গল্পবোৰ কেনেকৈ লিখা হয়? গল্প এটা
লিখিবলৈ, মানে লিখিবই লাগিব বুলি গম পোৱাৰ পিছত আৰম্ভণিটো কেনেকৈ কৰা যায়? মোৰ
অৱস্থাটো এতিয়া এনেকুৱা হৈছে যিটো সাঁতুৰিবলৈ নজনা মানুহে পানীত ডুবিবলৈ ধৰাৰ
মূহুৰ্তত অনুভৱ ক'ৰে! ধৰিবলৈ খেৰো নাই কুটাও নাই, কিন্তু জীয়াই থকাৰ প্ৰৱল হেঁপাহ!
এতিয়া আপুনি ভাবিব পাৰে সেই অনুভৱখিনি মই কেনেকৈ অনুভৱ কৰিছোঁ? চমজদাৰ পাঠক হিচাপে
আপুনি এইটো নিশ্চয় অনুমান কৰি ল’ব পাৰিব যে মোৰ পানীত ডুবাৰ অভিজ্ঞতা আছে। আৰু
এঢাপ আগুৱাই গৈ অনুমান কৰি লওঁক যে সেই অভিজ্ঞতাৰ ফলশ্ৰুতিত মই সাঁতুৰিবলৈ
শিকিলোঁ; কাৰণ মোৰ জীয়াই থকাৰ হেঁপাহ!
এতিয়া, লিখিবলৈ লৈ হেহো-নেহো কৰি নাথাকি
গল্পৰ চৰিত্ৰবোৰ বিচৰা যাওঁক। কথা হ’ল মই বিচাৰিছোঁ বুলিয়েইতো আৰু চৰিত্ৰবোৰে আহি
বিনাবাক্যে মোৰ স’তে কথা পাতিবলৈ আহি নবহে। চৰিত্ৰবোৰৰো থাকিব ইচ্ছা-অনিচ্ছা।
তেওঁলোকৰ ইচ্ছা-অনিচ্ছাখিনিক সন্মান জনাই ময়ো তেওঁলোকক এনেকৈ উপস্থাপন কৰিব লাগিব
যাতে তেওঁলোকৰ ভাব-অনুভূতিখিনিয়ে দুখ নাপায় আৰু মোৰো কামফেৰা সিঁজে! (আৰু যেন
আপুনিও মানসিক তৃপ্তি অকণ পায় চৰিত্ৰবোৰৰ স’তে কথা পাতি।) পিছে কথাটো হ’ল এনেকুৱা
যে “দাতাই দিলেওঁ বিধাতাই নিদিয়ে"/ “ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি”।
এবাৰ এটা চৰিত্ৰক আনিছোঁ আনবাৰ আন এটা চৰিত্ৰক আনিছোঁ। কিন্তু ঠাৱৰ কৰিব পৰা নাই
আপুনি কোনটো চৰিত্ৰৰ স’তে নিজৰ মিল বিচাৰি পাব। মিল বিচাৰি থকাৰ কাৰণটো হ’ল মনে
মিলা মানুহ আমাৰ পচন্দৰ। নহয়জানো? মানে মই এতিয়া “অধিক মাছত বগলী কণা” বিধৰ হৈছোঁ।
ইয়াতেই আকৌ আৰু এটা পাক! কিছু হিচাপ-নিকাচ কৰাৰো থল আহি পৰে। মানে মই আপোনৰ স’তে
কিমানখিনি মিল চৰিত্ৰ এটাৰ স’তে বিচাৰি ল’ম? কিমানখিনি মিল থাকিলে আপুনি তাক গল্প
বুলি গ্ৰহণ কৰি সুখী হ’ব আৰু কিমানতকৈ বেছি হ’লে চৰিত্ৰৰ ৰূপত নিজকে দেখি আপুনি
নিজৰ অসন্তুষ্টি ব্যক্ত কৰিব। অৰ্থাৎ ময়ো সজাগ হ’ব লাগিব যাতে আপুনি নাৰাজ হৈ নকয়
“আপুনি মোক গল্পৰ মাজলৈ কিয় টানিলে?” বুলি! আপুনিও এটা কথা মানি ল’ব লাগিব যে
কল্পনাই বাস্তৱৰ ৰহণ চৰায়। তেহেলৈ মোৰো লিখা হ’ব, আপুনিও পঢ়ি ভাল পাব (বুলি ধৰি
লৈছোঁ)। যি কি নহওঁক, পাতনি দীঘলীয়া নকৰি চৰিত্ৰ দুটামানকে বিচাৰি যাওঁ—
১) ৱাহিদা। বয়স ২৫। প্ৰাণচঞ্চল। সুন্দৰী।
পেঞ্চিল হিলৰ খট্ খট্ শব্দ তুলি বিশেষ ভংগীমাত যেতিয়া লাহী কঁকাল ভাঙি ভাঙি
খোজকাঢ়ে, কোনেও অনুমান কৰিব নোৱাৰে সেই একেজনী ছোৱালীয়ে বুকুত কিমান গধুৰ দুখৰ
বোজা কঢ়িয়াই ফুৰে। গুৱাহাটী মহানগৰীত কলেজ পঢ়িবলৈ আহিছিল উজনিৰ ভিতৰুৱা কোনোবা এখন
অখ্যাত গাঁৱৰপৰা। আগৰেপৰাই বায়েকো আছিলহি। আব্বাকে দুয়োজনী ছোৱালীকে পঢ়ুৱাব
খুজিছিল। তাই গুৱাহাটীলৈ অহা বছৰতে সাধাৰণ জ্বৰ পানীলগা হৈয়েই আব্বাক ঢুকাল। তাৰ
পিছৰ বছৰতে প্ৰেমিকে আন ছোৱালী বিয়া কৰোৱাৰ বাবে বায়েকে আত্মহত্যা কৰিলে গৰ্ভত
ছয়মহীয়া কেঁচুৱা লৈ। বায়েকে কাকোৱেই জানিব নিদিলে কোন আছিল সেইজন। ঘৰত মাক
অকলশৰীয়া হ’ল। পঢ়াৰ খৰচ, থকা-খোৱাৰ খৰচ যোগোৱা আব্বাক নোহোৱা হ’লত কলেজৰ শিক্ষা
শেষ কৰাৰ কোনো বাট নেদেখিলে তাই। ঘৰলৈ উভতি যাব খুজিছিল। তাইৰ অৱস্থাৰ সুযোগ লৈ
তাইৰ লগৰে স্মিতাই তাইক লৈ গৈছিল আন এখন জগতলৈ। তায়ো ভুল কৰিছিল। আন কোনো বাট
নেদেখি স্মিতাই লৈ যোৱা বাটেৰেই বাট বুলিছিল।
পেটত ভোক আছিল
পথাৰত খৰাং।
হেঁপাহ নাছিল
জীৱনে মাতিছিল!
২) প্ৰান্তিক বৰুৱা। সমাজতত্ত্বত
স্নাতকোত্তৰ। পিছে সমাজৰ নিয়ম-কানুন বৰকৈ নামানে। ভাবুক আৰু আনমনা। পাগলামি কৰি
ভাল পায়। প্ৰেমিক মানুহ কিন্তু প্ৰেমিকা নাই! প্ৰথম প্ৰেমক মৃত্যুৰ দূতে লৈ যোৱাৰ
পৰাই বেছি ভাবুক হৈ পৰিল।
৩) কবিতা ভূঞা। বয়স ৩৩। সুন্দৰী বুলি
ক’বপৰা আটাইবোৰ গুণেৰে গুণৱতী! বিয়া হোৱাৰ তিনি বছৰৰ পিছতো মাক হ’ব নোৱাৰিলে! দোষ
মানুহজনৰ! মুছলিম সম্প্ৰদায়ৰ ছোৱালী এজনীক ভাল পাইছিল। বিয়া কৰাই আনিবলৈ ঘৰে
অনুমতি নিদিলে। ঘৰে পচন্দ কৰি আনি দিলে কবিতাক! মানুহজনে কবিতালৈ মূৰ তুলিও নাচায়।
ঘৰৰ মানুহখিনিৰ ওপৰত থকা সমষ্ট ক্ষোভ কবিতাৰ ওপৰতে পৰিল। শোৱা কোঠাত দুখন বিছনা!
কবিতাই বুজি নাপায় ইয়াত কবিতাৰ দোষ ক’ত? ঘৰখনৰ মানুহবোৰো নিমাত। শাৰিৰীক-মানসিক
প্ৰয়োজনবোৰ চেপি-খুন্দি থওঁতে থওঁতে মানুহজনী শুকাই-খীণাই লেৰেলি যোৱা ফুলৰ দৰে হৈ
পৰিছিল। পিছে দুদিনমানৰপৰা তাই আইনাৰ সন্মুখত বহি নিজকে সজাই পৰাই ৰাখি ভাল পোৱা
হৈছে!
ঠিক আছে, চৰিত্ৰ দুটামান বিচাৰি পালোঁ!
এতিয়া আপোনাৰ লগত গল্প কৰোঁ। নে কি কয়? চৰিত্ৰকেইটাক নিজৰ নিজৰ বাটেৰে অকলশৰীয়াকৈ
লৈ গ’লে ভাল পাবনে? নে কাকতালীয় সংযোগ একোটা পচন্দ কৰিব আপুনি? চাহ একাপ (নিজৰ
পচন্দৰ) কৰি লওঁক, কথাবোৰ সোৱাদ লগা হৈ উঠিব। মানে মই ক’ব খুজিছোঁ ‘গল্প জমি
উঠিব’।
সন্ধিয়া হৈ আহিছে লাহে লাহে। বেলিটোৱে
জোনক কৈছে ৰাতিটো সাৰে থাকিবলৈ। বেলিৰ জিৰণিৰ সময়। পুৱাতেই আহিম বুলি কথা দি
বেলিটো শুই পৰিল পাহাৰৰ আঁৰত। হেঙুলীয়া আকাশ। জোনে সাজোন-কাচোন কৰিছে ওলাই আহিবলৈ।
চহৰখনো সাৰ পাই উঠিছে! ৰং-বিৰঙী পোহৰত জিলিকি উঠিছে। কিবা এক ব্যস্ততাত যেন চহৰখনো
ব্যস্ত হৈ উঠিছে!
তাই আহি থিয় হৈ ৰ’ল এক বিশেষ ভংগীমাত।
সিও আহি থিয় হওঁতে তাইৰ সন্মুখতে পৰিল। ভালেদিনৰপৰা সি এই একেখিনি ঠাইতে ৰৈ তাইকে
চাই থকা হৈছে। ৰৈ থাকোতে তাই প্ৰায়েই আকাশলৈ চাই চাই যেন নিজৰ স’তে কথা পাতে এনে
লাগে তাৰ। মাজত ৰাস্তাটো। দুয়োফালে তাঁহাত দুটা। ইটোৱে সিটোক চিনি নাপায়! সি তাইকে
লক্ষ্য কৰি থাকিল! তাই এবাৰ আকাশলৈ চাইছে। এবাৰ যেন দীঘলকৈ হুমুনিয়াহ এটা এৰিছে।
কোনোবাজন পাৰ হৈ যাওঁতে মুখত হাঁহি এটা লৈ কিবা এটা কৈছেও যেন। ইমানদিনে সি দেখি
দেখি যি অভিজ্ঞতা গোটাইছে তাৰেপৰাই গম পাইছে যে তাই নতুন! নতুনকৈ কামটো কৰিবলৈ
লৈছে! এতিয়াও অভ্যস্ত হৈ উঠা নাই! একো নভবাকৈয়ে সি ৰাস্তাটো পাৰ হৈ তাইৰ কাষ
পালেহি।
: যাবা নেকি?
: কিমান?
: কিমানত?
: ২০০০!
: হ’ব!
: ১ ঘণ্টা?
: ...
হাঁহি উঠিল তাৰ। একো নকৈ হাতখনে তাইক
ব’লা বুলি দেখুৱালে।
এইখন চহৰৰ প্ৰতিটো অ’লি গ’লি চিনাকী তাৰ।
নতুনকৈ কফি হাউচ এটা খুলিছে। সৰু যদিও ধুনীয়া। ক’লা গ্লাচ লগাই কেবিন বনোৱা নাই!
দুজন দুজন বহিব পৰাকৈ বেটৰ চোফা ৰাখিছে। মাজে মাজে সেউজীয়া গছৰ টাব।
: ব’লা, কফি একাপ খাম।
তাৰ কথা শুনি তাই ৰাস্তাৰ মাজতে ৰৈ দিলে।
তাৰ চকুলৈ এনেকৈ চালে যেন তাই বুজাব খুজিছে “কি পাগলৰ পাল্লাত পৰিলোঁ আজি! কফি
খাবলৈহে আনিছে নেকি এই অহৌ বলিয়াটোৱে!”
: কি হে? আপুনি মিছামিছি মোৰ সময়খিনি
নষ্ট কৰিলে?
চকুত আশ্বৰ্য্য এখিনি লৈ খঙেৰে ক’লে তাই।
: আঁহাচোন! কফি একাপ খাই লওঁ, ভাল লাগিব!
বেছি সময় নলওঁ তোমাৰ!
“পঢ় লুঁ না দিল কা দৰ্দ কঁহি, অলফাজ বদল
লেত্যে হো তুম
আঁখো ম্যেঁ নমি আ জায়ে ত’ আৱাজ বদল
লেত্যে হো তুম”
সি তাইৰ চকুলৈ চাই এনেয়ে গুলজাৰ চাহাবৰ
শ্বায়েৰী আওৰালে!
জোৰকৈ ওলাই আহিব খোজা হাঁহিটো মুখত হাত
দি বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে তাইৰ দুগাললৈ গুলপীয়া আভা এসোপাহে যেন বিয়পি পৰিল।
সি ৰ’ লাগি চাই ৰ’ল তাইৰ ধুনীয়া চকুকেইটালৈ। এইকেইটা চকুৰ যেন কাৰোবাৰ স’তে অদ্ভুত
সাদৃশ্য আছে! কোনোমতে হাঁহি সামৰি তাই ক’লে__
: আপোনাৰ মূৰৰ গণ্ডগোল হোৱা নাই তো? মোৰ
আগত এনেকৈ গুলজাৰ চাহাবৰ শ্বায়েৰী গাই আপুনি কি পাব?
: তোমাক!
: মোক পাবলৈ গুলজাৰ চাহাবক আমনি নকৰিলেও
হ’ব! ধনৰ জেপটো গৰম হৈ থাকিলেই হ’ল!
: যদি মোৰ ধন নাই বুলি কওঁ?
: তেতিয়া হ’লে তো উপায় নাই। ফুটা জেপ লৈ
ফুৰিলে একো কৰিব নোৱাৰিব! আমি এতিয়া যোৱা উচিত। মোৰ এইখিনি সময়ৰ ক্ষতিপূৰণ দিব লাগিব
আপুনি। কফিৰ বিল বাৰু ময়ে দিছোঁ।
: তোমাৰপৰা এক ঘণ্টা সময় বিচাৰিছোঁ। তাৰ
বিনিময়ত তুমি পাবলগীয়া খিনি পাবাই। এতিয়া মাত্ৰ ৩০ মিনিট হৈছেহে। এতিয়াও সম্পূৰ্ণ
৩০ মিনিট বাকী আছে!
“ছোৱালীবোৰ বৰফ। অলপ সাহস কৰি হাতৰ মুঠিত
তুলি ল’লে লাহে-লাহে গলিবলৈ ধৰে। প্ৰথমতে কষ্ট, তাৰ পাছত সহজ হৈ যায়।” ক’ত পঢ়িছিল
জানো সি, মনত নাই। কিন্তু সি বিচৰা নাই কথাবোৰ এনেকৈ সহজ হোৱাটো। আচলতে সি তাইৰপৰা
কি বিচাৰিছে নিজেও এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই।
: তোমাৰ ঘৰ ক’ত?
: আপুনি জানি কি কৰিব?
: এই মহানগৰীৰ যেন নালাগে তোমাক!
: আপোনাকো ‘নৰ্মেল’ মানুহ যেন লগা নাই!
: ‘এবনৰ্মেল’ বুলি কেনেকৈ প্ৰতিপন্ন
কৰিবা?
: জ্যামিতিৰ উপপাদ্য নেকি? এইবোৰত “দুই +
দুই = চাৰি” নহ’বও পাৰে।
: দুচকুত সপোন থকা ছোৱালীয়ে মহানগৰৰ
ফুটপাথত গধূলি তোমাৰ দৰে থিয় হৈ নাথাকে আকাশলৈ চায়!
: ‘নৰ্মেল’ মানুহ এজনে সেইজনী ছোৱালীকে
লগত লৈ এইদৰে কফি খাবলৈও নব’হে!
: হাঃ হাঃ হাঃ ... তুমি বেচ্ কথা ক’ব
জানা।
: আপুনিও বেচ্ চালাক! জেপত ধন নথকাকৈ
সপোন চাব খোজে! টুকুৰিয়াই চাই ভাঙিব খোজে কাঁচৰ ঘৰ!
: ভাঙিব খোজা নাই। জুমি চাবহে খুজিছোঁ।
কিজানিবা চুই চাব পাৰোঁ সপোন।
: আপুনি দেখোন চালাক নহয় মই ভবাৰ দৰে!
সপোনক চুবলৈ বিচৰাটো বুৰ্বকামিৰ বাদে আন একো নহয়।
: মানে তুমি মোক বুৰ্বক বুলিছা?
: নিজৰ অভিজ্ঞতাৰপৰা কওঁ, মোৰ ওচৰলৈ অহা
মানুহবোৰে কফি খায় আৰম্ভণি নকৰে! ক’ৰপৰা আৰম্ভ কৰে সেইয়া নিশ্চয় আপুনিও জানে!
আপুনি কি বিচাৰিছে নজনাকৈয়ে মই বহি আছো আপোনাৰ স’তে। ধাৰণাও কৰিব পৰা নাই আপুনি
আচলতে কি বিচাৰিছে মোৰপৰা! গতিকে আন সময়ত নহ’লেও এইখিনি সময়ত ময়ো বুৰ্বক হৈয়ে বহি
আছোঁ আপোনাৰ সন্মুখত!
সেইদিনাই আৰম্ভণি। তাৰপিছৰ তিনিটামাহত
বহুকেইদিন লগ পাইছে ইটোৱে সিটোক। কোনেও সুধা নাই পৰিচয় অথবা ঠিকনা! তাইৰ উপাৰ্জন
হোৱা নাই সেইকেইদিন। কোনোবা আহিলেও তাই তাৰ বাবেই ৰৈ থকা হৈছিল। লগ হ’লেই দুয়োটা
গৈ কফি হাউচৰ দুখন চকী অধিকাৰ কৰি বহে সন্মুখত দুকাপ কফি লৈ। বিল কেতিয়াবা তাই
পৰিশোধ কৰে, কেতিয়াবা সি কৰে। অলেখ কথা পাতে, গল্প গুজৱ কৰে। অৱশ্যে এক ঘন্টাতকৈ
বেছি সময় নলয় সি তাইৰপৰা। আৰু তাইৰ স’তে থকা বেছিখিনি সময় সি তাইৰ চকুকেইটালৈ চাই
থাকে কিবা এক আকুলতাৰে! হেৰাই যোৱা চকুযুৰি যেন সি ওভোটাই পাইছিল!
তেনেকৈয়ে এদিন কথা পাতি থাকোতে সি তাইক
কৈছিল জীৱনৰ বাটত একেলগ হৈ আগবঢ়াৰ কথা! ভাল লগাতকৈ বেছি তাইৰ ভয় লাগিছিল।
ভালেকেইদিন তাই তাক লগ কৰা নাছিল। নিজৰ কথাবোৰ, নিজৰ জীৱনটোক যুক্তিৰে
জুকিয়াই/ফঁহিয়াই চাই বুজিছিল সি দিব খোজা ঠাইকণ তাইৰ নহয়। হ’ব নোৱাৰে। জীৱন
আৱেগেৰে পৰিচালিত নহয়। সি ভাল মানুহ। তাই গৈ তাৰ জীৱনটো খেলিমেলি কৰাৰ কোনো অধিকাৰ
নাই তাইৰ। মনটো স্থিৰ কৰি এদিন তাই তাক লগ কৰিলে। শেষ বাৰলৈ!
: ভাবিছোঁ ডিগ্ৰীৰ ফাইনেল পৰীক্ষাটো দিম।
তাৰ পিছত অলপ পইচা গোট খালেই গাঁৱৰ ঘৰলৈ ঘূৰি যাম। আম্মী আছে, চিলাইৰ কাম জানে।
ময়ো পাৰ্লাৰৰ কাম শিকিছিলোঁ। দুয়োজনীয়ে মিলি আৰম্ভ কৰিম সৰুসুৰা ব্যৱসায়। আপোনাৰ
এখন ঘৰ আছে, সমাজ আছে; ভদ্ৰ সমাজ! সমাজক অৱজ্ঞা কৰাৰ সাহস নাই আপোনাৰ। ময়ো
নিবিছাৰো আপুনি তেনে কৰাটো। মোৰ পৰিচয় কি বুলি দিব আপুনি সমাজত? আপুনি ভাল মানুহ।
মূৰ তুলি থাকিব সমাজত। মই আপোনাক সংগ দিলে এদিন নহ’লেও এদিন আপুনি মূৰ তল কৰি খোজ
দিব লাগিব। আপুনি যিদৰে সমাজক অৱজ্ঞা কৰিব নোৱাৰে, একেদৰে সমাজৰ অৱজ্ঞা/ ককৰ্থনাকো
সহিব নোৱাৰিব। এদিন পাৰিব, দুদিন পাৰিব; আৰু এদিন এনেকুৱা সময় আহিব আপুনি অনুতাপ
কৰিব মই আপোনাৰ সংগী হোৱাৰ বাবে। আৰু তেতিয়াই কথাবোৰত আউল লাগিব। গতিকে আমি একেলগ
হৈ একেটা বাটেৰে যাব নোৱাৰোঁ। সম্ভৱ নহয়। মই অকলেই যাব লাগিব মোৰ বাটেৰে। জানো সহজ
নহয়। কিন্তু পাৰিম বুলি মোৰ বিশ্বাস আছে। আপুনি ভাল মানুহ। আপোনালৈ মোৰ শুভকামনা
থাকিল। আপোনাৰ ভাল হওঁক। আপুনি মোক দিয়া সময়খিনিৰ বাবে মই আজীৱন কৃতজ্ঞ হৈ ৰ’ম
আপোনাৰ ওচৰত।
তাইৰ কথাখিনি শুনাৰ পিছত তাৰ আৰু ক’বলৈ
একো নাথাকিল। তাৰ ভাব হ’ল তাতকৈ তাই বহুত বেছি সাহসী। এৰা তাই ঠিকেই কৈছে সি
নোৱাৰিব সমাজৰ অৱজ্ঞাক আওকাণ কৰিব। তাইৰ দৰে সি দাঠি ক’ব নোৱাৰে তাইক হাতত ধৰি লৈ
যাব পাৰিম বুলি সি থকা সমাজখনলৈ। তাই তাক ভাল মানুহ বুলি কোৱাত সি নিজকে নিজে
সুধিলে সেইদিনা জানো এই ভাল মানুহটোৱে বৌয়েকক উপেক্ষা কৰিব পাৰিছিল? দুপৰীয়া সময়ত
বৌয়েক সোমাই আহিছিল তাৰ ৰূমলৈ। আলোচনী এখনৰ পাত লুটিয়াই সি বিচনাতে বাগৰি আছিল।
তাৰ কাষতে বহি বৌয়েকে তাক কি পঢ়িছা বুলি সুধিছিল। সি অনুমান কৰিছিল বৌয়েকে হয়তো
কান্দিছিল। চকুকেইটা ফুলি আছিল। কিয় জানো হঠাতে তাৰ বৌয়েকলৈ কিবা এটা মায়া
উপজিছিল! আৰু বৌয়েকক বুকুৰ মাজত লৈ সি মৰম কৰিছিল! বছৰ বছৰ নিজৰ মানুহটোৰ পৰা
উপেক্ষিতা হৈ বৌয়েকজনী কেনেকৈ জীয়াই আছে সি ভাবি আচৰিত হৈছিল। ইচ্ছা কৰিলে তো তাই
গুচি যাব পাৰিলহেঁতেন মাক-দেউতাকৰ ওচৰলৈ! হয়তো বৌয়েকৰ সাহস হোৱা নাছিল তাইৰ দৰে।
তাৰ নিজকে দোষী দোষী অনুভৱ হ’ল। ঘৰলৈ গৈ সি ক্ষমা খুজিব বৌয়েকক। নিজকে ক্ষমা কৰি
দিব বিচাৰি সি ভাবিলে তাৰ জানো ভুল আছিল? বৌয়েকে জানো নিজেই অহা নাছিল তাৰ ওচৰলৈ?
স্বাভাৱিক প্ৰয়োজনৰ খাতিৰতেই বৌয়েক আহিছিল তাৰ কাষলৈ। তায়োতো তেজ মঙহৰ এজনী মানুহ।
ঘৰখনৰ ওপৰত হয়তো তাইৰো ক্ষোভ জন্মিছিল। সেইটোৱেই স্বাভাবিক। কিন্তু সি পাৰিব
লাগিছিল বৌয়েকক বুজাবলৈ। শেষত সিও জানো সুবিধাবাদীৰ দৰে আচৰণ নকৰিলে? একে সময়তে সি
নিজকে ক্ষমাও কৰি দিব খুজিলে আৰু দোষীও অনুভৱ কৰিলে। সি আৰু তাইক ৰৈ যোৱা বুলি
ক’বলৈ সাহস নকৰিলে। সেমেকা দুচকুৰে দুয়োটাই বিদায় ল’লে পৰস্পৰৰপৰা। ইটোৱে সিটোৰ
নামটোও নাজানিলে। আৰু ঠিকনাও!
গল্পটো ইমানতে শেষ কৰোঁ। নে কি কয়? নে
এইয়া গল্প এটাৰ আৰম্ভণিহে হ’ল? ৱাহিদাই গাঁৱৰ ঘৰলৈ উভতি গৈ তাইৰ সমাজখনত সন্মানেৰে
জীয়াই থাকিব পাৰিলেনে? ইমানবোৰ ঘটনা পৰিঘটনাৰ শেষত তাইলৈ জানো সমাজে আঙুলি
নুটোৱাকৈ থাকিল? প্ৰান্তিকে বৌয়েকক ক্ষমা খুজিলেনে? কবিতাৰ জীৱনটো স্বাভাৱিক হৈ
উঠিল নে? বিদ্ৰোহ কৰি তাই উভতি গ’ল নেকি মাক-দেউতাকৰ ওচৰলৈ? এইযে
চৰিত্ৰবোৰ—প্ৰান্তিক, ৱাহিদা, কবিতা, কবিতাৰ গিৰীয়েক, ৱাহিদাৰ বায়েক... এইবোৰ আমাৰ
মাজৰে একো একোটা জীয়া চৰিত্ৰ! জীৱনৰ কোনোবা কেকুঁৰিত আপুনি, মই অথবা আমাৰ চিনাকি
কোনোবাই এওঁলোকৰ কাৰোবাক লগ পোৱাটো একো আচৰিত নহয়। কিন্তু কোনোবা প্ৰান্তিকে জানো
ৱাহিদাৰ স’তে বহি এনেকৈ কফি খাবলৈ বহাটো স্বাভাৱিক? লাগিলে বুকুত যিমানেই ভালপোৱা
নাথাকক কিয় প্ৰান্তিকে কেতিয়াও ৱাহিদাৰ হাতত ধৰি একেলগে প্ৰান্তিকৰ সমাজখনত খোজ
দিব নোৱাৰে। আৰু সঁচাকৈ যদি ৱাহিদাৰ হাতত ধৰি খোজ কাঢ়িব পৰা এজন প্ৰান্তিকক আপুনি
কেতিয়াবা লগ পাই তেন্তে ৱাহিদাৰ ঠিকনাটো জনাবলৈ নাপাহৰিব।
সঁচা অৰ্থত মোৰ গল্প লিখা নহ’ল যদিও ভণিতাত সেইটো কথা কওঁ, যিটো কথা ৱাহিদাই প্ৰান্তিকক নক’লে। দুদিনমান আগতে ৰাতি তাইৰ স’তে সময় কটোৱা মানুহজন আৰু প্ৰান্তিকক শেষ বাৰলৈ লগ পোৱাৰ আগতে তাই বায়েকৰ ডায়েৰীৰ মাজত দেখা ফটোখনৰ মানুহজন একেজনেই, যিজনক তাইৰ বায়েকে ভাল পাইছিল। তাই প্ৰান্তিকক কোৱাহেঁতেনো সি গম নাপালেহেঁতেন যে সেইজন প্ৰান্তিকৰ ককায়েক। যিটো কথা ৱাহিদাইয়ো গম নাপালে।
0 Comments