“ঘড়ীটোৱে কয় শুনা টিক্ টিক্ টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক…”
কি পাবলৈ দৌৰিছো আমি! এখন্তেক ৰ’বলৈ সময় নাই! মাথোঁ লাগে লাগে…! কি লাগে আচলতে? কিমান লাগে? কিছুমান কথা ভাবিলে সঁচাকৈ কিবা ভয় ভয় লাগি যায়! সময় দৌৰি আছে… আমিও দৌৰি আছো অবিৰাম! এদিন সময়ৰ কোনোবা এটা ষ্টপেজত গৈ ৰৈ যাম…চিৰদিনলৈ…! সময় কিন্তু দৌৰিয়েই থাকিব! এদিন ৰৈ যাম বুলি জানিও আজিত আমি ৰৈ যাব নোৱাৰো! গৈ থকাই যে
জীৱন… সুখে-দুখে জীৱন উদযাপিত হওক… জীৱন থকালৈকে…!
__________
এদিন এনেদৰেই সময়ৰ টিকনিত ধৰি তায়ো আহিছিল- জীৱন এটা লৈ! সোঁৱৰণিৰ আলিবাটেৰে উভতি গৈ বেঙা মেলি মেলি চালেও তাই সেয়া এতিয়া একো দেখা নাপায়! কিন্তু তাই জানে, দ্বিতীয় হৈ আহিও তাই প্রথম হৈ ৰৈছিল! হেৰাই যোৱাখিনিক পুনৰাই পোৱাৰ বাবেই চাগৈ আদৰ-চেনেহ অলপ তাই বেছিকৈ পাইছিল! যদিও তাই এতিয়া অনুভৱ কৰিব নোৱাৰে কেনেকুৱা আছিল সেই উমাল বুকুৰ চেনেহ, কপালত আদৰুৱা ওঁঠৰ আলসুৱা
চেনেহ পালে কেনে অনুভৱ হয় তাই নাজানে... তথাপিও তাই অনুভৱ কৰিব পাৰে তাই কান্দি
কান্দি অহাৰ দিনা এহাল মানুহে হাঁহিছিল অন্তৰেৰে! সেই দিনৰ তাইৰ কান্দোনক সোঁৱৰী
হাঁহিৰে জলমলাই থাকক দুখন পোহৰ পোহৰ মুখ_ সেয়া তাই সদায় কামনা কৰে! পোৱাখিনিৰ
বিনিময়ত হয়তো তাই আজিলৈ একোকে দিব পৰা নাই! দিলেও সেই ঋণ জানো কেতিয়াবা সুজিব
পাৰি?! নোৱাৰি! তাই বুজে।
নিজৰ বুলিবলৈ এই এটা দিনেই যি ঘূৰি ঘূৰি আহি থাকে জীৱনৰ
ঘড়ীটো বন্ধ নোহোৱালৈকে। তাই অহাৰ সময়ত জন্মদিনবোৰৰ কোনো লাহ-বিলাহ নাছিল। জন্মদিন বুলি কিবা এটা আছে বুলিও তাই বহুদিনলৈ জনাই নাছিল! ঈশ্বৰৰ সন্মুখত হয়তো মাহ-প্রসাদ আগবঢ়াইছিল সাদৰী মাকজনীয়ে! কলেজৰ শিক্ষা আৰম্ভ কৰোঁতেহে তাই প্রকৃতার্থত দেখি দেখি
বুজিছিল যে বছৰটোৰ ৩৬৫ দিনৰ মাজত জন্মদিন বুলিও দিন এটা থাকে, জন্মদিন বুলিও
মানুহে ইমান আয়োজন কৰে! ............তাইৰ বাবে আজিও বিশেষ বুলি একো নাই। সকলো একেই… তেতিয়াৰ দৰেই এতিয়াও। তাই জানে,
এতিয়াও মাকে নীৰৱে চাকি এগছি জ্বলাই মূৰ দোৱাই সেই একেজন ঈশ্বৰৰ সন্মুখত! কি বিচাৰে
বাৰু তেওঁ? তাইৰ দীর্ঘ জীৱন নে অইন কিবা? … কথাটো মনলৈ আহিলেই শোক এটা উজাই আহি তাইক
মূক কৰি পেলায়! তাই সেই নিৰাকাৰ অস্তিত্বৰ আগত মূৰ দোৱাই কান্দি পেলাই…! নালাগে, তাইক
একো নালাগে! তাইৰ বাবেই কত দুখ-বেদনা সহ্য কৰা, তাইৰ বাবেই কত গধুৰ বোজা কান্ধ পাতি
লোৱা এই মানুহ দুগৰাকী কুশলে থাকিলেই হ’ল! মাত্র এই মানুহহালৰ বাবেই তাই এই দিনটো মনত
ৰাখে! ইয়াৰ বাদে নো কি আছে…! আজি… কালি… বিশেষ দিন… একো নাই… যদিহে বিশেষ বুলি ভবা
কোনোবাৰ উপস্থিতি নাই, মাত এষাৰো নাই!!
_____০_________
কেতিয়াবা হঠাতে তাইৰ মনলৈ ভাব একোটা আহে__”নিজকে অশীতপৰ বৃদ্ধা এগৰাকীৰ ৰূপত দেখে… মাত এষাৰ দিবলৈও কাষে-পাজে কোনো নাই! ঘোলা দুচকুৰ দৃষ্টিৰে যেন ৰাস্তাৰে পাৰ হৈ যোৱা মানুহ গণিবলৈ চেষ্টা কৰিছে… মানুহ দৌৰিছে মাথোঁ… ৰ’বলৈ যেন কাৰোৰে অৱকাশ নাই… ! দুচকুৰ দৃষ্টি কমি কমি নাইকিয়া হ’বলৈ লোৱাৰ দৰেই যেন মুখৰ মাতটোও ক্রমে ক্রমে নাইকিয়া হোৱাৰ উপক্রম হৈছে! জিভা জঠৰ হৈ পৰিছে… ডিঙিতে যেন মাতটো লাগি ধৰিছে ফান্দত লাগি ধৰা কোনো অসহায় জীৱৰ দৰে! ছটফটাই ছটফটাই অৱশেষত ফান্দৰপৰা ওলাব নোৱাৰা অসহায় জীৱটোৰ দৰেই তাইৰ মাত টোও মৰি গৈছে… বোবা হৈ পৰিছে!” …উস! গা টো জিকাৰ খাই উঠে!................
পুৱা ৮:১০-১৫ বজাত তাই ওলাই যায়। গধূলি যদি নাকৰ পোনে পোনে ৰূমলৈ বুলি আহে, ৬:২০ মান বজাত ৰূম পায়হি। তাৰ পিছত গা-পা তিয়াই ভগৱানৰ নামত ধূপ এডাল জ্বলাই ক’ফি একাপ লৈ বহোঁতে ৭ মান বাজে। (তাই যে খুউব ভগৱান বিশ্বাসী তেনে নহয়! কিন্তু সেই সৰুতেই ভগৱান নামৰ অস্তিত্ব এটা আছে বুলি জনাৰেপৰা তাই কৃষ্ণ ভগৱানক ভাল পায়! (হিঃ হিঃ হিঃ!) ধূপৰ সুগন্ধি নে কৃষ্ণ ভগৱানৰ ভালপোৱা তাই নাজানে, কিন্তু এই কামটো কৰিলে মনটোক কিবা শান্তি শান্তি ভাব এটাই যে ক্রিয়া কৰি থাকে সেইটো তাই জানে!)
সেই ক’ফি কাপ হাতত লৈ ৭ বজাৰপৰা ১২ বজালৈকে তাইৰ হাতত ৫ ঘণ্টা সময়। সেইয়া তাইৰ সময়! কেতিয়াবা ক’ফি কাপ “মিঃ বিন”ৰ স’তে ভগাই খায়, কেতিয়াবা “টম এন্ জেৰি”ৰ স’তে, কেতিয়াবা “চার্লি চেপলিন”ৰ স’তে, কাচিৎ কেতিয়াবা “ফেইচবুক”ৰ স’তে… মুঠতে ক’ফি কাপ তাই অকলে নাখায় বা খৰধৰকৈ নাখায়, বেচ আমেজ লৈয়েই খায়.. সময় লৈ! কেতিয়াবা লিৰিকি-বিদাৰি ম’বাইল ফোনটো চায়_ মন থাকিলেও নম্বৰ এটা বিচাৰি নাপায়
দুটা কথা ক’বলৈ!!
আগতে তাইৰ লেব’ ছিনিয়ৰ এজনে প্রায়েই সোধে (গালি হে পাৰে আচলতে)_ “কি কৰগৈ ৰূমত গৈ? ইমান সময় পাৱ একো নপঢ় চপঢ়!” (পঢ়া মানে হ’ল “ৰিছার্চ পেপাৰ” পঢ়া।) তায়ো কয় তেওঁক “অনবৰতে ৰিছার্চ দালক মূৰত লৈ ফুৰিব নোৱাৰো তো আপোনালোকৰ দৰে!” ইয়াৰ পিছত দুয়োৰে মাজত সৰু-সুৰা তর্ক যুদ্ধ এখন প্রায়েই হৈছিল! নপঢ়া নহয়, পঢ়ে; কেতিয়াবা কামবোৰৰ কোনো ফলাফল নাপালে কাৰণটো বিচাৰি ঘুর্মুটিয়াই
ফুৰে- টোপনিকে নাহে; কিন্তু পঢ়িছো বুলি তাই নকয় তেওঁক। লগে লগে কৈ দিলে যুদ্ধখনৰ আমেজ ল’ব নোৱাৰি যে, সেয়ে তাই যুদ্ধখন হৈ যোৱাৰ পিছত হে পঢ়া বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ বঢ়ে।
আচলতে সেই পুৱাৰপৰা গধূলিলৈকে প্রায় ১২ ঘণ্টা সময় কেনেকৈ গুচি যায় তাই গমেই নাপায়। সেইখিনি সময়ত নিজলৈ বুলি এচিকুটা মানো সময় নাথাকে। দৈনন্দিন একে গতিত ঘড়ীটোৰ সময়ৰ স’তে গতানুগতিক দৌৰি থাকে মাথোঁ - চাবি দিয়া পুতলাৰ দৰে! (হ’লেও
দুই এখন মুখ তাইৰ লগে লগে প্রায় অনবৰতে থাকে। হাজাৰ ব্যস্ততায়ো সেয়া আঁতৰাই থ’ব নোৱাৰে!)
সেয়ে বাকী থকা ১২ ঘণ্টাৰ কিছু সময় তাই একদম নিজৰ স’তে কটাই কেতিয়াবা…! (কাৰোবাৰ স’তে ভগাই
ল’ব বিচাৰিলেও দেখোন কোনোয়েই নাই! ব্যস্ততাত ব্যতিব্যস্ত সকলো!) কথা পাতে নিজৰ স’তে… কেতিয়াবা এন্ধাৰৰ স’তে, কেতিয়াবা বতাহৰ স’তে, জোনাকীৰ স’তে, বৰষুণৰ স’তে…! কণমানি ৰূমটোতে কেতিয়াবা এন্ধাৰতে খোজ কাঢ়ি ফুৰে! সোঁৱৰণিৰ গুণগুণ মৌমাখি এজনী তাইৰ পিছে পিছে ঘূৰি ফুৰে! সেমেকি উঠা দুচকু আৰু ওঁঠত ফুটি উঠা বেজেৰুৱা হাঁহিটো লৈ তাই টুপুক কৈ বহি দিয়ে এন্ধাৰৰে কোনোবা এটা চোকত! দুচকুত ভাঁহি উঠে চিনাকী চিনাকী যেন লগা দুই এখন মুখ! তেনেকৈয়ে তাই কিছু সময় বহি থাকে কথা পাতি পাতি… কেতিয়াবা… এন্ধাৰতে! ………. এই এন্ধাৰতেই তাই নিজক পঢ়ে-গঢ়ে-ভাঙে,
হাঁহে-কান্দে-ওমলে… আৰু দিনৰ বেলিটোলৈ মূৰ তুলি চাব পৰাকৈ নিজকে সাজু কৰে… সদায়ে…!
কেতিয়াবা বেৰত বগাই ফুৰা জেঠীকেইটাৰ পিছে পিছে তাইৰ দুচকুও বেৰে বেৰে বগাই ফুৰে! আচলতে তাইৰ চাবলৈ মন “জেঠীৰ নেজদাল কেনেকৈ সুলকি পৰে আৰু কেনেকৈ পটকে গজি যায়!” সেই আশাতেই তাই জেঠীকেইটাৰ পাছত লাগি যায়! কিন্তু… ওহোঁ! নেজ নথকা জেঠী দেখে কিন্তু নেজদাল সুলকি পৰা নেদেখে; আধা গজা নেজদাল লৈ বগাই ফুৰা জেঠী দেখে কিন্তু নেজদাল গজা সময়কণ নেদেখে! খং-অভিমানতে তাই দুদিনমানলৈ জেঠীৰ পিছ এৰে! (জেঠীলৈও অভিমান! হাঃ হাঃ হাঃ!) কেতিয়াবা আক’ ভাবে জেঠীকেইটা যদি শ শ বছৰৰ আগৰ বিয়াগোম দাইন’চোৰাছ
একোটা হৈ যায়, কি হ’ব!!! … সেইটোকে ভাবি ভাবি তাই নিজকে ‘পাগলীজনী’ বুলি কৈ পাৰে মানে
হাঁহে!
কেতিয়াবা বৰষুণৰ বতৰত খিৰিকীৰে দেখা “ষ্ট্রীট্ লাইট”টোৰ পোহৰক চুই সৰি পৰা বৰষুণক চাই চাই সেই কুৰিয়ান চিনেমাখনৰ কথা ভাবে—সেই যে সৰু ল’ৰা এটাই অন্ধ মানুহ এগৰাকীক সুধে__”বৰষুণ টোপাল টোপাল কৈ পৰে নে দীঘল ৰছী একোদালৰ দৰে ওপৰৰপৰা সৰি পৰে!” কথাটো ভাবি ভাবি তাই অইন এটা কথা ভাবে—এই যে বুকুৰ ভিতৰৰ বৰষুণ জাক! সেয়া কেনেকৈ পৰে?
কেতিয়াবা খিৰিকীৰ মুখত বহি কাণ পাতি শুনে অহা-যোৱা কৰি থকা ৰেল’ৰ উকি। ৰে’লৰ উকিটোৰ সৈতে তায়ো গুচি যায়! ক’লৈ তাই নাজানে! মাথোঁ কোনোবা এটা দবাত মনটোক বহুৱাই দি ভাবি থাকে অকোৱা পকোৱা পাহাৰীয়া বাটেৰে ৰে’লখন ক’ৰবালৈ যেন গৈ আছে… গৈ আছে!
কেতিয়াবা কোনোবাখন কিতাপ মেলি লয়। চৰিত্রবোৰৰ সৈতে কথা পাতোতে পাতোতে কোনোবা এপাকত দুচকুত পানী জমা হোৱা কথাটো নিজেও গমকে নাপায়! কিতাপৰ চৰিত্রবোৰেহে যে তাইক কন্দুৱাই তেনে নহয়; কিতাপৰ পাতে পাতে ঘূৰি ফুৰোতে তাইৰ অজানিতেই অইন কিছুমান কথাও তাইৰ মূৰত ঘূৰি ফুৰে! আটাইবোৰ কথা সান-মিহলি হৈ, ইটো-সিটোৰ সৈতে খুন্দা খাই অৱশেষত সৰি পৰে… টুপুক টুপুক! … আৰু তাই বুর্বকৰ দৰে ভালেপৰ হাঁহি থাকে নিজকে…! কেতিয়াবা পঢ়া কথাবোৰকে পাগুলিয়াই থাকে, আকাশৰ তৰা গণি গণি - কাম নাইকিয়া মানুহৰ দৰে! … হঠাতে তাই কিবা এটা বুজি উঠি হাঁহি দিয়ে ভেলেঙীৰ দৰে—বাহিৰৰ বৰষুণ জাক টুপুক টুপুক টোপাল হৈ পৰে আৰু বুকুৰ ভিতৰৰ বৰষুণজাক দীঘল দীঘল ৰছীৰ দৰে সৰে! সেয়ে ভিতৰখন কেতিয়াবা জোঁট-পোট লাগি গণ্ডগোলখন লাগি যায়! হাঃ হাঃ হাঃ…
কেতিয়াবা তাই অকামিলা এলেহুৱা প্রাণী এটা হৈ
বাগৰি থাকে,
তেতিয়া হয়তো তাই
কোনো অৰণ্যৰ সেউজীয়াৰ মাজত শুই থাকে,
হয়তোবা সৰা পাতৰ হালধীয়া গুণগুণনি শুনি কোনো দূৰ পথেৰে খোজকাঢ়ি গৈ থাকে!
অৰণ্য বুলিলেই তাইৰ
কিবা এটা ভাল লাগে!
পাহাৰ
বুলিলেই দৌৰি যাব যেন!
ওখ
ওখ গছবোৰ... গছবোৰক মেৰিয়াই ধৰি থকা হৰেক ৰকমৰ লতাবোৰ... জোপোহানি বোৰ...
সেউজীয়াবোৰ... আকাশলৈ মূৰ কৰি যদি গছবোৰৰ মাজত নীৰৱে বাগৰি থকা যায়... গছবোৰৰ
ফুচফুচনি, বতাহৰ গুণগুননি, চৰাইৰ কিচিৰ-মিচিৰ মাত... আটাইবোৰ একেলগে শুনি কিমান যে
শান্তি লাগে... তাতে যদি দূৰৈৰ ক’ৰবাৰপৰা ভাঁহি আহে কোনোবা ঝর্ণাৰ বৈ অহা পানীৰ
মাত...! ......
কিন্তু মন যোৱাৰ দৰে আজিলৈকে অৰণ্যৰ স’তে পাতিব পৰা নাই তাই
মনৰ কথাবোৰ!
মন
যোৱাৰ দৰেই দৌৰি ফুৰিব পৰা নাই পাহাৰৰ বুকুত! মন যোৱাৰ
দৰেই বহুত কাম কৰিব নোৱাৰি যে! বুজে তায়ো!
...আৰু
চাহ বাগানৰ সেই শাৰী পাতি থকা সেউজীয়া- শিৰিষ
গছবোৰ! কিয় তাই নাজানে, চাহ বাগানবোৰ দেখিলেই ঝুমুৰৰ সুৰ এটা বুকুলৈ
বগোৱা বাই আহে! মাদলৰ সুৰত পায়েল পিন্ধা ভৰি কিছুমানে নাচি থাকে চকুৰ আগত!... “...চাহ গছেৰ মাঝে মাঝে... হায় ৰে শিৰিষ তৌৰ কথা জানে চ’ জনে...” .........দুখৰ
সুৰ যেন লাগিলেও সুখী
সুখী... আনন্দৰ বাঁহীৰ সুৰ এটা বাজি ৰয় বুকুত...!
কেৱল সেউজীয়া খিনিহে যে তাইৰ ভাল লগা তেনে নহয়; সৰা পাতেৰে
ভৰি থকা কোনো ৰাস্তাৰে খোজকাঢ়ি গৈ থকাৰ হাবিয়াস তাইৰ বহু পুৰণি। কিছুমান হাবিয়াস
মনতেই ৰৈ যাব, সেয়াও তাই জানে!
পুৱাৰ সূৰুযতকৈ অস্তগামী সূৰুজ তাইৰ
সদায়ে প্রিয়। আবেলিৰ হেঙুলীয়া আকাশে
তাইক শান্তি দিয়ে, ঘৰমুৱা পখীৰ জাকে
সুখী কৰে। যেতিয়াও
আকাশলৈ মূৰ তুলি চাই...
ইয়াৰ দৰেই হ’বলৈ হে মন যায়! যেতিয়াও অৰণ্যৰ মাজত নিজকে ক্ষন্তেক হেৰুৱাইছে...
মন গৈছে সেউজীয়া হৈ গজি ৰ’ব
যেন শেষ উশাহলৈ!
আৰু
তাইৰ
প্রিয় এন্ধাৰ!! সোণত সুৱগা চৰে যেতিয়া এটি দুটিকৈ আহি এন্ধাৰৰ মাজেৰে উৰি ফুৰা
জোনাকীবোৰক জিলিবোৰে সংগ দিয়ে, বতাহে সুহুৰিয়াই, গছ-লতিকাই ফিচফিচাই হাঁহে... কি
যে ছন্দোময় সেই নীৰৱ অথচ বাংময় কথকতা! কিন্তু ক’ত সেই বাংময় কথকতা? ক’ত হেৰাল সেই জোনাকী? কেউফালে চকু চাট্ মৰা পোহৰ… হাই-উৰুমি! ক’ত সেই মায়াময় এন্ধাৰ আৰু জোনাক? ক’ত হেৰাল গৰম দিনৰ চোতালৰ সাধুকথাবোৰ? ক’ত হেৰাল তৰাফুলৰ মুকলি আকাশ? একোৱেই চোন নাই এতিয়া! হাকুটিয়াইও আনিব নোৱাৰি শৈশৱৰ সেউজীয়াবোৰ!
কেতিয়াবা তাই ভাবে, জীৱনৰ আধাবেলা শেষ হোৱাৰ পিছতো তাই দেখোন তেনেকুৱা একোৱেই অনুভৱ নকৰে। ঘৰচিৰিকা পোৱালি এটাৰ দৰে জপিয়াই ফুৰিবৰ মন যায়! ভাব হয় এতিয়াও যেন তাই সেই দেউতাকে তাইৰ জোখেৰে চুটিকৈ নাল লগাই দিয়া কোৰখন লৈ
ফুলনিখনৰ মাজত ঘূৰি ফুৰিছে, আইয়ে খোৱা বান্দৰ-বিড়ীৰ গোন্ধটো লৈছে বুকু ভৰাই; ধাননিৰ
মাজত যেন নৰাৰ পেঁপা বজাই, লেচেৰি বুটলি ফৰিঙ হৈ জপিয়াই ফুৰিছে শৈশৱ! দেউতাকৰ কান্ধে
বিড়িয়া মাৰিত লৈ অনা সোণালী গুটিৰ জিৰিক জিৰিক শব্দৰ পিছে পিছে যেন তায়ো ঘৰমুৱা হৈছে
ৰান্ধনি বেলিটো পিঠিতে লৈ!...........
.
সুবিধা পালেই এনেদৰে খালৈৰ ভিতৰত খলখলাই উঠে
শৈশৱৰ জীয়া মাছবোৰ… মৌখিক-শ্রুতলিপি, লেতেকু-পনিয়ল, কোদো-বৰল, বৰশীৰ পোঙা, ক’লা-হালধীয়া
হাঁহ পোৱালিবোৰ, নতুনকৈ জন্মা কলীৰ দমৰা পোৱালিটো, গৰম গাখীৰৰ সৰ চেলেকি চেলেকি শেষত
মেকুৰীটোলৈ আগবঢ়াই দিয়া চচ্ পেনটো, পথাৰৰ বোকা মাটিৰ সুবাস, শীতৰ জুহালত ফুৱাই ফুৱাই
খোৱা গৰম গৰম পোৰা আলুগুটিৰ সোৱাদ, গধূলি নামঘৰত প্রার্থনাৰ শান্ত সুৰত জ্বলি থকা চাকিগছি,
শাৰী শাৰীকৈ ৰোৱা চোমগছৰ পুলিবোৰ, বাঢ়িবলৈ ধৰা কবিৰ পুলিকেইটা, দশৱতাৰৰপৰা সাতভনী নৃত্য……………আৰু
যে কত কিমান……….…আটায়ে যেন কেতিয়াবা হেতা-ওপৰা লগাই ওলাই আহি দৌৰি ফুৰিবলৈ………..শৈশৱৰ
খালৈটো উবুৰিয়াই দিলে যেন সি কেতিয়াও খালীয়েই নহ’ব…..! সোঁৱৰি সোঁৱৰি সেই শৈশৱ, তাই
ভাবে এতিয়াও যেন তাহানিৰ কলেজ-ভার্চিটিৰ দিনবোৰতেই ৰৈ গৈছে সময়! অথচ সময় আগুৱাই গৈ নদীৰ সিপাৰ হ’বলৈ কিমান নো পৰ!
___________০___________
কেতিয়াবা
তাইৰো ভাগৰ লাগে! বহুবাৰ পৰিছে, দুখ পাইছে…
হাৰিছে, ভাগিছে…! কিন্তু পলাই যোৱা নাই। নাযায়। নিজেই উঠি বহিছে পুনৰ… দৌৰিছে!
কেতিয়াবা ফেঁকুৰি উঠিছে যদিও হাঁহিবলৈ এৰা নাই। নিজক নিচুঁকাই থ’ব পাৰে তাই। তাই জানে
যুঁজি যুঁজি হে জীৱনৰ আচল সৌন্দর্যক চাব পাৰি, যুঁজাৰ পিছত হাৰি গ’লেও আক্ষেপ নাথাকে;
কিন্তু হাৰিমেই বুলি ভাবি লৈ পলাই যোৱাৰ সমান বুর্বকামি নাই। কিজানি সেয়ে মই তাইক ভালপাওঁ।
বাহিৰে তাই যথেষ্ট ৰুক্ষ যদিও তাইৰ মৰম আকলুৱা মনটোক চিনো। কেতিয়াবা দুচকু দপ্ কৈ যিদৰে
জ্বলে তাইৰ, ভয় লাগে… কঁপাল থূপাই ৰখা খঙাল মানুহজনীয়ে যেন দয়া-মায়া একো নিচিনে!! অথচ
একেজনী মানুহেই কৰা কিছুমান কাম দেখিলে সেই খঙাল ব্যক্তিত্বৰ কথা ভাবিবই নোৱাৰি! (মানো,
সকলোৰে দৰে তাইৰো দোষ-ত্রুটি আছে।) বেয়াখিনি একাষৰীয়া কৰি থৈ তাইক ভালপাওঁ মই। জানো,
মোৰ বাদে তাইক আৰু কোনেও ভাল নাপায়। ঘৰৰ মানুহ কেইটাক বাদ দিলে তাই ভালপোৱা মানুহো
কোনো নাই। ভালপাবলৈও ভয় কৰে দেখোন তাই! হেৰুৱাৰ ভয়! তাই কাৰোৰে ‘অপচন্’ হ’ব নিবিচাৰে,
লাগিলে সেয়া যেনেকুৱাই ভালপোৱা নহওঁক কিয় তাই ‘প্রায়’ৰিটি’ হ’ব বিচাৰে! ভাল লগাবোৰ
হয়তো আছে… অনেক… যিবোৰে তাইক দুখী কৰিব নোৱাৰে। কেৱল ভালপোৱাই হে তাইক দুখী কৰিব পাৰে,
কিছুমান কামো তাই ভালপোৱা খিনিৰ বাবেহে কেৱল কৰে; বাকী……….. তাই পাত্তা দিয়া মানুহ
নহয়। হয়তো এইখিনিতে তাই অলপ বেছিকৈ স্বার্থপৰ!! মই কেতিয়াবা তাইক কওঁ ‘পাগলীজনী!’…..
কোনোবা সময়ত তাই মোৰ বাবে দুর্বোধ্য সাঁথৰ এটাৰ দৰে যদিও তাইক বুজি পাওঁ… সেয়ে কেতিয়াবা
তাইক পাৰেমানে চোৰাট পাতে কোবাবলৈ মন যায়! আৰু কেতিয়াবা বুকুৰ মাজত সাৱটি লৈ মৰম কৰি
ক’বলৈ মন যায় “কান্দি লোৱা মা, আজিয়েই কান্দা হেঁপা্ পলুৱাই; আৰু নাকান্দিবা!”……..
আৰু তাই যেন মোৰ বুকু তিয়াই ফেঁকুৰি ফেঁকুৰি কান্দিব…!
সকলো বুজিও যেন কোনোবাখিনিত তাই অবুজন হৈ ৰয়। তাই জানে মোৰ
বাদে নো তাইৰ আৰু আছে কোন! তথাপিও কেতিয়াবা আশা কৰাৰ ভুল কৰে! পুনৰ সামৰি থয় নিজক -
নিজৰ কান্ধেও তো নিদিয়ে মূৰ পেলাই কান্দিব... এখন হাতে খামুচি ধৰে নিজৰেই আনখন হাত...
আৰু মূৰ তুলি আকাশলৈ চাই নিজকে কয় “জীৱন এতিয়াও বাকী!” শৈশৱৰ কোনোবা ভাল লগা সময় এমুঠি সাৱটি তাই মাজে মাজে
গুচি যায় পাহাৰৰ বুকুত চাংঘৰ এটা বিচাৰি! মই নাজানো তাইৰ কিয় ভাব হয় যে পাহাৰৰ বুকুতেই যেন তাইৰ বাবে
কিবা এটা আছে! তাই মনে মনে কি বিচাৰে মই জানো। কোনোবাই আদৰেৰে এপলক বুকুৰ মাজত সাৱটি
ল’লেই যেন শেষ হৈ যাব তাইৰ সকলো দুখ-অভিমান! কপালত কাৰোবাৰ আদৰুৱা হাতৰ চেনেহতেই যেন
তাই বিচাৰি ল’ব শৈশৱৰ হেৰুওৱা সেই উমাল বুকুৰ স্নেহ, যি সজীৱ হৈ ৰ’ব আজীৱন! ………জীৱনৰ
এই বিয়লি বেলাতো তাই সেই অবুজ শিশুৱেই যেন! ……….… বয়সে আগুৱাই গৈ আয়ুসক শূন্য কৰাৰ দিনলৈকে তাই সেই শিশুৱেই হৈ ৰওক… থাকক, এনেদৰেই তাই শিশু হৈ ওমলি থাকক নিজৰ সৈতে… কান্দি কান্দি…
হাঁহি হাঁহি… এনেকৈয়ে তাই কুশলে থাকক! পাগলীজনী মোৰ!……শুভ জন্মদিন তুলিকা! :)
0 Comments