আকাশৰ সীমা বিচাৰি…

নাৰী অর্দ্ধ –আকাশ ! আকাশৰ জানো সীমা আছে? পাৰি জানো জুখিব তাৰ পৰিধি? আকাশ শূন্য নে পূর্ণ? আকাশে জীপাল কৰে মাটি। কেতিয়াবা ৰ’দ, কেতিয়াবা বৰষুণ! খৰাং, বান, সেউজীয়া… সকলোবোৰ দেখোন আকাশেই দিয়ে! ইমানবোৰক লৈ আকাশ পৰিপূৰ্ণ হৈ থাকেনে? যদি পূর্ণ, তেন্তে ইমান শূন্যতা কিয় আকাশৰ বুকুত?

ক’ৰপৰা আৰম্ভ হয় কথাবোৰ? আৰম্ভণিটোৰ আৰম্ভ য’ত হৈছিল ত’ৰপৰা? নে আৰম্ভণিটো য’ত শেষ হৈছিল ত’ৰপৰা? নে আৰম্ভণিটো শেষ হৈ য’ত নতুন এটা আৰম্ভণিৰ আৰম্ভ হৈছিল ত’ৰপৰা? নে আৰম্ভণিটো আৰম্ভ হৈ আধাতে শেষ হৈ নতুনকৈ আৰম্ভ হোৱা আৰম্ভণিটোৰপৰা? ক’ৰপৰা? নাৰী বুলি ক’লে মোৰ দুচকুত ‘মা’ৰ ছবিখনহে আহে। হাজাৰজনী ‘মা’ৰ হাতত মোৰ কিছু অনুভৱ…

বুইছ বৌটি। নতুন বছৰক আদৰিবলৈ হ’ল নহয়। আমাৰ অফিচৰপৰা গৈছিলো বনভোজ খাবলৈ। মোৰ মন নাছিল। জোৰ কৰিয়েই লৈ গ’ল মোক। কিমান খাবি। ভাতৰ সৈতে বিধে বিধে তৰকাৰি । আৰু আমাৰ পুৰুষ সহকর্মী কেইজনৰ বাবে কেইবা বিধো বিলাতী সুৰা। নামবোৰ ক’লেও তই জানো চিনি পাবি। নকওঁ দে। সেইবোৰ খোৱাৰ পিছত কাৰো ভাত খাবলৈ পেটত ঠাই নাছিল। নষ্ট হ’ল ভাত-তৰকাৰি । নৈৰ পাৰতে পেলাই আহিব লৈছিলোঁ সেইবোৰ কাউৰী, কুকুৰৰ বাবে। কথাটো গ’ম পাই ক’ৰপৰা জানো ফটাচিটা কাপোৰ কানি পিন্ধি হাতে হাতে পলিথিন একোটা লৈ এপাল ল’ৰা ছোৱালী ওলালহি। পেলাই দিয়া ভাত তৰকাৰিবোৰ ল’বলৈ তাহাঁত মখাই হেতা-ওপৰা লগালে। কিমানদিন ছাগে ভালকৈ খাব পোৱা নাই সিহঁতে ! উভতি আহোঁতে তোলৈ মোৰ বৰকৈ মনত পৰিছিল। মই যেতিয়া সৰু আছিলো, ইটো নাখাওঁ সিটো নাখাওঁ কৰি থাকিছিলো, তেতিয়া তইযে সাধুকথাৰ দৰে কৈছিলি-তহঁতৰ ছ টা ভাই ভনীৰ তই ডাঙৰ। কেতিয়াবা তহঁতে চাউল নথকাৰ বাবে বাৰীৰ কচু সিজায়ো খাইছিলি। বাৰীৰ নেমুটেঙা, জলকীয়া নি ওচৰৰ দেওবৰীয়া হাটত বিক্ৰী কৰি চাউল দাইল কিনিছিলি।

মই জানো তোৰ পঢ়িবলৈ মন আছিল। (এতিয়াওঁ তই মনে মনে ইংৰাজী আখৰ কেইটা লিখিবলৈ চেষ্টা কৰি থকা মই বহুত দিন দেখিছো। মই কৈ দিলে কিজানি তই লাজেই কৰ’ সেই বুলিয়েই একো নকওঁ। জানো, তই জুকিয়াই জুকিয়াই ইংৰাজী বাতৰি কাকতখন পঢ়িব পৰা হৈছ।) তোৰ গোট গোট হাতৰ আখৰ কেইটা দেখিয়েই গম পাওঁ তই পঢ়াত ভাল আছিলি। তথাপি তই স্কুল আধাতে এৰি তোৰ পিতাইক কৈ দিছিলি তোৰদ্বাৰা আৰু পঢ়া ন’হব, তই নোৱাৰ। কিন্তু তই, কেৱল তই জানিছিলি। তই জানিছিলি তোৰ এটা ভায়েৰাৰ ইঞ্জিনিয়াৰ হোৱাৰ মন। পিতায়েও তাক চহৰৰ স্কুলত পঢ়ুৱাইছিল অ’ৰ ত’ৰপৰা পইচা ধাৰ ঋণ কৰি। আৰু তই? তই নিজৰ সপোনবোৰক চিতাজুইত তুলি দি বিয়া হৈ গৈছিলি কম বয়সতে তোৰ অপছন্দৰ মানুহ এটাৰ সৈতে।

…শাহুৰ-শহুৰ, দেৱৰ-ননদ্, হাঁহ-কুকুৰা, গৰু-ম’হ, খেতি পথাৰে ভৰ্তি এখন ঘৰত মেলি দিলি তই তোৰ জীৱন দিঙা। নিৰবে পূৰ কৰিছিলি আটাইৰে আব্দাৰ। তই কেতিয়াওঁ সপোন দেখা নাছিলি নে? এটা সপোন ? নিজৰ বাবে, কেৱল নিজৰ বাবে? শাহুৰ খেচ্ খেচনি, ননদৰ তিৰ্য্যক মন্তব্য…ক’তোৱেই তোৰ অসন্তুষ্টি নাছিল নে? গৰু-ম’হৰ বাবে ঘাঁহ কটা, হাঁহ-কুকুৰাৰ বাবে দানা যোগাৰ কৰা, ঘৰৰ মানুহকেইটাৰ আলপৈচান ধৰা, নিজৰ মানুহটোক সুখী কৰা, ঘৰৰ বাহিৰ-ভিতৰ আল্ মৰা, খেতি-পথাৰ আছেই, চোঁতালত ডাঙৰ কৈ মৰণা এটা মেলা, বিহু পালেহি বুলি গামোচা এযুতি লগোৱা; বিহু বুলিলে জানো তাঁতশাল খনতে সব শেষ হয়! ইমান কাম তোৰ! এই ইমানবোৰৰ মাজত তোৰ নিজৰ বাবে কৰিবলৈ একো নাছিল নে? একোৱেই নাছিল? মই আহিছিলোঁ তোৰ কোলালৈ । তই হাঁহিছিলি । তাৰ পাচতেই বাবাই চাকৰিটো পাই গৈছিল। তই আৰু অলপ বেছিকৈ হাঁহিব পৰা হৈছিলি । প্রথম সন্তানক হেৰুৱাৰ বেদনাবোৰ তোৰ হাঁহিয়ে পখালিছিলি । তাত জানো তোৰ দোষ আছিল? মোৰ ‘বা’জনীক পেটতে লৈ তই মতা ম’হটোলৈ বুলি ঘাঁহ কাটিব যাব লগা হোৱাৰ বাবেহে ওফন্দি থকা পেটটোত দুখ পাইছিলি। মই জানো, তোতকৈয়ো মোৰ ‘বা’জনীয়ে বেছি দুখ পাইছিল। সেয়ে তাই ছমাহ তোৰ কোলাত ডাঙৰ হৈছিল যদিও গুচি গ’ল তৰাৰ দেশলৈ। তই মোক ‘বা’ এজনী দিব নোৱাৰিলেও এটা মৰমলগা ভাইটি দিলি। তোৰ ডাঙৰটো ভায়েৰা বাগানৰ মেনেজাৰ এতিয়া। মাজুটো ডাঙৰ ইঞ্জিনিয়াৰ, অসমৰ বাহিৰত থাকে। সৰুটোৱেও ভাল ব্যৱসায় চলাই আছে। তোৰ ভনী দুজনীও বিয়া বাৰু হৈ সুখতে আছে। এতিয়া তোৰ নিজা এখন ঘৰ আছে। শাহুৰৰ খেচ্ খেচনি নাই, দেওৰ-ননদ নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত। তোৰ খবৰ ল’বলৈ কাৰো আহৰি নাই। তোৰ ল’ৰা ছোৱালী দুটাকো উচিত শিক্ষা দি ডাঙৰ কৰিলি। এতিয়া তই সুখীনে? সঁচাকৈ?

 

http://www.xahitya.org/2012/12/14/%E0%A6%86%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A6%BF-%E0%A6%A4%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE/

 

Post a Comment

0 Comments