এনেকৈয়ে আমিবোৰ...


আকৌ চাহ একাপ... মচলা দিয়া চাহ! ওঁহো, আজি কফি একাপহে। চাহে গেষ্ট্রিকটোক অলপ বেছিকৈ আমনি কৰে (ৰ’বচোন, গালি নাপাৰিব :))

কিবা অলপ ক’বলৈ আছিল। কি তাকেই মনত পেলাই আছোঁ। কথাবোৰ পাহৰাৰ কথা নাছিল। মনত থওঁতে থওঁতেই কথাবোৰ পাহৰিছোঁ। জীৱনৰ আগত কি থাকে? (মৃত্যুৰ পিছত যদৰে স্বর্গ বা নৰক থাকে বুলি ধৰি লৈছোঁ!) আপোনাক লগ পালে কিবা অলপ ক’বলৈ আছিল। আপোনাক যে লগ পোৱাৰ কথা নাই, কথাটো মনত আছে। (আচলতে কথাবোৰ মনত থওঁতে থওঁতেই কথাবোৰ পাহৰিছোঁ।)

বাৰু কওঁকচোন কেনে আছে আপুনি? জানো আপুনি ভালে আছে। (আপুনি তো জানেই আপুনি ভালে থাকিলেই ময়ো ভালে থাকোঁ।) আপুনি কিজানি হাঁহিছে ইয়াকে ভাবি যে মই ভালে থাকিবলৈকে আপুনি ভালে থকা বুলি ধৰি লৈছোঁ স্বার্থপৰৰ দৰে! আপুনি তো নাজানে আচলতে মই কেনে আছোঁ! (এতিয়া আপুনি ভাবিব নালাগে দিয়ক মই কেনে আছোঁ :) ) স্বার্থ বুলি কওঁতে কথা এটা মনলৈ আহিছে। (এইটো অন্য প্রসংগ) কি জানে বহুজন থাকে ইম’চনেলি দুর্বল। কাৰোবাৰ দুখ (সঁচাই হওঁক বা মিছাই) দেখিলে হৰহৰাই চকুপানী ওলায়। পাৰিলে যেন তেওঁ আটাইবোৰ দুখ গিলিহে থ’ব! জানি-শুনিও তেনেলোকৰ অনুভূতিবোৰক নিজৰ স্বার্থৰ বাবে ব্যৱহাৰ কৰিব নালাগে নিশ্চয়। নহয়নে? জানো, মোৰ অজস্র অবান্তৰ (!) প্রশ্নৰ উত্তৰ দিয়াৰ বাবে আপোনাৰ সময় নাই। (অথচ আপুনি মোক ইমান কথা কয়, সাধু কথা :) ) সাধু শুনিব? শুনক __ এখন দেশত এজন ৰজা আছিল। (যদি দুজন ৰজা থাকিলেহেঁতেন? :) ) ........ এইটো সাধু পুৰণি হ’ল ন’? বেলেগ এটা শুনক__ এসময়ত এখন হাবিত এটা বান্দৰ আৰু এটা শিয়াল আছিল। দুয়ো খুউব ভাল বন্ধু আছিল। (সাধুবোৰ এসময়ত বুলি কিয় আৰম্ভ হয়?) ইইই... মই সাধু ক’ব নোৱাৰো। আপুনিয়ে কওঁক না নতুন সাধু এটা। (মই বাৰু মাজে মাজে প্রশ্ন সুধি নাথাকো :) :) ) আমিও জানো এদিন এটা এটা সাধু হৈ নাযাম? এৰা, কোনোবাই ক’ব এসময়ত... (উহ ৰাম, চাওঁকচোন পঁইতাচোৰাবোৰ ইমান বেছি হৈছে! আপোনাক ভাজি খুৱাম :) :) হাঃ হাঃ হাঃ )

কিছুমান প্রয়োজন, কিছুমান দাবী আৰু কিছুমান কিছুমান প্রার্থনা থাকে। নৈখন বৈ থাকে, সাগৰৰ বুকুতে মূৰ থৈ শুৱে। উদাস হৈ পৰি ৰয় সাগৰৰ দুয়োপাৰ। সাৱটি ল’ব নোৱাৰে নৈক। নৈয়ে জানে সাগৰে কাৰ কথা ভাবে। প্রার্থনাবোৰ এনেকুৱাই, আলফুলে সাৱটি থাকে। তেওঁ কুশলে থাকিলেই তো আপোনাৰ সময়বোৰ সুখৰ হয়! জানে, জীৱনবোৰ এনেকৈয়ে বৈ থাকে__ কেতিয়াবা নৈ, কেতিয়াবা সাগৰ। প্রাপ্তিৰ লেখ সকলোতে লোৱা নাযায়। (কিজানি আপুনি মোতকৈও ভালকৈ জানে। নহয়নে?) ছপা আখৰত পঢ়িছোঁ, এখন নদীৰ বোলে এটাই ঘাট নাথাকে। (হয়নে? নহয় বুলি যে আপুনি নকয় জানো :) ) সাগৰেও জানো কেৱল এখন নদীকেই বৈ ফুৰে বুকুত? মোক যদি আপুনি নৈ বুলি কয় আপোনাক জানো সাগৰ নুবুলিম? (কপালৰ ৰেখাবোৰ থূপ খোৱাই নক’ব এতিয়া “কিবোৰ যে সুধি থাকা” বুলি :) ) কি জানে, যিবোৰ কথা কোৱা নহয় (আপুনি বহুত কথা কয়, ইমান ধুনীয়াকৈ :) ) সেইবোৰত বহুত কথা থাকে। সেইখিনি ইমানেই আপোন যে আনৰ সৈতে ভগাই ল’ব মন নাযায়। (নহয়নে? :) ) আচলতে যিখিনি কথা কোৱা নহয় সেইয়াই আপোনাৰ প্রিয়, তাতে লুকাই থাকে (লুকুৱাই থয়) ভালপোৱাবোৰ!

জানে, সুগন্ধি এটাৰ পিছে পিছে গৈ থাকো, জন্মৰ পিছতো মাতৃৰ স’তে নাভিৰে বান্ধ খায় থকাৰ দৰে। মৰণৰ পিছতো ৰৈ যায় যি বান্ধোন। (মই নাজানো আপোনাৰ প্রিয় সুগন্ধি কি!)

বৰষুণ দিছিল (নে পৰিছিল জানো!) কুৰিয়ান চিনেমা এখন চাইছিলো (আপুনি নাচায়, নহয়নে? পেনপেনীয়া প্রেম বুলি :) :) ), নামটো পাহৰিছোঁ। তাতে সৰু ল’ৰা এটাই মানুহ এগৰাকীক সুধে “বৰষুণ কেনেকৈ দিয়ে? পানীবোৰ আচলতে টোপাল টোপালকৈ পৰে নে ৰছীৰ দৰে পৰে!! মানুহগৰাকী আছিল অন্ধ। উত্তৰটো কি আছিল মনত নাই। (চাবচোন কেতিয়াবা, বৰষুণ। :) :)) সেইদিনাও বৰষুণ দিছিল। শালিকা দুটামানে দেৱদাৰু জোপাৰ তলতে ৰৈ গা ধুই আছিল। ওচৰতে ঘৰচিৰিকা দুটামানেও জপিয়াই জপিয়াই ধেমালি কৰি আছিল। ৰ’দ নাছিল, ডাৱৰৰ দাঠ চাদৰৰ তলত লুকাই আছিল। ক’ৰবাত জীৱন এটা হেৰাইছিল (ইমান সহজে!) ক’ৰবাত হয়তো আন কোনোবা জীৱনে প্রাণ পাইছিল। হিচাব কোনে ৰাখিব? প্রয়োজনেই বা কি! মৃত্যু দেখিছোঁ, বিবিধ! (জানো, আপুনিও দেখিছে।) হৃদয়ৰ ধপধপনিকণ বন্ধ হোৱা মৃত্যুবোৰেই জানো কেৱল মৃত্যু! এইযে সম্পর্কবোৰৰ মৃত্যু হৈ আছে, বিশ্বাসৰ মৃত্যু হৈ আছে। আঁতৰি গৈ আছে ক্রমশঃ আপোন বুলি কোৱা আপোনবোৰ, সাধাৰণ একোটা কথাতে! (আমি মাত্র বিনিময়তে আৱদ্ধ হৈ পৰিছোঁ নেকি?) গৈ থাকি উভটি চালে অনুভৱ হয় আমিবোৰ ইমান অকলশৰীয়া! নিজৰ ছাঁটোকো অচিনাকি যেন লাগি যায়!

টকৌপাতৰ ছালৰ ঘৰ এখনলৈ মনত পৰে। বৰষুণৰ টোপালবোৰ য’ত চিনাকি আছিল। সেমেকা মাটিৰ গোন্ধত আছিল ফুৰফুৰীয়া ভাল লগা কিবা এটা গোন্ধ। এতিয়া দেখোন গোটেইবোৰ অচিনাকি। বাটে-ঘাটে খুন্দা খালে খুড়া-দাদাৰ ল’ৰা-ছোৱালীবোৰকো চিনি পাবলৈ সময় লাগিব চাগে’! (কিমান দিন হ’ল পুৰণি ঘৰৰ বাটেৰে বাট নোবোলা! কাৰণ অৱশ্যেই আছে।) আমাৰ সময়ৰ নাটনিবোৰ বেছি এতিয়া। নহ’লেও উপায় নাই। ব্যস্ত পৃথিৱীত থিয় হৈ থাকিবলৈ ব্যস্ত হ’বই যে লাগিব। (আজৰি সময়ৰ কিছু সময় বহুতকে দিব পাৰি ইচ্ছা কৰিলে। কিন্তু কাৰোবাৰ ব্যস্ত সময়ৰপৰা অকণমান সময় পোৱাজন বেছি ভাগ্যবান। :) :) ) ভাব হয় এতিয়া মোৰ বাবে ময়ো অচিনাকি, প্রদর্শিত জীৱন এটাকে যাপন কৰি! (এনেকুৱা অনুভৱ হয়নে কেতিয়াবা, আমি যিটো জীৱন জীয়াই আছোঁ আচলতে সেইটো আমি বিচাৰি ফুৰা জীৱনটো নহয়?)

কি ক’ব খুজিছিলোঁ পাহৰিয়েই থাকিলোঁ নহয়। :) মনলৈ আহিছিল অলপ আগতে। পটকে পাহৰি থাকিলোঁ। (আজিয়েই যদি কৈ দিওঁ, আকৌ এদিন আপোনাৰ স’তে কথা পতাৰ অজুহাত এটা নাপাওঁৱেই কিজানি! :) :) ) কথাটো থিক পাহৰা নাই। জুকিয়াইহে ল’ব পৰা নাই খেলিমেলিবোৰ। চিজিল কৰিব পৰা নাই কথাবোৰ। (কিছুমান কথা বে-চিজিল হৈ থাকিলেই ভাল ন’? আপোনাৰ কাপোৰ থোৱা আলনাদালৰ দৰে :) :) ) কি জানে, আপোনাৰ আগ্রহ নাই বাবে অজুহাত আছে; মোৰ আগ্রহ আছে কাৰণে অজুহাত আছে। হাঃ হাঃ হাঃ ....নাহাঁহিব ৰ’ব, ভুলকৈও নুবুজিব। ইয়াত ‘আপুনি’ আৰু ‘মই’ অংকৰ ‘চলক’ৰ দৰে, মানে ‘variable’ নে কি কয় যে, সেইটো। আপোনাৰ আৰু মোৰ ঠাইত বেলেগ কোনোবাও হ’ব পাৰে। (অংকত অৱশ্যে মই কেঁচা :) :))

তপন দাৰ কণ্ঠত কবিতাবোৰ শুনি ভাল লাগে জানে! শুনিব নেকি? শুনক :) :)

 

“চিঠি

নাহোঁ বুলিয়েই নাহিলা, অহা হ’লে ভাল লাগিল হেঁতেন

নহা বাবে ৰৈ গ’ল আৰু এদিনৰ অপেক্ষাৰ অভিমানী উছাহ!

কাইলৈ দেওবাৰ

আহিবা তো?

গুলপীয়া বেলিৰ বুৰুজত বহি কিছু কথা পাতিম, কিছু গুণগুণ।

কজলা ভুতভুতিত ক’ৰবালৈ যাম

কলা পাতত থগিয়াতি(?) কাউৰী পৰে ঠোটত মঙহ লৈ

প্রেমহীন ঋতুৰ উপহাৰ।

কাইলৈ দেওবাৰ

নাহোঁ বুলি নহাকৈ নাথাকিবা

ভালপোৱা জীৱনৰ ধ্রুপদী দুৱাৰ।

খিৰিকি খুলি খেলিম ৰৈ থকাৰ খেল

মোৰ হুমুনিয়াহৰ ঢৌ খেলা আখৰৰ চিঠি তুমি পঢ়িবা।

ইতি”

 

আচলতে কি জানে, কাইলৈ দেওবাৰ। ৰাতিপুৱা দেৰিকৈ শুই উঠাৰ বিলাসিতাকণ বিসর্জন দিব নোৱাৰো। গতিকেই এই দুপৰ নিশা কবিতা শুনিছোঁ। (অকণো ভাল লগা নাই কিন্তু :)) কবিতাবোৰ কেতিয়াবাহে ভাল লাগে। (গম পাইছোঁ হাঁহিছে বুলি, হাঁহক :))

আৰুনো কি কৰিম! দেশৰ খবৰ, দহৰ খবৰ ল’বলৈ এৰিছোঁ। বাতৰিকাকত নপঢ়ো আজিকালি। সকলোতে যেন বিজ্ঞাপনৰ ভিৰ! ভেজাল সকলো। ভোকাতুৰে খাবলৈ নাপায়। খোৱাবোৰে বমি কৰি উলিয়াই অতিৰিক্তখিনি! কোনোবা থাকে ফুটপাথত, কাৰোবাৰ ঘৰৰ ওপৰত ঘৰ! সৰু কৰি আনিছোঁ নিজৰ পৃথিৱী! (নিজেই আচৰিত হওঁ কেতিয়াবা।) আপোনৰ সংজ্ঞা নজনাকৈয়ে আপোনালোক মোৰ আপোন! আপোনালোক কুশলে থাকিলে মই ভালে থাকোঁ।

......... ৰে’ল এখন গৈছে নে আহিছে জানো। পোঁউউউউউ... ৰে’লৰ উকিটো শুনিলে তাৰ লগে লগে গুচি যাবলৈ মন যায়! কিয় বাৰু? (আপুনি কি বুলি ক’ব ভাবি চাইছোঁ :) )

কাইলৈ দেওবাৰ বুলি দেতাই ৰাতিপুৱাতে ফোন কৰিব। মায়ে ক’ব “তাই শুয়েই আছে, ফোন নকৰিব এতিয়া।” দেতাই ক’ব “ইমান দেৰিলৈকে শুব নেকি!” আৰু দেতাই ফোনটো কৰিব।... এনেকৈয়ে সুখেৰে থাকোঁ আমিবোৰ। নহয়নে? :)

 


Post a Comment

0 Comments