুষ্টামি কৰে দিয়ক। মই নাজানো বুলি ভাবিছে নেকি? ধুনীয়া ছোৱালীবোৰ মনে মনে চায় থাকে আৰু ধুনীয়া হ’লেও ভেকুলী বুলি কমেন্ট দিয়ে (হি হি হি... (হাঁহিছো দেই)) তাঁহাতৰ ধুনীয়া ধুনীয়া বগা গালকেইখন চাগৈ খঙতে ৰঙা পৰে, নাকৰ পাহি ফুলে চাগৈ, কিজানি আপোনাক মনে মনে গালিও পাৰে (হি হি হি... হাঁহিছো আক’)) কথা এটা কওঁনে? শুনক না মোৰ যে... মোৰ নহয়... ক’ম জানো? পিছত ক’ম... (হি হি হি... (হাঁহিছো বুলি গম পাইছেই আৰু :))

“দম মাৰ’ দম, মিত্ যায়ে গম...”

ধেইত কি নো ভাবিছে, মই নাই গোৱা অ’ শুনিহে আছো। মই কিবা গান গাব জানো নেকি! আপোনাক আক’ গাবলৈ ক’লেও নাগায়। গুণগুণাব চোন কেতিয়াবা। মোৰ খুউব ভাল লাগে জানে, যদিওবা আপোনাৰ মাত টো কাউৰীৰ দৰে (হি হি হি... হাঁহিছো আক’, গম পোৱা নাই নেকি))

“শিলে শিলে ঠেকা খালে নিজৰাৰে পানী... মনে যে বিচাৰে মন কোনে দিব আনি...লাই লা হিলালি লাই...”

ইহ ৰ’বচোন এইবাৰো গোৱা নাই মই। কেতিয়াবা বাছত গৈ থাকোতে এনেকুৱা গান যদি বাজি থাকে আপুনি কি কৰে? কেৱল শুনে! আচৰিত দেই! আপুনিও যে! মই যে নোৱাৰো! ঠাণ্ডা-মুণ্ডা হৈ চুপ-চাপ বহি থাকিবলৈ ইম্মান কষ্ট হয়! প্রথমে ভৰিৰ আঙুলিকেইটা ল’ৰে, তাৰপিছত হাতৰ আঙুলি, তাৰপিছত ডিঙিটো আপোনা-আপুনি... গম পাইছে নহয়! কেতিয়াবা তো মন যায় দুহাত মেলি বাছৰ ভিতৰতে চিঞৰি দিম “শিলে শিলে...” উফফ... কিমান কষ্টৰে কণ্ট্র’ল কৰো নহয়! হাঁহিও উঠে নিজৰ ওপৰতে। ইফালে-সিফালে চাওঁ মানুহবোৰে মোক চায় আছে নেকি। দীঘলকৈ উশাহ এটা লৈ ভাবো, ৰক্ষা যে কোনেও চায় থকা নাই (হাঃ হাঃ হাঃ... ৰাৱণৰ হাঁহি বুলি নক’ব আক’ এতিয়া)

“নাহৰ ফুলাৰ বতৰতে মোৰ... হালধি মাহে সুগন্ধি সনা চিকুণ কোমল দেহৰ ভাঁজত...”

নাই ফুলা নাহৰ। আপুনিও যে আৰু! নাহৰ ফুলিলেহে নাহৰৰ কথা ক’ম নেকি? তগৰ, নাহৰ নুফুলিলেও মোৰ কেতিয়াবা বিহু বিহু লাগে দেখোন! কিয় বাৰু? আপুনিনো কেনেকৈ জানিব ন’। মইহে জানিম। (এনেকৈ ক’ম বুলি ভাৱি আছিল চাগে’, ময়ে কৈ দিলো আৰু (হি হি হি... হাঁহিছো আক’, নাহাঁহিম নেকি?)) হ’ব আৰু, আপুনি কিবাকিবি ভাৱি বেকা হাঁহি মাৰিব নালাগে এতিয়া। ইচ্... কি হ’ল জানে? কওঁনে? পিছত ক’ম। এহ কৈয়েই দিওঁ ন’... অংগৰাগৰ “অ’ বাৱলে ঝৰণে...”ৰ স’তে ময়ো হিলি-দুলি আছিলো। হঠাতে ভাৱ হ’ল কোনোবাই যদি মোক চায় আছে বাহিৰৰপৰা! খিৰিকীৰ পর্দাকেইখন নমাই দিছো (হাঃ হাঃ হাঃ)।

“চ’টি চ’টি বাঁটে হ্যে য’... ক্যা কঁহে হম ৰেহনে ভি দ’...”

অলপ ট্রেজেদি ফালো এতিয়া। আপুনি যে নাফালে তাৰ কি গেৰাণ্টি আছে (আপুনি তো আৰু শিল নহয় দিয়কচোন! কোনে জানে আপুনি কেতিয়া কান্দে। চকুপানী ওলালেই তো আৰু কন্দা নুবুজায়!) কেতিয়াবা যে ঘৰৰপৰা আহোঁ। এদিনৰ কথা তো নহয়। এই ১৩-১৪ বছৰে কিমানবাৰ অহা যোৱা কৰিছো ঘৰলৈ। কিন্তু কেতিয়াবা খিৰিকীৰে সোমোৱা বতাহৰ স’তে ফুচফুচাই কথা পাতি আহি থাকোতে চকুকেইটাই কিয় যে কান্দে নহয় বুজি নাপাওঁ! ঘৰলৈ দেখোন আকৌ যামেই! মেনটেল নে কি সেইটো চাগে’ (হি হি হি... (এতিয়া নাহাঁহি কান্দিম নেকি কিবা))

“কিছু দূৰৈৰ কিছু বাটৰ লগৰী হৈ তো চাব পাৰা... নেলাগে হ’ব মোৰ দিঠকৰ তৰা, মোৰ সপোন নিব তো নোৱাৰা...”

কি? আপুনি সপোন নেদেখে? বিচনাত পৰিয়েই নাক বজায় কুম্ভকর্ণ শোৱন দিলে ক’ত সপোন দেখিব। সপোনে চাগে’ ভয়তে পলাই পত্রং দিয়ে (হি হি হি... (আপোনাৰ নাকৰ সংগীতলৈ মনত পৰিয়েই হাঁহি উঠি গৈছে আৰু)) মই সপোন দেখো। নেদেখিম নেকি? কমকৈ শুলে কি হ’ল। যিমানকণ সময় টোপনি যাওঁ আপোনাক দেখি থাকোতেই যায়! কি? মিছা কৈছো? বিদ্যা শপত অ’, সঁচাকৈ কৈছো। সঁচা কথাটো হ’ল মই সপোনেই নেদেখো, দেখিলেও পাহৰি যাওঁ (হি হি হি... মই যে শপত নাখাওঁ জানেই দেখোন। পেট ভৰা বস্তু হ’লেহে খাম কিবা। সোৱাদ নথকা বস্তু খায় নেকি) কেতিয়াবা মিছা কথাও কওঁ কিন্তু। এইযে কিছু দূৰ আহিল...জানো আপুনি যাব। আজি নহ’লেও কালিলৈ। যাওঁক বুলিও ক’ব নোৱাৰিম, ৰৈ যাওঁক বুলিও ক’ব নোৱাৰিম... একোৱেই ক’ব নোৱাৰিম... কি হ’ব তেতিয়া? তামাম ট্রেজেদি হ’ব নহয় (হাঃ হাঃ হাঃ... কামোৰ আৰু ন’)

“মন যায় মোৰো... সুখী হৈয়ে ৰোৱা মোৰ অবিহনে এইয়া মোৰে শুভকামনা...”

ৱাহ! আপুনি গুচি যাব আৰু মই এনেকৈ বিদায় দিম চিনেমাৰ দৰে! (হাঃ হাঃ হাঃ... কি সংলাপ!) এখন কি কেইবাখনো উপন্যাস লিখি দিব পাৰিম দেখোন! আপোনাৰ স’তে চিনাকী, কিছু সময়, অলপ অন্তৰংগতা, কিছু আক্ষেপ, কিছু অভিমান, কিছু ভুল বুজাবুজি, কিছু ধেমালি, সহস্র হাঁহিৰ মাজত এচিকুট চকুপানী, শেষ নোহোৱা অপেক্ষা... (হি হি হি... ট্রেজেদি টো অলপ বেছি হৈছে নেকি বাৰু?)

“তেৰে বিনা জিন্দেগী চে ক’য়ি চিক্ ৱা ত’ নেহি...”

বয়স হ’ব (হি হি হি...হ’বলৈ বাকী নাই, হ’লেই আৰু ) চুলিত ৰূপালী ৰং... (কিনি অনা কলপ লগালে বেলেগ কথা আৰু, হাঃ হাঃ হাঃ) হঠাতে এদিন লগ পায় যাম... আৰু... আৰু বুলিবলৈ কি আছে! কেটেৰেক্ট পৰা চকুৰে যদি ভালকৈ দেখো, দেখি যদি চিনি পাওঁ তেতিয়া মাতষাৰ দিম আৰু। চিনি নাপালে ভাৱি থাকিম এই বুঢ়াটো কোন আছিল বাৰু? পিছে নিজেও যে বুঢ়ী হ’লো সেইটো চাগে’ অলপ দেৰি পাহৰি থাকিম (হি হি হি... বয়স হ’লে কথা পাহৰেই আৰু দিয়কচোন)

আজিকালি বোলে মই খুউব হাঁহো। চাওঁকচোন! হাঁহিলেও ক’ব হাঁহিছো, নাহাঁহিলেও ক’ব ট্রেজেদি ফালিছো! একো নকৰাকৈ থাকো নো কেনেকৈ। (হঁহা মানুহ বোলে চেলেপু, কান্দিলে ক’ব ন’তঙ্কী চ্যালা, চেন্টি পিচ্) উফফ... জালিম জমানা... (হি হি হি... ) আচলতে মই এনেকৈয়ে কথা পাতো। আপোনালৈও বৰকৈ মনত পৰি আছিল। আপোনাৰ আমনি লাগিছে যদি আজিলৈ সামৰো আৰু। অন্য এদিন আকৌ বহিম কথা পাতিবলৈ।

অ’ কথা এটা হ’ল নহয়। কওঁনে? আপোনাক কওঁ কেতিয়াবা সুহুৰি বজাবলৈ। মোৰ যে এটাও কথা নোশুনে আপুনি! গান শুনি শুনি ময়েই বজায় আছিলো। কাৰেন্টটো গ’ল। এতিয়াহে মায়ে কোৱা মনত পৰিছে “ছোৱালীয়ে সুহুৰি বজাব নাপায়। ৰাতি সুহুৰি বজালে ভূত আহে!” কি হ’ব এতিয়া? আপুনি তো আৰু নাহে ভয় খেদাবলৈ! তেতিয়া হ’লে আপোনাক কিয় কৈছো মই? যি হ’বলৈ আছে হ’ব আৰু, ভূত আহিলে আপোনাৰ ওচৰলৈকে পঠিয়াই দিম বাপ্পেকে (হাঃ হাঃ হাঃ... মই নাই হঁহা, আপুনিহে এনেকৈ হাঁহিছে চাগে’)

 

শৰত অহাৰ খবৰ কোনে দিয়ে...

হুমমম... ভালে আছে? মোৰ ভাল। সিদিনা ক’ত এৰিছিলো? কি ক’লে? অ’ হয় হয়, ভূতৰ ভয়ত শেষ হৈছিল সেইদিনাৰ কথা (কথাষাৰ আপোনাৰ মনত আছে দেখোন!) আপুনি যে মনত থৈছে, ভাৱিয়েই ভাল লাগিছে মোৰ! মোৰ নো আৰু কি, মোৰ ভাল লগাবোৰ এনেকুৱাই। কিয় জানো আজিকালি ভাল লগাবোৰ বেছি হৈছে! আপুনি জানে নেকি? (ময়েই নাজানো, আপুনি নো কেনেকৈ জানিব ন’! ময়ো যে! হাঃ হাঃ হাঃ) আজিকালি চাগৈ কথাবোৰ বৰকৈ ভাৱি নাথাকো।

আহিন আহিল হেনো। চিনি পায়নে আহিনক? ভাল লাগেনে আহিন? কাক বেছিকৈ ভাল লাগে? শৰৎ নে শেৱালিক? নিয়ৰ নে দূৱৰিক? আপুনি চাগৈ শেৱালিকেই ভাল পায় (মইহে ভাৱিছো দেই তেনেকৈ। কিজানি বা আপুনি নিয়ৰৰ হে প্রেমিক! হ’ব পাৰে (নহ’ব বুলিতো কথা নাই), নহ’বও তো পাৰে (হ’বই লাগিব বুলিও তো কথা নাই! হাঃ হাঃ হাঃ গালি নাপাৰিব ৰ’বচোন) মনত আছেনে আপুনি যে এদিন কৈছিল আহিনৰ এনেকুৱা এটা পুৱাতে তেওঁ আহিব আপোনাৰ জীৱনলৈ। সৰি থকা শেৱালি গচকি দীঘল পদূলিৰে এখুজি দুখুজিকৈ সোমাই আহিব তেওঁ! আহ! কিয় জানো ময়ো বাট চাই থকা হৈছো সেই দিনটোলৈ! (নামহীন কি জানো এই অনুৰাগ! নুবুজো দেখোন! অৱশ্যে চেষ্টাও নকৰো বুজিবলে’)

মোৰ কি জানে, সৰু হৈ থাকোতেই শেৱালি বুটলিছিলো (এতিয়া বহুদিনেই হ’ল শেৱালিৰ গোন্ধ নোপোৱা), ফ্রকৰ কোঁচ ভৰাই বুটলো শেৱালি। তাৰে মালা গুঠো আৰু বেৰত ওলমি থকা কৃষ্ণৰ ফটোখনত আঁৰি দিওঁ! কোনে শিকাইছিল নাজানো (হয়তো কোনেও শিকোৱা নাছিল), কৃষ্ণৰ ঠাইত শিৱৰ ফটো এখন নো কিয় থোৱা নাছিলো নাজানো! (শিৱই যে ভাং খায় সেয়ে চাগে’... হাঃ হাঃ হাঃ) মালাদাল মৰহি যায়, পিছদিনা নতুন এদাল মালা গুঠো। মৰহি যোৱা শেৱালিবোৰ নাকৰ ওচৰলৈ নি গুন্ধি চাওঁ! সেয়াও দেখোন এক সুকীয়া সুবাস! তেনেকৈয়ে, শেৱালি ফুলি শেষ নোহোৱালৈকে মালা গুঠো আৰু বাট চাওঁ পিছৰটো আহিনলৈ! মই জানো শেৱালি ভাল পাইছিলো? মই ভাল পাইছিলো আহিনৰ নীলা আকাশখন! তাতোতকৈ বেছি ভাল পাইছিলো সেই আকাশক চুব খোজা কঁহুৱাৰ দুর্বাৰ হাবিয়াসক! (ভালপোৱাবোৰৰ জানো তুলনা হয়?) আকৌ কেতিয়াবা ভাৱ হয় আকাশখন ইমান অহংকাৰী কিয়? কঁহুৱাবোৰনো দুর্বল কিয়? (অৱশ্যে মনঃপুত উত্তৰ এটা নাই মোৰ ওচৰত এতিয়াওঁ!)

জানিও যিদৰে বহুত কাম কৰা নহয়, তেনেদৰে নাজানিও বহুত কাম কৰা হয়! (নহয়জানো?) একো নজনাকৈয়ে কৃষ্ণৰ ফটোখন ভাল লাগিছিল শিৱতকৈয়ো। বাঁহীৰ মাত শুনি ভাল লাগিছিল কোনো কাৰণ নোহোৱাকৈয়ে (কাৰণ নোহোৱাকৈ জানো কিবা ভাল লাগে?) ভালপোৱাৰো জানো কাৰণ থাকে? আপুনি কি ভাৱে? চাগৈ তেতিয়াই কৃষ্ণৰ প্রেমত পৰিছিলো নহয়? (হাঃ হাঃ হাঃ... ৰ’বচোন, ইমানকৈ নাহাঁহিব) ওঁহো, মীৰাবাঈ নহয় মই (মীৰাবাঈৰ দেহাতীত প্রেম জানো তুলনা হয়!), নিজক নিজে চিনি পাওঁ দিয়কচোন! তেন্তে, ৰাধা নেকি? নাজানো! (চিনি পায়ো চিনি নোপোৱা হৈ যাওঁ দেখোন নিজক!) যিয়েই নহওঁক, কৃষ্ণৰ ফটোখনে আজিও লগ এৰা নাই! কোনেনো ক’লে জানো কৃষ্ণৰ চেহেৰাটো এনেকুৱাই বুলি?! (আপুনি আকৌ হাঁহিছে যে! ময়ো হাঁহিছো অ’)

আজিকালি যেতিয়াই তেতিয়াই এই হাঁহিবোৰ ওফৰি পৰে দেখোন! কিয় জানো! (কাৰণ নোহোৱাকৈয়ে নে?) চাব আক’ হাঁহিবোৰে আপোনাকো খুন্দিয়াব! (হাঃ হাঃ হাঃ ... খুন্দিয়ালে ভালেই দিয়কচোন) আজিকালি সময়বোৰ এনেকৈয়ে সুখী হয় দেখোন (দুখী হোৱাৰ কাৰণবোৰ নিলগাই থওঁ)।

দুদিনকৈ ছুটী। কি নো কৰিম জানো। কৰিবলৈ বহুত কাম। পিছে কৰিবলৈ থকা কামবোৰ কৰিবলৈ মনেই নাযায় দেখোন। মন যোৱা কামবোৰনো কি তাকো নাজানো! ভাৱি ভাৱি একেবোৰ কথাকে পাগুলিয়াই থাকি বিচনাতে পেট পেলাই পৰি থকাৰ বাদে একো নহয়গৈ। (এলেহুৱা ক’ৰবাৰ ন’) একো নভৱাকৈ থাকিবও নোৱাৰি দেখোন। কি যে... গোটেইখন খেলিমেলি! দেখা যাব। যি হয় হ’ব আৰু... চাহ একাপ খাব নেকি? মছলা দিয়া? (হাঃ হাঃ হাঃ) বাৰু নালাগে, ময়েই খাওঁ।

 

আপোনাক ভালপাওঁ বাবেই জীয়াব বিচাৰো আৰু আপোনাক ভালপাওঁ বাবেই নিতৌ মৰাৰ কথা ভাবো...

আমি যে কওঁ “মোৰ দৰে মোক কোনেও বুজিব নোৱাৰে।” আচলতে কথাটো তেনেকুৱা জানো? নিজক নিজে বুজি পোৱাটোৱেই চাগৈ সকলোতকৈ কঠিন! নিজক যিমানেই নুবুজাওঁ কিয় বুজি পালেও আকৌ অবুজনৰ দৰে একেবোৰ কামকেই কৰি থাকো! এইযে কিবা এটা ক’ব খুজিছো... অথচ কি ক’ব খুজিছো নিজেই বুজি পোৱা নাই! ফলাফল__ চকুৰপানী টুপুৰ-টাপাৰ (হাঃ হাঃ হাঃ), অদৰকাৰী! কেতিয়াবা এনেয়ে কান্দো মই, এতিয়াৰ দৰেই (হাঃ হাঃ হাঃ পাগল ক’ৰবাৰ); কাৰণ নাই, অজুহাত নাই, আক্ষেপ নাই, অভিযোগ নাই... তথাপি কথাবোৰ পাগুলিয়াই থাকি কান্দি থাকো আৰু নাকটোৱে ফেচফেচাই থাকে! ম’বাইলটো লাহেকৈ অফ কৰি থওঁ। ভাব হয় কিজানিবা আপুনি সেই সময়তে ফোন কৰে আৰু গম পাই যায়...! অথচ (মিছা নকওঁ) সেই সময়ত মই আপোনাৰ উপস্থিতিকেই কামনা কৰো! ভাব হয় আপোনাৰ বুকুতে মুখ লুকুৱাই কান্দি লওঁ হেঁপাহ পলুৱাই! অদ্ভুত!!! চকুৰপানীৰে গাৰু তিতে। চকুপানী মচি মচি এইবাৰ হাঁহিবলৈ লওঁ ইয়াকেই ভাবি যে মই কান্দিছো কিয়? আচৰিত!!! ম’বাইলটো অন কৰো, এটা এচ এম‌ এ‌চ লিখো আপোনালৈ, নিশা দুই বাজে আৰু... (এচ এম এচ টো আপোনালৈ পঠিওৱা নহয়); তেনে সময়তে আপোনাৰ ফোনক’ল এটালৈ বাট চাওঁ, নাহে বুলি জানিও (দোভাগ নিশা মোৰ বাদে কোন নো সাৰে থাকিব! সপোনবোৰৰ বাদে!) তেতিয়া হয়তো আপোনাৰ দুচকুত আপোনাৰ চিনাকী সপোন... হেঁপাহৰ, আদৰৰ... তাকে সাৱটি আপুনি টোপনি যায়!

মানুহ কেনেকৈ সুখী হয়? মই কেতিয়া সুখী হওঁ? ভাল লগা গান এটা শুনিলে, ভাল লগা চাহ একাপ খাবলৈ পালে, নিৰলে কিছু সময় বেলকণিত বহিবলৈ পালে, টোপনিৰপৰা সাৰ পায়ো ইকাটি-সিকাটি কৰি বিচনাতে পৰি থাকিবলৈ পালে, নিয়মৰ নিয়মবোৰ কেতিয়াবা ভাঙিবলৈ পালে, কেতিয়াবা অলপ দুষ্টামি কৰিবলৈ পালে, লেডি-বার্ড চাইকেলখন চলাই স্কুললৈ যোৱা দিনবোৰৰ কথা মনত পৰিলে, পচন্দৰ কাপোৰ এযোৰ কিনিবলৈ পালে, ভাল লগা কিতাপ এখন পঢ়িবলৈ পালে, মাহৰ প্রথম সপ্তাহতে দৰমহাটো পালে, বাছত খিৰিকীৰ কাষৰ ছিটটোত বহিবলৈ পালে, মাৰ হাতত দুটামান টকা তুলি দিবলৈ পালে, কোনো কাৰণ নোহোৱাকৈয়ে আপোন মানুহকেইটাক সৰু হ’লেও উপহাৰজাতীয় কিবা এটা দিবলৈ পালে, লগৰবোৰৰ সৈতে কোনোবা এদিন ওলাই গৈ এসাঁজ লগে-ভাগে খাবলৈ পালে, কাৰোবাৰ প্রয়োজনত অলপ হ’লেও সহায় কৰি দিবলৈ পালে, কাৰোবাৰ দুখৰ সমভাগী হ’বলৈ পালে... ইমানবোৰ কাৰণ ভাল লাগিবৰ বাবে! ভাল লগাবোৰেই আমাৰ সময়বোৰ সুখী নকৰে জানো? (আপোনাৰ মাতষাৰেই মোক সুখী কৰে! ইয়াতকৈ বেছি আৰু কি ক’ম? :) )

এতিয়া ভাবিছো ইমানবোৰ কাৰণ সুখী হোৱাৰ, দুখী হওঁ কিয়? কেনেকৈ? দুখী আছিলো (হয়তো আপুনি জানিছিল, হয়তো নাজানিছিল); হয়তো মই নিজেই নাজানিছিলো দুখৰ কাৰণ কি আছিল! হয়তো প্রতিদিনেই লিখিছিলো আপোনালৈ এচ এম এচ! (চিঠি লিখাৰ দিনবোৰ যে অতীত হ’ল :) ) পঠিওৱা নাছিলো। কেতিয়াবা আপোনাৰ নীৰৱতাক সহিব নোৱাৰি পঠিয়াই দিছিলো। যাৰ উত্তৰ আপুনি কেতিয়াও লিখা নাছিল (লিখিছিল জানো? :) ) এটা বছৰ... বহুত দীঘল... কথাৰ কথা, বহুত কথা... বাদ দিছো :)

আচলতে আমি কি বিচাৰো? জীৱনৰপৰা? সময়ৰপৰা? অকণমান সময়েই নহয়জানো? সেইয়া জানো আমি পোৱা নাই? পাইছো! তেন্তে? নোপোৱাৰ দুখ, হা-হুমুনিয়াহ বোৰে কিয় জুমুৰি ধৰেহি? নাজানো! নজনাকৈ, নুশুনাকৈ, নুবুজাকৈ কিমানবোৰ কথা শেষ হৈ যায়! আৱেগ, অভিমান, আক্ষেপ, অভিযোগ... এইবোৰ জানো সম্পর্ক এটাৰ অলংকাৰ নহয়? (সুধিছোহে! মই নিজেই কথাটো কিমান দূৰ মানি ল’ম নাজানো! :) )

“বৰষুণৰ দিনবোৰত তোমালৈ মনত পেলাম আৰু অকলে তিতিম” এনেকুৱা কবিতাৰ শাৰীবোৰ শুনিলে মনটো এনেয়ে সেমেকি আহে অ’! ভাৱ হয় ময়ো যেন কেতিয়াবা ক’ম “বৰষুণৰ দিনবোৰ মোৰ চহৰলৈ দুনাই নাহক। বিদায় বৰষুণ...মই জানো, সুখী হোৱাৰ বাট বন্ধ সম্প্রতি...”  তাৰ পিছতেই বাঁহীৰ সেই সুৰ... মৰি থাকিবলৈ মন যায়! ওঁ... সঁচা! (আপুনি পাগল বুলি ভাবিলেও আপত্তি নাই :) ) দেৱদাস যে হ’ব নোৱাৰো!!!

কি জানে, মই এতিয়াওঁ ভয় কৰো আপোনাৰ দহটা নম্বৰৰ সংখ্যাটো দায়েল কৰিবলৈ! যদি ৰৈ ৰৈ বাজি শেষ হৈ যায় ৰিঙবোৰ... যদি শুনা নাপাওঁ মোৰ আকাংক্ষিত আপোনাৰ মাত... যদি... আৰু একেদৰেই আজিও বাট চাওঁ বিশেষ কেইটামান সময়ত অহা আপোনাৰ ফোনক’ল কেইটালৈ! সেইবোৰকে মনত পেলাই কেতিয়াবা হাঁহো, কেতিয়াবা কান্দো... (চূড়ান্ত পাগলামী নহয়নে? :) ) সৰু সৰু দুষ্টামি, সৰু সৰু সুখ... সুখী হ’বলৈ যথেষ্ট মোৰ (তথাপি হঠাতে দুখী হওঁ কিয়? অদ্ভুত!)

শুনিবলৈ যেতিয়া কোনো নাথাকে তেতিয়া ক’বলৈ বহুত কথা! আচলতে ক’বলৈ যেতিয়া একো নাথাকে তেতিয়া ক’বলৈ বহুত থাকে__ এতিয়াৰ দৰে! (হাঃ হাঃ হাঃ) আচলতে মই নিজেই নাজানো মই এতিয়া কি ক’ব খুজিছো! ভাবিবলৈ বাদ দি এইয়া শুনিছো তপন দাসৰ কণ্ঠত প্রণৱ দাৰ কবিতা... “আইৰ আধাপেতী খোৱাক লৈ দুশ্চিন্তা, বেশ্যাৰ প্রজাতি, প্রেয়সীৰ বুকুত থূপ খাই ক্রমশঃ বাঢ়ি অহা লাজবোৰ...” কবিবোৰে কি কি যে ভাবি নাথাকে ন’? আপুনি দেখিছিল নে প্রেয়সীৰ বুকুৰ বাঢ়ি অহা লাজবোৰ?! বেশ্যাৰ প্রজাতিৰ বিষয়ে কেতিয়াবা ভাবিছে? (মই ভাবো! The moon is like a prostitute! the Whore of hell and the Angel of heaven is the same! What is my identity! আপুনি এতিয়া ভাবিবলৈ বাধ্য যে এইয়া “মই আৰু মোৰ পাগলামী” হাঃ হাঃ হাঃ) কবি’ক বেয়া পালেও কবিতাবোৰ বেয়া নালাগে দেখোন! (পাগলামীৰ নমুনা! :) ) (কেনে আছিল বাৰু আপোনাৰ প্রেয়সী?) মন যায় জানে এবাৰ আপুনি হৈ চাবলৈ! (কবিয়ে এইবাৰ কৈছে “আকাশৰো সীমা আছে, মেঘ আৰু চৰাই...” আৰু ময়ো চৰাই হৈ উৰিছো ক্ষন্তেক! সীমাৰ ভিতৰত!)  

মোৰ চিনাকী মোৰ সীমা! তথাপি অসীমত হেৰাই যোৱাৰ হেঁপাহ! সুখৰেই হওঁক বা দুখৰ, এৰি অহা সময়ক সোঁৱৰিলে দুচকুত পানী জমা হয়েই! চাগৈ সেয়ে সকলো ডায়েৰীৰ পাতবোৰ সেমেকা। ডায়েৰীৰ পাতবোৰৰ মাজে মাজে নিজক হেৰুৱাৰ সুখ! নিজক হেৰুৱাই কেনে লাগে! নুবুজে আপুনি! (নে বুজি পায়? আপোনাক চাগে’ মই বুজি নাপাওঁ!) হয় কথাতো, অধিকাৰৰ দাবী কৰিব নোৱাৰি; কৰাৰ হাবিয়াসকো কেতিয়াবাই বিদায় দিছো! অভিমান, অভিযোগবোৰ ক্ষন্তেকীয়া; সীমাৰ ভিতৰতে তাঁহাতি থাকিবলৈ শিকিছে! আপোনাক দিম নো কি যে মই বিচাৰিম? (ঐশ্বর্য্য, যৌৱন, সৌন্দর্য্য...) নিঃকিন মই কবিৰ দৰেই!

আমিবোৰ সুখী হ’ব নাজানো বাবেই অসুখী! (সুখ দেখোন উপচি থাকে!) কিমান জনে কেৱল আনক সুখী কৰিয়েই সুখী হৈ থাকে!(আপুনিও দেখোন!) মা-দেউতাকো দেখা নাই মই নিজৰ সুখৰ কথা ভাবি কিবা কৰা। ল’ৰা-ছোৱালী সুখেৰে থাকিলেই তেওঁলোকৰো সুখ। আচৰিত! আপোনাক মই দিছো কি? একো তো নাই! অথচ মই সুখী আপোনাৰ বাবেই... দুখতো, সুখতো! এতিয়া দুখী হওঁ কেনেকৈ!

হুমম... আৰু ভাবিবলৈ মন যোৱা নাই :) , তপন দাৰ লগত কবিতাকে শুনো___

 

“ ... ঈশ্বৰ নাকচ, গান বেসুৰা, ৰাতি টোপনি নাযাওঁ

তোমাক ভালপাওঁ

অংকত অমিল, স্বপ্নত দুর্ঘটনা, ৰাস্তাত ৰক্তপাত

তোমাক ভালপাওঁ...

প্রেম প্রতাৰক, মোৰ কি?

মাতাল নৰকাসুৰ, চলনাৰ কামাখ্যা

তোমাক ভালপাওঁ...

...ভালপোৱাৰ বাবে মোৰ বুকুত সাৰে থাকে এখন ঢৌৱাল এখন সাগৰ

ভালপোৱাৰ বাবে শঙ্খবোৰে আহি অপেক্ষা কৰে বালিচৰত

ভালপোৱাৰ বিষাদৰ তৰা খহে ৰাতিৰ আকাশত

ভালপোৱাৰ বাবে ঘৰৰ মুধচত জোনে কান্দে।

... একো কথাকে নালাগে ভাল__ চুমা, মৈথুন, পর্যটন

তোমাক ভালপাওঁ

সকলোতে অস্থাপিত বিশ্বাস, জীৱন, যৌৱন, বোধৰ পুৰাতন

তোমাক ভালপাওঁ...

... যদি ক’ৰবাত স্বাধীনতা আছে

যদি তেজ দিলে স্বাগতম জনাব পাৰো সেই স্বাধীনতাক

যদি ক’ৰবাত ক্ষুধাৰ বিৰুদ্ধে সমদল আছে

যদি সমদলত যোগ দি ভালপাওঁ

যদি ক’ৰবাত পিয়াহ আতুৰ গাঁৱবোৰত কোনোবাই খান্দিছে নাদ

যদি মাটি খান্দি এচলু পানী পোৱাৰ সম্ভাৱনা আছে

যদি পৰিৱর্তনৰ ঋতু গছৰ পাতে পাতে উৰিছে...

.............. তেনেহ’লে আপত্তি ক’ত

তোমাক ভালপোৱাৰ?”

আজিকালি মই মোৰ দৰে নোগোন্ধাওঁ দেখোন! :)


@ সাম্প্রতিক অসম, ৯ মার্চ ২০১৫

 

 

Post a Comment

0 Comments