ভালপোৱাৰ খিচিৰি


বহুত দিন হ’ল মই হেনো লিখা নাই ভালপোৱাৰ কথা...প্রেমৰ কথা... ময়ো বিচাৰি ফুৰিছো... ক’ত আছে ভালপোৱা? হাঃ হাঃ হাঃ... ক’ত থাকে ভালপোৱা? ক’ত?

ৰাস্তাই দি যাওঁতে মই ভালেকেইদিন দেখিছো, ৰাস্তাৰ মাজতে বহি থাকে মানুহজনী। থিয় হ’ব নোৱাৰে, চুঁচৰি চুঁচৰি যায়। কাষেদি লৰালৰিকৈ মানুহবোৰ পাৰ হৈ যায়! ময়ো!! “... আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াপী জীৱ...।” এদিন ভালকৈ চাওঁতে দেখিলো কাপোৰেৰে বান্ধি থোৱা কলাফুলটো তাই খুচৰি আছে আৰু তাৰপৰা লিক্ লিকাই ওলাই আহিছে কেইটামান পোক!! মোৰ ওকালি আহিল! (এতিয়াও আহিছে.............................................................................................................) মুখত সোপা দি দৌৰিলো... পিছলৈ নোচোৱাকৈ। ইয়াত যদি মোৰ এচিকুট মান ভালপোৱা থাকিলেহেঁতেন?!! ওঁহো, এইকণ ভালপোৱা মই কেতিয়াও যতাব’ নোৱাৰো।

এনেকুৱা মানুহবোৰ মাজে মধ্যে ওলাই থাকে! ৰাতি এটাৰ ভিতৰতে ক’ৰপৰা আহে? নিজে তো আহিব নোৱাৰে। কোনে থৈ যায়? ঘৰৰ মানুহে? ৰাতিটোৰ ভিতৰতে আকৌ নাইকিয়া হৈ যায়! কোনে লৈ যায়? ক’লৈ যায়? সেইবোৰ মানুহক আৰু কেতিয়াও দেখা পোৱা নাযায়! ইয়াতেও তো থাকিব পাৰিলেহেঁতেন ভালপোৱা! নাই। 

ক’ত থাকে ভালপোৱা? মমতাবোৰ এনেকুৱাই নেকি?

স্কুলত নাম লিখোৱাই দিছিল। ক-মানত। তাই ককা-আইতাকৰ ঘৰৰ এজন সদস্য হ’ল! ঘৰৰ কাষতে এল্ পি স্কুল। প্রথম কেইদিনমান প্রতি শনিবাৰে দেতাকে ঘৰলৈ লৈ যায়হি। ধান এটা লৈ তাই দদৌয়েকৰ (দেতাৰ দেতা) পকা চুলি কাঢ়ে আৰু সাধু শুনে। লাহে লাহে দেতাক অহা কমি যায়। -মানলৈ উত্তীর্ণ হোৱাত তাইৰ নিজাকৈ এটা কোঠাত নিজৰ বিচনা হ’ল। কেতিয়াবা স্কুল বন্ধ থাকে। নির্জন দুপৰীয়া একোটাই লগ দিয়ে তাইক। স্কুলৰ বাৰাণ্ডাত গৈ বহে। কোনেও নেদেখে। কণমানি জনী উচুপি থাকে। কাকো নোকোৱা কথাবোৰে জমা কৰিলে এসোপা জেদ আৰু অভিমান। ডাঙৰ হৈ তাই বুজিলে সেইয়া ভালপোৱাই আছিল। মাক-দেতাকে বিচাৰিছিল তাইৰ ভৱিষ্যত টো সুন্দৰ হওঁক। কোনে জানে, হয়তো মাক-দেতাকেও উচুপিছিল তাইৰ দৰে, নীৰৱে!! সন্তানক আঁতৰাই ৰখাৰ দুখত হয়তো বুকু দহিছিল। ........ তাইৰ এতিয়াও মন যায় কাৰোবাৰ বুকুৰ মাজত কণমানি জনী হৈ কুচি-মুচি সোমাই ক্ষন্তেক শুবলৈ! কিন্তু.......... নাই। তাই যে এতিয়া ডাঙৰ হ’ল। বহুত কথা পাহৰিলে। ৰিণিকি ৰিণিকি মনত পৰে আইতাকৰ উমাল বুকুখনিলৈ। ... ডাঙৰ হৈয়ো তাই সৰুয়েই হৈ থাকিল!

ক’ত আছে ভালপোৱা? বিচাৰি নোপোৱা!

অকলে অকলে তাই ঘূৰি ফুৰে। যেনিয়েই মন যায় গুচি যায়। তাই নিজেও নাজানে কি বিচাৰি ফুৰিছে!

এটা সময় আছিল, বিনা বাক্যে মাক-দেউতাকৰ কথা শুনি মেখেলা-চাদৰ এযোৰ পিন্ধি আলহীক চাহ-তামোল দিছিল। আলহীবোৰ আহিছিল... এবাৰ, দুবাৰ... বহুবাৰ! তায়ো টি ভিত দেখুওৱা বিজ্ঞাপনবোৰৰ দৰে মুখত এমোকোৰা হাঁহি লৈ ওলাইছিল আলহীৰ আগত। এইয়া চাওঁক__ মই! মই এনেকৈ হাঁহো, মই এনেকৈ লাজ কৰো, মোৰ শিক্ষাগত অর্হতা ইমান... দেহাটো তো দেখিলেই...পচন্দ হৈছে নে? হয়তো তাই আলহীৰ চাহিদা পূৰণ কৰিব পৰা নাছিল! লাহে লাহে আলহীবোৰ নহা হৈছিল। তায়ো সকাহ পাইছিল। হৃদয়ৰ বিজ্ঞাপন নো তাই কাৰ আগত দিব!

গুচি যোৱাবোৰ তেনেকৈয়ে গুচি যায়! সি ও চাগে’ কাৰোবাৰ নাকৰ তলত, বাওঁফালে ওঁঠৰ ওপৰত থকা  তিল এটাৰ পিছে পিছে গুচি গ’ল। টনা টনা গভীৰ চকু এযুৰি বিচাৰি সি হেৰাই থাকিল! ‘ছাংকেন’ (বিহু) পালেহি। হয়তো সি সোঁৱৰিব এৰি অহা সময়ক... নীৰৱে!

... আচলতে আমি তাতেই থাকো য’ত আমাক এৰি থৈ যায়। কি বিচাৰি ফুৰিছো নজনাকৈয়ে হেৰুৱাখিনিকে বিচাৰি ফুৰে মনে। হেৰুৱাবোৰ বিচাৰি বিচাৰি নিজকো ক’ৰবাত হেৰুৱাই পেলোৱাৰ বাসনা জাগে! নিজক হেৰুৱাই, নিজৰপৰা পলাই, নিজক ফাঁকি দি যাম ক’লৈ? য’ত ভালপোৱা আছে!

ভালপোৱা ক’ত আছে? য’ত জীৱন আছে। জীৱন ক’ত আছে? ... য’ত ভালপোৱা আছে! য’ত মানুহৰ বাবে মানুহ আছে!

মই নিবিচাৰো ভালপোৱাই মোক এৰি যাওঁক! সেয়ে মুকলি কৰি দিছো ভালপোৱাক... উৰিবলৈ... বতাহত... যেতিয়াই মন যায় উশাহ টানি হৃদয় ভৰাই ল’ম... ভালপোৱাৰে...! বতাহক তো নিজৰ বুলিব নোৱাৰি!!! 

 

Post a Comment

0 Comments