নিয়ৰে দুৱৰিয়ে


.......তেওঁ সাৰে থাকে..................ৰাতি হ’লেই যে নিজক ভঙা গঢ়াৰ কচৰৎ, হাতুৰীৰ টং টং। নীৰৱে! দিনটোলৈ নিজক গঢ়ি তোলাৰ! কেতিয়াবা শিলৰ দৰে, কেতিয়াবা বহুৱাৰ দৰে, কেতিয়াবা পুতলাৰ দৰে... কেতিয়াবা নিজৰ দৰে!! নিজৰ দৰে হ’লেই বিপদ! অৱজ্ঞাবোৰ অৱজ্ঞা কৰাও কঠিন। অনুভৱবোৰ মুকলি কৰি নিদিয়াই ভাল, ধৰি থকা কিমানখন হাতে এৰি যাব টলকিবই নোৱাৰি! ভিক্ষাৰীৰ দৰে হাত পাতি জানো ভাল লাগে?! পাহৰণিৰ ঢৌত বুৰঞ্জী হয় সকলো! কোনোবাই যদি সুধে _ “হেই! হাউজ লাইফ?” স্ফূর্তিৰে কয় “ফাইন, নাথিং তু কমপ্লেইন!” তেনেদৰে ক’ব পৰাটোও এটা আর্ট! নহয়নে?

...... ......নিজৰ নীৰৱতাই নিজকে অস্থিৰ কৰে কেতিয়াবা! আপোনাৰ নীৰৱতাই যদি অস্থিৰ কৰে কাৰোবাক? আপোনাৰ প্রিয়বোৰৰ স’তে গুণগুণাব প্রিয় গীতবোৰ, ভগাই ল’ব কথাবোৰ.... আপোনাৰ প্রিয় হ’ব নোৱাৰাৰ দুখ এটা থাকি যাব আজীৱন। অকপটে কওঁ মই কৰা ভুলবোৰৰ বাবে মোক (অপ্রিয় হ’লেও) ক্ষমা কৰিব। ... শুনা নহ’ল আপোনাৰ স’তে আপোনাৰ প্রিয় গীতবোৰ! জাৰে জহে একেটা গানকে আওৰাই নিজক নিজতে ব্যস্ত ৰখাত অভ্যস্ত হ’বলৈ শিকিছোঁ। বেয়া লগা নাই! জীৱনক ভালপোৱাৰ অনুশীলন...

তাৰ পিছত........................ Empty.....খালী, শূন্য... হাঃ হাঃ হাঃ.......... মাথাত মগজুটো নথকাই হ’ল নেকি জানো। মোৰ বান্ধৱী এজনীয়ে কৈছিল যে মগজুত ঘিঁউ থকাতকৈ গোবৰ থাকিব লাগে। গোবৰ সাৰুৱা, তাতহে বস্তু লহপহকৈ বাঢ়ে! ঘিঁউ দেখোন শীতত গোট মাৰে, গৰমত গলি যায়!! কি যে নহয়!! ধেত তেৰি!

ভাবোঁতে ভাবোঁতে ক’ত কিমানটা পাক খাই কথাবোৰ (আচলতে ভাৱনাবোৰ) গাঠি লাগি ধৰে নহয়! কি নো কৰিম ন’! ভাৱনাবোৰ তো আৰু মিলিটেৰী কায়দাৰে শাৰী পাতি নাহে!

আহিনক কোনে আনে? শৰতে? শৰতক কোনে আনে? কঁহুৱাই? কঁহুৱাক কোনে আনে? নিয়ৰে? নিয়ৰক কোনে আনে? দুৱৰিয়ে?........ আৰু শেৱালিক?? 

দুৱৰি দেখিবলৈকে নাই, শেৱালিৰ সুবাসো নাই!! তথাপিও শৰত আহিব... সঘনাই নাহিলেও কঁহুৱা ফুলাৰ বাটেৰেই আহিব, নিয়ৰে ক’ৰবাত তিয়াব দুৱৰি.......  নীলা চাদৰ উৰি আকাশে সাৱটি ল’ব... বৈৰাগী মেঘৰ টুকুৰাবোৰ ভাঁহি ফুৰিব...... আৰু পথাৰ জুৰি সেউজীয়াৰ ব্যাপ্তি... এনেকৈয়ে আহিব শৰত... সাৱৰিয়া অ’... ভাল লগাৰ কাৰণ থাকে নে নাথাকে নাজানো... শৰতক নো কোনে বেয়া পায়!

“আহিনৰ নিয়ৰৰ ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলি থৈ কথাটি কোৱা...” বহু কথাই বাকী থাকিল! মাতবোৰ হেৰাল... উৎকর্ণ কাণত উপেক্ষাৰ ধ্বনি মাথোঁ! অভিমানত ওন্দোলা আকাশক বৰষুণে নিচুকায়!

এইযে গানবোৰ... কিয় ভাল লাগে? শব্দবোৰৰ বাবে নে সুৰবোৰৰ বাবে? এইযে শ্রেয়াই গায় “... তেজত এটোপাল আতৰ ঢালি হৃদয় কোনে চুলে...” অংগৰাগে যে গায় “...তোমাৰ খোজৰ বাবে বাট চায়.... ”, “...মন মোৰ উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই.....কলিজাৰ বেথা ঢালি ক’ব পাৰিবনে বাৰু.....”  তৰালি শর্মাই যেতিয়া গায় “... সাৱৰিয়া ৰে...” ............ সুৰবোৰে জানো ক’ত খুন্দিয়াই! শব্দবোৰে ক’ৰবাত মৰমৰ ভুকু এটা মাৰি দিয়ে.........ক’ৰবাত গীটাৰৰ তাঁৰবোৰৰ দৰে কিবা এটা কঁপে, তবলাৰ তালৰ দৰে খৰ হয় ধপধপনি, বাঁহীৰ সুৰে ৰেপি নিয়ে কোনোবাখিনি....... সেয়ে চাগৈ ভাললগা বোৰ চকুপানী হৈ সৰে! ..... চকুপানীবোৰ আচলতে সুখত সৰে নে দুখত, আজিও নুবুজিলোঁ!

ঝুমুৰ শুনিলে কেনেকুৱা লাগে বাৰু? যেতিয়া মাদল বাজে? ........  এটি কলি দুটি পাতৰ দৰেই সতেজ, সেউজীয়া মনবোৰ! পাখিত পাখি লগাই ৰঙা-বগা ফুটুকীয়া পখিলাৰ দৰে, খিলখিল হাঁহি, কাঁচৰ খাৰুৰ মৃদু ঝুনঝুননি... যান্ত্রিকতাৰ কোলাহ’লে চুব নোৱাৰা সুখী সুখী অনুভৱ যেন.... ভাল নালাগেনে? পূজা বুলিয়েই ৰং-বিৰঙী ‘দুনীয়া’ত ব্যস্ত তেওঁলোক...

...ব্যস্ত মোৰ চহৰখনো! মানুহবোৰ ব্যস্ত ‘বিশাল’, ‘মেক্সমার্ট’, ‘চিটি লাইফ’ৰ ৰঙীন পৃথিৱীত! যোৱা গৈছে, অহা আহিছে..........প্রতিটো গ’লি, দোকান-পোহাৰ, ক’ফি হাউচ, ফুটপাথ....... সকলো ব্যস্ত। ব্যস্ততাৰ মাজতেই কোনোবাই দলিয়াই দিছে ফুটপাথত পৰি থকা ভিক্ষাৰী টোলৈ দুই এটকা! তাৰো চাগৈ পূজা পূজা লাগিছে! দুটকা দিয়া জনে হয়তো নেদেখিলে দুটকাবোৰ গোটাই নিশাৰ ৰমক-জমক পোহৰত কোনোবা গ’লিত ‘দাৰু’ খায় পৰি থকা ভিক্ষাৰীটোক! নেদেখিলেই ভাল! হওঁক তেৱ, পূজা বুলি তাৰো মন গ’ল অকণমান...! তাৰ নো আৰু কি আহিন, কি শৰৎ......... 

... ব্যস্ত চহৰখনে সোঁৱৰাই দিয়ে আমিবোৰ পুৰণি হ’লোঁ, বয়স বাঢ়িছে আমাৰো চহৰখনৰ লগতে... তথাপি আমিচোন অনুভৱ কৰিবলৈ টান পাওঁ টুটি অহা সময়ক! মানি ল’বলৈ টান পাওঁ আমি যে ৰৈ থকা নাই সেই এৰি অহা সময়ত! ..... কলেজ, ভার্চিটিৰ জুনিয়ৰবোৰক যেতিয়া পাওঁ... ভাৱ হয়, এৰাহ্ বহুদূৰ আহিলোঁ......... তথাপিওচোন আব্দাৰ ধৰিবলৈ মন যায়... “দিয়ানা দেউতা, পূজা বুলি পানী-বেলুন এটাকে আনি দিয়া!!!”

চাৰপ্রাইজ এটা পোৱাহেঁতেন! চিনেমাৰ দৰে হোৱাহেঁতেন কিবা এটা! সাধু কথাৰ দৰে হোৱাহেঁতেন...

বন্ধ দুৱাৰ এখনে সদায় অপেক্ষা কৰে। খিড়িকীখন খুলি দিলেই আজিকালি আকাশ দেখোঁ..........

(নাজানো মই কিয় বাট চাই আছো!!!) ব্যস্ত হৈ থাকিব পাৰিলেই ভাল, নিজেও নিজক আমনি কৰিব নোৱাৰাকৈ!! উদ্ভট ভাৱনাবোৰে আমনি কৰিব নোৱাৰাকৈ! ......... কথাবোৰ খেলিমেলি। অনুভৱবোৰত বেমেজালি। শব্দবোৰে আঁকিব নোৱাৰে অনুভৱৰ দলিচা... টাপলি মৰা কাৰবাৰ...

কথাবোৰ জানো কিয় আহি আহি আপোনাতে শেষ হয়! ভালে আছে চাগে’। নিয়ৰে তিয়াইছেনে আপোনাৰ পদূলিৰ দুৱৰি? সৰা শেৱালি গছকি আহিবনে এইবাৰ কোনোবা? আহিনে লৈ আহক আপোনাৰ প্রিয়বোৰ... 

পূজা বুলি মোক কি দিব নো? জোনাকত তিতা জোনাকী দুটা মানকে দিব। (জোনাকত জোনাকীবোৰ নেদেখি, আন্ধাৰতহে দেখি J )

শাৰদীয় শুভেচ্ছাৰে................

 

Post a Comment

0 Comments